পুতলা ঘৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুতলাঘৰ
Putala Ghar

পুতলা ঘৰৰ এটা দৃশ্যত কাশ্মিৰী আৰু মুকুল
পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ
চিত্ৰনাট্য সমৰেন্দ্ৰ নাৰায়ণ দেৱ
কাহিনী সমৰেন্দ্ৰ নাৰায়ণ দেৱ
প্ৰযোজক ইউনাইটেড প্ৰডাকচন
অভিনয়ত তচদ্দূক ইউচুফ
কাশ্মিৰী শইকীয়া
চিত্ৰগ্ৰহণকাৰী পিণ্টু দাসগুপ্ত
সম্পাদনা গোৱিন্দ চেতাৰ্জী
সংগীত পৰিচালক তফজ্জুল আলি
প্ৰযোজনা
কোম্পানী
পৰিবেশক পিপলচ ফিল্ম (অসম)
মুক্তি
১৯৭৬
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

পুতলা ঘৰ (ইংৰাজী: Putala Ghar) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত এখন ক'লা-বগা ছবি। ছবিখন প্ৰযোজনা কৰিছিল মঙ্গলদৈৰ ইউনাইটেড প্ৰডাকচনে। সঙ্গীত তফজ্জুল আলিৰ।[1]

কাহিনী[সম্পাদনা কৰক]

কলা-কুশলী[সম্পাদনা কৰক]

  • কাহিনী, চিত্ৰনাট্য, পৰিচালনা- সমৰেন্দ্ৰ নাৰায়ণ দেৱ
  • কেমেৰা- পিণ্টু দাসগুপ্ত
  • সম্পাদনা- গোৱিন্দ চেতাৰ্জী
  • শব্দগ্ৰহণ- পীযুষ কান্তি ৰয়
  • সঙ্গীত গ্ৰহণ আৰু শব্দ পুনৰ্যোজনা- সত্যেন চেতাৰ্জী
  • শিল্প নিৰ্দেশন- ভবেন ডেকা, হেমন্ত দত্ত
  • নৃত্য- নবীন বৰা
  • ৰূপসজ্জা- বংশী দাস[1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

  • তচদ্দুক ইউচুফ (মৌজাদাৰ)
  • মুকুল (কমল)
  • কাশ্মীৰি শইকীয়া (বেউলা)
  • নিবেদিতা (ৰীণা)
  • অৱনী দত্ত, বিপ্লৱ ৰয়, আবদুল্লা মাহমুদ, আশুতোষ চৌধুৰী, হবিবৰ ৰহমান, অনুপ দাস, বিনীতা চহৰীয়া, ৰীণা শইকীয়া[1]

গীত[সম্পাদনা কৰক]

পুতলা ঘৰৰ সঙ্গীত আৰু গীত ৰচনা তফজ্জুল আলিৰ।[2] জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা গীতো ছবিখনত অন্তৰ্ভুক্ত হৈছে।[3] কণ্ঠ দিছে- অনিমা চৌধুৰী, নিৰ্মলা মিশ্ৰ আৰু দ্বিপেন বৰুৱায়।[2]

ক্ৰমিক
নং
গীতৰ শীৰ্ষ গীতিকাৰ কণ্ঠ
লুকাভাকু খেলোঁ আহা লিহিৰি বনতে, লৰি লৰি ফুৰোঁ আহা খৰালি চাপৰিতে তফজ্জুল আলি অনিমা চৌধুৰী, নিৰ্মলা মিশ্ৰ
বৃন্দাবন ত্যেজি কৃষ্ণ মথুৰাক গৈল, দুপৰৰ বেলি যেন থিতাতে লুকাইল তফজ্জুল আলি অনিমা চৌধুৰী
পুতলা ঘৰৰ পুতলা আমি খেলাৰে লগৰী বাচি ল’লোঁ, দুদিন খেলি আমনি লাগি কোন কেনিবাদি যায় গুছি তফজ্জুল আলি দ্বিপেন বৰুৱা
চোৱা চোৱা কথা কোৱা, মনে মনে কিয় তুমি কিয় থাকানো, মিচিকি মিচিকি কিয় হাঁহানো তফজ্জুল আলি দ্বিপেন বৰুৱা
নূপুৰে মাতে ৰুণজুণ নূপুৰে মাতে, সখী যাবৰ বেলি আমাৰ হিয়াখনি বিষাদে ছাটে সখী বিষাদে ছাটে জ্যোতিপ্ৰসাদ আগৰৱালা দ্বিপেন বৰুৱা

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

ছবিখনে ১৯৭৬ৰ ২৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. অসমীয়া ৱিকিউৎসত 'নূপুৰে মাতে ৰুনজুন' শীৰ্ষক গীতটোৰ সম্পূৰ্ণ পাঠ্য

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Cast & Crew: Putala Ghar. 
  2. 2.0 2.1 Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 251. 
  3. 70's Freshers' Social in Colleges of Assam: Putala Ghar (1976).