সমললৈ যাওক

পুনে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুনে
पुणे
মহানগৰ
পুনে
From top: Fergusson College, Mahatma Gandhi Road (left), Shaniwarwada (right), the HSBC Global Technology India Headquarters, and the National War Memorial Southern Command
উপনাম(সমূহ): 
Cultural Capital of Maharashtra, Queen of Deccan, Home of Stallions, Pensioner's Paradise, Center Of Education.[উদ্ধৃতিৰ প্ৰয়োজন]
Country  ভাৰত
State Maharashtra
District Pune
চৰকাৰ
  ধৰণ Mayor–Council
  Mayor Prashant Jagtap
  Municipal Commissioner Ms. Ajay Panda
  Member of Parliament Anil Shirole (BJP,Lok Sabha)[1]
কালি
  মহানগৰ
৭১০ বৰ্গকিমি (২৭০ বৰ্গমাইল)
  স্থান 7th
উচ্চতা
৫৬০ মিটাৰ (১,৮৪০ ফুট)
জনসংখ্যা
 (2011)[3]
  মহানগৰ
৩১,১৫,৪৩১
  স্থান 7th
  ঘনত্ব ৪,৪০০/বৰ্গকিমি (১১,০০০/বৰ্গমাইল)
  মেট্ৰ’ 50,57,709
  Metro rank
8th

পুনে (মাৰাঠী: पुणे) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন মহানগৰ। ইয়াক পূৰ্বতে পুনা নামেৰে জনা গৈছিল। মহাৰাষ্ট্ৰৰ মুলা আৰু মুথা নদীৰ সংগম স্থলীত ইতিহাস প্ৰসিদ্ধ পুনে নগৰী অৱস্থিত। ‘দাক্ষিণাত্যৰ ৰাণী’ নামেৰে পৰিচিত পুনে নগৰী মাৰাঠা সকলৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। সপ্তদশ শতিকাত পুনে নগৰী মাৰাঠা সকলৰ ৰাজধানী আছিল। তাৰ পিছত কিছুবছৰ পুনে মোগল সাম্ৰাজ্যৰ অধীন হয় যদিও পিছত পুনেক পুনৰ উদ্ধাৰ কৰি মাৰাঠা সকলে ৰাজধানী পাতে। ১৮১৭ চনত ব্ৰিটিছ সকলে পুনেত আধিপত্য বিস্তাৰ কৰে। ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বে প্ৰেছিডেন্সিৰ পুনে ঋতুকালীন ৰাজধানী আছিল।

ঐতিহাসিক গুৰুত্ব

[সম্পাদনা কৰক]

পুনে নগৰখনৰ আশে-পাশে ঐতিহাসিক গুৰুত্ব সমৃদ্ধ কেইবাটাও কীৰ্তিস্তম্ভ আছে। এই আটাইবোৰে প্ৰাচীন মাৰাঠা সাম্ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাসৰ চানেকি প্ৰদান কৰে। পুনে নগৰীত অৱস্থিত ভীমাশংকৰ শিৱ মন্দিৰ ভাৰতৰ ১২ টা জ্যোতিৰ্লিংগৰ অন্যতম। অতীজৰ তুকাৰাম, জ্ঞানেশ্বৰ আদি অনেক সাধু-কবিয়ে পুনে অঞ্চলত বাস কৰিছিল। [5]

ঔদ্যোগিক প্ৰতিষ্ঠান

[সম্পাদনা কৰক]

পুনে নগৰীত যথেষ্ট সংখ্যক ঔদ্যোগিক প্ৰতিষ্ঠান গঢ় লৈ উঠিছে আৰু ইয়ে নগৰখনৰ অৰ্থনৈতিক ভেটি সবল কৰি তুলিছে। ইয়াত থকা প্ৰধান উদ্যোগবোৰ হ’ল- গাড়ী, স্কুটাৰ, ট্ৰাক নিৰ্মাণ প্ৰ্তিষ্ঠান, এণ্টিবায়টিক ফাৰ্মাচিউটিকেল উদ্যোগ ইত্যাদি। পুনে মহানগৰীত সামৰিক সামগ্ৰী উৎপাদন কাৰখানা এটিও আছে।

উল্লেখযোগ্য শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান

[সম্পাদনা কৰক]

অতীজৰে পৰা পুনে নগৰী ভাৰতৰ এক অন্যতম শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে চিহ্নিত হৈ আহিছে। ইয়াত অৱস্থিত প্ৰখ্যাত শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান সমূহ হ’ল:

  1. ভাণ্ডাৰকাৰ অৰিয়েণ্টেল ৰিছাৰ্চ ইনষ্টিটিউট
  2. গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইক’নমিক্স
  3. ডেক্কান কলেজ পোষ্ট গ্ৰেজুৱেট ৰিছাৰ্চ ইনষ্টিটিউট
  4. ইণ্ডিয়ান মেটিয়ৰলজিকেল ডিপাৰ্টমেণ্ট
  5. নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজি
  6. নেশ্যনেল ডিফেন্স একাডেমী
  7. চেন্ট্ৰেল ৱাটাৰ এণ্ড পাৱাৰ ৰিছাৰ্চ ষ্টেচন
  8. ইনষ্টিটিউট অৱ ট্ৰপিকেল মেটিয়ৰলজি
  9. পুনে বিশ্ববিদ্যালয়
  10. ইণ্টাৰইউনিভাৰ্চিটি এণ্ড ছেণ্টাৰ ফৰ এষ্ট্ৰনমি এণ্ড এষ্ট্ৰফিজিক্স
  11. আৰ্মড ফোৰ্চ মেডিকেল কলেজ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Fifteenth Lok Sabha Members Bioprofile". http://164.100.47.132/LssNew/members/Biography.aspx?mpsno=3697 আহৰণ কৰা হৈছে: 25 April 2014.
  2. "About Pune Municipal Corporation". Pune Municipal Corporation. Archived from the original on 5 May 2015. https://web.archive.org/web/20150505003418/http://punecorporation.org/about_us.aspx আহৰণ কৰা হৈছে: 4 June 2015.
  3. "Cities with population of 1 Lakh and Above". censusindia.gov.in. http://censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.pdf আহৰণ কৰা হৈছে: 30 January 2014.
  4. "Urban agglomerations/cities having population 1 million and above" (PDF). Provisional population totals, census of India 2011. Registrar General & Census Commissioner, India. 2011. http://censusindia.gov.in/2011-prov-results/paper2/data_files/india2/Million_Plus_UAs_Cities_2011.pdf আহৰণ কৰা হৈছে: 26 January 2012.
  5. শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, ৩৫শ বছৰ, ৪ৰ্থ সংখ্যা, পৃষ্ঠা নং: ১৯