অপুৰ সংসাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
অপুৰ সংসাৰ
পোষ্টাৰ
চলচ্চিত্ৰখনৰ পোষ্টাৰ
অপুৰ সংসাৰ
পৰিচালক সত্যজিত ৰয়
লেখক সত্যজিত ৰয়
ভিত্তি অপৰাজিত
লেখক: বিভূতিভূষণ বন্দ্যোপাধ্যায়
প্ৰযোজক সত্যজিত ৰয়
অভিনয়ত সৌমিত্ৰ চেটাৰ্জী,
শৰ্মিলা ঠাকুৰ,
আলোক চক্ৰৱৰ্তী,
শ্বপন মুখাৰ্জী
চিত্ৰগ্ৰহণকাৰী সুব্ৰত মিত্ৰ
সংগীত পৰিচালক ৰবি শংকৰ
মুক্তি
১ মে' ১৯৫৯ (1959-05-01)
দৈৰ্ঘ্য
১০৭ মিনিট
দেশ ভাৰত
ভাষা বঙালী
সৰ্বমুঠ আয় ₹৭৫ – ৮৯ লাখ

অপুৰ সংসাৰ (ইংৰাজী: Apura Sansar or The World of Apu ) ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত আৰু বঙালী ভাষাত নিৰ্মিত এখন ধ্ৰুপদী চলচ্চিত্ৰ। পৰিচালনা আৰু ৰচনা সত্যজিত ৰায়ৰ। অপু নামৰ চৰিত্ৰ এটাক কেন্দ্ৰ কৰি ৰায়ে নিৰ্মাণ কৰা অপু ত্ৰিল’জীৰ এইখন তৃতীয় ছবি। ইয়াত অপুৰ যুবাৱস্থাৰ চিত্ৰায়ণ কৰা হৈছে। অপু ত্ৰিল’জীৰ পূৰ্বৰ দুখন ছবি পথেৰ পাঁচালী আৰু অপৰাজিতত ক্ৰমে অপুৰ শৈশৱ আৰু কৈশোৰৰ চিত্ৰায়ণ কৰা হৈছিল। এই ছবিখন বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ উপন্যাস অপৰাজিতৰ পিছৰ অংশৰ আধাৰত নিৰ্মাণ কৰা হৈছে।

অপুৰ সংসাৰৰ যোগেদি সৌমিত্ৰ চেতাৰ্জী আৰু শৰ্মিলা ঠাকুৰে চলচ্চিত্ৰাভিনয়ৰ জগতত ভৰি দিয়ে। তেওঁলোকক পিছলৈ ৰায়ৰ বহুবোৰ ছবিত দেখা গৈছিল। ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে চাদাৰলেণ্ড ট্ৰ’ফীকে ধৰি বহুতো আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

আই.এ. পাচ কৰি অপুৱে চাকৰি এটা যোগাৰ কৰিব পৰা নাই। কলকাতাৰ ভাৰাঘৰত থাকি টিউচন কৰি পেট প্ৰবৰ্তাই আছে। সময়ত ঘৰভাৰা দিব নোৱাৰি ঘৰৰ মালিকৰ সৈতে কাজিয়া কৰে। প্ৰায়ে আধাপেটীকৈ খাই বাহিৰলৈ যায়। এদিন বন্ধু পুলুৱে কলকাতাৰ পৰা দূৰণিৰ গাঁও এখনলৈ সম্পৰ্কীয় ভনীয়েক অপৰ্ণাৰ বিয়ালৈ অপুক লৈ যায়। ঘটনাচক্ৰত পূৰ্বে নিৰ্ধাৰিত বিয়াখন ভাঙি যোৱাত অপুৱে অপৰ্ণাক বিয়া কৰাবলৈ বাধ্য হৈ পৰে আৰু ন-ছোৱালীক আনি কলকাতাৰ ভাৰাঘৰত সুমুৱায়। এটা কেৰাণীৰ চাকৰি তেওঁৰ বাবে যোগাৰ হয়। চহকী ঘৰৰ ছোৱালী হ’লেও অপৰ্ণাই নিজকে অপুৰ সংসাৰখনত খাপ খুৱাই লয়। টকা-পইচাৰ অভাৱ থাকিলেও ৰং-ধেমালী, মৰম-চেনেহৰ মাজেৰে দুয়োৰো সংসাৰ আগবাঢ়ে।[1]

সন্তানৰ জন্ম দিবলৈ অপৰ্ণা পিতৃগৃহলৈ যায়। কিন্তু পুত্ৰ কাজলক জন্ম দিয়ে অপৰ্ণা মৃত্যুমুখত পৰে। অসহনীয় বেদনাত অপু মুক হৈ পৰে। ল’ৰা এটাৰ যে জন্ম হৈছে, তেওঁ তাৰো খবৰ নলয়। চাকৰি, ঘৰ-বাৰী সকলো এৰি তেওঁ শান্তিৰ সন্ধানত অনাই-বনাই ঘূৰি ফুৰিবলৈ ধৰিলে।[1]

পাঁচ বছৰ পিছত বিলাতৰ পৰা উভতি আহি পুলুৱে দেখে যে অযত্ন আৰু অৱহেলাত কাজল ডাঙৰ-দীঘল হৈছে। মধ্য-ভাৰতৰ এখন কয়লাখনি কেন্দ্ৰিক সৰু চহৰত পুলুৱে অপুক বিচাৰি উলিয়ায় আৰু পিতৃত্বৰ দায়িত্বক সকিয়াই পুত্ৰৰ ওচৰলৈ উভতি আহিবলৈ সৈমান কৰায়। পুতেকৰ প্ৰতি থকা দায়িত্ববোধ বা চিন্তাৰ বাবে নহয়, সামাজিক পৰম্পৰাৰ খাটিৰত অপুৱে পুতেকক লগ পাবলৈ আহিল। কিন্তু পুতেকৰ চকুহাললৈ চাই তেওঁৰ হৃদয়ত গভীৰ প্ৰেমৰ উদ্ৰেক হ’ল।[1]

এয়া এক নতুন প্ৰেম যিয়ে তেওঁৰ জীৱনক এক নতুন অৰ্থ প্ৰদান কৰে আৰু তেওঁৰ হৃদয়ক বৈৰাগ্যৰ পৰা ওলাই আহি ভৱিষ্যতৰ সন্মুখীন হ'বলৈ এক নতুন সাহস দিয়ে, যি আগতকৈ কম অনিশ্চিত নহয়।[1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

১৯ ফেব্ৰুৱাৰী ১৯৬১ৰ দিনা ৱাশ্বিংটন ডি.চি.ৰ দুপণ্ট থিযেটাৰত হোৱা চলচ্চিত্ৰখনৰ প্ৰদৰ্শনীত যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জন এফ কেনেডি
  • সৌমিত্ৰ চেটাৰ্জী (অপু)
  • শৰ্মিলা ঠাকুৰ (অপৰ্ণা)
  • স্বপন মুখাৰ্জী (পুলু)
  • আলোক চক্ৰৱৰ্তী (শিশুশিল্পী- কাজল)
  • শেফালিকা দেৱী (পুলুৰ পত্নী)
  • ধীৰেশ মজুমদাৰ (শশী নাৰায়ণ)
  • ধীৰেন ঘোষ (ভাৰাঘৰৰ মালিক)

সঁহাৰি[সম্পাদনা কৰক]

২৭টা সমীক্ষাৰ ওপৰত ভিত্তি কৰি ৰটেন টমেট’জে অপুৰ সংসাৰক প্ৰদান কৰা গড় মূল্যাংকন ৯.০৪/১০। সমালোচকসকল সহমত যে আশ্চৰ্যজনকভাবে মৰ্মস্পৰ্শী, সুন্দৰ শ্বট, উত্তেজক পাৰিপাৰ্শ্বকতাই সত্যজিত ৰায়ৰ অপু ত্ৰিল’জীক এক উচ্চ পৰ্যায়লৈকে পৰ্যবসিত কৰিছে।[2] ১৯৯২চনত ব্ৰিটিছ চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ আলোচনী চাইট এণ্ড চাউণ্ডে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত এই ছবিখনক ৮৮তম স্থান দিছে। [3] চাইট এণ্ড চাউণ্ডৰ ১৯৮২ চনৰ জনমতত অপুৰ সংসাৰক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত ৪২তম স্থান দিয়া হয়।[4] ২০০২ চনত চাইট এণ্ড চাউণ্ড সমালোচক আৰু পৰিচালকৰ যৌথ জনমত তালিকাত ৰায়ৰ এই ছবিখনক ৯৩তম স্থান দিয়া হৈছে।[5] ১৯৮৮ চনত এছীয় চলচ্চিত্ৰীয় আলোচনী চিনেমায়াৰ সমালোচকৰ জনমতৰ ভিত্তিত তৈয়াৰ কৰা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত অপু ত্ৰিল’জীয়ে ৭ম স্থান লাভ কৰিছে।[6]

বঁটা[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • ১৯৫৯- ৭ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক[1]
ব্ৰিটিছ ফিল্ম ইঞ্চটিটিউট বঁটা (লণ্ডন চলচ্চিত্ৰ মহোংসৱ)
  • ১৯৬০- শ্ৰেষ্ঠ মূল আৰু কল্পনাশীল চলচ্চিত্ৰৰ চাদাৰলেণ্ড বঁটা
১৪তম এডিনবাৰ্গ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
  • ১৯৬০-ডিপ্লোমা অফ মেৰিট
নেচনেল বোৰ্ড অফ ৰিভিউ বঁটা (যুক্তৰাষ্ট্ৰ)
  • ১৯৬০ নেচনেল ৰিভিউ বঁটা: শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ নেচনেল ৰিভিউ বঁটা[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 "7th National Film Awards". Directorate of Film Festivals. http://dff.nic.in/2011/7th_nff.pdf। আহৰণ কৰা হৈছে: 4 September 2011. 
  2. অপুৰ সংসাৰ Rotten Tomatoes ৱেবছাইটত।
  3. Aaron and Mark Caldwell (2004). "Sight and Sound". Top 100 Movie Lists. http://www.geocities.com/aaronbcaldwell/dimsscri.html। আহৰণ কৰা হৈছে: 2009-04-19. 
  4. "SIGHT AND SOUND 1982 RANKING OF FILMS". http://www.geocities.com/the7thart/1982.html। আহৰণ কৰা হৈছে: 29 May 2009. 
  5. "2002 Sight & Sound Top Films Survey of 253 International Critics & Film Directors". Cinemacom. 2002. http://www.cinemacom.com/2002-sight-sound.html। আহৰণ কৰা হৈছে: 2009-04-19. 
  6. Totaro, Donato (31 January 2003). "The "Sight & Sound" of Canons". Offscreen Journal (Canada Council for the Arts). http://www.horschamp.qc.ca/new_offscreen/canon.html। আহৰণ কৰা হৈছে: 2009-04-19. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]