অন্তহীন
অন্তহীন | |
---|---|
পোষ্টাৰ | |
পৰিচালক | অনিৰুদ্ধ ৰায়চৌধুৰী |
ৰচনা | শ্যামল সেনগুপ্ত |
প্ৰযোজক | জীৎ বেনাৰ্জী অনিৰুদ্ধ ৰায়চৌধুৰী ইন্দ্ৰানী মুখাৰ্জী কাৰ্যবাহী প্ৰযোজক- মেহা ৰুংটা |
অভিনয়ত | ৰাধিকা আপ্টে ৰাহুল বোস |
চিত্ৰগ্ৰহণকাৰী | অভিক মুখোপাধ্যায় |
সম্পাদনা | অৰ্ঘকমল মিত্ৰ |
সংগীত পৰিচালক | শান্তনু মৈত্ৰ |
পৰিবেশক | মুম্বাই মন্ত্ৰ |
মুক্তি |
২৩ জানুৱাৰী ২০০৯ |
দৈৰ্ঘ্য |
১২০ মিনিট |
দেশ | ভাৰত |
ভাষা | বঙালী |
অন্তহীন (ইংৰাজী: Antaheen) অনিৰুদ্ধ ৰায়চৌধুৰী পৰিচালিত ২০০৯ চনৰ এখন বঙালী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে ৰাধিকা আপ্টে, ৰাহুল বসু, মিতা বশিষ্ঠ, অপৰ্ণা সেন, কল্যাণ ৰায় আৰু শৰ্মিলা ঠাকুৰে।[1]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]অভিক চৌধুৰী এজন সৎ আৰু সহজ-সৰল আই.পি়.এচ. বিষয়া। নিজৰ জীৱনৰ বাস্তৱিক সম্পৰ্কত নিৰাশ হৈ অনলাইনত বৃন্দা নামৰ মহিলা এগৰাকীৰ সৈতে বন্ধুত্ব কৰে। বৃন্দা এগৰাকী সতেজ আৰু তৰুণী টিভি সাংবাদিক। কিন্তু অভিক আৰু বৃন্দাই দুয়ো দুয়োৰো প্ৰকৃত নাম নাজানে। তেওঁলোক দুয়োৰো প্ৰথম দেখাদেখি এজন প্ৰ’পাৰ্টি ডিলাৰ বি.কে. মেহৰাৰ এক বিবদমান পৰিযোজনাৰ উন্মোচনৰ সময়ত হয় আৰু সংযোগবশতঃ দুয়োৰো মাজত কাজিয়াও লাগে। ৰঞ্জন আৰু পাৰমিতা দুয়ো পতি-পত্নী; কিন্তু পৃথকে পৃথকে বাস কৰে। এই দম্পতিহাল অভিক আৰু বৃন্দাক লগ লগাবলৈ আগবাঢ়ি আহে। ৰঞ্জন অভিকৰ সম্বন্ধীয় ভাতৃ আৰু পাৰমিতা বৃন্দাৰ সহকৰ্মী। এই প্ৰক্ৰিয়াত আটাইকেইজনে এজনে আনজনৰ ওচৰ চাপে আৰু উপলব্ধি কৰে যে ভালেহে প্ৰেম অতিকৈ সংবেদনশীল বিষয়, তথাপি ইযে অন্তহীন়৷[2]
অভিনয়শিল্পী
[সম্পাদনা কৰক]- ৰাধিকা আপ্টে (বৃন্দা)
- ৰাহুল বোস (অভিক)
- বিশ্বজিৎ চক্ৰৱৰ্তী (মিঃ সাহা)
- বৰুণ চন্দ (দিবাকৰ)
- কৌশিক গাংগুলি (মৃণ্ময়)
- ৰুদ্ৰনীল ঘোষ (তন্ময়)
- শৌভিক কুন্দগ্ৰামী (মিঃ মেহৰা)
- কুনাল পাণ্ডে (মিঃ মুখাৰ্জী)
- কল্যাণ ৰায় (ৰঞ্জন)
- শাস্বতি গুহঠাকুৰতা (বৃন্দাৰ মাক)
- অপৰ্ণা সেন (পাৰো)
- অৰিন্দম শীল
- শৰ্মিলা ঠাকুৰ
- মিতা বশিষ্ঠ (মিঃ মেহৰা)
- সঞ্জয় ভট্টাচাৰ্য
- সুগতা ঘোষ
- একাৱলী খান্না
- জয় ৰঞ্জন ৰাম [2]
বঁটা
[সম্পাদনা কৰক]- ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০৮)[3][4]
- শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (স্বৰ্ণকমল)
- শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফাৰ (অভিক মুখোপাধ্যায়)
- শ্ৰেষ্ঠ গীতিকাৰ - অনিন্দ চেতাৰ্জী আৰু চন্দ্ৰিল ভট্টাচাৰ্য
- শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী - শ্ৰেয়া ঘোষাল ("ফেৰাৰি মন..."ৰ বাবে)
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "A Second Take". The Telegraph. 18 January 2009. http://www.telegraphindia.com/1090118/jsp/graphiti/story_10403644.jsp.
- ↑ 2.0 2.1 "56th National Film Award Catalogue". Directorate of Films Festival, Govt. of India. পৃষ্ঠাসমূহ: 20, 155. http://dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 8 November 2020.
- ↑ "National Film Awards: Priyanka gets best actress, 'Antaheen' awarded best film". The Times of India. 23 January 2010. Archived from the original on 2011-08-11. https://web.archive.org/web/20110811030431/http://articles.timesofindia.indiatimes.com/2010-01-23/india/28125140_1_national-film-awards-hindi-film-film-on-social-issues.
- ↑ "Bollywood wins big at National Film Awards". Reuters India. 23 January 2010. Archived from the original on 26 January 2010. https://web.archive.org/web/20100126093243/http://in.reuters.com/article/bollywoodNews/idINIndia-45633220100123। আহৰণ কৰা হৈছে: 23 January 2010.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- অন্তহীন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।