সমললৈ যাওক

শ্ৰেয়া ঘোষাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰেয়া ঘোষাল

দাক্ষিণাত্যৰ ৬২তম ফিল্মফেয়াৰ বঁটা অনুষ্ঠানত ঘোষাল, ২০১৫ চন
জন্ম মাৰ্চ ১২ , ১৯৮৪ (৪২ বছৰ)
বৰহমপুৰ, পশ্চিম বংগ, ভাৰত
পেচা গায়িকা
সক্ৰিয় হৈ থকা সময় ১৯৯৮- বৰ্তমানলৈ
গৃহস্থান ৰাৱাভাতা, ৰাজস্থান, ভাৰত
দাম্পত্যসঙ্গী শিলাদিত্য মুখোপাধ্যায় (বি. ২০১৫)
'সঙ্গীত যাত্ৰা'
সংগীতৰ ধৰণ
বাদ্যযন্ত্ৰ কণ্ঠ
লেবেল
  • সাগৰিকা মিউজিক
  • টাইম্‌ছ মিউজিক
  • চাৰেগামা
  • আশা অ'ডিঅ'
ৱেবছাইট shreyaghoshal.com
স্বাক্ষৰ

শ্ৰেয়া ঘোষাল (জন্ম ১২ মাৰ্চ, ১৯৮৪) এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তেখেতে এতিয়ালৈকে চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, পাঁচটা ফিল্মফেয়াৰ বঁটা (শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ চাৰিটা), সাতটা আইফা বঁটা, ছটা স্ক্ৰীন বঁটা আৰু আঠটা দাক্ষিণাত্যৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেখেতে বিভিন্ন ভাৰতীয় ভাষাৰ বোলছবিৰ বাবে গীত বাণীবদ্ধ কৰি আগশাৰীৰ নেপথ্য গায়িকা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

সৰুকালৰে পৰা ঘোষালৰ গায়িকা হোৱাৰ মন আছিল। ২০০০ চনত দূৰদৰ্শনৰ গানৰ ৰিয়েলিটী শ্ব' চা ৰে গা মা পাৰ খিতাপ জয় কৰোঁতে ঘোষাল বোলছবি নিৰ্দেশক সঞ্জয় লীলা ভাঞ্চালীৰ চকুত পৰে। তাৰ পাছত তেখেতে ভাঞ্চালীৰ বোলছবি দেৱদাস (২০০২)ৰ যোগেদি নেপথ্য গায়িকা জীৱনৰ পাতনি মেলে। ইয়াৰ বাবে তেখেতে এটাকৈ শ্ৰেষ্ঠ গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰে।

নেপথ্য গায়কীৰ বাহিৰে ঘোষালে দূৰদৰ্শনৰ কেইবাটাও ৰিয়েলিটী শ্ব'ত বিচাৰক ৰূপে কাম কৰিছে। ২০১০ চনত তেখেতৰ সন্মানাৰ্থে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অ'হায়' ৰাজ্যৰ গৱৰ্ণৰ টেড ষ্ট্ৰিকলেণ্ডে ২৬ জুনক "শ্ৰেয়া ঘোষাল দিৱস" ঘোষণা কৰিছিল।[1] ফ'ৰ্বছৰ ১০০ গৰাকী ভাৰতীয় চেলিব্ৰিটীৰ তালিকাত তেখেতৰ নাম তিনিবাৰ অন্তৰ্ভুক্ত হৈছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ বৰহমপুৰত ১৯৮৪ চনৰ ১২ মাৰ্চ তাৰিখে এটা বেংগলী হিন্দু পৰিয়ালত শ্ৰেয়া ঘোষালৰ জন্ম হয়।[2][3] ৰাজস্থানৰ কোটাৰ ওচৰৰ ৰাৱাতভাতা নামৰ ঠাইত তেখেত ডাঙৰ-দীঘল হয়।[4] তেখেতৰ দেউতাক বিশ্বজিৎ ঘোষ নিউক্লিয়েৰ পাৱাৰ ক'ৰ্পৰেছন অৱ ইণ্ডিয়াত কৰ্মৰত এজন বৈদ্যুতিক অভিযন্তা আৰু মাতৃ শৰ্মিষ্ঠা ঘোষাল এগৰাকী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।[5] তেখেতৰ সৌম্যদীপ নামৰ এজন ভাতৃও আছে।[6][7]

ঘোষালে ৰাৱাতভাতাৰ এটমিক এনাৰ্জী চেণ্ট্ৰেল স্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়ে।[4] ১৯৯৭ চনত তেখেতৰ দেউতাক ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰলৈ বদলি হওঁতে তেখেত পৰিয়ালৰ লগত মুম্বাইলৈ আহি তাৰ এটমিক এনাৰ্জী চেণ্ট্ৰেল স্কুলত নাম লগায়।<[8]}} এটমিক এনাৰ্জী জুনিয়'ৰ্কলেজৰ বিজ্ঞান শাখাত নাম লগাই অলপদিন পাছতে মুম্বাইৰ SIES কলেজ অৱ আৰ্ট্‌ছ, চায়েন্স এণ্ড কমাৰ্চত নামভৰ্তি কৰে। [4][5][9]

প্ৰথম অৱস্থাত ঘোষালে মাকৰ পৰাই সংগীতৰ শিক্ষা লাভ কৰিছিল। ছয় বছৰ বয়সত তেখেতে ভাৰতীয় ধ্ৰুপদী সংগীতৰ শিক্ষা আৰম্ভ কৰে।[4] ২০০০ চনত ১৬ বছৰ বয়সত তেখেতে টেলিভিজনৰ মিউজিক ৰিয়েলিটী শ্ব' চা ৰে গা মা (এতিয়াৰ চা ৰে গা মা পা)। জি টিভিত সম্প্ৰচাৰিত এই অনুষ্ঠানৰ আঁত ধৰিছিল চনু নিগমে[10][11][12]

ঘোষালে তেখেতৰ অনুপ্ৰেৰণা হিচাপে লতা মংগেশকাৰ, মহম্মদ ৰফি, আশা ভোঁচলে, মুকেশ, কে এছ চিত্ৰা, গীতা দত্ত, মদন মোহন আৰু আৰ ডি বৰ্মনৰ নাম উল্লেখ কৰিছে।[13][14]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "June 26 is Shreya Ghoshal Day!". The Times of India. Jun 26, 2012. http://timesofindia.indiatimes.com/entertainment/hindi/music/news/June-26-is-Shreya-Ghoshal-Day/articleshow/14406199.cms আহৰণ কৰা হৈছে: 30 November 2015.
  2. "Shreya Ghoshal's Biography". Koimoi. http://www.koimoi.com/singer/shreya-ghoshal/ আহৰণ কৰা হৈছে: 16 September 2015.
  3. "Shreya Ghoshal". iTunes. https://itunes.apple.com/in/artist/shreya-ghoshal/id19715559#fullText আহৰণ কৰা হৈছে: 16 September 2015.
  4. 1 2 3 4 "Shreya Ghoshal Biography". Shreya Ghoshal Official Website. Archived from the original on 24 October 2013. https://web.archive.org/web/20131024114018/http://www.shreyaghoshal.com/Biography.aspx?id=$ আহৰণ কৰা হৈছে: 17 October 2013.
  5. 1 2 "Shreya Ghoshal Biography". Saavn. http://www.saavn.com/s/artist/shreya-ghoshal-bio/lIHlwHaxTZ0_ আহৰণ কৰা হৈছে: 16 September 2015.
  6. "Shreya Ghoshal May 17, 2012 status update". Twitter. 17 May 2012. https://twitter.com/shreyaghoshal/status/202829902653825024 আহৰণ কৰা হৈছে: 16 September 2015.
  7. Nagarajan, Saraswathy (7 April 2010). "Queen of the charts". The Hindu. http://www.thehindu.com/features/metroplus/article390455.ece আহৰণ কৰা হৈছে: 17 October 2013.
  8. Kulkarni, Ronjita. "I simply closed my eyes and sang". Rediff.com. Archived from the original on 12 October 2015. http://www.rediff.com/entertai/2002/jul/10shreya.htm আহৰণ কৰা হৈছে: 4 October 2015.
  9. "Shreya Ghoshal: Lesser known facts". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/music/Shreya-Ghoshal-Lesser-known-facts/photostory/46144375.cms আহৰণ কৰা হৈছে: 16 September 2015.
  10. "Birthday Special: Shreya Ghoshal turns 31 today". Dainik Jagran. 12 March 2015. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402171822/http://post.jagran.com/birthday-special-shreya-ghoshal-turns-31-today-1426131892 আহৰণ কৰা হৈছে: 12 March 2015.
  11. "Birthday special: आज है सरगम के पहले शब्द जैसी श्रेया घोषाल का जन्मदिन जाने कौन से हैं उनके टॉप टेन सांग". inext. 12 March 2015. http://inextlive.jagran.com/happy-birthday-shreya-ghoshal-201503120003 আহৰণ কৰা হৈছে: 12 March 2015.
  12. "Happy Birthday Shreya Ghosal". The Indian Express. 12 March 2012. http://archive.indianexpress.com/news/happy-birthday-shreya-ghosal/922743/ আহৰণ কৰা হৈছে: 30 September 2015.
  13. Singh, Veenu (24 August 2013). "Personal Agenda: Shreya Ghoshal, Singer". Hindustan Times. http://www.hindustantimes.com/brunch/personal-agenda-shreya-ghoshal-singer/story-0Hub2ZaH7Dl0728vxDOfEK.html আহৰণ কৰা হৈছে: 28 August 2013.
  14. Kumar, S. Shiva (14 August 2009). "Melody meaning". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/article659545.ece আহৰণ কৰা হৈছে: 1 May 2014.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]