সমললৈ যাওক

মনিষা উন্নি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনিষা উন্নি
জন্ম ২৪ জানুৱাৰী, ১৯৭১
পান্নিয়ামকাৰা, কোঝিকোড জিলা, কেৰালা
মৃত্যু ৫ ডিচেম্বৰ, ১৯৯২ (২১ বছৰ)
এক্য-ৰে জংচন, চেৰথালা, আলাপ্পুঝা জিলা
মৃত্যুৰ কাৰণ গাড়ী দুৰ্ঘটনা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান মাউণ্ট কাৰমেল কলেজ, বাঙ্গালুৰু
পেচা চলচ্চিত্ৰ অভিনেত্ৰী
শাস্ত্ৰীয় নৰ্তকী
সক্ৰিয় হৈ থকা সময় ১৯৮৬-১০৯২
জনা যায় নখক্ষথঙ্গল
পেৰুমথাচান
কমলাদলম
পিতৃ-মাতৃ নাৰায়ণ উন্নি
শ্ৰীদেৱী উন্নি

মনিষা উন্নি (ইংৰাজী: Monisha Unni; ২৪ জানুৱাৰী ১৯৭১ – ৫ ডিচেম্বৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁক বিশেষকৈ মালয়ালম ছবিলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়।[1][2] মাত্ৰ পোন্ধৰ বছৰ বয়সতে তেওঁ 'নখক্ষথঙ্গল' (Nakhakshathangal; ১৯৮৬) ছবি যোগে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। এইখন তেওঁৰ প্ৰথম ছবি আছিল আৰু এতিয়ালৈ আটাইতকৈ কম বয়সত এই সন্মান লাভ কৰাৰ খ্যাতি তেওঁৰ নামতে অঙ্কিত হৈ আছে।[3] মনিষা উন্নিকে ধৰি সাৰদা, শোভানা, মীৰা জেচমিন, সুৰভি লক্ষ্মী আৰু শোভা- মুঠ ছয়গৰাকী মালয়ালম অভিনেত্ৰীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।[4][5] তেওঁৰ চমু কৰ্মজীৱনত মনিষাই এম.টি. বাসুদেৱন নায়াৰ, হৰিহৰণ, প্ৰিয়দৰ্শন, অজয়ন, কমল, সিবি মালয়ী আদি খ্যাতনামা পৰিচালকৰ সৈতে কাম কৰিছে।[6]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

নাৰায়াণ উন্নি আৰু শ্ৰীদেৱী উন্নিৰ জীয়ৰী মনিষাৰ জন্ম ১৯৭১ চনত কেৰালাৰ কোঝিকোড জিলাৰ পন্নিয়ানকাৰাত হৈছিল।[7] নাৰায়ণ উন্নি শোৰনুৰৰ পৰা আহিছিল আৰু বাঙ্গালুৰুত চামৰাৰ ব্যৱসায়ত জড়িত আছিল। মনীষায়ো ডাঙৰ-দীঘল হয় বাঙ্গালুৰু চহৰতে। মাক শ্ৰীদেৱী উন্নি এগৰাকী মোহিনীঅট্টমৰ প্ৰশিক্ষিত শাস্ত্ৰীয় নৃত্যশিল্পী আছিল। মনিষাই শৈশৱৰে পৰা নৃত্যৰ প্ৰশিক্ষণ লৈছিল। ন বছৰ বয়সত তেওঁ প্ৰথম মঞ্চত নৃত্য প্ৰদৰ্শন কৰে। ১৯৮৫ চনত তেওঁ কৰ্ণাটক ৰা্জ্যভিত্তিক মোহিনীঅট্টমৰ প্ৰতিযোগিতাত ‘কৌশিক বঁটা’ লাভ কৰে। তেওঁ বাঙ্গালুৰুৰ চেণ্ট চাৰ্লচ হাইস্কুল আৰু বিচপ কটন গাৰ্লচ্ হাইস্কুলৰ পৰা বিদ্যালয় পৰ্যায়ৰ শিক্ষাগ্ৰহণ কৰে। মনস্তত্ত্বত স্নাতক উপাধি লয় বাঙ্গালুৰুৰে মাউণ্ট কাৰ্মেল কলেজৰ পৰা।[8] তেওঁৰ শ্ৰীজিৎ উন্নি নামত এজন ককায়েক আছে।[9]

কৰ্মজীৱন

[সম্পাদনা কৰক]

মালয়ালম উপন্যাসিক এম.টি. বাসুদেৱ নায়াৰ মনিষাহঁতৰ পাৰিবাৰিক বন্ধু আছিল। এম.টি. এগৰাকী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্য ৰচকো আছিল আৰু তেওঁৰ সাহায্যতে মনিষাই চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে। মনিষাৰ প্ৰথম ছবি আছিল মালয়ালম ভাষাৰ ‘নখক্ষথঙ্গল’ (১৯৮৬)। ছবিখনৰ চিত্ৰনাট্য লিখিছিল এম.টি.য়ে আৰু পৰিচালনা কৰিছিল হৰিহৰণে। ছবিখনৰ বিষয়-বস্তু আছিল তিনিজন কিশোৰ-কিশোৰীৰ প্ৰেম-ত্ৰিভুজ; য’ত মনিষাই ছবিৰ নায়িকা গৌৰীৰ চৰিত্ৰত অভিনয় কৰি ১৯৮৭ চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হয়[8]

তেওঁ মালয়ালম ছবি ‘পেৰুমথচন’ (১৯৯০), ‘কাডভু’ (১৯৯১), ‘কমলদলম’ আদি ছবিত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ তামিল ভাষাৰ ‘পুক্কল ৱিডুম থুধু’ (‘নখক্ষথঙ্গল’ৰ ৰিমেক), ‘মুন্দ্ৰাৱধু কন্ন’, ‘উন্না নেনাচেন পট্টু পড়িচেন’, ‘দ্ৰাৱিড়িয়ান’ (১৯৮৯) আদি ছবিত আৰু কন্নড় ভাষাৰ ‘চিৰঞ্জীৱী সুধাকৰ’ (১৯৮৮) ছবিত অভিনয় কৰিছে। তেলুগু ভাষাৰ ছবি ‘লয়াৰ ভাৰতী দেৱী’তো (১৯৮৯) তেওঁ অভিনয় কৰিছে।[10]

এটা মটৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ সময়ত মনিষাই মালয়ালম ভাষাৰ চেপ্পাডিৱিডিয়া ছবিখন কৰি আছিল। ১৯৯২ চনৰ ৫ ডিচেম্বৰত মনিষা আৰু মাক শ্ৰীদেৱী উন্নিক কঢ়িয়াই নিয়া কাৰখন আলাপ্পুঝা জিলাৰ চেৰথালা নামৰ ঠাইখনৰ ওচৰত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত মাক বাচি যায় যদিও মনিষাৰ মৃত্যু হয়।[4]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Monisha Biography". entertainment.oneindia.in. Archived from the original on 5 December 2013. https://web.archive.org/web/20131205101409/http://entertainment.oneindia.in/celebs/monisha-malayalam-actress/biography.html আহৰণ কৰা হৈছে: 24 Jan 2013.
  2. "Archived copy". Archived from the original on 3 December 2013. https://web.archive.org/web/20131203050620/http://www.mangalam.com/mangalam-varika/64795 আহৰণ কৰা হৈছে: 29 November 2013.
  3. National Best Actress Award for Nakhashathangal – IMDB Page
  4. 1 2 "Archived copy". http://www.thehindu.com/todays-paper/tp-features/tp-neighbourhood/losing-her-wish-she-turned-to-dance/article853641.ece আহৰণ কৰা হৈছে: 18 November 2013.
  5. "Archived copy". http://www.thehindu.com/features/cinema/remembering-monisha-unni/article5609706.ece আহৰণ কৰা হৈছে: 14 April 2014.
  6. "Archived copy". http://www.manoramaonline.com/cgi-bin/MMOnline.dll/portal/ep/malayalamContentView.do?contentId=8391035&programId=7940855&channelId=-1073750705&BV_ID=@@@&tabId=3 আহৰণ কৰা হৈছে: 26 November 2013.
  7. "Remembering 'Manjal Prasadam Nettiyil Charthiya' girl Monisha Unni on her death anniversary - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/remembering-manjal-prasadam-nettiyil-charthiya-girl-monisha-unni-on-her-death-anniversary/articleshow/72369582.cms আহৰণ কৰা হৈছে: 2020-05-07.
  8. 1 2 Weblokam Profile of Monisha Archived 2 April 2007 at the Wayback Machine. Weblokam.com. Retrieved on 2012-11-20.
  9. "Archived copy". Archived from the original on 5 December 2013. https://web.archive.org/web/20131205153731/http://www.mangalam.com/mangalam-varika/61376 আহৰণ কৰা হৈছে: 28 December 2013.
  10. "Remembering 'Manjal Prasadam Nettiyil Charthiya' girl Monisha Unni on her death anniversary". Times of India. 5 December 2019. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/remembering-manjal-prasadam-nettiyil-charthiya-girl-monisha-unni-on-her-death-anniversary/articleshow/72369582.cms আহৰণ কৰা হৈছে: 19 February 2021.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]