ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান
স্থাপিত ১৯৬০ চন
ধৰণ চলচ্চিত্ৰ প্ৰতিষ্ঠান
সভাপতি আৰ মাধৱন
সঞ্চালক ভূপেন্দ্ৰ কৈন্থ'লা
স্থান পুণে, মহাৰাষ্ট্ৰ, ভাৰত
ভুক্তি CILECT
ৱেবছাইট www.ftiindia.com

ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (ইংৰাজী: Film and Television Institute of India বা চমুকৈ FTII) ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ আৰু ভাৰত চৰকাৰৰ দ্বাৰা সাহায্যপ্ৰাপ্ত এক স্বয়ংশাসিত প্ৰতিষ্ঠান। ই পুনেৰ পূৰ্বৰ প্ৰভাত ফিল্ম কোম্পানীৰ পৰিসৰত অৱস্থিত। ১৯৬০ চনত আৰম্ভ হোৱাৰ পিছত, এফ. টি. আই. আই. ভাৰতৰ আগশাৰীৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত পৰিণত হৈছে, য’ৰপৰা বহুতো কাৰিকৰী ব্যক্তি, অভিনেতা আৰু পৰিচালক ওলাই আহিছে।[1]

এফ.টি.আই.আই. হৈছে আন্তৰ্জাতিক চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান সমন্বয় কেন্দ্ৰৰ (CILECT) সদস্য।[2]

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনীয়াতাৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচলতো এটা চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান স্থাপন কৰা হ’ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড॰ জীতেন্দ্ৰ সিঙে ঘোষণা কৰিছে।

ইতিহাস[সম্পাদনা কৰক]

১৯৬০ চনত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানখনত ১৯৬১ চনৰ পৰা পাঠ্যক্ৰম আৰম্ভ হয়। নতুন দিল্লীত চলি থকা দূৰদৰ্শন প্ৰশিক্ষণ শাখাটো ১৯৭৪ চনত পুণেলৈ স্থানান্তৰিত কৰা হয়। তাৰপিছৰে পৰা ই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পূৰ্ণ সাহায্যপ্ৰাপ্ত প্ৰতিষ্ঠানলৈ পৰিণত হয়। ২০১১ৰ জুলাইত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অম্বিকা সোণীয়ে কয় যে এফ.টি.আই.আই.ক বিকাশ কৰাৰ বাবে সংসদত এখন বিল উত্থাপন কৰা হ’ব। ইয়াৰ ফলত প্ৰতিষ্ঠানটোৱে বিশ্ববিদ্যালয় পৰ্যায়ৰ শৈক্ষিক মৰ্যাদা আৰু সা-সুবিধা লাভ কৰিব।

পাঠ্যক্ৰম[সম্পাদনা কৰক]

প্ৰতিষ্ঠানটোৱে চলচ্চিত্ৰ পৰিচালনা, সম্পাদনা আৰু চিত্ৰগ্ৰহণৰ তিনিবছৰীয়া স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম, অভিনয় আৰু কলা নিৰ্দেশনাৰ দুবছৰীয়া পাঠ্যক্ৰম, কম্পিউটাৰ গ্ৰাফিকচ এণ্ড এনিমেচনৰ দেৰবছৰীয়া পাঠ্যক্ৰম আৰু কাহিনী-ছবিৰ চিত্ৰনাট্য লেখনৰ এবছৰীয়া পাঠ্যক্ৰম আগবঢ়ায়। ইয়াৰোপৰি আছে এবছৰীয়া পৰিচালনাৰ চাৰ্টিফিকেট পাঠ্যক্ৰম, ইলেক্ট্ৰ’নিক চিনেমেট’গ্ৰাফী, ভিডিঅ’ সম্পাদনা, শব্দগ্ৰহণৰ পাঠ্যক্ৰম আদি।

পৰিচালন[সম্পাদনা কৰক]

সমিতি পঞ্জীয়ন অধিনিয়ম, ১৮৬০ৰ অধীনত প্ৰতিষ্ঠানখন পঞ্জীয়নভূক্ত কৰা হৈছে। সমিতিখনৰ নেতৃত্বত এজন সভাপতি থাকে, যিয়ে কাৰ্যবাহী পৰিষদ, শৈক্ষিক পৰিষদ আৰু স্থায়ী বিত্তীয় সমিতিৰো অধ্যক্ষতা কৰে। কাৰ্যবাহী পৰিষদখন সমিতিৰ সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত কৰি গঠন কৰা হয়। কাৰ্যবাহী পৰিষদখন প্ৰতিষ্ঠানখনৰ মুখ্য নীতি-নিৰ্দ্ধাৰণৰ দাযিত্ব পালন কৰা শীৰ্ষ সংস্থা। এই পৰিষদখনে শৈক্ষিক পৰিষদ আৰু স্থায়ী বিত্তীয় সমিতিৰ সদস্যসকলক নিযুক্তি দিয়ে, যি দুখন পৰিষদ ক্ৰমে শৈক্ষিক আৰু বিত্ত সম্বন্ধীয় নীতি বা সিদ্ধান্তৰ বাবে দায়বদ্ধ। এজন সঞ্চালক প্ৰতিষ্ঠানখনৰ প্ৰধান কাৰ্যবাহী, যিয়ে সকলো নীতি আৰু কাৰ্যসূচী কাৰ্যকৰী কৰে।[3][4]

এফ.টি.আই.আই.ৰ প্ৰাক্তন অসমৰ শিক্ষাৰ্থী[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. FTII Archived 1 April 2016 at the Wayback Machine Ministry of Information and Broadcasting, Govt. of India Official website.
  2. "About Us". Film and Television Institute of India. 2008-11-14. Archived from the original on 2008-06-15. https://web.archive.org/web/20080615145952/http://www.ftiindia.com/newftii/index.html। আহৰণ কৰা হৈছে: 2008-11-14. 
  3. "On Gajendra Chauhan's plate, admin and academics". The Indian Express. 13 July 2015. http://indianexpress.com/article/india/india-others/on-gajendra-chauhans-plate-admin-and-academics/। আহৰণ কৰা হৈছে: 13 July 2015. 
  4. "FTII Administrative Structure". FTII. 13 July 2015. Archived from the original on 18 May 2017. https://web.archive.org/web/20170518052018/http://ftiindia.com/management.html। আহৰণ কৰা হৈছে: 13 July 2015.