ঘটশ্ৰাদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঘটশ্ৰাদ্ধ

পোষ্টাৰ
পৰিচালক গিৰিশ কাছাৰাভল্লি
ৰচনা ইউ আৰ অনন্তমূৰ্তি
চিত্ৰনাট্য গিৰিশ কাছাৰাভল্লি
ভিত্তি ঘটশ্ৰাদ্ধ
লেখক: ইউ আৰ অনন্তমূৰ্তি
প্ৰযোজক সদানন্দ সুৱৰ্ণ
অভিনয়ত মীনা কুটাপ্পা
অজিত কুমাৰ
নাৰায়ণ ভট
চিত্ৰগ্ৰহণকাৰী এচ ৰামচন্দ্ৰ
সম্পাদনা উমেশ কুলকাৰ্ণী
সংগীত পৰিচালক বি ভি কাৰান্থ
পৰিবেশক সুবৰ্ণগিৰি ফিল্মছ
মুক্তি
১৯৭৭
দৈৰ্ঘ্য
১০৮ মিনিট
দেশ ভাৰত
ভাষা কানাড়া

ঘটশ্ৰাদ্ধ (ইংৰাজী: Ghatashraaddha) ১৯৭৭ চনত মুক্তি পোৱা গিৰীশ কাছাৰৱল্লী পৰিচালিত এখন কানাড়া ভাষাৰ এখন ছবি। ইয়াত মীনা কুট্টাপ্পা, নাৰায়ণ ভাট আৰু অজিত কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। বিশিষ্ট কানাড়া সাহিত্যিক, জ্ঞানপীঠ বঁটা বিজয়ী ইউ আৰ অনন্তমূৰ্তিৰ এখন উপন্যাসৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে। এই ছবিখনেই আছিল গিৰীশ কাছাৰৱল্লীৰ পৰিচালক হিচাপে প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি। ঘটশ্ৰাদ্ধৰ যোগেদি কেবল এজন প্ৰতিশ্ৰুতি সম্পন্ন পৰিচালকৰ আবিৰ্ভাৱ হোৱা নাছিল, ভাৰতৰ 'নতুন চলচ্চিত্ৰ'ৰ দিগন্তত ছবিখনে কানাড়া চলচ্চিত্ৰৰ আগমনো চিহ্নিত কৰিছিল।[1]

১৯৭৭ চনৰ ২৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছবিখনে সৰ্বভাৰতীয় স্তৰত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ ছবি, শ্ৰেষ্ঠ সংগীত পৰিচালনা, আৰু শ্ৰেষ্ঠ শিশু শিল্পীৰ তিনিটাকৈ বঁটা লাভ কৰে।

২০০২ চনত চলচ্চিত্ৰৰ শতবাৰ্ষিকী উদযাপনৰ সময়ত পেৰিছৰ ৰাষ্ট্ৰীয় আৰ্কাইভে নিৰ্বাচন কৰা ১০০ খন ছবিৰ ভিতৰত একমাত্ৰ ভাৰতীয় ছবি হিচাপে ঘটশ্ৰাদ্ধই স্থান পায়।[2][3] ২০০৯ চনৰ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ১৬ লাখ ভোট লাভ কৰা ঘটশ্ৰাদ্ধক ভাৰতীয় চলচ্চিত্ৰৰ ২০ খন শ্ৰেষ্ঠ ছবিৰ ভিতৰত অন্যতম বুলি ঘোষণা কৰা হয়।[4][5]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

উড়ুপাই নিজৰ গাঁৱৰ ঘৰত এখন বৈদিক বিদ্যালয় চলায়। বিদ্যালয়খনৰ অৱস্থা খুব ভাল নহয়। ছাত্ৰখিনিও অনিয়ন্ত্ৰিত আৰু উচ্ছৃংখল। উড়ুপাই বিধৱা বিধবা জীয়েক যমুনাৰ সৈতে বাস কৰে। দূৰণিৰ গাঁৱৰ পৰা অহা নিৰীহ প্ৰকৃতিৰ ছাত্ৰ নানীৰ সৈতে এক আত্মিক বান্ধোন গঢ় লৈ উঠে।

বিদ্যালয়ৰ শিক্ষক এজনৰ সৈতে যমুনাৰ প্ৰেম। শিক্ষকজনৰ ফালৰ পৰা তাই গৰ্ভৱতী হয়। ইফালে বিদ্যালয়খনৰ বাবে ধন সংগ্ৰহ কৰিবলৈ উড়ুপা বাহিৰলৈ যায়। কম সময়ৰ ভিতৰতে যমুনাৰ গৰ্ভধাৰণৰ বিষয়টো ৰাষ্ট্ৰ হৈ পৰাত গাঁৱবাসীয়ে তাইক বহিষ্কাৰ কৰে। প্ৰেমিকজনে বেলেগে গম নোপোৱাকৈয়ে তাইৰ গৰ্ভপাত কৰায়। এই সকলোবোৰৰ মাজতে নানীয়ে একমাত্ৰ ব্যক্তি, যিয়ে যমুনাক সহায় কৰিবলৈ বদ্ধপৰিকৰ, কিন্তু তেৱোঁকো কেইদিনমান পিছত দেউতাক আহি লৈ যায়। উড়ুপাই গাঁৱলৈ উভতি আহি গোটেই কথাবোৰ গম পাই, জীয়েকক মৰি যোৱা বুলি ধৰি লৈ তাইৰ অন্তিম সংস্কাৰ কৰে। তাইৰ চুলিবোৰ খুৰাই পেলায় আৰু বটগছৰ তলত নিৰ্বাসন দিয়ে।[6]

অভিনয়[সম্পাদনা কৰক]

  • মীনা কুট্টাপ্পা (যমুনা)
  • নাৰায়ণ ভাট (শাস্ত্ৰী)
  • অজিত কুমাৰ (নানী, শিশুশিল্পী)
  • ৰামকৃষ্ণ
  • শান্তা
  • ৰামস্বামী আয়েংগাৰ
  • জগন্নাথ
  • বি সুৰেশা
  • এইচ এচ পাৰ্বতী

বঁটা[সম্পাদনা কৰক]

২৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৭৭)
  • শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্য ছবিৰ স্বৰ্ণকমল
  • শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- বি ভি কাৰন্থ
  • শ্ৰেষ্ঠ শিশুশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- অজিত কুমাৰ [7]
কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা (১৯৭৭-৭৮)
  • প্ৰথম শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ কাহিনী- ইউ আৰ অনন্তমূৰ্তি
  • শ্ৰেষ্ঠ চিত্ৰনাট্য- গিৰিশ কাছাৰৱল্লী
  • শ্ৰেষ্ঠ শিশুশিল্পী- অজিত কুমাৰ

তথ্যউৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]