এন কে টিভি
এন কে টিভি | |
---|---|
![]() | |
এন কে টিভিৰ ল’গ’ | |
উদ্বোধন | ৩ মাৰ্চ, ২০২১ |
গৰাকী | NK POWER & INFRASTRUCTURE PRIVATE LIMITED |
শ্ল'গান | A STEP TOWARDS THE TRUTH |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
ৱেবছাইট | www |
উপলদ্ধতা | |
কৃত্ৰিম উপগ্ৰহ | |
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | চেনেল নং ৬৪২ |
ডিছ টিভি (ভাৰত) | চেনেল নং ১৫৩৬ |
টাটা স্কাই (ভাৰত) | চেনেল নং ১৯৭৭ |
এন কে টিভি (ইংৰাজী: NKTV 24×7) অসমৰ এক ব্যক্তিগত খণ্ডৰ দূৰদৰ্শন কেন্দ্ৰ। ইয়াত মুখ্যতঃ অসমীয়া ভাষাত বাতৰিৰ উপৰিও সংগীত, ক্ৰীড়া, বিনোদন, চলচ্চিত্ৰ, কলা-সংস্কৃতি আদি বিষয়ক বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰা হয়।
২০২১চনৰ ৩ মাৰ্চ তাৰিখৰ পৰা এন. কে টিভিৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল।
উল্লেখযোগ্য অনুষ্ঠান[সম্পাদনা কৰক]
- পুৱাৰ খবৰ
- প্ৰথম পৃষ্ঠা
- News@9AM
- Net Nagarik
- দেশ দুনীয়া
- News @11AM
- News @12Noon
- এন কে সমিধান
- News @2pm
- Assam @24
- NK Prime
- পৰাগমণি আদিত্যৰ সৈতে প্ৰশ্নবোধক
- অনুপম চক্ৰৱৰ্তীৰ সৈতে 'ইতিবাচক'
- অনুপম চক্ৰৱৰ্তীৰ সৈতে 'জনসাধাৰণ'
- Super Hour @9
- NK Genius
- NK Express
- Good Night Assam
মুখ্য ব্যক্তি[সম্পাদনা কৰক]
- মুখ্য পৰিচালন সঞ্চালক: নিপন কুমাৰ তালুকদাৰ
- মুখ্য সম্পাদক: মনোজ কুমাৰ গোস্বামী
- পৰিচালন সম্পাদক: পৰাগমণি আদিত্য
- কাৰ্যবাহী সম্পাদক: অনুপম চক্ৰৱৰ্তী
অনুষ্ঠানৰ সবিশেষ[সম্পাদনা কৰক]
- পুৱাৰ খবৰ
এন কে টিভিত সম্প্ৰচাৰিত দিনটোৰ প্ৰথমখন বুলেটিন - পুৱাৰ খবৰ। পুৱা ৭-৩০ বজাৰ পৰা দৈনিক এন কে টিভিত সম্প্ৰচাৰিত হয় পুৱাৰ প্ৰথমখন বুলেটিন।
- প্ৰথম পৃষ্ঠা
ৰাজ্যৰ আগশাৰী বাতৰি কাকতত প্ৰকাশিত সংবাদ শিৰোনামেৰে আধাঘন্টীয়া এই অনুষ্ঠানটো সম্প্ৰচাৰ হয় পুৱা ৮-৩০ বজাত।
- News@9AM
দৈনিক পুৱা ৯ বজাত সম্প্ৰচাৰিত এই বুলেটিনখনত আঞ্চলিক বাতৰি, দেশ-বিদেশৰ চৰ্চিত বাতৰি সমূহ সম্প্ৰচাৰ কৰা হয়।
- Net Nagarik
এই অনুষ্ঠানৰ জৰিয়তে ইন্টাৰনেট জগতত সংঘটিত বিভিন্ন ঘটনা-পৰিঘটনা, ভাইৰেল খবৰ সমূহ দৰ্শকৰ মাজলৈ অনা হয়।
- দেশ-দুনীয়া
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ কোনো চৰ্চিত বিষয়ক আধাৰ হিচাপে লৈ এই অনুষ্ঠানটি সজোৱা হয়।
- News @11AM
দৈনিক পুৱা ১১ বজাত সম্প্ৰচাৰিত এই বুলেটিনখনত আঞ্চলিক বাতৰি, দেশ-বিদেশৰ চৰ্চিত বাতৰি সমূহ সম্প্ৰচাৰ কৰা হয়।
- News @12Noon
দিনৰ ১২ বজাত সম্প্ৰচাৰিত এই বুলেটিনখনত আঞ্চলিক বাতৰি, দেশ-বিদেশৰ চৰ্চিত বাতৰি সমূহ সম্প্ৰচাৰ কৰা হয়।
- এন কে সমিধান
এই অনুষ্ঠানত বিভিন্ন সমস্যাৰ সমাধান দিবলৈ ভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ সকলক আমন্ত্ৰণ জনোৱা হয় আৰু দৰ্শক সকলে পোনপটীয়াকৈ দূৰভাষযোগে অতিথিজনক নিজৰ সমস্যাৰ ওপৰত প্ৰশ্ন কৰিব পাৰে।
- News @2pm
দিনৰ ২ বজাত সম্প্ৰচাৰিত এই বুলেটিনখনত আঞ্চলিক বাতৰি, দেশ-বিদেশৰ চৰ্চিত বাতৰি সমূহ সম্প্ৰচাৰ কৰা হয়।
- Assam @24
আবেলি ৪-৩০ বজাত সম্প্ৰচাৰিত এই বুলেটিনখনত আঞ্চলিক বাতৰি, দেশ-বিদেশৰ চৰ্চিত বাতৰি সমূহ সম্প্ৰচাৰ কৰা হয়।
- NK Prime
দিনটোৰ মুখ্য খবৰ সমূহক আধাৰ হিচাপে লৈ এই বুলেটিনখনত আঞ্চলিক বাতৰি, দেশ-বিদেশৰ চৰ্চিত বাতৰি সমূহ সম্প্ৰচাৰ কৰা হয়।
- পৰাগমণি আদিত্যৰ সৈতে 'প্ৰশ্নবোধক'
সন্ধিয়া ৭-৩০ বজাত সম্প্ৰচাৰিত এই ১ ঘন্টীয়া অনুষ্ঠানটোত দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আলোকপাত কৰে পৰিচালন সম্পাদক পৰাগমণি আদিত্যই। সামাজিক, ৰাজনৈতিক, শৈক্ষিক, অৰ্থনৈতিক, ক্ৰীড়া, বাণিজ্য আদি আটাইকেইটা বিষয় সামৰি লোৱা হয় 'প্ৰশ্নবোধক' অনুষ্ঠানত। বিস্তৃত আলোচনাৰ বাবে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি সকলক আমন্ত্ৰণ জনোৱা হয় এই অনুষ্ঠানলৈ।
- অনুপম চক্ৰৱৰ্তীৰ সৈতে 'ইতিবাচক'
এই অনুষ্ঠানত বিশেষকৈ সমাজলৈ গৌৰৱ কঢ়িয়াই অনা ব্যক্তি সকলক আমন্ত্ৰণ জনোৱা হয় আৰু তেওঁৰ জীৱনৰ ওপৰত আলোকপাত কৰা হয়। ইতিবাচক খবৰ সমূহক এই অনুষ্ঠানত বিশেষভাৱে প্ৰাধান্য দিয়া হয়।
- অনুপম চক্ৰৱৰ্তীৰ সৈতে 'জনসাধাৰণ'
কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তীয়ে আঁত ধৰা এই অনুষ্ঠানত জনসাধাৰণৰ সমস্যা, দুখ-দুৰ্দশা সমূহ উপস্থাপন কৰা হয় আৰু বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাবলৈ NKTVৰ জৰিয়তে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়। এই অনুষ্ঠান সম্প্ৰচাৰিত হোৱাৰ পিছত বহু দুৰ্গত পৰিয়াল তথা ব্যক্তিয়ে চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে।
- বৰ্ণিল
শনিবাৰে নিশা ৭-৩০ বজাত সম্প্ৰচাৰিত এই অনুষ্ঠানত বিশেষকৈ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তি সকলক আমন্ত্ৰণ জনোৱা হয়।
- খবৰৰ আঁৰৰ খবৰ
বাতৰিৰ ভিৰত হেৰাই যায় বহু খবৰ। তেনে বহু খবৰ লৈ দেওবাৰে ৭-৩০ বজাত কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তীয়ে এখন বিশেষ বুলেটিন প্ৰস্তুত কৰি দৰ্শকৰ বাবে মনোগ্ৰাহীকৈ উপস্থাপন কৰে।
- নান্দনিক
ৰাজ্যখনৰ সাংস্কৃতিক খবৰ সমূহ যুগুতাই এই বুলেটিনখন প্ৰস্তুত কৰা হয়। ইয়াত জিলা-সদৰ সমূহৰ পৰা সাংবাদিক সকলে প্ৰেৰণ কৰা সাংস্কৃতিক খবৰ সমূহ প্ৰচাৰ কৰা হয়।
- Super Hour @9
NK PRIMEৰ পিছত দৰ্শকৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে Super Hour @9য়ে। সোমবাৰৰ পৰা শুকুৰবাৰলৈ নিশা ৯ বজাত সম্প্ৰচাৰিত হয় এই বিশেষ বুলেটিনখন। এই বুলেটিন খনত দিনটোৰ আটাইতকৈ বেছি চৰ্চিত মুখ্য ৫টা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।
- NK Genius
বিশেষকৈ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ বাবে এক মনোগ্ৰাহী অনুষ্ঠান- NK Genius। এই অনুষ্ঠানত দৰ্শক সকলৰ বাবে থাকে জানিবলগীয়া বহু কথা।
- NK Express
৩০ মিনিটৰ ভিতৰতে ৰাজ্যৰ চৌপাশে সংঘটিত সৰু-বৰ সকলো খবৰ দৰ্শক সকলৰ বাবে আগবঢ়োৱা হয় এই বুলেটিনত।
- Good Night Assam
দিনটোৰ অন্তিমখন বুলেটিন। দিনটোৰ অন্তত মুখ্য খবৰ সমূহক আধাৰ হিচাপে লৈ এই বুলেটিনখনত আঞ্চলিক বাতৰি, দেশ-বিদেশৰ চৰ্চিত বাতৰি সমূহ সম্প্ৰচাৰ কৰা হয়।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- List of Assamese-language television. channels. https://en.wikipedia.org/wiki/List_of_Assamese-language_television_channels
- NK TV 24x7 - A new Assamese News Channel. https://dreamdth.com/community/threads/nk-tv-24x7-a-new-assamese-news-channel.135439/
- NKTV 24×7” added today on Tata Sky. https://www.dthhelp.net/nktv-24x7-added-today-on-tata-sky
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|