মলয়া গোস্বামী
| মলয়া গোস্বামী | |
|---|---|
মলয়া গোস্বামী | |
| জন্ম | ডিব্ৰুগড়, অসম |
| বাসগৃহ | গুৱাহাটী |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনয়, অধ্যাপিকা |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৫- বৰ্তমানলৈকে |
| সংস্থা | অসমীয়া বোলছবি জগত |
| ধৰ্ম | হিন্দু |
| দাম্পত্যসঙ্গী | প্ৰদীপ গোস্বামী |
| পিতৃ-মাতৃ | কৈলাশ ৰাজখোৱা (পিতৃ), পুতলী ৰাজখোৱা (মাতৃ) |
| সন্তান | নিশিতা গোস্বামী, নিমিশা গোস্বামী |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
মলয়া গোস্বামী (ইংৰাজী: Moloya Goswami) অসম, ভাৰতৰ এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী, নাট্যাভিনেত্ৰী, টেলিভিছনৰ অভিনেত্ৰী আৰু অধ্যাপক৷ ১৯৮৫ চনত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ 'অগ্নিস্নান'ৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলোৱা গোস্বামীয়ে পৰৱৰ্তী সময়ত ফিৰিঙতিৰ (১৯৯২) জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল৷ অসমৰ পৰা চলচ্চিত্ৰ জগতত অভিনয় কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন কৰা উত্তৰ পূব ভাৰতৰ তেওঁ সৰ্বপ্ৰথম অভিনেত্ৰী।[1]
কুৰি শতিকাত আৰম্ভ হোৱা নাট্য আন্দোলনত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰাৰ লগতে মলয়া গোস্বামীয়ে অনাতাঁৰ নাটতো অভিনয় কৰিছে৷ ইয়াৰ লগতে ভালেমান টেলিভিছনৰ ধাৰাবাহিক, টেলিফিল্মকে প্ৰমুখ্য কৰি গোস্বামীয়ে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহোৎসৱত 'বিচাৰক'ৰ আসনো অলংকৃত কৰিছে৷ ২০১৬ চনত তেওঁ 'প্ৰাগ প্ৰেৰণা বঁটা' আৰু ২০২০ চনত 'প্ৰাগ চিনে এৱাৰ্ডছ-নৰ্থ ইষ্ট'ৰে সন্মানিত হয়৷ তেওঁ জাগীৰোড মহাবিদ্যালয়ৰ পৰা শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ লয়৷
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]মলয়া গোস্বামীৰ জন্ম অসমৰ ডিব্ৰুগড় জিলাৰ ৰাজখোৱা পৰিয়ালত হৈছিল। তেখেতৰ পিতৃ কৈলাস ৰাজখোৱা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অভিযন্তা পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ মাতৃ পুতলী ৰাজখোৱা৷ চাকৰিসূত্ৰে তেখেতৰ পিতৃয়ে নিজৰ কৰ্মস্থান সঘনে সালসলনি কৰি থাকিবলগীয়া হৈছিল। কিন্তু মলয়া গোস্বামী আৰু তেখেতৰ ভগ্নী দিপ্তী বুজৰবৰুৱাৰ সৈতে গোটেই বিদ্যাৰ্থী জীৱনটো নগাঁৱতেই কটাইছিল। নগাঁও ছোৱালী হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰা মলয়া গোস্বামীয়ে পৰৱৰ্তী সময়ত গুৱাহাটী টিচি স্কুলত নামভৰ্তি কৰে৷ তেখেতে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত নামভৰ্ত্তি কৰি স্নাতক উপাধি লাভ কৰে। ইয়াৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে শিক্ষা বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷
তেখেতে বিদ্যালয় আৰু মহাবিদ্যালয়ত পঢ়ি থকাৰে পৰা খেল ধেমালিত ৰাপ আছিল আৰু পাৰদৰ্শিতা দেখুৱাইছিল। মহাবিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত অসমৰ প্ৰথম মহিলা হকী দলত স্থান লাভ কৰিছিল। অসমৰ হৈ খেলিবলৈ তেখেতে অলিম্পিয়ান যোগেন্দ্ৰ সিঙৰ[2] তত্ত্বাৱধানত খেলৰ অনুশীলন কৰিছিল৷
শৈক্ষিক জীৱন
[সম্পাদনা কৰক]শিক্ষা জীৱনৰ অন্তত তেখেতে শিক্ষকতাক বৃত্তি হিচাপে বাচি লয়। প্ৰথমে তেওঁ সোণাৰি মহাবিদ্যালয়ত[3] কেইবছৰ মান আৰু পাছত ১৯৮৩ চনত জাগীৰোড মহবিদ্যালয়ত যোগদান কৰে। জাগীৰোড মহাবিদ্যালয়ৰ পৰাই তেখেতে শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে অৱসৰ লয়৷[2]
পৰৱৰ্তী সময়ত মলয়া গোস্বামী গুৱাহাটীস্থিত অচমো ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মানীয় উপদেষ্টামণ্ডলীৰ এগৰাকী সদস্য হিচাপে জড়িত হয়৷ [4]
কৰ্মজীৱন
[সম্পাদনা কৰক]নাট্যজগতত
[সম্পাদনা কৰক]অসমত কুৰি শতিকাৰ ৭০ৰ দশকৰ পৰা নাট্য আন্দোলন আৰম্ভ হয়৷ মলয়া গোস্বামী এই নাট্য আন্দোলনৰ লগত জড়িত হৈ পৰে৷ তেখেতে প্ৰায় ৩০ খন মঞ্চ নাট আৰু ৪০খন অনাতাঁৰ নাটত অভিনয় কৰে৷ ১৯৭৭ চনত আকাশবাণীৰ অনুষ্ঠান যুৱবাণীৰ জৰিয়তে তেখেত আকাশবাণীৰ সান্নিধ্যলৈ আহে৷ [2] তেখেতে অংশ লোৱা কেইখনমান অনাতাঁৰ নাট হ'ল-'ৰাতি পুৱাল', 'চৰাইখানাৰ বাহিৰত', 'কমলা কুঁৱৰী', 'ৰজা ঈদিপাছ' আৰু 'মন আমাৰ মন'৷
টিচি স্কুলত পঢ়ি থকা সময়তে মলয়া গোস্বামীয়ে নাটকত সৰু চৰিত্ৰ এটি ৰূপায়ন কৰিছিল৷ তেতিয়া তেখেত একাদশ শ্ৰেণীৰ ছাত্ৰী৷ পৰৱৰ্তী সময়ত কলেজত একেৰাহে দুবাৰ আৰু বিশ্ববিদ্যালয়ত এবাৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে৷ গুৱাহাটীস্থ নিউ আৰ্ট প্লেয়াৰ্ছৰ মলয়া গোস্বামীৰ প্ৰতিভা দৃষ্টিগোচৰ হোৱাত তেওঁলোকৰ দ্বাৰা প্ৰযোজিত নাট উপেক্ষিতা মল্লিকাত মলয়া গোস্বামীয়ে অভিনয় কৰাৰ সুযোগ পায়৷ ইয়াৰ পিছত তেখেতে কেইবাখনো নাটত অভিনয় কৰে৷ তাৰে ভিতৰত অন্যতম হৈছে-দুলাল ৰয়ৰ যুক্তিতৰ্ক আৰু প্ৰফুল্ল বৰা ৰচিত উপপথ৷[2]
চলচ্চিত্ৰ জগতত
[সম্পাদনা কৰক]তেওঁৰ অভিনয় কৰা প্ৰথম চলচ্চিত্ৰখন আছিল অগ্নিস্নান, ১৯৮৭ চনত। এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল ড॰ ভবেন্দ্ৰনাথ শইকীয়াই। অগ্নিস্নান চলচ্চিত্ৰখন ভবেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপ উপন্যাসৰ কাহিনীৰ আধাৰত ৰচনা কৰিছিল। এই চলচ্চিত্ৰত মলয়া গোস্বামীয়ে প্ৰধান চৰিত্ৰ মেনকাৰ ৰূপত অভিনয় কৰিছিল। তেওঁৰ সেই চৰিত্ৰৰ যোগেদি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
টেলিভিছনৰ জগতত
[সম্পাদনা কৰক]মলয়া গোস্বামীয়ে টেলিভিছনৰো কেইবাখনো ধাৰাবাহিক, টেলিফিল্ম, চুটি ছবিত অভিনয় কৰিছে৷ [2] মলয়া গোস্বামীক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত অসমীয়া ধাৰাবাহিক "ঋতু আহে ঋতু যায়"ত কৰা অভিনয়ৰ বাবে "জয়মতী বঁটা" আৰু "শ্ৰেষ্ঠ টেলিভিছন বঁটা" সন্মান জনোৱা হৈছিল।[5]
চলচ্চিত্ৰ জগতত
[সম্পাদনা কৰক]অসমৰ সাহিত্যিক-চলচ্চিত্ৰ পৰিচালক ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ আধাৰত ড০ শইকীয়াই নিৰ্মাণ কৰা অগ্নিস্নান (১৯৮৫)ৰ মেনকা নামৰ কেন্দ্ৰীয় চৰিত্ৰটোত অভিনয় কৰি মলয়া গোস্বামীয়ে অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলায়৷ পৰৱৰ্তী সময়ত ১৯৯১ চনত মলয়া গোস্বামীয়ে তেখেতৰ দ্বিতীয় চলচ্চিত্ৰ ফিৰিঙতিত অভিনয় কৰে।[6] এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল অসমৰ পৰিচালক জাহ্নু বৰুৱাই। এই ছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে ৩৯-তম ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ১৯৯১ চনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ 'ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা' লাভ কৰে।[7][8]
পৰৱৰ্তী সময়ছোৱাত তেখেতে আন বহু চলচ্চিত্ৰত অভিনয় কৰিছে। "উত্তৰকাল", "মা", "আই কিলড হিম ছাৰ" (I Killed Him Sir), "আছেনে কোনোবা হিয়াত", "শেষ উপহাৰ", ইত্যাদি তেখেতে অভিনয় কৰা কিছুমান ছবি।
অন্যান্য
[সম্পাদনা কৰক]তেখেতে বহুতো কবিতা আবৃত্তিত নিজৰ কণ্ঠদান কৰিছে, সেইসমূহৰ ভিতৰত অসমৰ কেইজনমান বিখ্যাত কবি যেনে নৱকান্ত বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা উল্লেখনীয়। [উদ্ধৃতিৰ প্ৰয়োজন]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৮১ চনত মলয়া গোস্বামীৰ বিবাহ প্ৰদীপ গোস্বামীৰ সৈতে সম্পন্ন হয়৷ তেখেত আছিল মলয়া গোস্বামীৰ দেউতাকৰ দৰেই অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ এজন অভিযন্তা। তেওঁলোকৰ কন্যা দুগৰাকী৷ তেওঁলোক হৈছে অভিনেত্ৰী নিশিতা গোস্বামী আৰু নিমিশা গোস্বামী৷[2]
অভিনীত চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ |
|---|---|---|
| ২০১১ | পলে পলে উৰে মন | |
| ২০০৯ | জীৱন বাটৰ লগৰী | |
| ২০০৩ | কণিকাৰ ৰামধেনু | |
| ২০০১ | শেষ উপহাৰ | |
| ২০০১ | দামন: এ ভিক্টিম অৱ মেৰিটেল ভায়লেঞ্চ | |
| ১৯৯৫ | আই কিল্ড হিম, ছাৰ | |
| ১৯৯২ | ফিৰিঙতি | শিক্ষয়িত্ৰী ঋতু বৰুৱা |
| ১৯৯০ | উত্তৰকাল | |
| ১৯৮৮ | ছিৰাজ | |
| ১৯৮৭ | অগ্নিস্নান | মেনকা |
| ১৯৮৫ | সৰৱজান |
এই চলচ্চিত্ৰসমূহৰ বাহিৰেও তেখেতে অভিনয় কৰা চলচ্চিত্ৰসমূহ হৈছে: প্ৰিয়া অ' প্ৰিয়া, তুমিয়ে মোৰ কল্পনাৰ, আছেনে কোনোবা হিয়াত, ইপাৰ সিপাৰ ইত্যাদি।
সামাজিক কৰ্মত
[সম্পাদনা কৰক]সামাজিক দিশত তেখেতে বিভিন্ন সংগঠনৰ যেনে অৰ্পিতা, এস্কেপ (ESCAPE) আদিৰ লগত জড়িত হৈ আছে।[2] বৰ্তমান তেখেতে গুৱাহাটীৰ নিজ বাসভৱনত স্থায়ীভাৱে বাস কৰি মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু অভিনেত্ৰী আৰু মাতৃৰূপে নিজৰ কৰ্তব্য কৰি আহিছে।
মলয়া গোস্বামীয়ে ভবেন্দ্ৰ নাথ শইকীয়া শিশু ন্যাস 'আৰোহণ'ৰ এগৰাকী ন্যাসৰক্ষী আৰু সম্পাদিকা হিচাপে দায়িত্ব পালন কৰিছে৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত জাগীৰোড মহাবিদ্যালয়ত 'অভিনয় শিক্ষা' পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ আগ-ভাগ লয়৷ ২০১৫ চনৰ পৰা এই পাঠ্যক্ৰম আৰম্ভ হৈছিল৷[2]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]- ১৯৯২ চনত ফিৰিঙতি ছবিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তিনিবাৰকৈ বিচাৰকৰ দায়িত্ব
- পুণে আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিচাৰকৰ দায়িত্ব
- জ্যোতি চিত্ৰবন চলচ্চিত্ৰ সমাজৰ কাৰ্যবাহী সদস্য
- অসম চলচ্চিত্ৰ বিত্ত নিগমৰ শিল্পী কল্যাণ পুঁজিৰ কাৰ্যবাহী সদস্য
- প্ৰাগ প্ৰেৰণা বঁটা, ২০১৬ চনত, প্ৰাগ বঁটা
- জীৱনজোৰা সাধনা বঁটা, [2]২০২০ চনত, প্ৰাগ চিনে বঁটা-উত্তৰপূব
আলোকচিত্ৰ
[সম্পাদনা কৰক]-
মলয়া গোস্বামী ফিৰিঙতি চলচ্চিত্ৰত
-
মলয়া গোস্বামী কণিকাৰ ৰামধেনু চলচ্চিত্ৰত
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Delhi to host first festival of films from Assam". India Glitz. 1 January 2006. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924131816/http://www.indiaglitz.com/channels/malayalam/article/19464.html। আহৰণ কৰা হৈছে: 31 December 2010.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 গোস্বামী, মলয়া (২০২৫). দাপোণত মোৰ পৃথিৱী. প্ৰকাশক মৰিগাঁও: অজিৎ কুমাৰ ৰায়. পৃষ্ঠা. ৪৫-৪৭. ISBN ৯৭৮-৯৩-৯২৩০৭-৬৯-০.
- ↑ "Malaya Goswami". OSMO International. https://osmointernational.com/malaya-goswami.php। আহৰণ কৰা হৈছে: 17 November 2025.
- ↑ "Malaya Goswami". OSMO International. https://osmointernational.com/panel-of-guides.php। আহৰণ কৰা হৈছে: 17 November 2025.
- ↑ "মলয়া গোস্বামী". onlinesivasagar.com. http://onlinesivasagar.com/movies/malaya-goswami.html। আহৰণ কৰা হৈছে: ২৯ জানুৱাৰী, ২০১২.[সংযোগবিহীন উৎস]
- ↑ "39th National Film Festival 1992, pdf ফাইল পৃঃ ১৮". iffi.nic.in. Archived from the original on 2011-07-21. https://web.archive.org/web/20110721170014/http://iffi.nic.in/Dff2011/Frm39thNFAAward.aspx?PdfName=39NFA.pdf। আহৰণ কৰা হৈছে: ১০ ফেব্ৰুৱাৰী, ২০১২.
- ↑ "39th National Film Festival 1992, pdf ফাইল পৃঃ ৩৯". iffi.nic.in. Archived from the original on 2011-07-21. https://web.archive.org/web/20110721170014/http://iffi.nic.in/Dff2011/Frm39thNFAAward.aspx?PdfName=39NFA.pdf। আহৰণ কৰা হৈছে: ১০ ফেব্ৰুৱাৰী, ২০১২.
- ↑ "National Film Awards, India". imdb.com. http://www.imdb.com/event/ev0000467/1992। আহৰণ কৰা হৈছে: ১০ ফেব্ৰুৱাৰী, ২০১২.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বিপুলজ্যোতি ডট ইন Archived 2012-12-12 at the Wayback Machineত মলয়া গোস্বামী সম্পৰ্কীয় লিখনি আছে।
- মলয়া গোস্বামী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
| |||||||||||||||||||||||||||||||||||||||||||||||