সমললৈ যাওক

মাধৱদেৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাধৱদেৱ
জন্ম ১৪৮৯ চন,
নাৰায়ণপুৰ, লখিমপুৰ, অসম
মৃত্যু ১৫৯৬ চন,
কোচবিহাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম বঢ়াৰ পো, ছোট আতা
পেচা ধৰ্মগুৰু,
নাট্যকাৰ,
লেখক,
সাহিত্যিক
উল্লেখযোগ্য কৰ্ম বৰগীত,
ভক্তি ৰত্নাৱলী,
নামঘোষা
পূৰ্বসূৰী শংকৰদেৱ
ধৰ্ম এক শৰণ নাম ধৰ্ম

মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ মূল হোতা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল।[1] মাধৱদেৱৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আস্থা আছিল আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। শংকৰদেৱৰ পদাংক অনুসৰণ কৰি নৃত্য-গীত-ভাওনা, নামঘোষা আৰু ভক্তি-ৰত্নাৱলীৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰিছিল।[1]

বংশলতা আৰু জন্ম

[সম্পাদনা কৰক]
মাধৱদেৱৰ জন্মস্থান

মাধবদেৱৰ আদিপুৰুষ হিচাপে চৰিত পুথি মতে কৃষ্ণ ভূঞাৰ নাম পোৱা যায়। তেওঁৰ পুত্ৰ বিষ্ণু ভূঞা, তেওঁৰ পুত্ৰ গোপাল ভূঞা, তেওঁৰ পুত্ৰ কৃপাল ভূঞা, তেওঁৰ পুত্ৰ ৰাম ভূঞা, ৰাম ভূঞাৰ পুত্ৰ জনাৰ্দ্দন ভূঞা, তেওঁৰ পুত্ৰ চিৰাম ভূঞা, চিৰাম ভূঞাৰ পুত্ৰ মুকুন্দ ভূঞা, তেওঁৰ পুত্ৰ গোবিন্দ্ৰ ভূঞা,[2] গোবিন্দৰ পিতৃভূমি আছিল বাণ্ডুকা(বৰ্তমান বাংলাদেশৰ ৰংপুৰ জিলাৰ অন্তৰ্গত)।[2] গোবিন্দৰ কাণ দীঘল চানেকীয়া আছিল বাবে তেওঁক “বৰকণা’’ নাম দিয়া হৈছিল।[3] গোবিন্দ্ৰৰ দুই পুত্ৰ আৰু এককন্যা ক্ৰমে, জ্যেষ্ঠ পুত্ৰ দামোদৰ, সৰু পুত্ৰ মাধবদেৱ কন্যা উৰ্বশী। দামোদৰৰ পত্নী সচী। তেওঁলোকৰ পুত্ৰ অনিৰুদ্ধ। তেওঁৰ পুত্ৰ পৰশুৰাম, তেওঁৰ পুত্ৰ ৰামদেৱ আৰু ৰামদেৱৰ পুত্ৰ পৰমানন্দ।[4] গোবিন্দৰ প্ৰথমা পত্নী অনুচিতাই দামোদৰক জন্ম দি ঢুকায়। পিছত দামোদৰলৈ বিয়া কৰাই গোবিন্দই বংশ-মিত্ৰ বিচাৰি বিচাৰি বাণ্ডুকাৰ পৰা আলিপুখুৰী পালেগৈ। তাতে কুসুম্বৰে চিনাকি পাই একে বংশৰে মনোহৰী নামৰ এক কন্যাক গোবিন্দত বিয়া দিলে[2] আৰু ৰৌতাৰ পাৰত বৰা বিষয় বাব দিলে।[4]

কিছুদিন পিছতে ভোটৰ উৎপাতত গৰ্ভৱতী পত্নীসহ গোবিন্দই সেই ঠাইৰ পৰা পলায়ন কৰে।[3] তেওঁলোকক আহোম ৰাজবিষয়া হৰিসিংহ বৰাই পাই আশ্ৰয় দিয়ে।[3] তেওঁৰ ঘৰ আছিল, লক্ষিমপুৰৰ নাৰায়ণপুৰ অঞ্চলৰ লেতেকুপুখুৰী গাঁৱত।[2] এই হৰিসিংহ বা হৰিশিঙা বৰাৰ ঘৰতে মনোহৰী আয়ে ১৪১১ শকত(১৪৮৯ চন) জেঠ মাহৰ ৰবিবাৰ, অমাৱস্যা তিথিত ভৰণী নক্ষত্ৰত ৰাতি দুই প্ৰহৰ যাওঁতে মাধৱদেৱক জন্ম দিয়ে।[2][4][5][6] মাধৱদেৱৰ গুপ্ত নাম আছিল, ৰত্নাকৰ।[3] গোবিন্দৰ আশ্ৰয়দাতা বৰা-বৰানীয়ে নিজ সন্তান নথকা বাবে মাধবদেৱক নিজা পুত্ৰজ্ঞান কৰিছিল।[4] সেই সময়তে ঘোৰ দুৰ্ভিক্ষ হোৱাত মাধবদেৱ পিতৃ-মাতৃৰে সৈতে সেই ঠাইৰে ঘাঘৰি মাজিৰ ঘৰত আশ্ৰয় লয়।[3] তাতেই মাধবদেৱৰ ভনীয়েক উৰ্বশীৰ জন্ম হয়[3] আৰু বিবহযোগ্য হোৱাত তেওঁলোক হোকৰাকুছিলৈ যায়।[3] তাতে গয়াপাণি বা ৰাম দাসৰ হাতত কন্যটি সঁপি দি পুত্ৰ সমন্বিতে পুনৰ বাণ্ডুকালৈ যায়।[2] বাণ্ডুকাতেই গোবিন্দ ভূঞাৰ পৰলোকগমন হয়। মাধবদেৱৰ পিতৃ গোবিন্দগিৰি ভূঞাই বাণ্ডুকাবেহাৰৰ মজিন্দাৰ আছিল[7] আৰু পিতৃৰ পিছত দামোদৰেও খেতি-বাতি আৰু বণিজ কৰাৰ উপৰি ৰজাঘৰীয়া মজিন্দাৰী কাম কৰিছিল। মাধবদেৱে ককায়েকক সহায় কৰিছিল। কিছুকালৰ পিছত তেওঁ তাৰ পৰা টেম্বুৱানীত থকা মাতৃৰ কাষলৈ প্ৰত্যবৰ্তন কৰিছিল[2][3] আৰু কিছুদিন মাতৃ, ভগ্নী আৰু বৈনায়েকৰ সৈতে থাকি বিয়া কৰাৰ মনেৰে এগৰাকী কন্যাক জোৰোণ দি আহিল।[3] সেই সময়তে গয়াপাণি ধুঞাহাটলৈ যায় আৰু শঙ্কৰদেৱৰ সাক্ষাৎ পাই তেওঁৰ ওচৰত শৰণ লয়। শঙ্কৰদেৱেই গয়াপাণিৰ নাম ৰামদাস ৰাখিছিল।[3]

১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইৰ ৰঙাজান আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত লেতেকুপুখুৰী নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়।[1] প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

বাণ্ডুকাৰ ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালাত মাধৱদেৱৰ আনুষ্ঠানিক শিক্ষা লাভ হয়। এক বছৰ শিক্ষা লাভ কৰিয়েই তেওঁ ব্যাকৰণ, পুৰাণ, ভাগৱত আদি নানা শাস্ত্ৰ আয়ত্ব কৰিছিল।[2][4]

শিশুকালৰ লগৰীয়া

[সম্পাদনা কৰক]

মাধৱদেৱৰ শিশুকালৰ লগৰীয়াসকলৰ ভিতৰত প্ৰধান নজনা বন্ধু আছিল-হৰি, হৰিবৰ, হৰাই,নিৰাই, নিৰঞ্জন, নিৰামই, নৰহৰি, নাৰায়ণ আৰু নৰোত্তম।[4] অন্য সাধাৰণ শিশুৰ দৰেই ল’ৰালি কালছোৱা মাধবদেৱ উমলি-জামলি ডাঙৰ হৈছিল। চৰিত-পুথিসমুহত তেওঁৰ বাল্যকালৰ ক্ৰিয়া-কাণ্ডত যথেষ্ট অলৌকিকতা বৰ্ণনা কৰা হৈছে।

মণি-কাঞ্চন সংযোগ

[সম্পাদনা কৰক]

শংকৰদেৱে ধুঞাহাটাৰ বেলগুৰিত সত্ৰ পাতি বাস কৰি থকা সময়তে মাধৱদেৱৰ সৈতে সাক্ষাৎ হয় আৰু দুয়োজনাৰ মিলন ঘটে। দুয়োজনা গুৰুৱে ইয়াতেই একেলগে ১৮ বছৰ কাল বাস কৰিছিল।[8]

বাণ্ডুকাৰ পৰা উভতি আহোঁতে বাটতে মাকৰ টান নৰীয়া হোৱাৰ খবৰ পাই মাতৃৰ সুস্বাস্থ্য কামনা কৰি দুৰ্গা গোঁসানীলৈ এযোৰ বগা পঠা আগ কৰে।[2][4] মাধবদেৱ আদিতে শাক্তধৰ্মী আছিল।[9][10] ইয়াৰ প্ৰমাণ চৰিতপুথি সমূহত পোৱা যায়।

কতো দিনে যান্ত পথে বাৰ্ত্তাক পাইলন্ত।
শীঘ্ৰে যায়ো তযু মাতৃ অসুস্থ অত্যন্ত।।
দেখিবাক পোৱা কি নোপোৱা বুলিলন্ত।
হেন শুনি তেখনে দেৱীক বুলিলন্ত।।
শুক্ল একযোৰ পাঠা দিবো মই যাই।
নপৰা সকাশ পাৱন্তোক মোৰ আই।।[3]

গুৰু চৰিত কথাত

ভাদ্ৰমহীয়া হোকৰাকুচিয়া [হিৰমল] লোণ মুদৈয়ে চিনি [পাই বিশ্বনাথে] বাৰ্ত্তা কলে: বোলে খেদাকৈ গলে বা মাৰক দেখাগৈ নাপৰা টান।। তেহে গুৰু খেদকৈ পিতৃও গল মাতৃও নেদেখো বুলি: গোসানিলৈ এযোৰ পাঠা মানি বোলে যেন মাতৃক দেখোগৈ।[4]

পিছত দূৰ্গা পূজাৰ সময়ত তেওঁ ছাগলী দুটা আনিবলৈ ভনীজোঁৱায়েক ৰামদাসক পাচিলে। “ বোলে বৈনাই আই নপৰা সুনি পাঠা এযোৰ মানিলো গোসানিক আনি দিয়া পূজাতে কটাঞ।’’[4] ৰামদাসে ইতিমধ্যেই শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। গতিকে বলি-বিধানৰ অসাৰতাৰ প্ৰতি তেওঁৰ অগাধ বিশ্বাস আছিল। সেয়ে তেওঁ পঠা ছাগলী আনি দিয়া নাছিল। এই কথাত মাধৱদেৱৰ খং উঠিছিল আৰু ককৰ্থনা কৰিছিল।[4] উত্তৰত ৰামদাসে বলি-বিধান অপ্ৰয়োজনীয় বিষয় বুলি পতিয়ন নিয়াবলৈ যত্ন কৰি, নোৱৰাত শংকৰদেৱৰ ওচৰলৈ যোৱাৰ কথা কৈছিল। মাধৱদেৱেও পিছদিনা শংকৰদেৱক লগ কৰিবলৈ যাবলৈ সন্মত হৈ পুৱাই ৰামদাসৰ সৈতে শংকৰদেৱ থকা ঠাইলৈ গৈছিল।

শিষ্যসকলৰ সৈতে শাস্ত্ৰ চৰ্চা কৰি থকা শংকৰদেৱে ৰামদাসৰ সৈতে মাধৱদেৱক দেখি তেওঁৰ পৰিচয় জানিব খোজাত, একে বংশৰে মনোহৰী বাইৰ পুত্ৰ বুলি আদৰ-সাদৰ কৰিছিল,- “অ মনোহৰি বাইৰ বেটা, এমান মৰধ হলনে বাটে পথে লগ পালেও নিচিনো নেপা....’’।[4] তালৈ যোৱাৰ কাৰণ জনাৰ পিছত দুয়োজনৰ মাজত প্ৰবৃত্তি নিবৃত্তি আগম তৰ্ক ন্যায় আদি অনেক শ্লোকৰ ব্যাখ্যা হ’ল। শংকৰদেৱে “হংস ছাগ কাটি যিটো ৰুধিৰে কৰ্দ্দম কৰে: সিজে স্বৰ্গে যাই নৰকতনো কোন পৰে’’ বুলি কোৱাত মাধৱদেৱৰ মন অথিৰ হ’ল। তথাপি মাধৱে আগমৰ যুক্তি আগবঢ়ায় আৰু গুৰুজনাই নিগমৰ যুক্তিৰে খণ্ডন কৰে আৰু এনেদৰে তিনি প্ৰহৰ তৰ্ক যুদ্ধ হ’ল। শেষত গুৰু জনাই শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ যথা তৰোৰ্মূলনিষেচনেন তৃপ্যন্তি তৎস্কন্ধভূজোপশাখাঃ শ্লোকটিৰে মাধৱক পৰাস্ত কৰে।[4] শ্লোকটিৰ অৰ্থ হ’ল গছৰ গুৰিত পানী দিলে ডাল পাত সকলোৱে পায়। ডাল পাতত দিলে কোনেও নাপায়। একেদৰে ভগৱন্ত কৃষ্ণদেৱক পূজিলে সকলোৰে পূজা হয়। আন দেৱ-দেৱীক পৃথকে পূজাৰ কোনো প্ৰয়োজন নাই।[9] শ্ৰীমন্ত শঙ্কৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱে তাৰাক গুৰু ভজি তেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰি নাম ধৰ্মত শৰণ ললে। দুয়োজনা মহাপুৰুষৰ এই মহামিলনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে মণি-কাঞ্চণ সংযোগ বুলি অভিহিত কৰি গৈছে।[11] তৰ্কৰ শেষত মাধৱদেৱে শংকৰদেৱক সেৱা কৰাত শংকৰদেৱে সুধিলে, “বোলে দেখো আহিও সেৱা কৈলা:এতিয়াও সেৱা কৈলা কিৱ?’’ মাধৱদেৱে বিনয়েৰে ক’লে, আগতে সেৱা কৰিছিলোঁ বৰভূঞা বিষয়া বুলি মানি, এতিয়া সেৱা কৰিলোঁ আপোনাক গুৰু মানি।[4] সিদিনাৰ পৰাই মাধবদেৱে শংকৰদেৱৰ শিষ্যত্ব মনে-প্ৰাণে গ্ৰহণ কৰিছিল।

গুৰু শিষ্য সম্পৰ্ক

[সম্পাদনা কৰক]

শ্ৰীশ্ৰী মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱৰ মাজৰ গুৰু-শিষ্য সম্পৰ্ক মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ ইতিহাসত এক পৱিত্ৰ আৰু গভীৰ সম্পৰ্ক হিচাপে পৰিগণিত। শংকৰদেৱৰ আধ্যাত্মিক দৃষ্টিভংগী, সাহিত্যিক প্ৰতিভা আৰু ধৰ্মীয় ধৰ্মপ্ৰচাৰ প্ৰতি মাধৱদেৱ দীৰ্ঘদিন ধৰি আকৃষ্ট হৈ আছিল। যদিও মাধৱদেৱ প্ৰথমতে শাক্ত ধৰ্মত বিশ্বাসী আছিল, কিন্তু বৈনায়েক ৰাম দাসৰ (গোপাল আতা[12]হৰিসৰণ)ৰ সৈতে বলি-বিতৰ্কৰ পিছত তেওঁৰ মনত প্ৰশ্ন উত্থাপন হয়, আৰু এই সময়তেই তেওঁ শংকৰদেৱৰ সৈতে সাক্ষাৎ কৰে।

১৫৫১ চনত শ্ৰীশ্ৰী শংকৰদেৱৰ ওচৰত মাধৱদেৱে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। এই সময়তেই তেওঁ শংকৰদেৱৰ অন্যতম সৰ্বাধিক ঘনিষ্ঠ শিষ্য হৈ পৰে। শংকৰদেৱ আৰু মাধৱদেৱ দুয়ো অভিন্ন আত্মা বুলি শংকৰদেৱৰ মুখেৰেই চৰিত পুথিসমূহত কোৱা হৈছে। এবাৰ গণককুছিত থাকোঁতে শংকৰদেৱ তালৈ গৈ মাধৱদেৱৰ সৈতে অন্ন ভোজন কৰাৰ অন্তত মাধৱদেৱে সকাতৰে গুৰুক তেওঁৰ তিনিজন পুত্ৰৰ সমান বুলি ধৰিবলৈ অনুৰোধ কৰিছিল। তেতিয়া শংকৰদেৱে

সবাতো অধিক তুমি প্ৰিয়তম
নিশ্চয় জানিবা তাক।
তুমি আমি ভিন্ন নুহিকো জানিবা
কহিলোহো সত্য বাক।।[3]

বুলি মাধৱদেৱক আলিঙ্গি ধৰিছিল। শংকৰদেৱৰ পৰলোকগমনৰ আগে আগে পুত্ৰ ৰামানন্দই পিতৃৰ পৰা “তোমাৰ পৰা মই একো নাপালোঁ’’ বুলি খেদ কৰাত স্থাৱৰ সকলো সম্পদৰেই ৰামানন্দ অধিকাৰী বুলি কোৱাত ৰামানন্দই “সংসাৰ তৰণৰ বস্তু’’হে বিচৰা বুলি কৈছিল। তেতিয়া শংকৰদেৱে কৈছিল, মোৰ গুণ, যশ, বল-পৰাক্ৰম, শক্তি, ভক্তি সকলো মাধৱক দিয়া আছে। তেওঁৰ আৰু মোৰ মাজত কোনো প্ৰভেদ নাই। যি লাগে তেওঁৰ পৰাই লৈ ল’বা।

আৰো এক বাৰ্তা কহওঁ তোমাক
মোৰ গুণ যশ যত।
বল পৰাক্ৰম শক্তি ভক্তিপন্থ
সবে আছে মাধৱত।
তান মোৰ কিছু নাহিকে অন্তৰ
জানিবা নিশ্চয় কৰি।
মাধৱ আমাৰ পৰম বান্ধৱ
মোৰ প্ৰাণ এৰে সৰি।।[3]

শংকৰদেৱৰ মৃত্যুৰ পিছত মাধৱদেৱে ধৰ্ম আন্দোলনৰ দায়িত্ব স্বীকাৰ কৰি সত্ৰ স্থাপন আৰু ধৰ্মীয় সংস্কৃতি সংৰক্ষণৰ বাবে বিশাল ভূমিকা গ্ৰহণ কৰে। তেওঁ শংকৰদেৱৰ দৰ্শনক আগবঢ়াই সত্ৰ প্ৰথাৰ বিকাশ ঘটায়। তেওঁ শংকৰদেৱৰ আদৰ্শৰ পৰা কেতিয়াও বিচ্যুত নহ’ল, আৰু গুৰুৰ প্ৰতি অকুণ্ঠ বিশ্বাস, আস্থা আৰু শ্ৰদ্ধা দেখুৱাই চিৰস্মৰণীয় হ’ল।[13] মাধবদেৱৰ জীৱনতো শংকৰদেৱ গুৰু আছিল, “শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু; তাহান্ত বিনাই নাহি নাহি নাহি, আমাৰ পৰম গুৰু’’ অথবা “জগজতাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ’’[14] অৰ্থাৎ ঈশ্বৰ তুল্য। তেওঁৰ পদপথ অনুকৰণ কৰিয়েই মাধবদেৱে ধৰ্ম বিস্তাৰৰ লগতে সাহিত্য-সংস্কৃতিৰ সকলো দিশতে অলেখ সৃষ্টি কৰি গৈছে।

কীৰ্ত্তন পুথি সংকলন

[সম্পাদনা কৰক]

কীৰ্তন পুথিত সন্নিৱিষ্ট অধ্যায়সমূহ শংকৰদেৱে বিভিন্ন সত্ৰত থাকোঁতে ৰচনা কৰি যিটো অংশ য’ত ৰচনা কৰিছিল, তাতে থাকি অহাৰ ফলত ই সংকলিত হোৱা নাছিল। গুৰুজনা প্ৰয়াণৰ আগে আগে মাধবদেৱক এই পুথিখন সংকলনৰ ভাৰ দি গৈছিল। পিছত মাধবদেৱে তেওঁৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰৰ দ্বাৰা এই পুথিখনৰ সমস্ত অধ্যায় সংগ্ৰহ কৰোৱাই সংকলিত কৰিছিল।[15]

বৃন্দাৱনী বস্ত্ৰ বয়ন

[সম্পাদনা কৰক]

কোচ ৰজা নৰনাৰায়ণ আৰু যুৱৰাজ চিলাৰায়ে শংকৰদেৱক বৰ সন্মান কৰিছিল। শংকৰদেৱৰ পৰা প্ৰায়ে শ্ৰীকৃষ্ণ কথা শ্ৰৱণ কৰি থাকে। এদিন ৰজাই বৃন্দাৱন দেখিবলৈ কেনেকুৱা চাবলৈ ইচ্ছা প্ৰকাশ কৰি পটত দেখুৱাবলৈ অনুৰোধ কৰাত শংকৰদেৱে সন্মত হৈ ৰজাক নানা-বৰণীয়া সূতা যোগাৰ কৰি দিবলৈ কৈ পাটবাউসী সত্ৰলৈ উভতি আহিল।[16][17]

পাটবাউসী পাই তাঁতীকুছিৰ তাঁতীসকলক মতাই আনি কেনেকৈ সেই কাপোৰ ব’ব লাগিব তাৰ দিহা দি কাপোৰ বোৱাৰ কাম আৰম্ভ কৰিলে। এই কাম বৰপেটাৰ তাঁতীকুছিত কৰা হৈছিল। পাটবাউসীৰ পৰা নিতৌ গুৰুজনাই কাপোৰ বোৱা চাবলৈ তাঁতীকুছিলৈ গৈছিল আৰু নিতৌ এবেগেতকৈ কাপোৰ বৈছিল।[16][17]

এদিন শংকৰদেৱৰ শৰীৰ অসুস্থ থকাত মাধৱদেৱক কাপোৰ বোৱা ঠাইলৈ পঠিয়ালে আৰু সিদিনা ব্ৰহ্মমোহন লীলাভাগ বোওৱা হৈছিল। সেইদিনা মাধৱদেৱৰ তত্ত্বাৱধানত এবেগেত চাৰি আঙুল কাপোৰ বোৱা হৈছিল। পিছত পাটবাউসীলৈ গৈ দিনটোৰ অগ্ৰগতিৰ কথা কোৱাত সন্তুষ্ট হৈ শংকৰদেৱে প্ৰশংসা কৰি কৈছিল, “মাধৱ, তুমি মই বোওৱাতকৈ বঢ়াই বোৱালা,এইবাবে আজিৰ পৰা তোমাৰ নাম বঢ়াৰ-পো দিলোঁ।’’[16][17]

গুৰু পত্নী কালিন্দী আই আৰু মাধৱদেৱ

[সম্পাদনা কৰক]

শংকৰদেৱৰ মৃত্যুৰ এবছৰমান পিছত বৰপুত্ৰ ৰামানন্দৰো মৃত্যু হৈছিল। গুৰুপত্নী কালিন্দী আইৰ সেই সময়ত আলাই-আথানি হৈছিল৷ তেতিয়া তেওঁ পাটবাউসী সত্ৰতে আছিল আৰু মাধবদেৱ আছিল গণককুছি সত্ৰত৷ পিছত আইৰ কথামতে মাধবদেৱে সুন্দৰীদিয়াত সত্ৰ পাতি থাকিবলৈ লয়৷ তাৰেপৰাই তেওঁ গুৰুপত্নীৰ খা-খবৰ ৰাখিছিল৷[18] কিন্তু, তাতো অসুবিধা দেখা দিয়াত কালিন্দী আইক সুন্দৰীদিয়ালৈ নি মাধৱ মৰলৰ মাটিতে ঘৰ সজাই থাকিবলৈ দিয়ে৷

মাধবদেৱ আৰু পদ্ম আতা

[সম্পাদনা কৰক]

অসমৰ মহাপুৰুষীয়া নৱ-বৈষ্ণৱ ধৰ্মৰ এগৰাকী একনিষ্ঠ সেৱক আছিল পদ্ম আতা। মাধবদেৱে তেওঁৰ সলনি পদ্ম আতাক উজনি অসমত শংকৰী ধৰ্ম-কলা-সংস্কৃতি প্ৰচাৰৰ দায়িত্ব দিছিল বাবে তেওঁৰ মূল নামৰ আগত “বদলা’’ বা লোকমুখত পৰি “বদুলা’’ সংযুক্ত হৈ পৰে। পদ্ম আতাৰ ঠাইত “বদুলা আতা’’ বুলিও তেওঁ জনাজাত।[19]

সত্ৰ স্থাপন

[সম্পাদনা কৰক]

শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুৰ পিছত মাধৱদেৱে মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ সাংগঠনিক দিশ অধিক সুদৃঢ় কৰাৰ বাবে বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰিছিল। সত্ৰসমূহ আছিল ধৰ্মীয় শিক্ষা, নাম-প্ৰচাৰ আৰু শৃংখলিত ভক্তিসাধনাৰ কেন্দ্ৰ। ই একেলগে ধৰ্ম আৰু সমাজ গঠনৰে মূল আধাৰ ৰূপে পৰিগণিত হৈছিল।[20]

বৰপেটা সত্ৰ

[সম্পাদনা কৰক]

মাধৱদেৱে ১৫০৫ শকত (১৫৮৩ খ্ৰীষ্টাব্দ) বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল।[21] তেওঁ শ্ৰীমথুৰা দাস বুঢ়া আতাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিছিল।

গণককুছি সত্ৰ

[সম্পাদনা কৰক]
গণককুছি সত্ৰ

গণককুছি সত্ৰ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা এখন সত্ৰ। বৰপেটা চহৰৰ কাষতে থকা গণককুছি সত্ৰ এক ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্বপূৰ্ণ স্থান। এই সত্ৰত মহাপুৰুষ মাধৱদেৱে ১৮ বছৰ ৬ মাহ বসবাস কৰিছিল। সেই সময়ছোৱাত তেওঁৰ লগত ৰাম আতৈ, শ্ৰীৰাম আতৈকে আদি কৰি বহুকেইগৰাকী ভকত একেলগে বসবাস কৰিছিল।[22] উজনি অসমত ধৰ্ম চৰ্চাত কিছু আহুকাল পাই দুয়োজনা গুৰু ভটিয়াই আহি তেতিয়াৰ কামৰূপত থিতাপি লয়। শংকৰদেৱে পাটবাউসী সত্ৰত আৰু মাধবদেৱে বাৰাদিত সত্ৰ পাতি থাকিবলৈ লয়। বাৰাদিৰ পৰা গুৰুসেৱা কৰিবলৈ নিতৌ পাটবাউসীলৈ যোৱাত মাধবদেৱৰ কষ্ট দেখি শংকৰদেৱে এজন গণকৰ পৰা চাৰি পুৰা মাটিৰ এখন বাৰী এতোলা সোণৰ বিনিময়ত কিনি লৈ তাতে মাধবদেৱৰ বাবে ঘৰ সজাই থাকিবলৈ দিয়ে। এই ঠাইখন অলপ দিনৰ পিছতেই ধৰ্ম চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল। শংকৰদেৱেও ইয়ালৈ আহি শাস্ত্ৰচৰ্চা কৰিছিল। গুৰুৰ আদেশত সত্ৰ স্থাপন কৰি এই গণককুছিতেই মাধবদেৱে কেইবাখনো ঝুমুৰা ৰচনা কৰিছিল।[23] গণককুছি থানত মাধৱদেৱে নিজ হাতে এজোপা ৰাঙল ফুল ৰুইছিল।[16]

সুন্দৰীদিয়া সত্ৰ

[সম্পাদনা কৰক]
সুন্দৰীদিয়া সত্ৰৰ ’মঠ’

মাধৱদেৱে ১৫৭০ চনত সুন্দৰীদিয়া সত্ৰ স্থাপন কৰিছিল৷ শংকৰদেৱৰ মৃত্যুৰ পিছত গুৰুপত্নী কালিন্দী আইৰ নিৰ্দেশত তেওঁ সুন্দৰীদিয়াত সত্ৰ পাতিছিল।[16] বৰপেটা সত্ৰৰ উত্তৰ পূব কোণত প্ৰায় ৩ কিলোমিটাৰ দূৰত বৰপেটা ভবানীপুৰ পথত এই সুন্দৰীদিয়া সত্ৰ অৱস্থিত আৰু ইয়াতে মাধবদেৱে ১৪ বছৰ ছমাহ কাল বাস কৰি নানা পদ-পুথি ৰচনা কৰিছিল৷[24]

বাৰাদি সত্ৰ

[সম্পাদনা কৰক]

বাৰাদি মাধৱদেৱে স্থাপন কৰা এখন সত্ৰ। এই সত্ৰখন বৰপেটা সত্ৰৰ নিচেই ওচৰতে অৱস্থিত। ইয়াতেই মাধৱদেৱৰ মাতৃৰ পৰলোকগমন হৈছিল আৰু মাধৱদেৱে মাতৃৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰি এই সত্ৰতেই ভাওনা প্ৰদৰ্শন কৰিছিল।[8]

অন্যান্য সত্ৰ স্থাপন

[সম্পাদনা কৰক]

মাধৱদেৱে নিজে কিছুমান সত্ৰ স্থাপন কৰিছিল আৰু তেওঁৰ শিষ্যসকলে বহু সত্ৰ স্থাপন কৰিছিল। তেওঁ সত্ৰসমূহৰ মাধ্যমে মহাপুৰুষীয়া ধৰ্ম বিস্তাৰ কৰিবলৈ সংগঠিত প্ৰচেষ্টা গ্ৰহণ কৰিছিল। নিচেই গুৰুত্বপূৰ্ণ কিছুমান সত্ৰ হ’ল—

  • আহতগুৰি সত্ৰ - ধৰ্মীয় চৰ্চা আৰু সংগঠনৰ ক্ষেত্ৰত এই সত্ৰ অত্যন্ত গুৰুত্বপূৰ্ণ আছিল।
  • বেলগুৰি সত্ৰ - এই সত্ৰত মাধৱদেৱে বহুদিন ধৰি বাস কৰিছিল আৰু বহু শিষ্যক দীক্ষা দিছিল।
  • ধাইহাট সত্ৰ - মাধৱদেৱে জীবনৰ অন্তিম সময়চোৱাত এই সত্ৰত অৱস্থান কৰিছিল।[25]

এই সত্ৰসমূহত মাধৱদেৱে শিষ্যৰ শিক্ষাদান, ধৰ্মীয় বিধিবিধান প্ৰৱৰ্তন আৰু কীৰ্তন আদি কাৰ্য চলাইছিল।[26] সেয়ে এই সত্ৰসমূহ মাধৱদেৱৰ ধৰ্মীয় দৃষ্টিভংগী, সংগঠন দক্ষতা আৰু শিষ্যনিৰ্ভৰ নেতৃত্বৰ পৰিচয় বহন কৰে। মাধৱদেৱে সত্ৰসমূহৰ মাধ্যমে ধৰ্মীয় আচাৰ-বিধি, নাম-কীৰ্তন আৰু আখণ্ড ভক্তিসাধনাৰ এক সাংগঠনিক সাঁচ গঢ়ি তোলে, যি বৰ্তমানো মহাপুৰুষীয়া ধৰ্মৰ মূল আধাৰ ৰূপে চলি আহিছে।

ধৰ্ম প্ৰচাৰ

[সম্পাদনা কৰক]

শংকৰদেৱ প্ৰচাৰিত ধৰ্মত কৃষ্ণই মূল আৰাধ্য দেৱতা। এই ধৰ্মমতত অন্য দেৱ-দেৱীক মানি লোৱা নহয়, বলি-বিধান, যাগ-যজ্ঞৰো প্ৰচলন নাই। আত্মা পৰমাত্মাৰ এক অংশহে মাথোন। পৰমাত্মা হ’ল নিৰ্গুণ।[9] “মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ। এতেকে মুকুতি পাইবা কহিলো স্বৰূপ।।’’ ইয়ে আছিল শংকৰদেৱৰ ধৰ্মৰ সহজ পথ। শংকৰদেৱৰ দীক্ষিত শিষ্য হিচাপে মাধৱদেৱে অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম বিস্তাৰত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল। শংকৰদেৱৰ মৃত্যুৰ পিছত মাধৱদেৱে ধৰ্মীয় নেতৃত্ব গ্ৰহণ কৰি ধৰ্মটোক অধিক সুসংগঠিত ৰূপ দিছিল। তেওঁৰ নেতৃত্বত সত্ৰ সংস্কৃতি গঢ়ি উঠে।

মাধৱদেৱে শংকৰদেৱৰ দেখুৱোৱা ধৰ্মপথ অনুসৰি ঈশ্বৰৰ নাম গ্ৰহণ, শুদ্ধ ভক্তিৰ মাধ্যমে মুক্তিলাভ আৰু সামাজিক সমতা প্ৰচাৰ কৰিছিল। তেওঁ গ্ৰাম্য অঞ্চললৈ গৈ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু বহু লোকক দীক্ষা দিছিল। মথুৰা দাস বুঢ়া আতা, পদ্ম আতা,গোপালদেৱ আতা, বৰবিষ্ণু আতা, হৰিহৰ আতা, কেশৱচৰণ আতা আদি প্ৰধান শিষ্য আছিল।[27] তেওঁৰ দীক্ষিত শিষ্যসকলৰ মাজত হৰিদাস ঠাকুৰ, অনন্ত দেৱ আদিৰ নাম উল্লেখযোগ্য।[28]

মাধৱদেৱৰ ধৰ্ম প্ৰচাৰৰ এক উল্লেখযোগ্য দিশ আছিল নামঘোষাৰ মাধ্যমে ধৰ্মৰ বাণী জনসাধাৰণলৈ প্ৰচাৰ কৰা। তেওঁ ৰচনাৰ জৰিয়তে ধৰ্মক হৃদয়ঙ্গম কৰা সহজ কৰি তোলে। বিশেষকৈ তেওঁৰ ৰচিত নামঘোষা কাব্যগ্ৰন্থখন মহাপুৰুষীয়া ধৰ্মত অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে।[29]


ধৰ্মৰ চাৰি বস্তু

[সম্পাদনা কৰক]

মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মত "ধৰ্মৰ চাৰি বস্তু" বা "চাৰিখন বস্তু" বুলিলে নাম, দেৱ, গুৰু আৰু ভকতক বুজোৱা হয়। এই চাৰিটা বস্তুকে ধৰ্মীয় জীৱনৰ মূল আধাৰ হিচাপে গণ্য কৰা হয়। মাধৱদেৱে এই বস্তুসমূহৰ গুৰুত্ব ব্যাখ্যা কৰি ধৰ্মীয় অনুশাসনৰ ৰূপ দিছিল।

  • নাম: ভগৱানৰ নাম লোৱাক (কীৰ্তন, নাম-ঘোষা) ধৰ্মৰ আটাইতকৈ মৌলিক আচাৰ বুলি গণ্য কৰা হয়। নাম-স্মৰণেৰে ভক্ত ভগৱানৰ সৈতে আত্মিক সংযোগ স্থাপন কৰে। বৈষ্ণৱ ধৰ্মত নাম-ঘোষাৰ মাধ্যৰে আত্মশুদ্ধি আৰু মুক্তিৰ পথ দেখুওৱা হয়।[30]
  • দেৱ: দেৱ বুলিলে ভগৱানক বুজোৱা হয়। বৈষ্ণৱ ধৰ্মত ভগৱান (বিশেষকৈ কৃষ্ণ) একমাত্ৰ উপাস্য, আৰু তেওঁৰ ওপৰত একনিষ্ঠ ভক্তিৰ ওপৰত গুৰুত্ব দিয়া হয়। দেৱৰ উপাসনা সাধাৰণতে নামঘোষা, কীৰ্তন, আৰু একান্ত ভক্তিৰে কৰা হয়।[31]
  • গুৰু: ধৰ্মপথৰ সঠিক দিশ দৰ্শোৱা জনক গুৰু বোলা হয়। গুৰুজনক ভগৱানৰ দ্বাৰা নিৰ্ধাৰিত পথত ভক্তক নিৰ্দেশনা দিয়া এজন আধ্যাত্মিক শিক্ষক হিচাপে গণ্য কৰা হয়। মাধৱদেৱে গুৰুৰ প্ৰতি আনুগত্য আৰু শ্ৰদ্ধাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।[32]
  • ভকত: ভকত বুলিলে ভগৱানৰ ভক্তসকলক বুজোৱা হয়। মহাপুৰুষীয়া ধৰ্মত ভকতসকলৰ সৈতে সম্প্ৰীতি, সহানুভূতি আৰু সমতা ৰাখিবলৈ উৎসাহিত কৰা হয়। সমাজত ধৰ্মীয় একতাৰ এক প্ৰতীক হিচাপে ভকতৰ স্থান বৰগম্ভীৰ।[33]

এই চাৰি বস্তু — নাম, দেৱ, গুৰু আৰু ভকত — বৈষ্ণৱ ধৰ্মৰ ভিত্তি, যাৰ ওপৰত সৎ জীৱন, আধ্যাত্মিক সাধনা আৰু সামাজিক সদভাৱ স্থাপিত হয়।


কোচ ৰজাত গোচৰ

[সম্পাদনা কৰক]

বৰপেটা সত্ৰত থাকি ধৰ্মচৰ্চা কৰি থকা সময়ত অসুৰাৰি ভট্টাচাৰ্য নামে এজন ব্ৰাহ্মণে কোচ ৰজা ৰঘুদেৱৰ ওচৰত ধৰ্মৰ নামত অনাচাৰ কৰা বুলি মাধৱদেৱৰ বিৰুদ্ধে গোচৰ দিলেগৈ। ৰঘুদেৱে খং কৰি সুৰানন্দ নামৰ এজন বিষয়াক মাধৱক ধৰি আনিবলৈ পঠিয়ালে। (ৰঘুদেৱ চিলাৰায়ৰ পুত্ৰ আৰু লক্ষ্মীনাৰায়ণ নৰনাৰায়ণৰ পুত্ৰ। চিলাৰায়ৰ মৃত্যুৰ পিছত নৰনাৰায়ণে তেওঁৰ ৰাজ্যখন দুভাগ কৰি এভাগ ৰঘুদেৱ আৰু আনভাগ লক্ষ্মীনাৰায়ণক দিলে। সেয়ে কামৰূপৰছোৱা ৰঘুদেৱৰ হাতত আছিল আৰু মাধৱদেৱৰ বিচাৰ কৰাৰ অধিকাৰ পাইছিল।[16]) সুৰানন্দই মাধৱদেৱক লৈ গৈ ৰজাক বাতৰি দিয়াত ৰজাই তেওঁক ৰাঘৱৰ ঘৰতে থ’বলৈ ক’লে। পিছত গাভৰু মাঝিয়ে সাজি দিয়া চৈৰ ঘৰ এটাত মাধৱদেৱ থাকিবলৈ ল’লে।[16] কিছুদিন পিছত মাধৱদেৱৰ পাণ্ডিত্যৰ প্ৰমাণ চাবলৈ ওজা ছাত্ৰ কেইজনমানক মাধৱদেৱৰ ওচৰলৈ পঠিয়ালে। ছাত্ৰসকলৰ মুখে মাধৱদেৱৰ অগাধ পাণ্ডিত্য কথা জানিব পাৰি কুতৰ্কী ব্ৰাহ্মণসকলে ৰজাক “আমি এইজন মাধৱৰ কথা কোৱা নাছিলোঁ, খনাত বেলেগ এজন মাধৱহে আছিল’’ বোলাত ৰজাই খং কৰি ব্ৰাহ্মণসকলক খেদি দিলে আৰু মাধৱদেৱক উভতি যাবলৈ ক’লে।[16]

ৰঘুদেৱ ৰজাৰ হাতত লাঞ্ছিত হোৱাৰ পিছত মাধৱদেৱৰ মনত বিৰক্তি উপজি সেই ঠাই পৰিত্যাগ কৰি কোনো ভাল ঠাইলৈ যোৱাৰ মন মেলিছিল। ভাল ঠাই বিচৰাত ৰজাই তেওঁক হাজোত থাকিবলৈ দিছিল। কিছুদিন হাজোৰ ৰামবালিত নাও চপাই থাকিবলৈ ল’লে। ইয়াতো মাধৱদেৱৰ ভকত বৃদ্ধি হৈ খ্যাতিমান হোৱাত মাধৱমন্দিৰৰ পাণ্ডাসকল বিতুষ্ট হৈ পুনৰ ৰজাত গোচৰ দিলে। ৰজাই মাধৱদেৱক তেওঁৰ ৰাজ্যৰ য’তে ভাল লাগে থাকিবলৈ অনুমতি দিয়াত মাধৱদেৱ নীলাচললৈ গ’ল। কিন্তু নীলাচলতো “মাতৃৰ গুপ্ত অংগ পুত্ৰই দৰ্শন কৰিব নাপায়’’[16] বুলি মন্দিৰৰ ভিতৰত নোসোমাই তাৰ পৰা নাও লৈ ভটিয়াই যায়।

কোচ ৰজাৰ পৃষ্ঠপোষকতা লাভ

[সম্পাদনা কৰক]

ৰঘুদেৱ ৰজাৰ হাতত লাঞ্ছিত হোৱা শুনি লক্ষ্মীনাৰায়ণ ৰজাৰ আইধায়ে মাধৱদেৱক তেওঁলোকৰ ৰাজ্যলৈ মাতি পঠিয়ায়। মাধৱদেৱেও গুৰু শংকৰে শেষনিশ্বাস পেলোৱা ঠাইলৈকে যাবলৈ পাই ৰং পালে আৰু ভটিয়াই আহি গজিয়াঘাটত মথুৰাদাস বুঢ়া আতা, নাৰায়ণ দাস ঠাকুৰ আতা, ৰামচৰণ আদি ভকতসকলক মাত-বোল দি লক্ষ্মীনাৰায়ণ ৰজাৰ ৰাজ্যলৈ আগবাঢ়িলে।[16]

ড° মহেশ্বৰ নেওগৰ “Early History of the Vaiṣṇava Faith and Movement in Assam’’ নামৰ লেখা মতে, মাধৱদেৱে তেওঁৰ ধৰ্মীয় জীৱনৰ অন্তিম পৰ্যায়ত কোচ ৰাজ্যৰ ৰজা নৰনাৰায়ণ আৰু সেনাপতি চিলাৰায়ৰ পৰা বিশেষ পৃষ্ঠপোষকতা লাভ কৰিছিল। শংকৰদেৱৰ দেহাৱসানৰ পাছত মাধৱদেৱ বৈষ্ণৱ ধৰ্মৰ নেতৃত্ব গ্ৰহণ কৰি ইয়াৰ বিস্তাৰ আৰু সুসংগঠনত মনোনিৱেশ কৰিছিল। এই সময়তে সেনাপতি চিলাৰায়ে তেওঁক কোচবিহাৰলৈ নিমন্ত্ৰণ জনাইছিল, যিটো তেওঁ গ্ৰহণ কৰিছিল।[34]

আনহাতে, S.N.Sarmaৰ লেখাতো মাধৱদেৱে নৰনাৰায়ণ আৰু চিলাৰায়ৰ পৃষ্ঠপোষকতা লাভ কৰিছিল বুলি উল্লেখ পোৱা যায়। চিলাৰায় মাধৱদেৱৰ ধৰ্মীয় নিষ্ঠা আৰু ব্যতিক্ৰমী সাহিত্যিক প্ৰতিভাৰ প্ৰতি গভীৰ ভাবে আকৰ্ষিত হৈছিল। তেওঁ মাধৱদেৱক পূৰ্ণ স্বাধীনতা আৰু আশ্ৰয় প্ৰদান কৰিছিল যাতে তেওঁ বৈষ্ণৱ ধৰ্মৰ শিক্ষা আৰু কীৰ্তন প্ৰথাৰ বিস্তাৰ অব্যাহত ৰাখিব পাৰে।[35] মাধৱদেৱে এই সময়তে কোচ ৰাজ্যত কেইবাটাও সত্ৰ স্থাপন কৰে, বিশেষকৈ সোণাৰী অঞ্চলত স্থাপিত সত্ৰটোৱে গুৰুত্ব লাভ কৰে।

চিলাৰায়ে মাধৱদেৱক "মহাপুৰুষ" হিচাপে সম্বোধন কৰিছিল, আৰু তেওঁৰ সাহিত্য আৰু ধৰ্মীয় কৰ্মকাণ্ডলৈ ৰাজআশ্ৰয় প্ৰদান কৰিছিল, যাৰ ফলস্বৰূপে বৰগীত, নাট, নামপ্ৰসঙ্গ আদিৰ ব্যাপক বিস্তাৰ সাধন হৈছিল।[36] সত্যেন্দ্ৰনাথ শৰ্মাই মত দিছে যে, মাধৱদেৱে পোৱা এই ৰাজপৃষ্ঠপোষকতাই কেৱল বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠানিক বিস্তাৰ নহয়, অসমীয়া সাহিত্য তথা সংস্কৃতিৰো বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।[37]

ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ ৰজাৰ ৰাজ্যৰ সীমা সোণকোষ নৈ পাৰ হৈ মাধৱদেৱ বেহাৰত প্ৰৱেশ কৰিছিল। তেওঁ পোনতে মাইডৰীয়া গোপাল নামে শিষ্য এজনৰ ঘৰত আছিল। পিছত আইধায়ে খবৰ দিয়ালে যে সত্ৰ পাতি থকাৰ সুব্যৱস্থা কৰি দিব খোজে। মাধৱদেৱ তাতে সন্মতি দিয়াত লক্ষ্মীনাৰায়ণ ৰজাৰ নিৰ্দেশত ভেলাদুৱাৰত হাটী-বাটি, নামঘৰ আদি নিৰ্মাণ কৰাই দিলে আৰু মাধৱদেৱে তাতে সত্ৰ স্থাপন কৰিলে। মাধৱদেৱৰ ওচৰত ৰাজকুমাৰ বীৰনাৰায়ণ আৰু ৰাজমাৱে শৰণ ল’লে। তাৰপিছত মাধৱদেৱ ৰাজবিষয়া বিৰূপাক্ষ কাজীৰ দিহামতে ৰাজদৰবাৰলৈ গৈ ৰজাক সাক্ষাৎ কৰিলে। ৰজা লক্ষ্মীনাৰায়ণ মাধৱদেৱৰ পাণ্ডিত্যত মুগ্ধ হ’ল। ৰজাই তেওঁৰ ভাণ্ডাৰত থকা পুৰুষোত্তম গজপতিৰ পৃষ্ঠপোষকতাত ৰচিত নামমালিকা পুথিখনৰ পৰা পদ ৰচনা কৰিবলৈ দিছিল আৰু মাধৱদেৱে সেই পুথিখন অসমীয়াত ভাঙনি কৰি ৰচনা কৰিছিল। ভেলাদুৱাৰত থাকোঁতেই মাধৱদেৱে নামঘোষা পুথিৰ সাৰ সংগ্ৰহ কৰি কুলুপৰ ঘোষা ৰচনা কৰিছিল। শৰণ, ভজন, নিন্দা, স্তুতি, উপদেশ, প্ৰাৰ্থনা, কাকূতি, খেদ আদি চৌব্বিশটা কুলুপত নামঘোষাখন বিভক্ত কৰিছিল। প্ৰথমে এই পুথি জনাৰ্দ্দন নামে ভকত এজনৰ হৃদি আৰু কণ্ঠগত কৰাইছিল। এই নামঘোষা পুথিখনিত পিছত মাধৱদেৱে মথুৰা দাস বুঢ়া আতাই ৰচনা কৰা তিনিটি ঘোষাও অন্তৰ্ভূক্ত কৰিছিল।[16]

সাহিত্যকৃতি

[সম্পাদনা কৰক]

ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ একাধিক বৰগীত[38], ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) গীত ৰচনা কৰে।[39] অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিষ্ট হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি

আখ্যানমূলক ৰচনা

[সম্পাদনা কৰক]

তত্ত্বমূলক ৰচনা

[সম্পাদনা কৰক]

নাট-ঝুমুৰা

[সম্পাদনা কৰক]

শংকৰদেৱৰ অনুকৰণত শ্ৰীকৃষ্ণৰ লীলা-মাহাত্ম্য প্ৰকাশক কেইবাখনো নাট- ঝুমুৰা আৰু গীত মাধৱদেৱে ৰচনা কৰে। সেইসমূহ হ’ল:[40]

বৰ্তমানলৈ উদ্ধাৰ নোহোৱা নৃসিংহ যাত্ৰা, গোৱৰ্দ্ধন যাত্ৰা আৰু ৰাসযাত্ৰাৰ বিষয়ে চৰিত পুথিত উল্লেখ কৰা আছে।[40] উল্লেখযোগ্য যে, পৰৱৰ্তীকালত একে নামৰ নাট আন আন আতা-মহন্তসকলেও ৰচনা কৰিছিল।

তিৰোভাৱ

[সম্পাদনা কৰক]

শংকৰদেৱৰ ওচৰত নৰনাৰায়ণ ৰজাই শৰণ লোৱাৰ ইচ্ছা প্ৰকাশ কৰাৰ দৰে লক্ষ্মীনাৰায়ণেও মাধৱদেৱৰ ওচৰত শৰণ ল’বলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু মাধৱদেৱে “ৰজাৰ শৰণ নাই’’ কাৰণ, অন্য দেৱদেৱী নুপুজিলে প্ৰজাৰ মনত অসন্তোষ হৈ ৰাজ্যত বিঘিনি ঘটিব পাৰে বুলি বুলাইছিল। কিন্তু ৰজাই জেদ কৰাত পিছদিনালৈ স্থগিত ৰাখি গুৰুজনা নিজস্থানলৈ আহিছিল। পিছদিনা নতুন বস্ত্ৰ দি আইধায়ে মাধৱদেৱক নিবলৈ মানুহ পঠিওৱাত শিষ্য হৰিবল্লভৰ পৰা পানী আনি হাত-মুখ ধুই ন-বস্ত্ৰ পিন্ধি চোতালত তেওঁৰ নিৰ্দেশত পতা শয্যাত বহি যোগাসন কৰিব ধৰিছিল। আৰু মুখেৰে হৰি হৰি ধ্বনি উচ্চাৰণ কৰি শিষ্যসকলৰ সম্মুখতে ১৫১৮ শকৰ ভাদ মাহৰ কৃষ্ণপক্ষৰ পঞ্চমী তিথিত[16] ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত তেওঁ প্ৰাণত্যাগ কৰে।[1]

আৰু চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "Mahapurush Srimanta Madhabdeva | Srimanta Madhabdeva | Mahapurush Madhabdeva | Madhabdeva | Sri Sri Madhabdeva | History of Madhabdeva". Assaminfo.com. http://www.assaminfo.com/famous-people/52/mahapurush-srimanta-madhabdeva.htm। আহৰণ কৰা হৈছে: 2013-03-16. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 দেৱগোস্বামী, নাৰায়ণ চন্দ্ৰ (১৯৮৪). সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৮০৫. ISBN 81-7331-103-X. 
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 3.10 3.11 3.12 ঠাকুৰ, দৈত্যাৰী (২০০৪ তৃতীয় প্ৰকাশ). মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ চৰিত্ৰ. দত্তবৰুৱা পাব্লিছিং কোম্পানী প্ৰা: লি:. পৃষ্ঠা. ২২,২৬, ৪৬, ৫০. 
  4. 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 4.12 নেওগ, মহেশ্বৰ (সম্পাদিত) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৩৯. 
  5. 5.0 5.1 পাৰ্থপ্ৰতীম শৰ্মা (২০০৮). আমাৰ মাধৱদেৱ. বনলতা. পৃষ্ঠা. ২১. 
  6. Maheshwar Neog (1980). Early History of the Vaishnava Faith and Movement in Assam. Delhi: Motilal Banarasidass.
  7. ভূঞা, অপূৰ্ব (১-১৫ জুলাই ২০১১). "অসমৰ ভূঞাসকলৰ আঁতিগুৰি বিচাৰি". প্ৰান্তিক (১৫শ সংখ্যা): ৩৫. 
  8. 8.0 8.1 শৰ্মা, শিৱ (২০০৭). মহাতীৰ্থ অসম. বাণী মন্দিৰ. পৃষ্ঠা. ১২৩. ISBN 978-81-7206-351-9. 
  9. 9.0 9.1 9.2 বৰুৱা, কনকলাল,(অনু: অঞ্জন শৰ্মা) (২০২০). প্ৰাচীন কামৰূপৰ ইতিহাস. Powershift. পৃষ্ঠা. ২৮৬. ISBN 978-93-87494-38-1. 
  10. https://www.asomiyapratidin.in/assam/bikekh-pratibedon-by-joydeep-narayan-on-madhabdev
  11. "Welcome to The Site". Srimanta.net. Archived from the original on 2015-03-19. https://web.archive.org/web/20150319204909/http://srimanta.net/contents_l3.php?q=3&ID=1&ID3=41&link_caption=Madhavadeva। আহৰণ কৰা হৈছে: 2013-03-16. 
  12. Sarma, S.N. The Neo-Vaishnavite Movement and the Satra Institution of Assam, Assam Publication Board, 1966, pp. 78–80.
  13. Neog, Maheswar. Early History of the Vaisnava Faith and Movement in Assam, Motilal Banarsidass, 1980, pp. 250–253.
  14. শইকীয়া, নগেন (আগষ্ট ২০১০). "নামঘোষা:তত্ত্ব আৰু ৰস". গৰীয়সী খণ্ড সপ্তদশ বছৰ (একাদশ সংখ্যা): ১০. 
  15. ড: দ্বিজেন্দ্ৰ নাথ ভকত (১৯৯৮). কীৰ্ত্তন-এক সমীক্ষাত্মক আলোচনা. প্ৰকাশক পানবজাৰ, গুৱাহাটী: চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ১,২,৪. 
  16. 16.00 16.01 16.02 16.03 16.04 16.05 16.06 16.07 16.08 16.09 16.10 16.11 16.12 16.13 বেজবৰুৱা, লক্ষ্মীনাথ (১৯৯৫ (নতুন সংস্কৰণ)). শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১৫৬. 
  17. 17.0 17.1 17.2 ঠাকুৰ, ৰামচৰণ (১৯৮৫ (দ্বাদশ প্ৰকাশ)). গুৰু-চৰিত. দত্তবৰুৱা পাব্লিছিং কোম্পানী প্ৰা: লি:. পৃষ্ঠা. ৭১৬,৭১৭. 
  18. তালুকদাৰ, গোবিন্দ (১৯৯৬). সুন্দৰীদিয়া সত্ৰৰ ইতিবৃত্ত. দিপান্বিতা তালুকদাৰ. পৃষ্ঠা. ৪. 
  19. (Sarma 2013:48)
  20. Sarma, S.N. The Neo-Vaishnavite Movement and the Satra Institution of Assam, Assam Publication Board, 1966, pp. 102–105.
  21. "Barpeta Satra (Xatra), Barpeta Kirtan Ghar - Barpeta, Assam, Religious and Cultural Centre". Onlinesivasagar.com. http://onlinesivasagar.com/tourism/barpeta-satra.php। আহৰণ কৰা হৈছে: 2013-06-15. [সংযোগবিহীন উৎস]
  22. "Ganakkuchi Satra: A Satra Established by Mahapurush Madhavdev" (as ভাষাত). News18 NetworkNews18 Assam. https://assam.news18.com/news/assam/ganakkuchi-satra-a-satra-established-by-mahapurush-madhavdev-skd-local18-411945.html। আহৰণ কৰা হৈছে: 12 June 2025. 
  23. দাস, অমিয় কুমাৰ (২০২৪). বৰপেটা সত্ৰৰ ৰূপৰেখা. ৰেখা প্ৰকাশন. পৃষ্ঠা. ৩৬. ISBN 978-81-977981-1-5. 
  24. পাঠক, ৰাতুল (সম্পাদক) (২০০৮). সচিত্ৰ সুন্দৰীদিয়া সত্ৰ. সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতি. 
  25. Neog, Maheswar. Early History of the Vaisnava Faith and Movement in Assam, Motilal Banarsidass, 1980, pp. 295–296.
  26. Sarma, S.N., pp. 111–113.
  27. দাস, অৰ্জুন চন্দ্ৰ (২০০৬). মহাপুৰুষীয়া ধৰ্মৰ নৱৰত্ন. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা. 
  28. Sarma, S.N. The Neo-Vaishnavite Movement and the Satra Institution of Assam, Assam Publication Board, 1966, pp. 79–82.
  29. Neog, Maheswar. Early History of the Vaisnava Faith and Movement in Assam, Motilal Banarsidass, 1980, pp. 290–292.
  30. Neog, Maheswar. Early History of the Vaisnava Faith and Movement in Assam, Motilal Banarsidass, 1980, pp. 220–221.
  31. Sarma, S.N. The Neo-Vaishnavite Movement and the Satra Institution of Assam, Assam Publication Board, 1966, p. 95.
  32. Barua, B.K. A Cultural History of Assam, Lawyer’s Book Stall, 1951, pp. 273–275.
  33. Neog, Maheswar, p. 222.
  34. Neog, Maheswar. Early History of the Vaiṣṇava Faith and Movement in Assam, Motilal Banarsidass, 1980, p. 302.
  35. Sarma, S.N. The Neo-Vaishnavite Movement and the Satra Institution of Assam, Assam Publication Board, 1966, p. 89.
  36. Maheswar Neog, 1980, pp. 308–309.
  37. Sarma, S.N., 1966, p. 95.
  38. "Encyclopaedia of Indian Literature: A-Devo - Google Books". Books.google.co.in. http://books.google.co.in/books?id=ObFCT5_taSgC&pg=PA387&lpg=PA387&dq=Madhavdeva&source=bl&ots=mVFY0yGOt5&sig=sTGlQ0j6_roY1CDvIGphD70yUiY&hl=en&sa=X&ei=0LtEUbClB8LprQeIw4DQAg&ved=0CGoQ6AEwCTgU#v=onepage&q=Madhavdeva&f=false। আহৰণ কৰা হৈছে: 2013-03-16. 
  39. নেওগ, ডিম্বেশ্বৰ (১৯৯৯). নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী. শুৱনী প্ৰকাশন. পৃষ্ঠা. ১৭৪. 
  40. 40.0 40.1 বৰুৱা, প্ৰদীপ (২০০৩). চিত্ৰ বিচিত্ৰ অসম. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৯.