সমললৈ যাওক

কাবুলিৱালা (১৯৫৭ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাবুলীৱালা

কাবুলীৱালাৰ ভিডিঅ' কভাৰ
পৰিচালক তপন সিনহা
চিত্ৰনাট্য তপন সিনহা
কাহিনী ৰবীন্দ্ৰনাথ ঠাকুৰ
ভিত্তি ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ গল্প
প্ৰযোজক চাৰুচিত্ৰ
অভিনয়ত ছবি বিশ্বাস
ঐন্দ্ৰিলা ঠাকুৰ (টিংকু)
আশা দেৱী
ৰাধামোহন ভট্টাচাৰ্য
চিত্ৰগ্ৰহণকাৰী অনিল বেনাৰ্জী
সম্পাদনা সুবোধ ৰায়
সংগীত পৰিচালক পণ্ডিত ৰবি শংকৰ
পৰিবেশক উভয়
মুক্তি
৪ জানুৱাৰী ১৯৫৭ (1957-01-04)
দৈৰ্ঘ্য
১১৬ মিনিট
দেশ ভাৰত
ভাষা বঙালী

কাবুলিৱালা (ইংৰাজী: Kabuliwala ১৯৫৭ চনত মুক্তি পোৱা ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা, তপন সিনহাই পৰিচালনা কৰা এখন বঙালী চলচ্চিত্ৰ।[1]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

ৰহমত এজন মধ্যবয়স্ক আফগানী ফল বিক্ৰেতা। তেওঁ ফল বিক্ৰী কৰিবলৈ কলকাতালৈ আহে। তাত তেওঁ মিনি নামৰ এজনী সৰু বঙালী ছোৱালীৰ সৈতে বন্ধুত্ব হয়। মিনিক দেখি তেওঁৰ নিজৰ জীয়েকৰ কথা মনত পৰে, যাক তেওঁ আফগানিস্তানত এৰি আহিছিল। ৰহমতে আফগানিস্তানৰ পৰা আহি কলকাতাত ব্যৱসায় কৰি থকা আন কিছু স্বদেশীয় লোকৰ সৈতে এটা বৰ্ডিং হাউচত বাস কৰিছিল।[1]

এদিন ৰহমতে চিঠি যোগে তেওঁৰ জীয়েকৰ অসুস্থতাৰ খবৰ পায়। তেওঁ নিজৰ দেশলৈ যোৱাৰ সিদ্ধান্ত লয়। তেওঁ কিছুমান গ্ৰাহকক বাকীত বস্তু বিক্ৰি কৰিছিল। যেতিয়া তেওঁ টকা বিচাৰি গ’ল, এজন গ্ৰাহকে তেওঁক অপমান কৰে। কথা কটাকটি হৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু ৰহমতে গ্ৰাহকজনক চুৰিৰে আঘাত কৰে।[1]

ৰহমতৰ উকীলে তেওঁক আদালতত সুৰক্ষা দিবলৈ চেষ্টা কৰিছিল যদিও সহজ-সৰল স্বভাৱৰ ৰহমতে আদালতত সকলো কথা খুলি কৈ দিলে। তেওঁৰ সততাত সন্তুষ্ট হৈ ন্যায়াধীশে মৃত্যুদণ্ডৰ পৰিৱৰ্তে তেওঁক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰে।[1]

ৰহমতে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ দিনা মিনিক লগ কৰিবলৈ যায়। এতিয়া মিনি এজনী চৈধ্য বছৰীয়া ছোৱালী। সোনকালেই তাইৰ বিবাহ অনুষ্ঠিত হ’ব। মিনিয়ে কিন্তু তেওঁক চিনি নাপায়। ৰহমতে অনুভৱ কৰে যে তেওঁৰ জীয়েকেও নিশ্চয় তেওঁক পাহৰি গৈছে। মিনিৰ দেউতাকে তেওঁক স্বগৃহলৈ ঘূৰি যাবৰ পৰামৰ্শ দিয়ে। মিনিৰ মাকে মিনিৰ বিয়াৰ বাবে যোগাৰ কৰা টকাৰ পৰাই কিছু টকা ঘৰলৈ ঘূৰি যোৱাৰ খৰচ হিচাপে ৰহমতক দিয়ে। মিনিয়েও ৰহমতৰ জীয়েকৰ বাবে এটা উপহাৰ প্ৰেৰণ কৰে।[1]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • ছবি বিশ্বাস (ৰহমত)
  • টিংকু (মিনি)
  • ৰাধামোহন ভট্টাচাৰ্য (মিনিৰ দেউতাক)
  • মঞ্জু দে (মিনিৰ মাক)
  • জীবেন বসু (জেইলৰ)
  • আশা দেৱী (লিগিৰি)
  • কালি বেনাৰ্জী (কাৰগাৰৰ সংগী)
  • জহৰ ৰয় (ভোলা, লগুৱা)
  • নৃপতি চেতাৰ্জী (ধৰুৱা)
  • ১৯৫৬ চনৰ ৪ৰ্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[1]
    • সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক
    • বঙালী ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক
  • ৭ম আন্তঃৰাষ্ট্ৰীয় বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত চিলভাৰ বিয়েৰ লাভ।[2]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]