অৰণ্য (চলচ্চিত্ৰ)
| অৰণ্য Aranya | |
|---|---|
অৰণ্য ছবিৰ পোষ্টাৰ | |
| পৰিচালক | সমৰেন্দ্ৰ নাৰায়ণ দেৱ |
| ৰচনা | সমৰেন্দ্ৰ নাৰায়ণ দেৱ |
| চিত্ৰনাট্য | সমৰেন্দ্ৰ নাৰায়ণ দেৱ |
| প্ৰযোজক | ইউনাইটেড প্ৰডাকচন |
| অভিনয়ত | বিজু ফুকন বিদ্যা ৰাও |
| চিত্ৰগ্ৰহণকাৰী | ৰামানন্দ সেনগুপ্ত |
| সম্পাদনা | গোবিন্দ চেতাৰ্জী |
| সংগীত পৰিচালক | সুধীন দাশগুপ্ত |
মুক্তি |
১২ নৱেম্বৰ, ১৯৭১ |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
অৰণ্য (ইংৰাজী: Aranya) ১৯৭১ চনত মুক্তি পোৱা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু প্ৰযোজক আছিল মঙ্গলদৈৰ ইউনাইটেড প্ৰডাকচন।সঙ্গীত সুধীন দাশগুপ্তৰ। চোৰাং চিকাৰ আৰু অৰণ্য ধ্বংসযজ্ঞক বিষয়বস্ত হিচাপে লৈ ছবিৰ কাহিনী ৰচনা কৰা হৈছিল। অৰণ্যই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।[1]
কাহিনী
[সম্পাদনা কৰক]আদৰ্শবান ডেকা জয়ন্ত বৰুৱাই ফৰেষ্ট ৰেঞ্জাৰৰ চাকৰি পাই সংৰক্ষিত বনাঞ্চল এখনত যোগদান কৰিলে। তাতেই জয়ন্তই চিনাকি হ’ল প্ৰতাপ দুৱৰাৰ সৈতে। প্ৰতাপে সেই অৰণ্যতে কাঠৰ কাৰবাৰ কৰে যদিও অবৈধভাবে ভাবে কাঠৰ সৰবৰাহ কৰা আৰু গড়ৰ খড়্গৰ চোৰাং চিকাৰৰ সৈতেও তেওঁ জড়িত। প্ৰতাপৰ অবৈধ ব্যৱসায়ত জয়ন্ত বাধা হৈ পৰে। সেয়ে তেওঁক বিভিন্ন উপায়ে প্ৰলোভিত কৰিবলৈ প্ৰতাপে চেষ্টা চলালে যদিও তেওঁ নিজৰ আদৰ্শত অচল-অটল হৈ থাকে।[1]
এদিন জয়ন্তৰ সৈতে চিনাকি হ’ল বনৰ হৰিণীৰ দৰে সৰল নেপালী গাভৰু কৃষ্ণাৰ সৈতে। সেই চিনাকি প্ৰেমলৈ ৰূপান্তৰ হ’ল। মাতৃহীনা কৃষ্ণা দেউতাক বাহাদুৰৰ সৈতে সেই অৰণ্যতে বাস কৰে। বাহাদুৰ এজন নিপুণ চিকাৰী, যাৰ বন্দুকৰ লক্ষ্য অব্যৰ্থ আৰু প্ৰতাপৰ গড়ৰ খড়্গৰ অবৈধ চিকাৰৰ সৈতে জড়িত। বহু দুখীয়া-দৰিদ্ৰ নাৰীক ধনৰ বলত ভোগ কৰা প্ৰতাপৰ কৃষ্ণাৰ প্ৰতি দুৰ্বলতা অপৰিসীম। কিন্তু তাই প্ৰতাপক অলপো আসৈ নিদিয়ে।[1]
জয়ন্তক হাত কৰাৰ সকলো চেষ্টা ব্যৰ্থ হোৱাত জিঘাংসু প্ৰতাপে তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিলে। এই কামৰ বাবে বাহাদুৰক ভয়-ভাবুকিৰে ৰাজী কৰালে। সীতাৰামৰ হতুৱাই গড় ওলোৱাৰ মিছা সম্ভেদ দি জয়ন্তক অৰণ্যৰ ভিতৰলৈ লৈ যোৱা হ’ল।[1] ইফালে দেউতাক নথকাৰ সুযোগ লৈ প্ৰতাপে কৃষ্ণাক বলাৎকাৰৰ চেষ্টা চলালে। তাই নিজকে বচাই হাবিৰ ফালে দৌৰ মাৰিলে। প্ৰতাপে পিছে পিছে খেদি গ’ল। কৃষ্ণাৰ চিঞৰ বাহাদুৰৰ কাণত পৰিল। জয়ন্তক হত্যা কৰিবলৈ খাপ পাতি থকা বাহাদুৰ দৌৰি আহিল আৰু জীয়েকৰ সৰ্বনাশ কৰিবলৈ সাজু হোৱা প্ৰতাপক গুলীয়াই মাৰিলে।
অভিনয় শিল্পী
[সম্পাদনা কৰক]- বিজু ফুকন ((জয়ন্ত)
- বিদ্যা ৰাও (কৃষ্ণা)
- তচদ্দুক ইউচুফ (প্ৰতাপ)
- পূণ্য দাস, বীণা বাৰুৱতী, অবলা ৰয়, অখিল ডেকা, তৰুণ হাজৰিকা, দেউতি বৰুৱা, বিষ্ণু খাৰঘৰীয়া।[1]
গীত
[সম্পাদনা কৰক]ছবিৰ সঙ্গীত পৰিচালনা কৰিছিল বাংলা চলচ্চিত্ৰৰ প্ৰখ্যাত সঙ্গীত পৰিচালক সুধীন দাশগুপ্তই। দাশগুপ্তই সমৰেন্দ্ৰ নাৰায়ণ দেৱে পৰিচালনা কৰা আন এখন অৰণ্য বিষয়ক ছবি কাজিৰঙাৰ কাহিনীতো সঙ্গীত পৰিচালনা কৰিছিল। ছবিখনত চাৰিটা গীত আছিল। আটাইকেইটা গীত ৰচনা কৰিছিল কেশৱ মহন্তই।[2][1]
| গীতৰ শীৰ্ষ | ||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
| নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
| 1. | "দিনৰ পোহৰ ৰংচঙীয়া ভাল মানুহৰ সং, ৰাতিৰ আন্ধাৰ গমগমীয়া চোৰ মাতালৰ ৰঙ" | কেশৱ মহন্ত | মান্না দে | |||||||
| 2. | "গুৰ গুৰ গুৰ গুৰ গুৰ গুৰ গুৰ গুৰ ডম্বৰু বজাওঁ ডম্বৰু বজাওঁ, হাজো ডুবি দেৰগাঁও ডম্বৰু বজাওঁ" | কেশৱ মহন্ত | দ্বীপেন বৰুৱা | |||||||
| 3. | "এই পূৰ্ণিমা ৰাতি এই পাহাৰৰে দাঁতি" | কেশৱ মহন্ত | জাতিলেশ্বৰ মুখাৰ্জী, সুজাতা মুখাৰ্জী | |||||||
| 4. | "শিলে শিলে ঠেকা খালে নিজৰাৰে পানী" | কেশৱ মহন্ত | আৰতি মুখাৰ্জী | |||||||
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]ছবিখন ১৯তম (১৯৭১) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰজত কমল বঁটা লাভ কৰে।[1]
তথ্য উৎস
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||
| ||||||||||||||||