শৰ্মিলা ঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শৰ্মিলা ঠাকুৰ
জন্ম শৰ্মিলা ঠাকুৰ
৮ ডিচেম্বৰ, ১৯৪৪ (৭৯ বছৰ)
কানপুৰ, সংযুক্ত প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ উত্তৰ প্ৰদেশ, ভাৰত)[1]
পেচা মডেল, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৫৯–১৯৮৪
১৯৯১–২০১০
দাম্পত্যসঙ্গী মনছূৰ আলী খান (বি. ১৯৬৯; মৃ. ২০১১)
সন্তান চেইফ, চাবা, চোহা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ

শৰ্মিলা ঠাকুৰ (ধৰ্মান্তৰৰ পাছত বেগম আয়েশা চুলতানা খান হিচাপেও জনা যায়[2]; জন্ম ৮ ডিচেম্বৰ ১৯৪৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী চলচ্চিত্ৰৰ লগতে বঙালী ছবিতো অভিনয় কৰে। তেওঁ কৰা অনবদ্য অভিনয়ৰ বাবে তেখেতে দুবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দুবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ এসময়ত হিন্দী চলচ্চিত্ৰৰ আটাইতকৈ বেছি মাননি পোৱা অভিনেত্ৰী সকলৰ মাজৰ এগৰাকী আছিল। ২০১৩ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটাৰে সন্মানিত কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

শৰ্মিলা ঠাকুৰৰ জন্ম হৈছিল কানপুৰ চহৰত। তেওঁৰ পিতৃ গীতিন্দ্ৰনাথ ঠাকুৰ ব্ৰিটিছ ইণ্ডিয়া কৰ্পোৰেশ্যনৰ এজন মেনেজাৰ আছিল। তেওঁৰ মাতৃ ইৰা ঠাকুৰ অসমীয়া মূলৰ আছিল। বিখ্যাত অসমীয়া লেখক জ্ঞানদাভিৰাম বৰুৱাৰ জীয়ৰী আছিল ইৰা বৰুৱা।[3] জ্ঞানদাভিৰাম বৰুৱাৰ পিতৃ গুণাভিৰাম বৰুৱা আছিল অসমৰ এগৰাকী সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। [4] দুজনী ভনীয়েকৰ সৈতে তিনি গৰাকী সন্তানৰ মাজৰ শৰ্মিলা আছিল জ্যেষ্ঠ। পশ্চিমবংগৰ আচাঞ্চলত অৱস্থিত চেইণ্ট জন্স ডায়'চিচান গাৰ্লচ্ হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়ি থকা অৱস্থাত মাত্ৰ ১৩ বছৰ বয়সত[5] তেওঁৰ জীৱনৰ প্ৰথমখন ছবিৰ প্ৰস্তাৱ পোৱাত তেওঁ অভিনয়ৰ ফালে মনোনিবেশ কৰে আৰু সেইবাবেই তেওঁৰ পঢ়া-শুনাত ব্যাঘাত জন্মে আৰু পাছলৈ পঢ়া শুনা সম্পূৰ্ণ নকৰাকৈয়ে তেওঁ পিতৃৰ পৰামৰ্শ মতে বিদ্যালয় এৰে।

অভিনয় জীৱন[সম্পাদনা কৰক]

শৰ্মিলা ঠাকুৰে অভিনয় জীৱনৰ পাতনি মেলিছিল সত্যজিত ৰায়ৰ ১৯৫৯ চনৰ অপুৰ সংসাৰ নামৰ বঙালী ছবিখনৰ যোগেদি। ইয়াৰ পাছত ১৯৬৪ চনত তেওঁ শক্তি সামন্তৰ 'কাশ্মীৰ কী কলি' নামৰ চলচ্চিত্ৰখনৰ যোগেদি বলিউডত অভিনয় জীৱনৰ আৰম্ভণি কৰে।[6] ইয়াৰ পাছতে শক্তি সামন্তই অভিনেতা ৰাজেশ খান্নাৰ বিপৰীতে শৰ্মিলাৰ লগত আৰাধনা (১৯৬৯), অমৰ প্ৰেম (১৯৭২) আদিৰ দৰে চলচ্চিত্ৰ বনায়। অন্য পৰিচালকেও এই এই যুটিৰে চফৰ (১৯৭০),দাগ (১৯৭৩), মালিকৰ (১৯৭২) দৰে সফল ছবি বনাবলৈ সক্ষম হয়। ৰাজেশ খান্না আৰু শৰ্মিলা ঠাকুৰক যুটিয়ে বলিউডক ৭খন সফল ছবি উপহাৰ দিয়ে। ১৯৭৫ চনৰ ছবি মৌচমৰ বাবে তেওঁলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হয়।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

শৰ্মিলা ঠাকুৰৰ বিয়া হয় ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মনছূৰ আলী খান পাটাউডীৰ লগত। ১৯৬৯ চনৰ ডিচেম্বৰ মাহৰ ২৭ তাৰিখে ইছলামিক বিবাহ পদ্ধতিৰে তেওঁ যুগ্ম জীৱনৰ আৰম্ভণি কৰে। ইয়াৰ পাছতে তেওঁ ধৰ্মান্তৰ কৰি নিজৰ নাম বেগম আয়েশা চুলতানা খান কৰি লয়। তেওঁলোকৰ তিনি সন্তান ক্ৰমে চেইফ আলী খান, চাবা আলী খান, চোহা আলী খান। তেওঁলোকৰ পুত্ৰ চেইফ আলী খান বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা। চাবা পেছাত এগৰাকী গহনা ডিজাইনাৰ[7] আৰু কনিষ্ঠা পুত্ৰী চোহা আলী খান এগৰাকী অভিনেত্ৰী। মনছূৰ আলী খান পাটাউডীৰ ২০১১ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে মৃত্যু হয়।[8]

অভিনীত চলচ্চিত্ৰসমূহ[সম্পাদনা কৰক]

বৰ্ষ চলচ্চিত্ৰ পৰিচালক ভূমিকা ভাষা
১৯৫৯ অপুৰ সংসাৰ সত্যজিৎ ৰায় অপৰ্ণা বঙালী
১৯৬০ দেৱী (দ্য গডেছ) সত্যজিৎ ৰায় দয়াময়ী বঙালী
১৯৬৩ শেষ অংক হৰিদাস ভট্টাচাৰ্য মালা বঙালী
নিৰ্জন সৈকতে তপন সিনহা ৰেণু বঙালী
বৰ্ণালী অজয় কৰ আলোকা চৌধুৰী বঙালী
চায়া সূৰ্য পাৰ্থ প্ৰতীম চৌধুৰী ঘেটু বঙালী
১৯৬৪ কাশ্মীৰ কী কলি শক্তি সামন্ত চম্পা হিন্দী
১৯৬৫ ৱক্ট যশ চোপ্ৰা ৰেণু খান্না হিন্দী
ডাক ঘৰ জুল ভেলানী অতিথি শিল্পী হিন্দী
১৯৬৬ অনুপমা হৃষিকেশ মুখাৰ্জী উমা শৰ্মা হিন্দী
দেৱৰ মোহন সেহগাল মধুমতী / বাৱৰীয়া হিন্দী
সাৱন কী ঘটা শক্তি সামন্ত সীমা হিন্দী
নায়ক সত্যজিৎ ৰায় অদিতি বঙালী
য়ে ৰাত ফিৰ না আয়েগী ব্ৰিজ কিৰণ / কিৰণময় হিন্দী
১৯৬৭ মিলন কী ৰাত আৰ. ভট্টাচাৰ্য আৰতি হিন্দী
এন ইভনিং ইন পেৰিছ শক্তি সামন্ত দীপা মালিক / ৰূপা মালিক (চুজী) হিন্দী
আমনে চামনে সূৰজ প্ৰকাশ স্বপ্না মাথুৰ / স্বপ্না জি. মিট্টল হিন্দী
১৯৬৮ মেৰে হমদম মেৰে দোস্ত অমৰ কুমাৰ অনিতা হিন্দী
হমছায়া জয় মুখাৰ্জী লীনা সেন হিন্দী
দিল ঔৰ মোহব্বত আনন্দ দত্ত অনুৰাধা বৰ্মা হিন্দী
১৯৬৯ য়কীন ব্ৰিজ ৰিতা হিন্দী
সত্যকাম হৃষিকেশ মুখাৰ্জী ৰঞ্জনা হিন্দী
তলাশ অ' পি ৰলহান মধু / গৌৰী হিন্দী
আৰাধনা শক্তি সামন্ত বন্দনা ত্ৰিপাঠী হিন্দী
বঙালী
প্যাছী ছাম অমৰ কুমাৰ মধু হিন্দী
১৯৭০ অৰণ্যেৰ দিন ৰাত্ৰি সত্যজিৎ ৰায় অপৰ্ণা বঙালী
ছুহানা ছফৰ বিজয় স্বপ্না হিন্দী
মেৰে হমছফৰ দুলাল গুহ তৰুণা / মীনাক্ষী হিন্দী
মাই লাভ এছ. সুখদেৱ সংগীতা ঠাকুৰ হিন্দী
ছফৰ অসিত সেন নীলা কাপুৰ হিন্দী
১৯৭১ সীমাবদ্ধ সত্যজিৎ ৰায় তুতুল বঙালী
চোটি বহু কে.বি. তিলক ৰাধা হিন্দী
১৯৭২ অমৰ প্ৰেম শক্তি সামন্ত পুস্পা হিন্দী
দাস্তান বি. আৰ. চোপ্ৰা মীনা হিন্দী
য়ে গুলিষ্টান হমাৰা আত্মা ৰাম ছু ৰেনী হিন্দী
মালিক এ. ভীমসিং সাৱিত্ৰী হিন্দী
১৯৭৩ ৰাজা ৰাণী শচীন ভৌমিক নিৰ্মলা / ৰাণী হিন্দী
দাগ যশ চোপ্ৰা ছোনিয়া কোহলি হিন্দী
আ গলে লগ যা মনমোহন দেশাই প্ৰীতি হিন্দী
১৯৭৪ ছানদাৰ কৃষ্ণন–পঞ্জু প্ৰতিমা হিন্দী
আৱিষ্কাৰ বাসু ভট্টাচাৰ্য মানসী হিন্দী
পাপ ঔৰ পূণ্য প্ৰয়াগ ৰাজ জুগনী হিন্দী
চৰিত্ৰহীন শক্তি সামন্ত ৰামা চৌধাৰী হিন্দী
চৈতান ফিৰোজ চিনয় নিশা হিন্দী
১৯৭৫ মৌচম গুলজাৰ চন্দা / কজলী হিন্দী
অনাৰি অসিত সেন পুনম হিন্দী
চুপকে চুপকে (চলচ্চিত্ৰ) হৃষিকেশ মুখাৰ্জী সুলেখা চতুৰ্বেদী হিন্দী
ফৰাৰ শংকৰ মুখাৰ্জী মালা / আশা হিন্দী
এক মহল হো স্বপ্নো কা দেৱেন্দ্ৰ গোৱেল অৰুণা হিন্দী
অমানুষ শক্তি সামন্ত লেখা বঙালী
হিন্দী
১৯৭৬ এক চে বঢ়কৰ এক ব্ৰিজ ৰেখা হিন্দী
১৯৭৭ আনন্দ আশ্ৰম শক্তি সামন্ত আশা বঙালী
হিন্দী
১৯৭৮ বেছৰম দেৱেন বৰ্মা ৰিংকু / মোনিকা হিন্দী
১৯৭৯ চুৱান্না চিৰাকুকল এন শংকৰন নায়াৰ সাৱিত্ৰী মালায়ালাম
দূৰিয়া ভীমসেন খুৰানা ললিতা হিন্দী
১৯৮১ কলংকিনী কংকাবটি উত্তম কুমাৰ অপৰ্ণা / কংকা বঙালী
১৯৮২ নমকীন গুলজাৰ নিমকি হিন্দী
দেশ প্ৰেমী মনমোহন দেশাই ভাৰতী হিন্দী
১৯৮৩ প্ৰতিদান প্ৰভাত ৰায় গৌৰী বঙালী
গেহৰী চোট - উৰ্ফ: দুৰ্দেশ অমব্ৰিছ সংগাল-এহটেছাম শোভা বঙালী
হিন্দী
১৯৮৪ ছানী ৰাজ খোছলা সিতাৰা হিন্দী
১৯৮৮ অনুৰোধ জয়ন্ত ভট্টাচাৰ্য জয়া / মায়া বঙালী
১৯৯১ মিচিচিপি মছলা মীৰা নায়াৰ কিন্নু ইংৰাজী
১৯৯৩ আছিক আৱাৰা উমেশ মেহৰা মিচেছ সিং হিন্দী
১৯৯৮ ঘৰ বাজাৰ ডি.এছ. আজাদ হিন্দী
১৯৯৯ মন ইন্দ্ৰ কুমাৰ সুহানা দেৱী সিং হিন্দী
২০০০ ধড়কন ধৰ্মেশ দৰ্শন ঝানৱী ৰঞ্জন চোপ্ৰা হিন্দী
২০০২ এবাৰ অৰণ্যে গৌতম ঘোষ অপৰ্ণা বঙালী
২০০৩ শুভ মহুৰত ৰিতুপৰ্ণ ঘোষ পদ্মিনী চৌধুৰী বঙালী
২০০৫ বিৰোধ... ফেমিলি কাম্‌ছ ফাৰ্ষ্ট মহেশ মাঞ্জৰেকাৰ সুমিত্ৰা পটৱৰ্ধন হিন্দী
২০০৬ একলব্য: দ্য ৰোয়েল গাৰ্ড বিধু বিনোদ চোপ্ৰা সুহাসিনী দেৱী হিন্দী
২০০৭ ফুল এণ্ড ফাইনেল আহমদ খান ভাবী হিন্দী
২০০৮ তছৱীৰ ৮*১০ নাগেশ কুকুনূৰ সাৱিত্ৰী পুৰী হিন্দী
২০০৯ অন্তহীন অনিৰুদ্ধ ৰয় চৌধুৰী পিশ্বিমা বঙালী
মৰ্ণিং ৱাক অৰূপ দত্ত নীলিমা হিন্দী
সমান্তৰ আমোল পালেকাৰ ছামা বাজী মাৰাঠী
২০১০ ব্ৰেক কে বাদ ডানিছ আছলাম আয়েছা খান হিন্দী

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Birthday special: Things you may not know about Sharmila Tagore". Mid Day. http://www.mid-day.com/photos/birthday-special-things-you-may-not-know-about-sharmila-tagore/4288। আহৰণ কৰা হৈছে: 25 April 2016. 
  2. Baljit Rai (1990). Muslim fundamentalism in the Indian subcontinent. B.S. Publishers. https://books.google.com/books?id=3QJuAAAAMAAJ. 
  3. "শৰ্মিলা ঠাকুৰ". bdnews24. https://bangla.bdnews24.com/glitz/article1068946.bdnews. 
  4. "TAGORE". iinet.net.au. http://members.iinet.net.au/~royalty/ips/families/tagore.html. 
  5. Zaman, Rana Siddiqui (7 August 2009). "My First Break – Sharmila Tagore". Friday Review Delhi (The Hindu). Archived from the original on 24 December 2010. https://web.archive.org/web/20101224175503/http://www.hindu.com/fr/2009/08/07/stories/2009080750020100.htm। আহৰণ কৰা হৈছে: ২৯ মাৰ্চ ২০১৯. 
  6. "‘Kashmir Ki Kali’ Sharmila Tagore turns 72 today". The Free Press Journal. December 08, 2016. https://www.freepressjournal.in/entertainment/kashmir-ki-kali-sharmila-tagore-turns-72-today/984071। আহৰণ কৰা হৈছে: March 28, 2019. 
  7. "To Saif with love: Soha & Saba". rediff.com. http://www.rediff.com/movies/2007/aug/28saif.htm. 
  8. "India's legendary cricketer Tiger Pataudi passes away at 70". http://www.dnaindia.com/india/report_legendary-cricketer-tiger-pataudi-passes-away-at-70_1590301। আহৰণ কৰা হৈছে: ২০১৯-০৩-২৯. 
  9. "Padma Awards Announced". Government of India. 25 January 2013. http://www.pib.nic.in/newsite/erelease.aspx?relid=91838। আহৰণ কৰা হৈছে: ২৯ মাৰ্চ ২০১৯. 
  10. শৰ্মিলা ঠাকুৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।