প্ৰতিদিন টাইম
অৱয়ব
| প্ৰতিদিন টাইম | |
|---|---|
| প্ৰতিদিন টাইমৰ ল'গ' | |
| উদ্বোধন | ২৫ ডিচেম্বৰ ২০১০ |
| গৰাকী | সাদিন প্ৰতিদিন গোষ্ঠী |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
| ৱেবছাইট | pratidintime.com |
| উপলদ্ধতা | |
| কৃত্ৰিম উপগ্ৰহ | |
| এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | চেনেল নং ৬১৯ |
| ডিছ টিভি (ভাৰত) | চেনেল নং ৭৮৩ |
| ৰিলায়েন্স ডিজিটেল টিভি (ভাৰত) | চেনেল নং ৭৮৮ |
| টাটা স্কাই (ভাৰত) | চেনেল নং ১৯৭৪ |
| ভিডিঅ'কন ডি টি এইচ (ভাৰত) | চেনেল নং ৮৪৭ |
| কেবল টিভি | |
| এচিচি | চেনেল নং ০০৪ |
প্ৰতিদিন টাইম (ইংৰাজী: Pratidin Time) অসমৰ এক ব্যক্তিগত দূৰদৰ্শন কেন্দ্ৰ। এই চেনেলত মূলতঃ অসমীয়া ভাষাৰ বাতৰিৰ উপৰিও সংগীত, ক্ৰীড়া, বিনোদন, কলা-সংস্কৃতি আদি বিভিন্ন বিষয়ক অনুষ্ঠানৰ লগতে অসমীয়া চলচ্চিত্ৰও পৰিৱেশন কৰা হয়।
ইতিহাস
[সম্পাদনা কৰক]প্ৰতিদিন টাইম চেনেলটো ২০১০ চনৰ ২৫ ডিচেম্বৰত নিউজ টাইম অসম হিচাপে উন্মোচন হৈছিল। এই চেনেলটোৰ গৰাকী আছিল কলকাতা স্থিত ৰ'জ ভেলী গ্ৰুপ।[1] ২০১৫ চনত সেই চেনেলটো অসমৰ বৃহত্তম সংবাদ প্ৰতিষ্ঠান সাদিন প্ৰতিদিন গোষ্ঠীৰ অধীনলৈ আহে আৰু চেনেলটোৰ নাম প্ৰতিদিন টাইমলৈ সলনি হয়। প্ৰতিদিন টাইমৰ বৰ্তমানৰ মুখ্য সম্পাদক হৈছে নিতুমণি শইকীয়া।
বিতৰ্ক
[সম্পাদনা কৰক]- ২০১৫ চনৰ আগষ্ট মাহত, প্ৰতিদিন টাইমে "কম কাপোৰ পিন্ধা" মহিলাসকলক লৈ এটা প্ৰতিবেদন সম্প্ৰচাৰ কৰাৰ বাবে ছচিয়েল মিডিয়াত ব্যাপকভাৱে সমালোচিত হৈছিল। সেই প্ৰতিবেদনত তেওঁলোকক গ্ৰীষ্মকালীন সমস্যাৰূপে চিহ্নিত কৰি, ইয়াক স্থানীয় সংস্কৃতিৰ বিপৰীত বুলি অভিহিত কৰা হৈছিল। এই অনলাইন তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত, প্ৰতিদিন টাইমে মে' ২০১৫-ত আপলোড কৰা সেই ভিডিঅ'টো নিজৰ চৰকাৰী ইউটিউব চেনেলৰ পৰা আঁতৰাই লৈছিল। যদিও, ইংৰাজী চাবটাইটলযুক্ত এটি অনুলিপি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।[2][3] সেই ঘটনাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দায়িত্বশীল সাংবাদিকতাৰ বাবে অনলাইন আবেদনো দাখিল কৰা হৈছিল, যাৰ সমৰ্থনত আদিল হুছেইন, ৰজনী বসুমতাৰী আদি এগৰাকী বিশিষ্ট ব্যক্তিও আছিল।
- ২০২১ চনৰ এপ্ৰিল মাহত এখন ফোন কল ৰেকৰ্ডিং ভাইৰেল হৈছিল, য'ত মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিদিন টাইমৰ এজন সাংবাদিকক ভাবুকি প্ৰদান কৰে বুলি অভিযোগ উত্থাপিত হয়।[4] উক্ত বাতৰিটঝৰ বিষয়বস্তু আছিল তেওঁৰ পত্নী আইমী বৰুৱাৰ সৈতে সম্পৰ্কিত।[5]
মুখ্য ব্যক্তি
[সম্পাদনা কৰক]- নিতুমণি শইকীয়া, মুখ্য সম্পাদক
- শোণিত কুমাৰ ভূঞা, কাৰ্যবাহী সম্পাদক
- মৃণাল তালুকদাৰ, জ্যেষ্ঠ সাংবাদিক
উল্লেখযোগ্য অনুষ্ঠান
[সম্পাদনা কৰক]- প্ৰাইম টাইম
- প্ৰতিদিন@5
- বিশ্লেষণ – Let's Debate
- দ্য বিগ আৱাৰ
- মৰ্ণিং প্ৰাইম
- গীত
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Thakuria, Nava (28 December 2010). "Satellite News Channel launched in Northeast India". ModernGhana.com. http://www.modernghana.com/news/310114/1/satellite-news-channel-launched-in-northeast-india.html। আহৰণ কৰা হৈছে: 21 August 2015.
- ↑ Dhar, Aniruddha (20 August 2015). "Assam journo in the news after sexist report on women's clothes". Hindustan Times (New Delhi). Archived from the original on 23 September 2015. https://web.archive.org/web/20150923075110/http://www.hindustantimes.com/india-news/fashion-means-expose--assamese-news-channel-targets-women/article1-1382249.aspx.
- ↑ "Assamese news channel sparks outrage after it compares women in shorts to monkeys". ABP News (New Delhi). 20 August 2015. http://www.abplive.in/trending/2015/08/20/article689654.ece/WATCH-Assamese-news-channel-sparks-outrage-after-it-compares-women-in-shorts-to-monkeys.
- ↑ "Gauhati Press Club slams Assam minister Pijush Hazarika for "threatening" TV journalist" (en-US ভাষাত). https://nenow.in/north-east-news/assam/gauhati-press-club-slams-assam-minister-pijush-hazarika-for-threatening-tv-journalist.html। আহৰণ কৰা হৈছে: 2021-04-01.
- ↑ Singh, Abhilash (2021-04-01). "Guwahati Press Club condemns BJP leader Pijush Hazarika for intimidating journalist" (en-US ভাষাত). EastMojo. Archived from the original on 2021-09-26. https://web.archive.org/web/20210926155032/https://www.eastmojo.com/assam/2021/04/01/guwahati-press-club-condemns-bjp-leader-pijush-hazarika-for-intimidating-journalist/। আহৰণ কৰা হৈছে: 2021-04-01.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
| ||||||||||||||
