সাৰদা (কণ্ঠশিল্পী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সাৰদা
জন্মৰ নাম সাৰদা আয়েংগাৰ
জন্ম ২৫ অক্টোবৰ, ১৯৩৭ (৮৪ বছৰ)
মূল তামিলনাডু, ভাৰত
পেচা নেপথ্য কণ্ঠশিল্পী
কাৰ্যকাল ১৯৬৫- ১৯৮৬, ২০০৭
ৱেবছাইট www.titliudi.com

সাৰদা ৰাজন আয়েংগাৰ বা সাৰদা (ইংৰাজী: Sharda Rajan Iyengar; ২৫ অক্টোবৰ ১৯৩৯) ১৯৬০ আৰু ১৯৭০ দশকৰ ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। জাহাঁ প্যাৰ মিলে (১৯৭০) ছবিৰ কেবাৰে ‘বাত জৰা হ্যায় আপস কী’ৰে তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল; যদিও তেওঁৰ আটাতকৈ স্মৰণীয় গীত সুৰযৰ (১৯৬৬) ‘তিতলি উড়ি’। ২০০৭ চনত তেওঁ নিজৰ সংগীতৰে নিৰ্মাণ কৰা মিৰ্জা গালিৱৰ গজলৰ এলবাম আন্দাজ-ই-বয়ান ঔৰ মুক্তি দিয়ে।[1][2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩৭ চনৰ ২৫ অক্টোবৰত তামিলনাডুত সাৰদাৰ জন্ম হৈছিল। তেওঁ ককাকৰ পৰা সংস্কৃত শিকে। শৈশৱৰ পৰাই তেওঁ গীত ভাল পাইছিল, কিন্তু শাস্ত্ৰীয় সংগীতৰ কোনো প্ৰশিক্ষণ নাছিল। গীত পৰিবেশন কৰিবলৈ কৰিবলৈ লোৱাৰ পৰা তেওঁ মঞ্চনাম হিচাপে নামৰ প্ৰথমাংশ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

শ্ৰীচান্দ আহুজাৰ তেহৰানৰ ঘৰৰ অনুষ্ঠান এটাত সাৰদাৰ গীত শুনি ৰাজ কাপুৰে তেওঁক কণ্ঠ পৰীক্ষা দিয়াৰ প্ৰস্তাৱ দিয়ে। সাৰদাই আৰ.কে. ষ্টুডিঅ’ত কণ্ঠ পৰীক্ষা দিয়াৰ পিছত কাপুৰে সংগীত পৰিচালক যুটী শংকৰ-জয়কিষাণৰ সৈতে তেওঁক চিনাকী কৰাই দিয়ে। শংকৰে তেওঁক গীত গোৱাৱৰ বাবে প্ৰস্তুত কৰে যদিও জয়কিষাণ তেওঁৰ প্ৰশিক্ষণবিহীন কণ্ঠৰ ক্ষেত্ৰত সিমান আগ্ৰহী নাছিল। গুমনাম (১৯৬৫) ছবিৰ বাবে তেওঁৰ প্ৰথম গীত ‘আয়েগা কোন য়হা’ বাণীবদ্ধ কৰা হয়। কিন্তু ছবিখনত গীতটো ব্যৱহাৰ কৰা নহ’ল। চলচ্চিত্ৰত তেওঁৰ অভিষেক ঘটে সুৰযৰ (১৯৬৬) যোগে। এই ছবিখনত তেওঁৰ দুটা গীত আছিল। এটা হ’ল ছবিখনৰ মূল নাৰী চৰিত্ৰ বৈজয়ন্তীমালাৰ ওপৰত চিত্ৰায়িত ‘দেখো মেৰা দিল মচল গয়া’ আৰু আনটো হ’ল বৈজয়ন্তীমালা আৰু মুমতাজৰ ওপৰত চিত্ৰায়িত ‘তিতলি উড়ি’। দ্বিতীয় গীতটিয়ে তেওঁক খ্যাতিৰ চূড়াত উপনীত কৰায়। ই আছিল ১৯৬৬ চনৰ এটা চাৰ্টব্লাষ্টাৰ (chartbluster)। ১৯৬৬ চনলৈকে ফিল্মফেয়াৰে নেপথ্য কণ্ঠশিল্পীৰ বাবে পুৰুষ, মহিলা নিৰ্বিশেষে এটাই পুৰস্কাৰ আগবঢ়াইছিল। এই গীতটোৰ জনপ্ৰিয়তাৰ ফলত পিছৰ বছৰৰ পৰা ফিল্মফেয়াৰে পুৰুষ আৰু মহিলা দুটা ভিন্ন শিতানত বঁটা আগবঢ়াবলৈ ল’লে। কাৰণ তেওঁৰ এই ‘তিতলি উড়ি’ গীতটো একে ছবিৰ বাবে গোৱা মহম্মদ ৰফীৰ ‘বাহাৰো ফুল বৰষাও’ গীতটোৰ সমানে জনপ্ৰিয়তা আৰু ভোট পায়।[1]

পিছে সাৰদাই পিছলৈ এই সংগীত পৰিচালক যুটীৰ এন ইভিনিং ইন পেৰিচ (১৯৬৭),এৰাউণ্ড দ্য ৱৰ্ল্ড (১৯৬৭),স্বপ্নো কা সৌদাগৰ (১৯৬৮) আৰু কল আজ ঔৰ কলত (১৯৭১) গীত গায় যদিও প্ৰথম গীতৰ দৰে সফলতা নাপালে।[1]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক লিংক[সম্পাদনা কৰক]