সমললৈ যাওক

মাধৱী মুখাৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাধৱী মুখাৰ্জী

২০১৮ চনত মাধৱী মুখাৰ্জী
জন্ম ১০ ফেব্ৰুৱাৰী, ১৯৪২ (৮২ বছৰ)
কলিকতা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
(বৰ্তমান কলকাতা, পশ্চিম বংগ, ভাৰত)
অন্য নাম মাধৱী চক্ৰৱৰ্তী, মাধৱী মুখোপাধ্যায়, মধুৰী
উল্লেখযোগ্য কৰ্ম 'চাৰুলতা'
দাম্পত্যসঙ্গী নিৰ্মল কুমাৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা


মাধৱী মুখাৰ্জী (ইংৰাজী: Madhabi Mukherjee, জন্ম: ১০ ফেব্ৰুৱাৰী ১৯৪২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী ছবি 'দিবৰাত্ৰিৰ কাব্য'ত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[1] তেওঁ বাংলা চিনেমাৰ কিছুমান সমালোচকৰ দ্বাৰা প্ৰশংসিত চলচ্চিত্ৰত অভিনয় কৰিছে আৰু তেওঁক বঙালী চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে গণ্য কৰা হয়।[2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৪২ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত বেংগল প্ৰেচিডেন্সিৰ কলিকতাত মাধৱী চক্ৰৱৰ্তী হিচাপে তেওঁৰ জন্ম হৈছিল। তেওঁৰ ভনীয়েক মঞ্জৰীৰ সৈতে তেওঁলোক কলকাতাত ডাঙৰ হয়। এগৰাকী যুৱতী হিচাপে তেওঁ থিয়েটাৰৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁ পশ্চিম বংগৰ শ্ৰেষ্ঠ ৫ গৰাকী চলচ্চিত্ৰ পৰিচালক অৰ্থাৎ সত্যজিৎ ৰায়, ঋত্বিক ঘটক, মৃণাল সেন, তপন সিংহ আৰু ঋতুপৰ্ণ ঘোষৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰা আটাইতকৈ ডাঙৰ তাৰকা।

তেওঁ শিশিৰ ভাদুৰী, অহিন্দ্ৰ চৌধুৰী, নিৰ্মলেণ্ডু লাহিড়ী আৰু ছবি বিশ্বাসৰ দৰে বিখ্যাত থিয়েটাৰ ব্যক্তিত্ব সৈতে মঞ্চত কাম কৰিছিল। তেওঁ অভিনয় কৰা দুখন উল্লেখযোগ্য নাটক হৈছে 'না' আৰু 'কালাৰাহ'। তেওঁ প্ৰেমেন্দ্ৰ মিত্ৰৰ 'দুই ভাই'ত শিশু শিল্পী হিচাপে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

মাধৱী মুখাৰ্জীয়ে প্ৰথমে ১৯৬০ চনত মৃণাল সেনৰ 'বাইশে শ্ৰাৱণ'ৰ সৈতে বঙালী চলচ্চিত্ৰ জগতত এক ডাঙৰ প্ৰভাৱ পেলাইছিল। ছবিখন ১৯৪৩ চনৰ ৫ নিযুততকৈও অধিক মৃত্যু হোৱা বংগৰ ভয়াৱহ দুৰ্ভিক্ষৰ ঠিক আগৰ সময়ত এখন বংগৰ গাঁৱৰ উপস্থাপন কৰা হৈছিল। এই ছবিখনত মাধৱীয়ে এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু এজন বয়সীয়া ব্যক্তিক সৈতে বিবাহ কৰাইছিল। প্ৰথমে তেওঁলোকৰ জীৱন সুখেৰে পাৰ হয় যদিও দ্বিতীয় বিশ্বযুদ্ধ আৰু বংগৰ দুৰ্ভিক্ষৰ ফলত তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলে।

তেওঁৰ পৰৱৰ্তী মুখ্য ছবি আছিল ১৯৬২ চনত নিৰ্মিত ঋত্বিক ঘাটকৰ 'সুবৰ্ণৰেখা'। ১৯৬৫ চনত মুক্তি লাভ কৰা ছবিখনে দেশ বিভাজনৰ সামাজিক-অৰ্থনৈতিক প্ৰভাৱ পৰীক্ষা কৰা এক ত্ৰিলজীত অন্তিম ছবি আছিল। ত্ৰিলজীৰ আন দুখন ছবি হৈছে 'মেঘে ঢাকা তাৰা' (১৯৬০) আৰু 'কোমল গান্ধাৰ' (১৯৬১)। এইছবিখন সম্ভৱতঃ ঋত্বিক ঘাটকৰ আটাইতকৈ জটিল ছবি আছিল। ছবিখনত ঘটকে ১৯৪৮ চনৰ পৰা ১৯৬২ চনলৈ বংগৰ অৰ্থনৈতিক আৰু সামাজিক-ৰাজনৈতিক সংকটৰ চিত্ৰিত কৰিছে। মাধৱী মুখাৰ্জীয়ে এই ছবিখনত ঈশ্বৰৰ সৰু ভগ্নী গীতাৰ চৰিত্ৰত অভিনয় কৰিছিল। যিয়ে নিজকে হত্যা কৰে যেতিয়া এগৰাকী পতিতা হিচাপে তেওঁৰ প্ৰথম গ্ৰাহকৰ বাবে অপেক্ষা কৰি থাকে আৰু গম পায় যে গ্ৰাহকজন তেওঁৰ বিচ্ছিন্ন ভায়েক হয়।

সত্যজিৎ ৰায়ৰ সৈতে কাম

[সম্পাদনা কৰক]

১৯৬০ দশকৰ আৰম্ভণিতে ১৯৬৩ চনৰ 'মহানগৰ' ছবিত আৰতিৰ চৰিত্ৰত অভিনয় কৰিবলৈ তেওঁক সত্যজিৎ ৰায়ৰ দ্বাৰা নিয়োগ কৰা হৈছিল।

ৰায়ৰ সৈতে তেওঁৰ বৈঠকৰ কথা স্মৰণ কৰি মুখাৰ্জীয়ে লিখিছিল:

তেওঁ মোক গোটেই মহানগৰৰ কাহিনীটো পঢ়ি শুনিছিল। মই স্তম্ভিত হৈ পৰিছিলো। এইটো মই সন্মুখীন হোৱা এয়া প্ৰথম মহিলা কেন্দ্ৰিক চিত্ৰনাট্য আছিল। মই মুখ্য পুৰুষ চৰিত্ৰত দ্বিতীয় গৌণ অভিনয় কৰিবলৈ যোৱা নাছিলো কিয়নো মই অভিনয় কৰা বা পৰিচিত সকলো নাটক আৰু ছবিৰ দৰে এয়া নাছিল। (পৃষ্ঠা ২০)

'মহানগৰ'ত মুখাৰ্জীয়ে আৰতিৰ চৰিত্ৰত অভিনয় কৰিছিল। আৰতি চৰিত্ৰয়ে পৰিয়ালৰ বিত্তীয় সীমাবদ্ধতাৰ বাবে এগৰাকী চেলছৱমেন হিচাপে চাকৰি কৰে। এজন কৰ্মী মহিলাৰ চিন্তাত ডাঙৰ যুটীয়া পৰিয়ালখন শংকাগ্ৰস্ত হৈ পৰে। আৰতিৰ বাবে ঘৰে ঘৰে চিলাই মেচিন বিক্ৰী কৰাৰ ফলত এক সম্পূৰ্ণ নতুন পৃথিৱী আৰু নতুন বন্ধু আৰু চিনাকি লাভ কৰে।"

এই ছবিখনৰ পিছত সোনকালেই তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ উপন্যাসিকা 'নষ্টনীড়'ৰ আধাৰত নিৰ্মিত 'চাৰুলতা' (১৯৬৪) ছবিখনত চাৰুৰ ভূমিকা ৰূপায়ণ কৰে। ১৯ শতিকাত কলিকতাৰ এক উদাস আৰু অৱহেলিত গৃহিনী চাৰুলতাৰ মুখাৰ্জীৰ আশ্চৰ্যজনক চিত্ৰায়ন ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত এক সুউচ্চ প্ৰদৰ্শন। মুখাৰ্জীয়ে এই ছবিখনৰ সৈতে তেওঁৰ কেৰিয়াৰৰ শীৰ্ষত উপনীত হৈছিল।

ৰায়ৰ সৈতে মুখাৰ্জীৰ তৃতীয় আৰু অন্তিম ছবি আছিল ১৯৬৫ চনৰ 'কালপুৰুষ'। ছবিখনত তেওঁ কৰুণাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।

পৰৱৰ্তী সময়

[সম্পাদনা কৰক]

যদিও তেওঁ বঙালী বাণিজ্যিক চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী বিখ্যাত তাৰকা আছিল। কিন্তু 'কালপুৰুষ' পিছত মুখাৰ্জীয়ে আকৌ ঋত্বিক ঘটক আৰু সত্যজিৎ ৰায়ৰ সৈতে তেওঁৰ ছবিৰ দৰে ইমান গুৰুত্বপূৰ্ণ উচ্চতাত উপনীত হ'বলৈ ব্যৰ্থ হৈছিল।

'কালপুৰুৰ'ৰ পিছত তেওঁৰ মুখ্য ছবিবোৰৰ ভিতৰত উল্লেখযোগ্য সমূহ হ'ল: ১৯৭২ চনৰ মৃণাল সেনৰ 'কলিকতা ৭১', ১৯৭২ চনৰ মনু সেনৰ 'বিৰাজ বৌ', ১৯৭২ চনৰ পূৰ্ণেন্দু পাত্ৰিৰ 'স্ত্ৰীৰ পাত্ৰ', ১৯৭৮ চনৰ তৰুণ মজুমদাৰৰ 'গণদেৱতা', ১৯৮০ চনৰ তপন সিংহৰ 'বাচৰামেৰ বাগান', ১৯৮২ চনৰ 'চোখ', ১৯৮৯ চনৰ উৎপলেন্দু চক্ৰৱৰ্তীৰ 'চন্দ্ৰনীৰ' আৰু ২০০০ চনৰ ঋতুপৰ্ণ ঘোষৰ 'উৎসৱ'।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মাধৱী মুখাৰ্জী বঙালী চলচ্চিত্ৰ অভিনেতা নিৰ্মল কুমাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুগৰাকী কন্যা আছে। কিন্তু বৰ্তমান তেওঁলোক পৃথকে থাকে।

তেওঁ ১৯৯৫ চনত তেওঁৰ আত্মজীৱনী 'আমি মাধৱী' প্ৰকাশিত হৈছিল।[4][5]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ডব্লিউবিএফজিএ জীৱনজোৰা প্ৰাপ্তি বঁটা, ২০১৭
  • ফিল্মফেয়াৰ ইষ্ট লাইফটাইম এচিভমেণ্ট বঁটা, ২০১৪
  • 'দিবৰাত্ৰিৰ কাব্য'ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৯৭০
  • 'চাৰুলতা'ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে বিএফজা বঁটা, ১৯৬৫
  • 'ঢোলগোৱিন্দ কাৰ্চা'ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে বিএফজা বঁটা, ১৯৬৬
  • 'জৰাদিঘিৰ চৌধুৰী পৰিবাৰ'ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটাৰ বাবে বিএফজা বঁটা, ১৯৬৭
  • 'দিবাৰাত্ৰিৰ কাব্য'ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটাৰ বাবে বিএফজা বঁটা, ১৯৭১
  • কালাকাৰ বঁটা[6]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]