ডী ডী অসম
| ডী ডী অসম | |
|---|---|
| ডী ডী অসমৰ ল'গ' | |
| উদ্বোধন | ১৯৮২ (গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ নামেৰে) ২০২০ (ডী ডী অসম নামেৰে) |
| গৰাকী | প্ৰচাৰ ভাৰতী |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া, ইংৰাজী |
| মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
| ৱেবছাইট | prasarbharati |
| উপলদ্ধতা | |
| কৃত্ৰিম উপগ্ৰহ | |
| এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | চেনেল ৬৪৭ |
| ৰিলায়েন্স বিগ টিভি (ভাৰত) | চেনেল ৮৮৩ |
| ডিডি ফ্ৰী ডিছ (ভাৰত) | চেনেল ০০৫২ |
| ডিছ টিভি (ভাৰত) | চেনেল ১৫১৩ |
| চান ডাইৰেক্ট ডি টি এইচ (ভাৰত) | চেনেল ৬৯২ |
| টাটা স্কাই (ভাৰত) | চেনেল ১৯৯৮ |
| ভিডিঅ'কন ডি টি এইচ (ভাৰত) | চেনেল ৮৪৪ |
| কেবল টিভি | |
| এচিচি | চেনেল ০২৯ |
ডী ডী অসম (ইংৰাজী: DD Assam) হৈছে ভাৰতৰ চৰকাৰী প্ৰতিষ্ঠান প্ৰচাৰ ভাৰতীৰ দ্বাৰা পৰিচালিত অসমকেন্দ্ৰীক টেলিভিছন চেনেল। পূৰ্বতে এই চেনেলটোক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ তথা ডী ডী নৰ্থ ইষ্ট নামেৰে জনা গৈছিল। ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা ডী ডী অসমৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হয়।[1] ২০২০ চনৰ ৪ আগষ্টত চেনেলটোক আনুষ্ঠানিক ৰূপে মুকলি কৰা হয় আৰু ই ডী ডী নৰ্থ ইষ্ট চেনেলৰ স্থান লয়।[2]
ইতিহাস
[সম্পাদনা কৰক]আৰম্ভণিতে ডী ডী নৰ্থ ইষ্ট উত্তৰ-পূব ভাৰতৰ এক সংযুক্ত চেটেলাইট চেনেল আছিল য'ত অসমীয়া, ইংৰাজী, হিন্দীৰ উপৰিও উত্তৰ-পূব ভাৰতৰ বিভিন্ন ভাষাত অনুষ্ঠান সম্প্ৰচাৰিত হৈছিল। এই চেনেলত গুৱাহাটীৰ লগতে উত্তৰ-পূব ভাৰতৰ আন আন দূৰদৰ্শন কেন্দ্ৰ যেনে: আগৰতলা, ক'হিমা, ইম্ফল, শিলচৰ, ডিব্ৰুগড়, তুৰা, আইজল, ইটানগৰ আৰু শ্বিলঙ কেন্দ্ৰৰ পৰাও অনুষ্ঠান সম্প্ৰচাৰিত কৰা হৈছিল। অনুষ্ঠানসমূহ প্ৰধানকৈ জ্ঞানমূলক, কৃষি, স্বাস্থ্য, তথ্যমূলক, ধাৰাবাহিক আৰু বাতৰি। দূৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি সম্প্ৰচাৰিত হৈছিল ১৯৯২ চনত।[3]
অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে অসমৰ বাবে এক সূকীয়া ২৪ ঘণ্টীয়া দূৰদৰ্শন চেনেলৰ দাবী কৰি আহিছিল।[4] আৰু তাৰ পৰিপ্ৰেক্ষিতত ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা ডী ডী অসমৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হয় আৰু ই ডী ডী নৰ্থ ইষ্ট চেনেলৰ স্থান লয়।
অনুষ্ঠান
[সম্পাদনা কৰক]বৰ্তমান সম্প্ৰচাৰিত অনুষ্ঠান
[সম্পাদনা কৰক]- বাতৰি
- সুপ্ৰভাত অসম
- নমস্কাৰ অসম
- গীতমালা
- ৰূপালী ঢৌ
- সোণালী গীত
- চাহ গছৰ মাজে মাজে
- কৃষি দৰ্শন
- আজিৰ অতিথি
- আলোকপাত
- গৌৰৱময় ঐতিহ্য
- জনকৃষ্টি
- উদ্যম
- আখলৰ জুতি
- সুৰভী
- অৰ্দ্ধ আকাশ
- জীৱন মধুৰ
- নতুন ৰেঙনি
- ক্ৰীড়াঙ্গন
- A Day in a Village
- Campus Campus
- ধাৰাবাহিক
- অন্তৰ্দাহ
- কাহিনী
- চক্ৰবেহু
- লটিঘটি
পূৰ্বৰ অনুষ্ঠান
[সম্পাদনা কৰক]পূৰ্বৰ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ অনুষ্ঠান:[5]
- ধাৰাবাহিক
- শাহুআই
- জীতু নীতুৰ অভিযান
- সুৰঙ্গৰ শেষত
- বৃকোদৰ বৰুৱাৰ বিয়া
- দয়াৰাম
- বিদেশত আপোন মানুহ
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Doordarshan channels have seen good growth in viewership in 2019: I&B min". টেলিভিছন প'ষ্ট. ১১ মাৰ্চ ২০২০. https://www.televisionpost.com/doordarshan-channels-have-seen-good-growth-in-viewership-in-2019-ib-min/। আহৰণ কৰা হৈছে: ২১ এপ্ৰিল ২০২০.[সংযোগবিহীন উৎস]
- ↑ "I&B Minister Prakash Javadekar launches ‘DD Assam’". Financial Express. 2020-08-04. https://www.financialexpress.com/brandwagon/ib-minister-prakash-javadekar-launches-dd-assam/2044631/.
- ↑ "গুৱাহাটী দূৰদৰ্শনৰ বিষয়ে". ddkguwahati.gov.in. Doordarshan Kendra Guwahati. ২০১৬. Archived from the original on 2018-12-14. https://web.archive.org/web/20181214183122/http://ddkguwahati.gov.in/aboutus.asp। আহৰণ কৰা হৈছে: নবেম্বৰ ২৯, ২০১৬.
- ↑ "Turn DDK, Guwahati into 24x7 State channel". দ্য আছাম ট্ৰিবিউন. ২৯ ডিচেম্বৰ ২০১৮. Archived from the original on 2018-12-29. https://web.archive.org/web/20181229121329/http://www.assamtribune.com/scripts/detailsnew.asp?id=dec2918/city055। আহৰণ কৰা হৈছে: ২১ এপ্ৰিল ২০২০.
- ↑ "নমস্কাৰ... এয়া দূৰদৰ্শন কেন্দ্ৰ" (as ভাষাত). WordPressHimjyoti Talukdar's Blog. 2010-07-01. https://himjyotitalukdar.wordpress.com/2010/07/01/নমস্কাৰ-এয়া-দূৰদৰ্শন-কেন/। আহৰণ কৰা হৈছে: 2025-08-03.[সংযোগবিহীন উৎস]
| ||||||||||||||