সমললৈ যাওক

শৰ্মিলা ঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শৰ্মিলা ঠাকুৰ
জন্ম শৰ্মিলা ঠাকুৰ
৮ ডিচেম্বৰ, ১৯৪৪ (৮১ বছৰ)
কানপুৰ, সংযুক্ত প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ উত্তৰ প্ৰদেশ, ভাৰত)[1]
পেচা মডেল, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৫৯–১৯৮৪
১৯৯১–২০১০
দাম্পত্যসঙ্গী মনছূৰ আলী খান (বি. ১৯৬৯; মৃ. ২০১১)
সন্তান চেইফ, চাবা, চোহা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ

শৰ্মিলা ঠাকুৰ (ধৰ্মান্তৰৰ পাছত বেগম আয়েশা চুলতানা খান হিচাপেও জনা যায়[2]; জন্ম ৮ ডিচেম্বৰ ১৯৪৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী চলচ্চিত্ৰৰ লগতে বঙালী ছবিতো অভিনয় কৰে। তেওঁ কৰা অনবদ্য অভিনয়ৰ বাবে তেখেতে দুবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দুবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ এসময়ত হিন্দী চলচ্চিত্ৰৰ আটাইতকৈ বেছি মাননি পোৱা অভিনেত্ৰী সকলৰ মাজৰ এগৰাকী আছিল। ২০১৩ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটাৰে সন্মানিত কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

শৰ্মিলা ঠাকুৰৰ জন্ম হৈছিল কানপুৰ চহৰত। তেওঁৰ পিতৃ গীতিন্দ্ৰনাথ ঠাকুৰ ব্ৰিটিছ ইণ্ডিয়া কৰ্পোৰেশ্যনৰ এজন মেনেজাৰ আছিল। তেওঁৰ মাতৃ ইৰা ঠাকুৰ অসমীয়া মূলৰ আছিল। বিখ্যাত অসমীয়া লেখক জ্ঞানদাভিৰাম বৰুৱাৰ জীয়ৰী আছিল ইৰা বৰুৱা।[3] জ্ঞানদাভিৰাম বৰুৱাৰ পিতৃ গুণাভিৰাম বৰুৱা আছিল অসমৰ এগৰাকী সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। [4] দুজনী ভনীয়েকৰ সৈতে তিনি গৰাকী সন্তানৰ মাজৰ শৰ্মিলা আছিল জ্যেষ্ঠ। পশ্চিমবংগৰ আচাঞ্চলত অৱস্থিত চেইণ্ট জন্স ডায়'চিচান গাৰ্লচ্ হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়ি থকা অৱস্থাত মাত্ৰ ১৩ বছৰ বয়সত[5] তেওঁৰ জীৱনৰ প্ৰথমখন ছবিৰ প্ৰস্তাৱ পোৱাত তেওঁ অভিনয়ৰ ফালে মনোনিবেশ কৰে আৰু সেইবাবেই তেওঁৰ পঢ়া-শুনাত ব্যাঘাত জন্মে আৰু পাছলৈ পঢ়া শুনা সম্পূৰ্ণ নকৰাকৈয়ে তেওঁ পিতৃৰ পৰামৰ্শ মতে বিদ্যালয় এৰে।

অভিনয় জীৱন

[সম্পাদনা কৰক]

শৰ্মিলা ঠাকুৰে অভিনয় জীৱনৰ পাতনি মেলিছিল সত্যজিত ৰায়ৰ ১৯৫৯ চনৰ অপুৰ সংসাৰ নামৰ বঙালী ছবিখনৰ যোগেদি। ইয়াৰ পাছত ১৯৬৪ চনত তেওঁ শক্তি সামন্তৰ 'কাশ্মীৰ কী কলি' নামৰ চলচ্চিত্ৰখনৰ যোগেদি বলিউডত অভিনয় জীৱনৰ আৰম্ভণি কৰে।[6] ইয়াৰ পাছতে শক্তি সামন্তই অভিনেতা ৰাজেশ খান্নাৰ বিপৰীতে শৰ্মিলাৰ লগত আৰাধনা (১৯৬৯), অমৰ প্ৰেম (১৯৭২) আদিৰ দৰে চলচ্চিত্ৰ বনায়। অন্য পৰিচালকেও এই এই যুটিৰে চফৰ (১৯৭০),দাগ (১৯৭৩), মালিকৰ (১৯৭২) দৰে সফল ছবি বনাবলৈ সক্ষম হয়। ৰাজেশ খান্না আৰু শৰ্মিলা ঠাকুৰক যুটিয়ে বলিউডক ৭খন সফল ছবি উপহাৰ দিয়ে। ১৯৭৫ চনৰ ছবি মৌচমৰ বাবে তেওঁলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হয়।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

শৰ্মিলা ঠাকুৰৰ বিয়া হয় ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মনছূৰ আলী খান পাটাউডীৰ লগত। ১৯৬৯ চনৰ ডিচেম্বৰ মাহৰ ২৭ তাৰিখে ইছলামিক বিবাহ পদ্ধতিৰে তেওঁ যুগ্ম জীৱনৰ আৰম্ভণি কৰে। ইয়াৰ পাছতে তেওঁ ধৰ্মান্তৰ কৰি নিজৰ নাম বেগম আয়েশা চুলতানা খান কৰি লয়। তেওঁলোকৰ তিনি সন্তান ক্ৰমে চেইফ আলী খান, চাবা আলী খান, চোহা আলী খান। তেওঁলোকৰ পুত্ৰ চেইফ আলী খান বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা। চাবা পেছাত এগৰাকী গহনা ডিজাইনাৰ[7] আৰু কনিষ্ঠা পুত্ৰী চোহা আলী খান এগৰাকী অভিনেত্ৰী। মনছূৰ আলী খান পাটাউডীৰ ২০১১ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে মৃত্যু হয়।[8]

অভিনীত চলচ্চিত্ৰসমূহ

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰপৰিচালকভূমিকাভাষা
১৯৫৯অপুৰ সংসাৰসত্যজিৎ ৰায়অপৰ্ণাবঙালী
১৯৬০দেৱী (দ্য গডেছ)সত্যজিৎ ৰায়দয়াময়ীবঙালী
১৯৬৩শেষ অংকহৰিদাস ভট্টাচাৰ্যমালাবঙালী
নিৰ্জন সৈকতেতপন সিনহাৰেণুবঙালী
বৰ্ণালীঅজয় কৰআলোকা চৌধুৰীবঙালী
চায়া সূৰ্যপাৰ্থ প্ৰতীম চৌধুৰীঘেটুবঙালী
১৯৬৪কাশ্মীৰ কী কলিশক্তি সামন্তচম্পাহিন্দী
১৯৬৫ৱক্টযশ চোপ্ৰাৰেণু খান্নাহিন্দী
ডাক ঘৰজুল ভেলানীঅতিথি শিল্পীহিন্দী
১৯৬৬অনুপমাহৃষিকেশ মুখাৰ্জীউমা শৰ্মাহিন্দী
দেৱৰমোহন সেহগালমধুমতী / বাৱৰীয়াহিন্দী
সাৱন কী ঘটাশক্তি সামন্তসীমাহিন্দী
নায়কসত্যজিৎ ৰায়অদিতিবঙালী
য়ে ৰাত ফিৰ না আয়েগীব্ৰিজকিৰণ / কিৰণময়হিন্দী
১৯৬৭মিলন কী ৰাতআৰ. ভট্টাচাৰ্যআৰতিহিন্দী
এন ইভনিং ইন পেৰিছশক্তি সামন্তদীপা মালিক / ৰূপা মালিক (চুজী)হিন্দী
আমনে চামনেসূৰজ প্ৰকাশস্বপ্না মাথুৰ / স্বপ্না জি. মিট্টলহিন্দী
১৯৬৮মেৰে হমদম মেৰে দোস্তঅমৰ কুমাৰঅনিতাহিন্দী
হমছায়াজয় মুখাৰ্জীলীনা সেনহিন্দী
দিল ঔৰ মোহব্বতআনন্দ দত্তঅনুৰাধা বৰ্মাহিন্দী
১৯৬৯য়কীনব্ৰিজৰিতাহিন্দী
সত্যকামহৃষিকেশ মুখাৰ্জীৰঞ্জনাহিন্দী
তলাশঅ' পি ৰলহানমধু / গৌৰীহিন্দী
আৰাধনাশক্তি সামন্তবন্দনা ত্ৰিপাঠীহিন্দী
বঙালী
প্যাছী ছামঅমৰ কুমাৰমধুহিন্দী
১৯৭০অৰণ্যেৰ দিন ৰাত্ৰিসত্যজিৎ ৰায়অপৰ্ণাবঙালী
ছুহানা ছফৰবিজয়স্বপ্নাহিন্দী
মেৰে হমছফৰদুলাল গুহতৰুণা / মীনাক্ষীহিন্দী
মাই লাভএছ. সুখদেৱসংগীতা ঠাকুৰহিন্দী
ছফৰঅসিত সেননীলা কাপুৰহিন্দী
১৯৭১সীমাবদ্ধসত্যজিৎ ৰায়তুতুলবঙালী
চোটি বহুকে.বি. তিলকৰাধাহিন্দী
১৯৭২অমৰ প্ৰেমশক্তি সামন্তপুস্পাহিন্দী
দাস্তানবি. আৰ. চোপ্ৰামীনাহিন্দী
য়ে গুলিষ্টান হমাৰাআত্মা ৰামছু ৰেনীহিন্দী
মালিকএ. ভীমসিংসাৱিত্ৰীহিন্দী
১৯৭৩ৰাজা ৰাণীশচীন ভৌমিকনিৰ্মলা / ৰাণীহিন্দী
দাগযশ চোপ্ৰাছোনিয়া কোহলিহিন্দী
আ গলে লগ যামনমোহন দেশাইপ্ৰীতিহিন্দী
১৯৭৪ছানদাৰকৃষ্ণন–পঞ্জুপ্ৰতিমাহিন্দী
আৱিষ্কাৰবাসু ভট্টাচাৰ্যমানসীহিন্দী
পাপ ঔৰ পূণ্যপ্ৰয়াগ ৰাজজুগনীহিন্দী
চৰিত্ৰহীনশক্তি সামন্তৰামা চৌধাৰীহিন্দী
চৈতানফিৰোজ চিনয়নিশাহিন্দী
১৯৭৫মৌচমগুলজাৰচন্দা / কজলীহিন্দী
অনাৰিঅসিত সেনপুনমহিন্দী
চুপকে চুপকে (চলচ্চিত্ৰ)হৃষিকেশ মুখাৰ্জীসুলেখা চতুৰ্বেদীহিন্দী
ফৰাৰশংকৰ মুখাৰ্জীমালা / আশাহিন্দী
এক মহল হো স্বপ্নো কাদেৱেন্দ্ৰ গোৱেলঅৰুণাহিন্দী
অমানুষশক্তি সামন্তলেখাবঙালী
হিন্দী
১৯৭৬এক চে বঢ়কৰ একব্ৰিজৰেখাহিন্দী
১৯৭৭আনন্দ আশ্ৰমশক্তি সামন্তআশাবঙালী
হিন্দী
১৯৭৮বেছৰমদেৱেন বৰ্মাৰিংকু / মোনিকাহিন্দী
১৯৭৯চুৱান্না চিৰাকুকলএন শংকৰন নায়াৰসাৱিত্ৰীমালায়ালাম
দূৰিয়াভীমসেন খুৰানাললিতাহিন্দী
১৯৮১কলংকিনী কংকাবটিউত্তম কুমাৰঅপৰ্ণা / কংকাবঙালী
১৯৮২নমকীনগুলজাৰনিমকিহিন্দী
দেশ প্ৰেমীমনমোহন দেশাইভাৰতীহিন্দী
১৯৮৩প্ৰতিদানপ্ৰভাত ৰায়গৌৰীবঙালী
গেহৰী চোট - উৰ্ফ: দুৰ্দেশঅমব্ৰিছ সংগাল-এহটেছামশোভাবঙালী
হিন্দী
১৯৮৪ছানীৰাজ খোছলাসিতাৰাহিন্দী
১৯৮৮অনুৰোধজয়ন্ত ভট্টাচাৰ্যজয়া / মায়াবঙালী
১৯৯১মিচিচিপি মছলামীৰা নায়াৰকিন্নুইংৰাজী
১৯৯৩আছিক আৱাৰাউমেশ মেহৰামিচেছ সিংহিন্দী
১৯৯৮ঘৰ বাজাৰডি.এছ. আজাদহিন্দী
১৯৯৯মনইন্দ্ৰ কুমাৰসুহানা দেৱী সিংহিন্দী
২০০০ধড়কনধৰ্মেশ দৰ্শনঝানৱী ৰঞ্জন চোপ্ৰাহিন্দী
২০০২এবাৰ অৰণ্যেগৌতম ঘোষঅপৰ্ণাবঙালী
২০০৩শুভ মহুৰতৰিতুপৰ্ণ ঘোষপদ্মিনী চৌধুৰীবঙালী
২০০৫বিৰোধ... ফেমিলি কাম্‌ছ ফাৰ্ষ্টমহেশ মাঞ্জৰেকাৰসুমিত্ৰা পটৱৰ্ধনহিন্দী
২০০৬একলব্য: দ্য ৰোয়েল গাৰ্ডবিধু বিনোদ চোপ্ৰাসুহাসিনী দেৱীহিন্দী
২০০৭ফুল এণ্ড ফাইনেলআহমদ খানভাবীহিন্দী
২০০৮তছৱীৰ ৮*১০নাগেশ কুকুনূৰসাৱিত্ৰী পুৰীহিন্দী
২০০৯অন্তহীনঅনিৰুদ্ধ ৰয় চৌধুৰীপিশ্বিমাবঙালী
মৰ্ণিং ৱাকঅৰূপ দত্তনীলিমাহিন্দী
সমান্তৰআমোল পালেকাৰছামা বাজীমাৰাঠী
২০১০ব্ৰেক কে বাদডানিছ আছলামআয়েছা খানহিন্দী

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Birthday special: Things you may not know about Sharmila Tagore". Mid Day. http://www.mid-day.com/photos/birthday-special-things-you-may-not-know-about-sharmila-tagore/4288 আহৰণ কৰা হৈছে: 25 April 2016.
  2. Baljit Rai (1990). Muslim fundamentalism in the Indian subcontinent. B.S. Publishers. https://books.google.com/books?id=3QJuAAAAMAAJ.
  3. "শৰ্মিলা ঠাকুৰ". bdnews24. https://bangla.bdnews24.com/glitz/article1068946.bdnews.
  4. "TAGORE". iinet.net.au. http://members.iinet.net.au/~royalty/ips/families/tagore.html.
  5. Zaman, Rana Siddiqui (7 August 2009). "My First Break – Sharmila Tagore". Friday Review Delhi (The Hindu). Archived from the original on 24 December 2010. https://web.archive.org/web/20101224175503/http://www.hindu.com/fr/2009/08/07/stories/2009080750020100.htm আহৰণ কৰা হৈছে: ২৯ মাৰ্চ ২০১৯.
  6. "‘Kashmir Ki Kali’ Sharmila Tagore turns 72 today". The Free Press Journal. December 08, 2016. https://www.freepressjournal.in/entertainment/kashmir-ki-kali-sharmila-tagore-turns-72-today/984071 আহৰণ কৰা হৈছে: March 28, 2019.
  7. "To Saif with love: Soha & Saba". rediff.com. http://www.rediff.com/movies/2007/aug/28saif.htm.
  8. "India's legendary cricketer Tiger Pataudi passes away at 70". http://www.dnaindia.com/india/report_legendary-cricketer-tiger-pataudi-passes-away-at-70_1590301 আহৰণ কৰা হৈছে: ২০১৯-০৩-২৯.
  9. "Padma Awards Announced". Government of India. 25 January 2013. http://www.pib.nic.in/newsite/erelease.aspx?relid=91838 আহৰণ কৰা হৈছে: ২৯ মাৰ্চ ২০১৯.
  10. শৰ্মিলা ঠাকুৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।