সমললৈ যাওক

পুষ্পা ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুষ্পা ভুঞা
জন্ম প্ৰায়1946
যোৰহাট, অসম, ভাৰত[1]
মৃত্যু (৬৯ বছৰ)
নতুন দিল্লী, ভাৰত
পেচা শাস্ত্ৰীয় নৃত্যশিল্পী
জনা যায় ভাৰতনাট্যম আৰু সত্ৰীয়া
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
নৰ্থ ইষ্ট টেলিভিছন জীৱনজোৰা অৱদান বঁটা

পুষ্পা ভূঞা (১৯৪৬–২০১৫) এগৰাকী ভাৰতীয় নৃত্যশিল্পী। তেওঁ মূলতঃ ভাৰতনাট্যম আৰু সত্ৰীয়া নৃত্য চৰ্চা কৰিছিল।[2] তেওঁৰ অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০২ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

পুষ্পা ভুঞাৰ জন্ম হৈছিল অসমযোৰহাট জিলাত প্ৰায় ১৯৪৬ চনত। তেওঁৰ পিতৃ থানুৰাম নিয়মকৰা বৰা এগৰাকী প্ৰসিদ্ধ নৃত্যশিল্পী আছিল। পুষ্পা ভুঞাই শৈশৱত নিজৰ পিতৃৰ পৰাই নৃত্য শিক্ষা লাভ কৰে।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৫৬ চনত পুষ্পা ভুঞাই প্ৰসিদ্ধ গুৰু ৰুক্মিণী দেৱীৰ পৰা নৃত্য শিক্ষা লাভৰ অৰ্থে যোৰহাটৰ পৰা মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)লৈ যাত্ৰা কৰে।[4] তেওঁ পৰৱৰ্ত্তী কালত গুৰু মানগুডি দ’ৰাইৰজা ( Mangudi Dorairaja) ৰ তত্ত্বাবধানত ভাৰতনাট্যমৰ আৰু গুৰু বিষ্ণু ভৈছালকাৰৰ পৰা কথক নৃত্যৰ প্ৰশিক্ষণ লয়।[5][6] পুষ্পা ভুঞাই নিজেও ভালেসংখ্যক শিষ্যক নৃত্য শিক্ষা দিছিল।[6]

পুষ্পা ভুঞাই ভাৰত আৰু বিদেশৰ বিভিন্ন ঠাইত নৃত্য প্ৰদৰ্শন কৰিছিল। তেওঁ অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সত নৃত্যৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল।[3] তেওঁ দুৰদৰ্শনৰ কেন্দ্ৰীয় অডিশ্যন সমিতিৰ সদস্যা আছিল। তেওঁৰ উদ্যোগতে গুৱাহাটীত পুষ্পাঞ্জলি সাংস্কৃতিক একাডেমী প্ৰতিষ্ঠা হয়।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Pushpa Bhuyan passes away". The Assam Tribune. 2015. Archived from the original on March 3, 2016. https://web.archive.org/web/20160303193307/http://www.assamtribune.com/scripts/detailsnew.asp?id=oct0815%2Fat053 আহৰণ কৰা হৈছে: October 8, 2015.
  2. 1 2 "Highbeam". Highbeam. 10 July 2006. Archived from the original on 9 April 2016. https://web.archive.org/web/20160409234047/https://www.highbeam.com/doc/1P3-1074997971.html আহৰণ কৰা হৈছে: February 1, 2015.
  3. 1 2 "আৰ্কাইভ কপি". Archived from the original on 2019-05-10. https://web.archive.org/web/20190510092007/http://www.pushpabhuyan.com/pushpa_bhuyan.html আহৰণ কৰা হৈছে: 2019-01-17.
  4. Sushanta Talukdar (September 2010). "Dance of the monks". Frontline খণ্ড 27 (10). http://www.frontline.in/static/html/fl2719/stories/20100924271906400.htm.
  5. "Guru Mangudi Dorairaja Iyer". Kala Sadhanalaya. 2015. Archived from the original on February 4, 2015. https://web.archive.org/web/20150204190219/http://www.kala-sadhanalaya.org/guru.htm আহৰণ কৰা হৈছে: February 1, 2015.
  6. 1 2 3 "Nrityabhinay". Nrityabhinay. 2015. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304085433/http://www.nrityabhinay.com/teacher.html আহৰণ কৰা হৈছে: February 1, 2015.
  7. "Padma Awards". Padma Awards. 2015. Archived from the original on October 15, 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: November 11, 2014.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]