সমললৈ যাওক

মৃগয়া (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৃগয়া
পৰিচালক মৃণাল সেন
ৰচনা
  • মোহিত চট্টোপধ্যায়
  • অৰুণ কৌল
ভিত্তি চিকাৰ
লেখক: ভাগৱতী চৰণ পাণিগ্ৰাহী
প্ৰযোজক কে ৰাজেশ্বৰ ৰাও
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী কে কে মহাজন
সম্পাদনা
  • গংগাধৰ নস্কৰ
  • ৰাজু নাইক
  • দিনকৰ শেত্যে
সংগীত পৰিচালক সলিল চৌধুৰী
মুক্তি
৬ জুন ১৯৭৬ (1976-06-06)
দেশ ভাৰতীয়
ভাষা হিন্দী

মৃগয়া (ইংৰাজী: Mrigayaa) ১৯৭৬ চনত মুক্তি পোৱা হিন্দী ভাষাত নিৰ্মিত এখন ‘ঐতিহাসিক নাট্যধৰ্মী’ ছবি। পৰিচালক মৃণাল সেন আৰু প্ৰযোজক কে ৰাজেশ্বৰ ৰাও। ভাগৱতী চৰণ পাণিগ্ৰাহীৰ "চিকাৰ" নামৰ এটা ওড়িয়া চুটিগল্পৰ আধাৰত ছবিৰ কাহিনীৰ ৰচনা কৰা হৈছে।[1] ছবিখনত ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰ[1] আৰু থলুৱা গাঁৱবাসীৰ মাজৰ সম্পৰ্ক, আৰু ১৯২০ দশকৰ ভাৰতীয় জমিদাৰৰ দ্বাৰা তেওঁলোকৰ শোষণক চিত্ৰিত কৰা হৈছে।[2][3] ইয়াৰ উপৰিও ইয়াত ‘মৃগয়াৰ’ প্ৰতি আসক্ত এজন ব্ৰিটিছ প্ৰশাসক আৰু এজন থলুৱা ধনুৰ্বিদ জনজাতীয় যুৱক এজনৰ মাজত গঢ় লোৱা বন্ধুত্বও চিত্ৰিত কৰা হৈছে। মুখ্য অভিনয় শিল্পীদ্বয়, মিথুন চক্ৰৱৰ্তী আৰু মমতা শংকৰে মৃগয়াৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।

ছবিৰ সংগীত ৰচনা সলিল চৌধুৰীৰ। চিত্ৰগ্ৰহণ কৰিছিল কে কে মহাজনে। ২৪ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত মৃগয়াই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি আৰু শ্ৰেষ্ঠ অভিনেতা- এই দুটা শিতানত বঁটা লাভ কৰে। ১৯৭৭ চনত ই দশম মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সোণালী বঁটাৰ বাবে মনোনীত হোৱাৰ উপৰিও শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ সমালোচক বঁটাও লাভ কৰে।

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

১৯৩০ দশকৰ ওড়িশাৰ এখন জংঘলেৰে পৰিবেষ্টিত জনজাতীয় গাঁৱৰ পটভূমিত ছবিখনৰ কাহিনীভাগ গঢ় লৈ উঠিছে। খেতি নষ্ট কৰা জীৱ-জন্তুৰ পৰা আদিবাসীসকলে সন্মুখীন হোৱা সমস্যাৰ উপৰিও সুদখোৰ মহাজন আৰু আৰক্ষীৰ খবৰ যোগনিয়াৰৰ হাততো তেওঁলোকে ক্ষতিগ্ৰস্ত হয়। গাঁওখনত উপস্থিত হয় চিকাৰৰ প্ৰতি সাংঘাটিক আসক্ত, এজন নৱনিযুক্ত ব্ৰিটিছ প্ৰশাসক। তেওঁৰ ঘিনুৱা নামৰ ধনুৰ্দ্ধৰ এজন থলুৱা আদিবাসী যুৱকৰ সৈতে বন্ধুত্ব হয়। দুয়োৰে মাজত চুক্তি হয় যে যদি ঘিনুৱাই ডাঙৰ চিকাৰ গোটাই দিব পাৰে, তেন্তে তাক পুৰস্কৃত কৰা হ'ব।

ইয়াৰ পিছত কাহিনীটোৰ কেন্দ্ৰবিন্দু হৈছে শোলপু নামৰ এজন বিদ্ৰোহী যুৱক। তেওঁ গোপনে মাকক লগ কৰিবলৈ গাঁৱলৈ আহে। এই কথা জানি আৰক্ষীৰ খবৰ যোগনিয়াৰ এজনে তেওঁক ঘৰ পোৱালৈকে অনুসৰণ কৰি আহে, কিন্তু গোটেই গাঁওখন খবৰ যোগনিয়াৰৰ বিৰুদ্ধে হোৱা দেখি উভতি আহে। হঠাৎ গাঁৱত ডকাইতিৰ ঘটনা সংঘটিত হয় আৰু এজন আৰক্ষীৰ মৃত্যু হয়। দোষ শোলপুৰ ওপৰত পৰে আৰু প্ৰশাসনে তেওঁৰ মূৰৰ বাবে পুৰস্কাৰ ঘোষণা কৰে। আৰক্ষীৰ খবৰ যোগনিয়াৰে সুযোগ গ্ৰহণ কৰি শোলপুক হত্যা কৰে আৰু পুৰস্কাৰ দাবী কৰে। শোলপুৰ মৃত্যুত জনজাতীয় আৰু অজনজাতিৰ মাজত উত্তেজনাৰ সৃষ্টি হয়।

এই সময়ছোৱাত ঘিনুৱাৰ পত্নী ডুংৰিক এজন সুদখোৰ মহাজনে অপহৰণ কৰে। ঘিনুৱাই পত্নীক ঘূৰাই আনিবলৈ সুদখোৰজনক হত্যা কৰে। চাহাবে হত্যাৰ অভিযোগত ঘিনুৱাক ফাঁচী দিয়ে। মৃত্যুৰ আগলৈকে অৱশ্যে ঘিনুৱাই বুজিব নোৱাৰিলে যে হত্যা কৰাৰ বিনিময়ত এজনক কিয় পুৰস্কৃত কৰা হয় আৰু আনজনক কিয় শাস্তি দিয়া হয়।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • মিথুন চক্ৰৱৰ্তী- ঘিনুৱা
  • মমতা শংকৰ- দুংগ্ৰী
  • ৰবাৰ্ট ৰাইট- বৃটিছ প্ৰশাসক
  • অসিত বন্দোপধ্যায়
  • শেখৰ চেতাৰ্জী
  • সাধু মেহেৰ
  • জ্ঞানেশ মুখাৰ্জী
  • অনুপ কুমাৰ
  • সজল ৰায়চৌধুৰী- সুতখোৰ মহাজন
  • সমিত ভাঞ্জা
  • টম অল্টাৰ

নিৰ্মাণ

[সম্পাদনা কৰক]

মৃগয়াৰ আগতলৈকে ৰাজনৈতিক ছবি নিৰ্মাণ কৰি থকা সেনে ব্যক্তিগত সম্পৰ্কৰ আধাৰত ছবি নিৰ্মাণৰ সম্পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়। তাৰবাবে তেওঁ এটা গ্ৰামীণ কাহিনী নিৰ্বাচন কৰে। [4] তেওঁৰ পূৰ্বৰ ছবি কোৰাচত (১৯৭৪) তেওঁ যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল। ছবিখনৰ আৰ্থিক বিফলতাৰ বাবে তেওঁ ঋণ পৰিশোধ কৰিব পৰা নাছিল। মৃগয়া প্ৰযোজনা কৰিছিল কে ৰাজেশ্বৰ ৰাৱে। এইখন আছিল সেনৰ প্ৰথম ৰঙীন ছবি। [5] ঘিনুৱাৰ চৰিত্ৰত অভিনয় কৰা মিথুন চক্ৰৱৰ্তীক তেওঁ পুনাৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ তেওঁৰ এটা শ্ৰেণীত লগ পাইছিল। মিথুন তেতিয়া প্ৰতিষ্ঠানখনৰ এজন ছাত্ৰ আছিল। [6] নায়িকা দুংগ্ৰীৰ চৰিত্ৰত নৃত্যশিল্পী উদয় শংকৰৰ কন্যা মমতা শংকৰক নিৰ্বাচিত কৰা হয়। [1][7] পোষ্ট প্ৰডাকচনৰ কাম মাদ্ৰাছত কৰা হৈছিল। [5]

২৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৭৬)
  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (স্বৰ্ণকমল)
  • শ্ৰেষ্ঠ অভিনেতা- মিথুন চক্ৰৱৰ্তী
২৪তম ফিল্মফেয়াৰ বঁটা (১৯৭৬)
  • ক্ৰিটিক এৱাৰ্ড- শ্ৰেষ্ঠ ছবি

তথ্যউৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]