চোখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চোখ
পৰিচালক উৎপলেন্দু চক্ৰৱৰ্তী
ৰচনা উৎপলেন্দু চক্ৰবৰ্তী
অক্ষয় উপাধ্যায় (হিন্দী সংলাপ)
কাহিনী উৎপলেন্দু চক্ৰৱৰ্তী
প্ৰযোজক পশ্চিম বংগ চৰকাৰৰ তথ্য আৰু সংস্কৃতি বিভাগ
অভিনয়ত ওম পুৰী
অনিল চেতাৰ্জী
শ্যামানন্দ জালান
শ্ৰীলা মজুমদাৰ
চিত্ৰগ্ৰহণকাৰী শক্তি বেনাৰ্জী
সম্পাদনা বুলু ঘোষ
সংগীত পৰিচালক উৎপলেন্দু চক্ৰৱৰ্তী
মুক্তি
১৯৮২ (ভাৰত)
২৩ ফেব্ৰুৱাৰী ১৯৮৩ (বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱ)
দৈৰ্ঘ্য
৯৮ মিনিট
দেশ ভাৰত
ভাষা বঙালী

চোখ (ইংৰাজী: Chokh) ১৯৮২ চনত মুক্তি পোৱা আৰু উৎপলেন্দু চক্ৰৱৰ্তী পৰিচালিত এখন বঙালী ছবি, য'ত ওম পুৰী, অনিল চেটাৰ্জী, শ্যামানন্দ জালান আৰু শ্ৰীলা মজুমদাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ কাহিনীভাগ ১৯৭৫ চনৰ পটভূমিত কলকাতাৰ এটা মৰাপাট কলৰ শ্ৰমিকসকলৰ ওপৰত হোৱা অত্যাচাৰ আৰু শোষণৰ আধাৰত ৰচনা কৰা হৈছে।[1][2]

ছবিখনে শ্ৰেষ্ঠ পূ্ৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ পৰিচালনাৰ বাবে দুটাকৈ ৩০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[3][4]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

১৯৭৫ চনৰ জৰুৰীকালীন সময়ছোৱাৰ পৰিৱেশত ছবিৰ কাহিনী ৰচিত হৈছে। কলকাতাৰ জেথিয়া মৰাপাত কলৰ মালিকৰ ভাতৃ আৰু আন এজন শ্ৰমিকৰ হত্যাৰ অপৰাধত শ্ৰমিক সংঘৰ নেতা যদুনাথক মৃত্যুদণ্ড দিয়া হয়। অথচ যদুনাথে এই হত্যাকাণ্ড সংঘটিত কৰা নাছিল। মৃত্যুৰ আগেয়ে তেওঁ চকু দুটা দানৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু মিলৰ মালিকে এই দানৰ কথা গম পাই কুটিল উপায়েৰে নিজৰ অন্ধ পুত্ৰৰ বাবে দুয়োটা চকু লাভ কৰিবলৈ চেষ্টা কৰে। ইফালে ডাক্তৰে আৱিষ্কাৰ কৰে যে জেথিয়াই দিয়া দান সংক্ৰান্তীয় নথিবোৰ ভুৱা। মালিক জেথিয়াৰ এই অন্যায়ৰ বিৰুদ্ধে অতি সোনকালেই মিলৰ শ্ৰমিকসকল যদুনাথৰ বিধৱা পত্নীৰ নেতৃত্বত সংগঠিত হয় আৰু প্ৰতিবাদী সমদল উলিয়ায়।[5]

অভিনয়শিল্পী[সম্পাদনা কৰক]

  • ওম পুৰী (যদু নাথ)
  • অনিল চক্ৰৱৰ্তী (অনিল চট্টোপাধ্যায়)
  • শ্যামানন্দ জালান (কাৰখানাৰ মালিক)
  • শ্ৰীলা মজুমদাৰ (যদুনাথৰ পত্নী)
  • মাধৱী মুখাৰ্জী (অতিথি শিল্পী)
  • অশোক বেনাৰ্জী
  • বৈদ্যনাথ বেনাৰ্জী
  • গৌতম বেনাৰ্জী
  • মঞ্জু বেনাৰ্জী
  • নেপাল বনিক

বঁটা[সম্পাদনা কৰক]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Chokh". Upperstall.com. http://www.upperstall.com/films/1983/chokh। আহৰণ কৰা হৈছে: 17 April 2014. 
  2. Chaudhuri, Sukanta (1990). Calcutta, the Living City: The present and future. Oxford University Press. পৃষ্ঠা. 313. ISBN 9780195625868. https://books.google.com/books?id=cGduAAAAMAAJ. 
  3. "30th National Film Awards". International Film Festival of India. http://iffi.nic.in/Dff2011/Frm30thNFAAward.aspx। আহৰণ কৰা হৈছে: 8 October 2011. 
  4. "30th National Film Awards (PDF)". Directorate of Film Festivals. http://dff.nic.in/2011/30th_nff_1983.pdf। আহৰণ কৰা হৈছে: 4 October 2011. 
  5. "30th National Film Festival, May 1983". Directorate of Film Festivals, Govt. of India. পৃষ্ঠাসমূহ: pdf-44. http://www.dff.nic.in/images/Documents/87_30thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 14 February 2022. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]