সমললৈ যাওক

কবিতা কৃষ্ণমূৰ্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কবিতা কৃষ্ণমূৰ্তি

২০১৪ চনত কবিতা
প্ৰাথমিক তথ্য
জন্মৰ নাম সাৰদা কৃষ্ণমূৰ্তি
আন নাম কবিতা সুব্ৰমনিয়াম
জন্ম জানুৱাৰী ২৫ , ১৯৫৮ (৬৬ বছৰ)[1]
নতুন দিল্লী, ভাৰত[2]
সংগীতৰ প্ৰকাৰ নেপথ্য কণ্ঠশিল্পী, ফিউজন, পপ
পেচা নেপথ্য কণ্ঠশিল্পী, ফিউজন, শাস্ত্ৰীয়, অৰ্ধ-শাস্ত্ৰীয়, ভাৰতীয় পপ, গজল, চলচ্চিত্ৰীয় কাবালী
কাৰ্যকাল ১৯৭১- বৰ্তমানলৈ

সাৰদা (ইংৰাজী: Kavita Krishnamurthy ; জন্ম ২৫ জানুৱাৰী ১৯৫৮) এগৰাকী ভাৰতীয় নেপথ্য আৰু শাস্ত্ৰীয় কণ্ঠশিল্পী। তেওঁক কবিতা কৃষ্ণমূৰ্তি বা কবিতা সুব্ৰমনিয়াম নামেৰে জনা যায়। তেওঁ বঙালী, কন্নড়, হিন্দী, ভোজপুৰী, তেলেগু, উড়িয়া, মাৰাঠী, ইংৰাজী, উৰ্দু, তামিল, মালায়ালম, গুজৰাটী, নেপালী, অসমীয়া, কোংকণী আৰু অন্যান্য ভাষাত ৫০,০০০ গীত গাইছে।[3] তেওঁ চাৰিটা শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা পোৱাৰ উপৰিও ২০০৫ চনত পদ্মশ্ৰীৰে তেওঁক সন্মানিত কৰা হৈছে। এল সুব্ৰমনিয়ামৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হৈছে আৰু বৰ্তমান বাংগালুৰুত বাস কৰে।[4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

তেওঁৰ জন্মৰ নাম আছিল সাৰদা।[5] এটা তামিল আয়াৰ সম্প্ৰদায়ৰ পৰিয়ালত নতুন দিল্লীত জন্মগ্ৰহণ কৰা কবিতাৰ দেউতাক টি.এচ. কৃষ্ণমূৰ্তি শিক্ষা মন্ত্ৰালয়ৰ এজন চাকৰিয়াল আছিল। খুৰীয়েক প্ৰতিমা ভট্টাচাৰ্যই সুৰুমা বসুৰ তাত তেওঁৰ নাম লিখাই দিছিল, য’ত তেওঁ ৰবীন্দ্ৰ সংগীত শিকে। শাস্ত্ৰীয় সংগীতজ্ঞ বলৰাম পুৰীৰ তত্বাৱধানত তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ আনুষ্ঠানিক প্ৰশিক্ষণ আৰম্ভ কৰে। ৮ বছৰ বয়সত তেওঁ এখন সংগীত প্ৰতিযোগিতাত সোণৰ পদক পায়। ১৯৬০ দশকৰ মাজভাগত তেওঁ নতুন দিল্লীৰ মন্ত্ৰালয়সমূহৰ মাজত অনুষ্ঠিত হোৱা শাস্ত্ৰীয় সংগীতৰ প্ৰতিযোগিতাত বহু পদক লাভ কৰে।[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৪ বছৰ বয়সত তেওঁ মুম্বাইলৈ আহে। ইয়াতে চেইণ্ট জেভিয়াৰ্চ কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লয়। এটা অনুষ্ঠানত হেমন্ত কুমাৰ কন্যা ৰাণু মুখাৰ্জীৰ সৈতে সাক্ষাৎ হয়। ৰাণুৱে তেওঁক দেউতাকৰ ওচৰলৈ লৈ যায় আৰু হেমন্ত কুমাৰে তেওঁক বিভিন্ন অনুষ্ঠানত গীত গোৱাৰ সুযোগ দিয়ে।মুম্বাইৰ চেইণ্ট জেভিয়াৰ্ছ কলেজত পঢ়ি থকা দিনত ১৯৭১ চনত হেমন্ত কুমাৰৰ সংগীত পৰিচালনাত তেওঁ বঙালী ছবি শ্ৰীমান পৃথ্বিৰাজত কিংবদন্তী কণ্ঠশিল্পী লতা মংগেশকাৰৰ সৈতে গীত এটা বাণীবদ্ধ কৰে। এটা মঞ্চ অনুষ্ঠানত গীত গাওঁতে মান্না দেই তেওঁক দেখা পায় আৰু বিজ্ঞাপন জিংগলত গীত গাবলৈ সুবিধা কৰি দিয়ে। হেমা মালিনীৰ মাক জয়া লক্ষ্মীৰ সৈতে কবিতা কৃষ্ণমূৰ্তিৰ খুৰীয়েকৰ ভাল যোগাযোগ থকা সূত্ৰে জয়া লক্ষ্মীয়ে সংগীত পৰিচালচ লক্ষ্মীকান্তৰ সৈতে চিনাকী কৰাই দিয়ে।[5][7]

১৯৮০ চনত তেওঁ মাং ভৰো সাজনাৰ বাবে গীত গায়; কিন্তু দুৰ্ভাগ্যবশতঃ ছবিত গীতটো ৰখা নহ’ল। ১৯৮৫ চনত তেওঁ আৱিৰ্ভূত হয় প্ৰভূত জনপ্ৰিয়তা পোৱা মিথুন চক্ৰৱৰ্তী আৰু পদ্মিনী কোহলাপুৰীপ্যাৰ ঝুকতা নেহীৰ যোগেদি। ইয়াৰ পিছত এটাৰ পিছত এটা হিট গান উপহাৰ দি থাকে। যেনে মিঃ ইণ্ডিয়াৰ ‘হাৱা হাৱাই’ বা ‘কৰতে হ্যায় হম প্যাৰ মিষ্টাৰ ইণ্ডিয়া চে’। কিছুদিন পাছত তেওঁ জনপ্ৰিয় কণ্ঠশিল্পী কিশোৰ কুমাৰৰ সৈতে একেলগে কাম কৰাৰ সুযোগ পায়।[5]

১৯৯০ৰ দশকটোতে তেওঁ এখনৰ পিছত এখন বিখ্যাত ছবিত, সকলো বিখ্যাত পৰিচালকৰ সৈতে কাম কৰি গৈছে। এ লাভ ষ্টোৰী, য়াৰানা, অগ্নিসাক্ষী, ভৈৰৱী, খামোচী আদি ছবি গীত গাই শীৰ্ষস্থানীয় কণ্ঠশিল্পীৰ স্থানলৈ উত্তৰণ হয়। কাম কৰে বাপ্পী লাহিড়ী, এ. আৰ. ৰহমান, ইচমাইল দৰবাৰ, নাদিম-শ্ৰাৱণ, যতীন ললিত, বিজু শাহ আৰু অনু মালিকৰ সৈতে।[7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৯৯ চনৰ ১১ নবেম্বৰত কৰ্ণাটকৰ বাংগালুৰুৰ ডঃ এল. সুব্ৰমনিয়ামৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। দম্পত্তিহালৰ কোনো সতি-সন্ততি নাই। সুব্ৰমনিয়ামৰ প্ৰথম পত্নীৰ ফালৰ চাৰিটা সন্তান আছে।[8][9] কবিতা আৰু তেওঁৰ স্বামীয়ে ২০০৭ চনত বাংগালুৰুসুব্ৰমনিয়াম একাডেমী অফ পাৰফৰ্মিং আৰ্টচ্ নামেৰে এখন সংগীত প্ৰতিষ্ঠান স্থাপন কৰে। ২০১৩ৰ মাৰ্চত তেওঁ এপ ষ্টোৰ আৰু গুগল প্লে ষ্টোৰত গীত ডাউনলোড কৰিবলৈ এটা এপ মুকলি কৰে। ভাৰতীয় সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে জৈন বিশ্ববিদ্যালয়ে ২০১৫ চনত তেওঁক ডক্টৰেট উপাধি (অনাৰেৰী) প্ৰদান কৰে।[10][11]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Kavita Krishnamurti - IMDb
  2. Mathur, Abhimanyu (19 November 2015). "Kavita Krishnamurthy: I have a long and deep connection with Delhi". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/music/news/Kavita-Krishnamurthy-I-have-a-long-and-deep-connection-with-Delhi/articleshow/49830637.cms। আহৰণ কৰা হৈছে: 29 April 2016. 
  3. Priyanka Dasgupta (19 December 2009). "Kavita Krishnamurthy conquering global shores". Times of India. Archived from the original on 29 September 2011. https://web.archive.org/web/20110929013521/http://articles.timesofindia.indiatimes.com/2009-12-19/news-and-interviews/28086455_1_bollywood-movies-songs-alanis-morissette। আহৰণ কৰা হৈছে: 27 January 2010. 
  4. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: July 21, 2015. 
  5. 5.0 5.1 5.2 Amit Puri (23 August 2003). "...Kehte hain mujhko Hawa Hawaii". The Tribune. http://www.tribuneindia.com/2003/20030825/login/music.htm। আহৰণ কৰা হৈছে: 27 January 2010. 
  6. Rupa Damodaran (8 May 2004). "Bollywood Kavita trills for good lyrics". News Straits Times. https://news.google.com/newspapers?id=jUAhAAAAIBAJ&pg=2472,5030101&dq=kavita+krishnamurthy+rahman&hl=en। আহৰণ কৰা হৈছে: 27 January 2010. [সংযোগবিহীন উৎস]
  7. 7.0 7.1 "আৰ্কাইভ কপি". Archived from the original on 2018-12-30. https://web.archive.org/web/20181230060353/http://www.bfi.org.uk/films-tv-people/4ce2b73345f01। আহৰণ কৰা হৈছে: 2021-03-28. 
  8. "'Being L Subramaniam's daughter didn't help'". Rediff. 12 May 2011. http://www.rediff.com/getahead/slide-show/slide-show-1-achievers-interview-with-bindu-subramaniam/20110512.htm. 
  9. "Violinist Dr. L. Subramaniam - Ambi Subramaniam - Kavita Krishnamurthy - Bangalore". mybangalore.com. Archived from the original on 31 October 2018. https://web.archive.org/web/20181031091204/http://www.mybangalore.com/article/0411/violinist-ambi-subramaniam-talks-about-music-and-more.html। আহৰণ কৰা হৈছে: 25 November 2012. 
  10. "5th Annual Convocation". Jain University. https://www.jainuniversity.ac.in/convocation2015/index-preConvocation.html. 
  11. "Kavita Krishnamurti Subramaniam got Doctorate". Pressnote. https://www.pressnote.in/head-lines_296749.html. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]