সমললৈ যাওক

কণিকাৰ ৰামধেনু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কণিকাৰ ৰামধেনু
(Ride on the Rainbow)

চলচ্চিত্ৰখনৰ পোষ্টাৰ
পৰিচালক জাহ্নু বৰুৱা
ৰচনা জাহ্নু বৰুৱা
প্ৰযোজক শৈলধৰ বৰুৱা
অভিনয়ত বিষ্ণু খাৰঘৰীয়া
মলয়া গোস্বামী
দিনেশ দাস
ৰণিক
অভিনাশ শৰ্মা
অশ্বিনী ভূঞা
ইন্দ্ৰানী গগৈ
চিত্ৰগ্ৰহণকাৰী পি. ৰঞ্জন
সম্পাদনা হেউ-এন বৰুৱা
সংগীত পৰিচালক ৰীতা দাস বৰুৱা
ৱাই. এছ. মূল্কী
পৰিবেশক ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড (ইংৰাজী: Dolphin Films Pvt. Ltd)
মুক্তি
২০ ডিচেম্বৰ, ২০০২[1]
দৈৰ্ঘ্য
১১২ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া
বাজেট ২৫ লাখ (আনুমানিক)[2]

কণিকাৰ ৰামধেনু (ইংৰাজী: Konikar Ramdhenu) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০২ চনৰ ২০ ডিচেম্বৰত এই ছবিখন মুক্তি দিয়া হয়।[3][4][5][6] ২০০২ চনৰ অক্টোবৰত দিল্লীআই এফ এফ আইৰ ইণ্ডিয়ান পেনোৰোমাত[6] আৰু ২০০৩ চনৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় উৎসৱ[3] এই চলচ্চিত্ৰ খন প্ৰদৰ্শিত কৰা হৈছিল।

চলচ্চিত্ৰখনৰ কাহিনী ১১ বছৰীয়া মেধাৱী ল'ৰা কুকৈ ওপৰত কেন্দ্ৰিত। সি গাঁৱৰ ঘৰৰ পৰা পলাই গৈ এটা মটৰ গেৰেজত কাম কৰিবলৈ আৰম্ভ কৰে। এদিন মালিকে তাৰ ওপৰত অত্য্যাচাৰ চলায়। আত্মৰক্ষাৰ বাবে সি এটুকুৰা লোৰ ৰডৰ দ্বাৰা মালিকক প্ৰহাৰ কৰে। ফলত মালিকৰ থিতাতে মৃত্যু হয়। কুকৈৰ ওপৰত ইয়াৰ বিচাৰ চলে আৰু তাক অপৰাধী কিশোৰ থকা ঘৰ (juvenile home)লৈ পঠোৱা হ'ল। তাত সি মনত আঘাত পায়। তাৰ অধীক্ষক, বিশ্ব বড়োৱে তাক ফুচুলাই দণ্ডাধিকাৰী সন্মুখত ঘটনাৰ স্বীকাৰোক্তি দিয়ায়। দণ্ডাধিকাৰীয়ে কুকৈক তাৰ অভিভাৱকৰ হাতত গতাবলৈ নিৰ্দেশ দিয়ে।[3][4][5][6] বিশ্ব কুকৈৰ গাঁৱলৈ যায় আৰু গম পায় যে তাৰ মাতৃৰ এবছৰ পূৰ্বে মৃত্যু হৈছে। সতীয়া দেউতাকেও (stepfather) তাৰ দায়িত্ব ল'বলৈ অস্বীকাৰ কৰে। অৱসৰপ্ৰাপ্ত বিশ্বৰ নিজৰ কোনো সন্তান নাছিলআৰু কুকৈক তুলি ল'বলৈ সিদ্ধান্ত লয়।[3][5][6]

পৰিচালক জাহ্নু বৰুৱাই চলচ্চিত্ৰখন নিৰ্মাণ কৰাৰ পূৰ্বে ১২টা অপৰাধী কিশোৰ থকা ঘৰ (Juvenile Home) ভ্ৰমণ কৰে। ইয়াৰ পৰা তেওঁ গম পায় যে, ৮০% শতাংশৰো অধিক ঘটনাৰ মীমাংসা নেতিবাচক হয়।[4][6]

অভিনয়ত

[সম্পাদনা কৰক]
ক্ৰম অভিনেতা / অভিনেত্ৰীৰ নাম চৰিত্ৰ
বিষ্ণু খাৰঘৰীয়া .....
মলয়া গোস্বামী মাতৃ
দিনেশ দাস ......
ৰণিক কুকৈ
অভিনাশ শৰ্মা ......
অশ্বিনী ভূঞা ......
ইন্দ্ৰানী গগৈ ....
ৰেবা ফুকন ....
  • ৰাষ্ট্ৰীয় বঁটা: শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ (২০০২)

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "কণিকাৰ ৰামধেনুৰ প্ল'ট". Jahnu Barua. ২০১১. Archived from the original on October 21, 2012. https://web.archive.org/web/20121021063958/http://www.jahnubarua.com/import/KonikarRamdhenu.html। আহৰণ কৰা হৈছে: October 13, 2012. 
  2. "কণিকাৰ ৰামধেনুৰ বাজেট". IMDb.com, Inc.. http://www.imdb.com/title/tt0399254/। আহৰণ কৰা হৈছে: October 13, 2012. 
  3. 3.0 3.1 3.2 3.3 "Konikar Ramdhenu". NFDC. http://www.nfdcindia.com/view_film.php?film_id=146&categories_id=6। আহৰণ কৰা হৈছে: 19 January 2010. 
  4. 4.0 4.1 4.2 "A Cinematic Ode To Blemished Childhood". The Financial Express. (Mar 16, 2003). http://www.financialexpress.com/printer/news/76246/। আহৰণ কৰা হৈছে: 19 January 2010. 
  5. 5.0 5.1 5.2 "Konikar Ramdhenu (Ride on the Rainbow)". (Sep 26, 2002). http://dff.nic.in/konikar.htm। আহৰণ কৰা হৈছে: 19 January 2010. 
  6. 6.0 6.1 6.2 6.3 6.4 Biswas, Pradip (Friday, May 30, 2003). "Jahnu Barua’s Assamese film ridicules juvenile home". Screen India. http://www.screenindia.com/old/fullstory.php?content_id=4098। আহৰণ কৰা হৈছে: 19 January 2010. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]