মন্দ মেয়েৰ উপাখ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মন্দ মেয়েৰ উপাখ্যান

ছবিখনৰ ফৰাচী ভাষাৰ পোষ্টাৰ
পৰিচালক বুদ্ধদেৱ দাসগুপ্ত
ৰচনা
প্ৰযোজক আৰ্য ভট্টাচাৰ্য
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী বেণু
মুক্তি
২০০২
দৈৰ্ঘ্য
৯০ মিনিট
দেশ ভাৰত
ভাষা বঙালী

মন্দ মেয়েৰ উপাখ্যান (ইংৰাজী: Mondo Meyer Upakhyan; অনুবাদ: নষ্ট ছোৱালীৰ উপাখ্যান) বুদ্ধদেৱ দাসগুপ্ত পৰিচালিত ২০০২ বৰ্ষৰ এখন বঙালী ভাষাৰ চলচ্চিত্ৰ। মূল ভূমিকাত অভিনয় কৰিছে সমতা দাসে। অন্যান্য গুৰুত্বপূৰ্ণ ভূমিকাত আছে তাপস পাল, ঋতুপৰ্ণ সেনগুপ্ত, শ্ৰীলেখা মিত্ৰ, সুদীপ্ত চক্ৰৱৰ্তী আৰু জুন মালিয়া। ২০০৩ চনত এই ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৫০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

কাহিনীৰ মূলভাব[সম্পাদনা কৰক]

কিশোৰী লতী এখন গণিকালয়ত বাস কৰে, য’ত তাইৰ মাক ৰজনীয়ে এজনী গণিকাৰ কাম কৰে। ৰজনীৰ সপোন, নিজৰ জীয়েকক কামুক চিনেমাহলৰ মালিকৰ হাতত সমৰ্পন কৰা। তেওঁৰ যুক্তি এয়ে যে এই বৃদ্ধ চহকী লোকজন যদি জীয়েকৰ ৰক্ষক হয়, তেন্তে বয়স ভাটী দিয়াৰ পিছত ৰজনীৰো আশ্ৰয় হ’ব। কিন্তু পঢ়াশুনাৰ প্ৰতি আগ্ৰহী লতীয়ে তাইৰ পঢ়াশুনাৰ সৈতে কোনো ধৰণৰ বুজাপৰা কৰিব নিবিচাৰে।

সীমাৰ পৰিধি ভঙাৰ লতীৰ এই প্ৰয়াসক ১৯৬৯ চনত মানুহে প্ৰথম চন্দ্ৰত ভৰি দিয়াৰ ঘটনাক্ৰমৰ সৈতে ৰিজাব পৰা যায়। এই ৰূপক তাইৰ মুক্তিৰ প্ৰয়াসকে অভিব্যক্ত কৰে। এখন নতুন পৃথিবীলৈ লতীৰ এই যাত্ৰাৰ সৈতে ‘আশা’ৰ আৰু কিছু যাত্ৰাও চামিল হয়। বেশ্যালয়ৰ অন্য তিনিগৰাকী বাসিন্দাও স্বতন্ত্ৰতা আৰু পূৰ্ণতাৰ সন্ধানত আগবাঢ়ে। সহযাত্ৰীৰ ৰূপত এহাল বৃদ্ধ দম্পতীয়েও অংশ লয়। এই যাত্ৰাৰ কালত উদ্ভৱ হোৱা পৰিস্থিতিয়ে ছবিখনৰ কাহিনীভাগ আগবঢ়াই লৈ যায়।[1]

বঁটা[সম্পাদনা কৰক]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "50th National Film Award Catalogue". DIRECTORATE OF FILM FESTIVALS. https://www.dff.gov.in/images/Documents/67_50thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 17 September 2023. 
  2. "Mando Meyer Upakshan(2003) Movie Awards". www.gomolo.in. Archived from the original on 2011-10-04. https://web.archive.org/web/20111004163253/http://www.gomolo.in/Movie/MovieAwards.aspx?mid=15264। আহৰণ কৰা হৈছে: 2008-10-29. 
  3. "Mondo Meyer Upakhyan (2002) - Awards". www.imdb.com. https://www.imdb.com/title/tt0332699/awards। আহৰণ কৰা হৈছে: 2008-10-29. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]