সুপ্ৰভা দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুপ্ৰভা দেৱী
জন্ম ২৪ ডিচেম্বৰ, ১৯৩৮
ডিগবৈ
মৃত্যু ১৪ জুন, ২০১১
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা চলচ্চিত্ৰ পৰিচালিকা, প্ৰযোজিকা, গীতিকাৰ
দাম্পত্যসঙ্গী দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ


সুপ্ৰভা দেৱী (ইংৰাজী: Suprabha Devi) আছিল এগৰাকী চলচ্চিত্ৰ প্ৰযোজিকা আৰু অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা।[1] ১৯৮৪ চনত তেখেতে “নয়নমণি” আৰু ১৯৮৬ চনত “সৰবজান” বোলছবি পৰিচালনা কৰে।[1] ১৯৮৫ চনত তেখেতে “শিল্পী দিৱস বঁটা” লাভ কৰিছিল।

জন্ম[সম্পাদনা কৰক]

সুপ্ৰভা দেৱীয়ে ১৯৩৮ চনৰ ২৪ ডিচেম্বৰত অসমৰ তৈলনগৰী হিচাপে খ্যাত ডিগবৈত জন্মলাভ কৰিছিল। তেখেতৰ পিতৃ আছিল প্ৰয়াত যোগেন্দ্ৰ কুমাৰ ৰাজখোৱা আৰু মাতৃ প্ৰয়াত স্বৰ্ণপ্ৰভা ৰাজখোৱা।[2] পঢ়াশলীয়া কালত তেখেতে সঙ্গীত আৰু ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাইছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

সুপ্ৰভা দেৱীয়ে প্ৰযোজক দ্বিজেন্দ্ৰ নাৰায়ণ দেৱৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিচত ছবি পৰিচালনাৰ সৈতে জড়িত হৈ পৰে৷ সুপ্ৰভা দেৱী 'অসমৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালিকা। তেখেতে যোগ-বিয়োগ (১৯৭০), তৰামাই (১৯৭২), মৰমী (১৯৭৬), ৰাংঢালী (১৯৭৯) আদি ছবিকেইখন স্বামীৰ সৈতে প্ৰযোজনা কৰাৰ উপৰি ১৯৮৪ চনত স্বামীৰ মৃত্যুৰ পিছত নয়নমণি নামৰ কথাছবিখন পৰিচালনা কৰে।[3] এই ছবিখনত নিপন গোস্বামী আৰু বিদ্যা ৰাৱে অভিনয় কৰিছিল। সঙ্গীত পৰিচালক আছিল জিতু-তপন[3]

১৯৮৫ চনত তেওঁক অসম চৰকাৰে শিল্পী বঁটাৰে সন্মানিত কৰে।[2] ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “সৰবজান” নামৰ সাধুকথাৰ আধাৰত ১৯৮৬ চনত সৰবজান নামে এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। এই ছবিখনত তেজপুৰৰ প্ৰয়াত হীৰেন চৌধুৰীদেৱে তেখেতৰ সৈতে পৰিচালক হিচাপে কাম কৰিছিল।[1] আনহাতে তেওঁ এজন গীতিকাৰ হিচাপেও খ্যাত আছিল।

সুপ্ৰভা দেৱীয়ে ভালেসংখ্যক তথ্যচিত্ৰ আৰু ধাৰাবাহিক প্ৰযোজনা আৰু পৰিচালনা কৰিছে আৰু এইবোৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰযোগে সম্প্ৰচাৰিত হৈছে। ২০০৩ চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাবে “জিলিকাব লুইতৰে পাৰ” নামৰ এখন ধাৰাবাহিক নিৰ্মাণ কৰিছিল।[4]

মৃত্যু[সম্পাদনা কৰক]

সূদীৰ্ঘ প্ৰায় ৫ বছৰ কাল ধৰি বৃক্কৰোগত আক্ৰান্ত হৈ থকা সুপ্ৰভা দেৱীয়ে ২০১১ চনৰ ১৪ জুন তাৰিখে পুৱা ৭:৪০ বজাত গুৱাহাটীৰ ইণ্টাৰনেছনেল হাস্পতালত মৃত্যু বৰণ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Suprabha Devi passes away at 73". The Telegraph. http://ww.telegraphindia.com/1110615/jsp/northeast/story_14112689.jsp। আহৰণ কৰা হৈছে: ২৫ ডিচেম্বৰ, ২০১১. [সংযোগবিহীন উৎস]
  2. 2.0 2.1 "দ্য চানডে ইণ্ডিয়ান". http://www.thesundayindian.com/as/story/সুপ্ৰভা-দেৱীৰ-মৃত্যুত-শোক/11/404/। আহৰণ কৰা হৈছে: ২৫ ডিচেম্বৰ, ২০১১. [সংযোগবিহীন উৎস]
  3. 3.0 3.1 "Eminent film director Suprabha Devi passes away". The Sentinel. http://www.sentinelassam.com/saturday/saturday2.php?sec=17&subsec=0&ppr=3&dtP=2011-06-25। আহৰণ কৰা হৈছে: ২৫ ডিচেম্বৰ, ২০১১. [সংযোগবিহীন উৎস]
  4. "আমাৰ অসম". জি এল পাব্লিকেশ্যন. ১৫ জুন, ২০১১. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304124938/http://amarasom.glpublications.in/Details.aspx?id=5261&boxid=12281946। আহৰণ কৰা হৈছে: ২৬ ডিচেম্বৰ, ২০১১.