গোপীৰাম বৰগায়ন বুঢ়াভকত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
গোপীৰাম বৰগায়ন বুঢ়াভকত
জন্ম গোপীৰাম বৰা
১ জানুৱাৰী, ১৯২৫ (৯৬ বছৰ)[1]
নামকটানি গাঁও, মাজুলী জিলা, অসম
বাসগৃহ উত্তৰ কমলাবাৰী সত্ৰ
জনা যায় সত্ৰীয়া নৃত্য, ওজাপালি
পিতৃ-মাতৃ গেন্ধেলা বৰা বায়ন (পিতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী ঠাকুৰ একাডেমী বঁটা, ২০১১
পদ্মশ্ৰী, ২০২১[2]

ওজা গোপীৰাম বৰগায়ন বুঢ়াভকত (ইংৰাজী: Oja Gopiram Barbayan Burhabhakat, জন্ম: ১ জানুৱাৰী ১৯২৫) মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ গুণী, সাধক, প্ৰচাৰক, অধ্যাপক, বৰগায়ন, বৰ ওজা, নামলগোৱা, চৰিত্ৰ তোলা নামঞ্জনীয়া বুঢ়াভকত।[3] ২০১১ চনত তেওঁ অসমৰ পাৰম্পৰিক লোকগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে সংগীত নাটক একাডেমী ঠাকুৰ একাডেমী বঁটা লাভ কৰে। ২০২১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯২৫ চনৰ ১ জানুৱাৰী তাৰিখে মাজুলীৰ নামকটানি গাঁৱত গোপীৰাম বৰগায়নৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম গেন্ধেলা বৰা বায়ন। পিতৃ গেন্ধেলা বৰা বায়নে ৫ বছৰ বয়সতে তেওঁক উদাসীন উত্তৰ কমলাবাৰী সত্ৰৰ বুঢ়াভকত থানুৰাম শৰ্মাক চমজাই দিছিল। তেওঁ তেতিয়াৰে পৰা সত্ৰত ব্ৰহ্মচাৰী ব্ৰত পালন কৰি সত্ৰীয়া নৃত্য, গীত, বাদ্যৰ আদি পাঠ শিকি পিছত অতি কম দিনৰ ভিতৰত আয়ত্ত কৰিছিল।[5]

কৰ্মজীৱন[সম্পাদনা কৰক]

গোপীৰাম বৰগায়নে উত্তৰ কমলাবাৰী সত্ৰত ১৯৮৩ চনৰ পৰা বুঢ়াভকতৰ নিৰ্মালী গ্ৰহণ কৰিছিল। তেওঁ ১৮খন অসমীয়া ভাওনাৰ নাটকৰ গীত, ১২খন অংকীয়া নাটৰ গীত, ১২টা পালৰ ওজাপালি (এটা পালত ভগৱানৰ এটা অৱতাৰৰ কাহিনী থাকে), ১৯১টা শংকৰদেৱ-মাধৱদেৱৰ বিৰচিত বৰগীত, শংকৰদেৱ-মাধৱদেৱৰ লগতে ১২জন আতাৰ চৰিত পুথি সকলো তেওঁ আয়ত্ত কণ্ঠস্থ কৰিছে। তেওঁ সত্ৰীয়া সংগীতৰ ৩৪টা মেলা ৰাগ আৰু ৩৬টা বন্ধাৰাগ গায়।[5]

তেওঁ সত্ৰৰ নামলগোৱা, ঘোষা কীৰ্তন, আদি কণ্ঠত আদি কীৰ্তন ঘৰৰ প্ৰসংগ চলাই নীতি-নিয়ম বোৰ পৰিচালনা কৰে। সত্ৰীয়া নৃত্য, গীত, বাদ্যৰ উপৰিও ভাস্কৰ্য শিল্পৰ লগতো তেওঁ জড়িত। তেওঁ নৌকা নিৰ্মাণ, গুৰু আসন, নামঘৰৰ বাটচৰাৰ বিভিন্ন মূৰ্তি সমূহ নিৰ্মাণ আদি কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ কীৰ্ত্তন ঘৰ, প্ৰেক্ষাগৃহ, মঞ্চ নিৰ্মাণ ইত্যাদি কৰিছে। তেওঁ বৰ্তমানলোকৰ সত্ৰৰ ৪০ জনৰো অধিক বৈষ্ণৱ ভকতক ওজাপালি আৰু ২০ জনৰো অধিক গায়নক শিক্ষা প্ৰদান কৰিছে।

অসমকে ধৰি ভাৰতৰ বিভিন্ন স্থান যেনে দিল্লী, হাৰিয়ানা, পঞ্জাব, মহাৰাষ্ট্ৰ, কেৰালা আদিত সত্ৰীয়া নৃত্য, অংকীয়া ভাওনা আৰু গায়ন বায়ন পৰিবেশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।[5]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তেওঁ অসমীয়া পাৰম্পৰিক লোকসংগীত আৰু সত্ৰীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল:

  • অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে সংগীত নাটক একাডেমীৰ ঠাকুৰ একাডেমী বঁটা, ২০১১[1]
  • গুৰু শংকৰ-মাধৱ বঁটা
  • বদুলা পদ্ম আতা বঁটা
  • মণিৰাম দত্ত মুক্তিয়াৰ বঁটা[5]
  • কলা শিতানত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ সন্মান পদ্মশ্ৰী, ২০২১[3]

তথ্য উৎস[সম্পাদনা কৰক]