সমললৈ যাওক

পাৰৱীন চুলতানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পাৰবীন চুলতানাৰ পৰা পুনঃনিৰ্দেশিত)
পাৰৱীন চুলতানা
পাৰৱীন চুলতানা
পাৰৱীন চুলতানা
পৃষ্ঠভূমি
জন্ম ১০ জুলাই, ১৯৫০ (৭৬ বছৰ)
উৎসস্থান অসম, ভাৰত
সংগীতৰ ধৰণ খয়াল, ভজন, থুমৰী
পেচা ভাৰতীয় শাস্ত্ৰীয় সংগীত
সক্ৰিয়তাৰ বছৰ ১৯৬২–বৰ্তমান
জীৱন-সঙ্গী ওস্তাদ দিলশ্বাদ খান

বেগম পাৰৱীন চুলতানা (English: Begum Parween Sultana; জন্ম: ১০ জুলাই, ১৯৫০) ভাৰতবৰ্ষৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতশিল্পী। পাটিয়ালা ঘৰানাৰ সংগীত শৈলীত প্ৰশিক্ষিত পাৰবীন চুলতানাক অসম চৰকাৰৰ তৰফৰ পৰা সংগীত সম্ৰাজ্ঞী উপাধি প্ৰদান কৰা হয়। ২০১৪ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পাৰবীন চুলতানাক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা সম্পৰ্কে ঘোষণা কৰে।[1][2][3][4][5]

চমু জীৱনী

[সম্পাদনা কৰক]

১৯৫০ চনৰ ১০ জুলাই তাৰিখে অসমনগাঁও চহৰত বেগম পাৰৱীন চুলতানাৰ জন্ম হয়। তেখেতৰ পিতৃ ইক্ৰামুল মজিদ আৰু মাতৃ মাৰুফা মজিদ

পিতৃ ইক্ৰামুল মজিদৰ তত্ত্বাবধানত পাৰৱীন চুলতানাই প্ৰথম সংগীত শিক্ষা আৰম্ভ কৰে। পাৰবীনে বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু হীৰেন শৰ্মাৰ তত্ত্বাৱধানত সংগীতৰ চৰ্চা কৰিছিল।[6] পাছলৈ তেখেত কিছুদিন কলিকতাৰ প্ৰয়াত পণ্ডিত চিন্ময় লাহিৰীৰ ওচৰত সংগীত সাধনা কৰি, ১৯৭৩ চনত পাটিয়ালা ঘৰানাৰ ওস্তাদ দিলশ্বাদ খানৰ শিষ্যা হয়। এই সময়তে তেখেতৰ পৰিচয় হয় ওস্তাদ দিলশ্বাদ খাঁৰ সতে আৰু দুয়ো বিবাহপাশত আবদ্ধ হয়। দিলশ্বাদ খাঁৰ আগৰ নাম আছিল খোকন দাশগুপ্ত।[6]

১৮-২০ বছৰ বয়সৰ পৰা পাৰৱীন চুলতানাই আনুষ্ঠানিক ভাৱে গীত পৰিবেশন কৰিবলৈ আৰম্ভ কৰে। আব্দুল মজিদমৰম তৃষ্ণা নামৰ অসমীয়া চলচ্চিত্ৰত নেপথ্য শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে।[6] সত্তৰৰ দশকৰপৰা পাৰবীন চুলতানাই মুম্বাইত স্থায়ী ভাৱে থাকিবলৈ লয়। একমাত্ৰ কন্যা সন্তান শ্বাদাব খান।

বৰ্তমানেও পাৰৱীন চুলতানাই স্বামী দিলশ্বাদ খাঁৰ সৈতে সংগীত পৰিৱেশন অব্যাহত ৰাখিছে।

শিল্পী জীৱন

[সম্পাদনা কৰক]
শিল্পী: সংগীত সম্ৰাজ্ঞী পাৰৱীন চুলতানা

১৯৬২ চনত বাৰ বছৰ বয়সত পাৰৱীন চুলতানাই পোনপ্ৰথমবাৰৰ বাবে মঞ্চত সংগীত পৰিৱেশন কৰে আৰু ১৯৬৫ চনত প্ৰথম বাৰৰ বাৰে তেখেতৰ কণ্ঠ বাণীবদ্ধ কৰা হয়। পাৰৱীন চুলতানাই কেবাখনো হিন্দী বোলছবিত কণ্ঠদান কৰে:

যুক্তৰাজ্যত হোৱা দৰবাৰ উৎসৱত পাৰবীন চুলতানা

সংগীতপঞ্জী

[সম্পাদনা কৰক]
  • চফৰ (ৰাগ মাৰু বেহাগ এণ্ড কো.)[12]
  • পাৰবীন (ৰাগ ৰাগেশ্ৰী/মিশ্ৰ মণ্ড)
  • পাৰবীন চুলতানা এণ্ড দিলছাদ খান
  • দিলছাদ খান এণ্ড পাৰবীন চুলতানা-ডায়লগ ইন ৰাগ- ১৯৯৭ চন

উপাধি তথা সন্মান

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "গৃহ মন্ত্ৰালয়ৰ ৱেবছাইট". Archived from the original on 2014-05-28. https://web.archive.org/web/20140528050136/http://mha.nic.in/sites/upload_files/mha/files/Padma%28E%292014.pdf আহৰণ কৰা হৈছে: জানুৱাৰী 26, 2014.
  2. "পাৰবীন চুলতানালৈ পদ্মভূষন- দ্য আসাম ট্ৰিবিউন". Archived from the original on 2020-10-23. https://web.archive.org/web/20201023023829/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan2614/at08 আহৰণ কৰা হৈছে: জানুৱাৰী 26, 2014.
  3. "২০১৪ চনৰ পদ্ম সন্মান বিজয়ীৰ তালিকা- দ্য হিন্দু". http://www.thehindu.com/news/national/list-of-padma-awardees/article5617946.ece আহৰণ কৰা হৈছে: জানুৱাৰী 26, 2014.
  4. "২০১৪ চনৰ পদ্ম বিজয়ী অসমীয়া, আমাৰ অসম". http://www.amarasom.glpublications.in/Details.aspx?id=16492&boxid=16226250 আহৰণ কৰা হৈছে: জানুৱাৰী 26, 2014.[সংযোগবিহীন উৎস]
  5. "২০১৪ চনৰ পদ্ম বিজয়ী অসমীয়া, দৈনিক অসম". http://www.assamtribune.com/scripts/displaypage.asp?id=jan2614,1,924,357,492,348 আহৰণ কৰা হৈছে: জানুৱাৰী 26, 2014.[সংযোগবিহীন উৎস]
  6. 1 2 3 4 5 পাৰবীন চুলতানা, ধ্ৰুপদী সংগীতৰ প্ৰসিদ্ধ শিল্পী, বহুমুখ, আজিৰ অসম কাকতৰ বুধবাৰৰ পৰিপূৰিকা, ১৬ মে, ২০১২
  7. http://www.youtube.com/watch?v=UG_9MKYZye8
  8. http://www.youtube.com/watch?v=Ro6fLVg8p3M
  9. http://www.imdb.com/title/tt0154749/soundtrack
  10. http://www.youtube.com/watch?v=85T9zsazXWo
  11. "আৰ্কাইভ কপি". Archived from the original on 2012-09-21. https://web.archive.org/web/20120921223756/http://www.expressindia.com/latest-news/Malhar-Magic/355069/ আহৰণ কৰা হৈছে: 2012-04-01.
  12. "আৰ্কাইভ কপি". Archived from the original on 2013-05-13. https://web.archive.org/web/20130513071232/http://www.sternsmusic.com/disk_info/SWMCD089 আহৰণ কৰা হৈছে: 2012-04-01.
  13. "আৰ্কাইভ কপি". Archived from the original on 2015-10-19. https://web.archive.org/web/20151019034032/https://sites.google.com/site/deep750/FilmfareAwards.pdf?attredirects=0 আহৰণ কৰা হৈছে: 2012-04-01.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]