মলয়া গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মলয়া গোস্বামী

মলয়া গোস্বামী
জন্ম ডিব্ৰুগড়, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনয়
সংস্থা অসমীয়া বোলছবি জগত
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী প্ৰদীপ গোস্বামী
সন্তান নিশিতা গোস্বামী, নিমিশা গোস্বামী
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

মলয়া গোস্বামী (ইংৰাজী: Moloya Goswami) অসমৰ পৰা চলচ্চিত্ৰ জগতত অভিনয় কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন কৰা উত্তৰ পূব ভাৰতৰ সৰ্বপ্ৰথম অভিনেত্ৰী। তেখেতে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত ফিৰিঙতি চলচ্চিত্ৰত অভিনয় কৰি ১৯৯২ চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[1]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

মলয়া গোস্বামীৰ জন্ম অসমৰ ডিব্ৰুগড় জিলাৰ ৰাজখোৱা পৰিয়ালত হৈছিল। তেখেতৰ পিতৃ কৈলাস ৰাজখোৱা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অভিযন্তা পদত কাৰ্যনিৰ্বাহ কৰিছিল। চাকৰিসূত্ৰে তেখেতে নিজৰ কৰ্মস্থান সঘনে সালসলনি কৰি থাকিবলগীয়া হৈছিল। কিন্তু মলয়া গোস্বামী আৰু তেখেতৰ ভগ্নী দিপ্তী বুজৰবৰুৱাৰ সৈতে গোটেই বিদ্যাৰ্থী জীৱনটো নগাঁৱতেই কটাইছিল। নগাঁও উচ্চ বিদ্যালয়ৰ পৰা শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেখেতে গুৱাহাটীসন্দিকৈ ছোৱালী মহাবিদ্যালয়ত নামভৰ্ত্তি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উপাধি লাভ কৰে। তেখেতে বিদ্যালয় আৰু মহাবিদ্যালয়ত পঢ়ি থকাৰে পৰা খেল ধেমালিত ৰাপ আছিল আৰু পাৰদৰ্শিতা দেখুৱাইছিল। মহাবিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত অসমৰ প্ৰথম মহিলা হকী দলত স্থান লাভ কৰিছিল। শিক্ষা জীৱনৰ অন্তত, তেখেতে শিক্ষকতাক বৃত্তি হিচাপে বাচি লয়। প্ৰথমে তেওঁ সোণাৰি মহাবিদ্যালয়ত কেইবছৰ মান আৰু পাছত ১৯৮৩ চনত জাগীৰোড মহবিদ্যালয়ত যোগদান কৰে।

বিবাহ আৰু চলচ্চিত্ৰ জগত প্ৰবেশ[সম্পাদনা কৰক]

১৯৮১ চনত মলয়া গোস্বামীৰ বিবাহ প্ৰদীপ গোস্বামীৰ সৈতে সম্পন্ন হয়, তেখেতো আছিল মলয়া গোস্বামীৰ দেউতাকৰ দৰেই অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ এজন অভিযন্তা। তেখেতে মলয়া গোস্বামীক অভিনয়ৰ ক্ষেত্ৰত প্ৰেৰণা যোগাইছিল। তেওঁৰ অভিনয় কৰা প্ৰথম চলচ্চিত্ৰখন আছিল অগ্নিস্নান, ১৯৮৭ চনত। এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল ড॰ ভবেন্দ্ৰনাথ শ‍ইকীয়াই। অগ্নিস্নান চলচ্চিত্ৰখন ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ অন্তৰীপ উপন্যাসৰ কাহিনীৰ আধাৰত ৰচনা কৰিছিল। এই চলচ্চিত্ৰত মলয়া গোস্বামীয়ে প্ৰধান চৰিত্ৰ মেনকাৰ ৰূপত অভিনয় কৰিছিল। তেওঁৰ সেই চৰিত্ৰৰ যোগেদি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

১৯৯১ চনত মলয়া গোস্বামীয়ে তেখেতৰ দ্বিতীয় চলচ্চিত্ৰ ফিৰিঙতিত অভিনয় কৰে।[2] এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল অসমৰ আন এজন বিখ্যাত পৰিচালক জাহ্নু বৰুৱাই। এই ছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে ৩৯-তম ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ১৯৯১ চনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ 'ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা' লাভ কৰে।[3][4]

ইয়াৰ পৰৱৰ্তী সময়ছোৱাত তেখেতে আন বহু চলচ্চিত্ৰত অভিনয় কৰিছে। "উত্তৰকাল", "মা", "আই কিলড হিম ছাৰ" (I Killed Him Sir), "আছেনে কোনোবা হিয়াত", "শেষ উপহাৰ", ইত্যাদি তেখেতে অভিনয় কৰা কিছুমান ছবি। ইয়াৰ উপৰিও তেখেতে কিছু্সংখ্যক দূৰদৰ্শনৰ ধাৰাবাহিক যেনে "ঋতু আহে ঋতু যায়" আদিতো অভিনয় কৰিছে। তেখেতৰ বলিষ্ঠ কণ্ঠৰ বাবে তেখেতে ৪০ খনৰো অধিক ৰেডিঅ'ত প্ৰচাৰিত নাটকত সংলাপ দিছিল। অনুৰূপভাৱে তেখেতে বহুতো কবিতা আবৃত্তিত নিজৰ কণ্ঠদান কৰিছে, সেইসমূহৰ ভিতৰত অসমৰ কেইজনমান বিখ্যাত কবি যেনে নৱকান্ত বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা উল্লেখনীয়। তেখেতে অসমৰ বিভিন্ন সৰু বৰ মঞ্চ আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে।

মলয়া গোস্বামীক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত অসমীয়া ধাৰাবাহিক "ঋতু আহে ঋতু যায়"ত কৰা অভিনয়ৰ বাবে "জয়মতী বঁটা" আৰু "শ্ৰেষ্ঠ টেলিভিছন বঁটা" সন্মান জনোৱা হৈছিল।[5]

অভিনীত চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

বৰ্ষ চলচ্চিত্ৰ চৰিত্ৰ
২০১১ পলে পলে উৰে মন
২০০৯ জীৱন বাটৰ লগৰী
২০০৩ কণিকাৰ ৰামধেনু
২০০১ শেষ উপহাৰ
২০০১ দামন: এ ভিক্টিম অৱ মেৰিটেল ভায়লেঞ্চ
১৯৯৫ আই কিল্‌ড হিম, ছাৰ
১৯৯২ ফিৰিঙতি শিক্ষয়ত্ৰী
১৯৯০ উত্তৰকাল
১৯৮৮ ছিৰাজ
১৯৮৭ অগ্নিস্নান মেনকা
১৯৮৫ সৰৱজান

এ‍ই চলচ্চিত্ৰসমূহৰ বাহিৰেও তেখেতে অভিনয় কৰা চলচ্চিত্ৰসমূহ হৈছে: প্ৰিয়া অ' প্ৰিয়া, তুমিয়ে মোৰ কল্পনাৰ, আছেনে কোনোবা হিয়াত, ইপাৰ সিপাৰ ইত্যাদি।

উপসংহাৰ[সম্পাদনা কৰক]

সামাজিক দিশত তেখেতে বিভিন্ন স‍ংগঠনৰ যেনে অৰ্পিতা, এস্কেপ (ESCAPE) আদিৰ লগত জড়িত হৈ আছে। বৰ্তমান তেখেতে গুৱাহাটীৰ নিজ বাসভৱনত স্থায়ীভাৱে বাস কৰি মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু অভিনেত্ৰী আৰু মাতৃৰূপে নিজৰ কৰ্তব্য কৰি আহিছে।

আলোকচিত্ৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Delhi to host first festival of films from Assam". India Glitz. 1 January 2006. http://www.indiaglitz.com/channels/malayalam/article/19464.html। আহৰণ কৰা হৈছে: 31 December 2010. 
  2. "39th National Film Festival 1992, pdf ফাইল পৃঃ ১৮". iffi.nic.in. Archived from the original on 2011-07-21. https://web.archive.org/web/20110721170014/http://iffi.nic.in/Dff2011/Frm39thNFAAward.aspx?PdfName=39NFA.pdf। আহৰণ কৰা হৈছে: ১০ ফেব্ৰুৱাৰী, ২০১২. 
  3. "39th National Film Festival 1992, pdf ফাইল পৃঃ ৩৯". iffi.nic.in. Archived from the original on 2011-07-21. https://web.archive.org/web/20110721170014/http://iffi.nic.in/Dff2011/Frm39thNFAAward.aspx?PdfName=39NFA.pdf। আহৰণ কৰা হৈছে: ১০ ফেব্ৰুৱাৰী, ২০১২. 
  4. "National Film Awards, India". imdb.com. http://www.imdb.com/event/ev0000467/1992। আহৰণ কৰা হৈছে: ১০ ফেব্ৰুৱাৰী, ২০১২. 
  5. "মলয়া গোস্বামী". onlinesivasagar.com. http://onlinesivasagar.com/movies/malaya-goswami.html। আহৰণ কৰা হৈছে: ২৯ জানুৱাৰী, ২০১২. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]