চোৰধৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
চোৰধৰা

শিশুকৃষ্ণই লৱণু চুৰি কৰোঁ‌তে গোৱালিনীৰ হাতত ধৰা পৰাৰ চিত্ৰণ
লিখক মাধৱদেৱ
চৰিত্ৰসমূহ কৃষ্ণ
যশোদা
মূল ভাষা ব্ৰজাৱলী ভাষা
বিষয় ধাৰ্মিক

মাধৱদেৱচোৰধৰা নাটকখন শ্ৰীকৃষ্ণৰ বাল্য লীলা-বিষয়ক।[1] মাধৱদেৱৰ নাটকবোৰ "ঝুমুৰা" হিচাপেহে অসমীয়া নাট্য সাহিত্যত পৰিচিত। চৰিত পুথি মতে অনুমাণিক ১৫৫৭ খ্ৰীষ্টাব্দৰ ভিতৰত মাধৱদেৱে চোৰধৰা নাটকখন ৰচনা কৰে। নাটকখনিৰ মূল "বিল্বমঙ্গল"ৰ 'কৃষ্ণস্তোত্ৰ'ৰ কেইটিমান নিৰ্দিষ্ট শ্লোক। চোৰধৰা নাটকৰ কাহিনীৰ কোনো বিকাশ নাই। কাহিনী য'ত আৰম্ভ হৈছে, ত'তেই তাৰ সমাপ্তিও ঘটিছে।[2] চোৰধৰা নাটকত গোৱালিনীসকলে মাখন চোৰ বুলি কৃষ্ণক ধৰিছে আৰু অইনফালে মাতৃ যশোদাৰ কৃষ্ণ হেৰাল বুলি অন্বেষণ। বহুত বিচৰাৰ পিছত যশোদাই আহি কৃষ্ণক গোৱালিনীসকলৰ হাতৰ পৰা এৰুৱাই অনেক কাৰ্তুবাদ কৰি ঘৰলৈ লৈ গৈছে।[1]

চোৰধৰা নাটকৰ কাহিনী[সম্পাদনা কৰক]

শূন্যগৃহ দেখি লৱণু চুৰি কৰিবলৈ গৈ শিশুকৃষ্ণই গোৱালিনীৰ হাতত ধৰা পৰে। সাৰিবৰ উপায় নেদেখি ছেগ বুজি কৃষ্ণই লগৰ গৰখীয়া ল'ৰা কেইজনমানক মাতি আনি তেওঁক মিছাকৈ চোৰধৰা বুলি কৈ গোপীহঁতৰ ওপৰতহে তেওঁলোকে ওলোটাই গালি বৰষিব ধৰিলে। ইপিনে বহুত পৰলৈ কৃষ্ণ ঘৰলৈ উলটি নহা দেখি যশোদাই ব্যাকুল হৈ যমুনাৰ পাৰে পাৰে বিচাৰি চলাথ কৰিলে। শেষত এগৰাকী গোপীয়ে তেওঁক দেখা বুলি কৈ যশোদাক সেই ঠাইলৈ লৈ গ'ল। কৃষ্ণক দেখি যশোদাৰ হৃদয় শাঁত পৰে। তেওঁ কৃষ্ণক কোলাত তুলি লয়। কৃষ্ণই মাকৰ স্তন পান কৰি কান্দি কান্দি গোৱালিনীৰ বিৰুদ্ধে কথা লগাই মাকৰ হতুৱাই গোৱালিনীসকলক গালি খুৱাইছে।[3]

নাট্যকাৰৰ চমু পৰিচয়[সম্পাদনা কৰক]

মাধৱদেৱ আছিল মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য, অনুগত সেৱক আৰু প্ৰধান সংগী | ১৪৮৯ চনত উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয় | পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা| প্ৰথমতে শাক্ত আছিল যদিও শংকৰদেৱৰ সান্নিধ্যলৈ আহি একান্ত বৈষ্ণৱ হয় | মাধৱদেৱ আছিল এক বিৰল প্ৰতিভাৰ অধিকাৰী আছিল | শংকৰদেৱৰ পিছত মাধৱদেৱ ধৰ্মাধিকাৰীৰূপে মনোনীত হয় আৰু একাণপতীয়াকৈ শাস্ত্ৰ ৰচনা আৰু ধৰ্ম প্ৰচাৰৰ কাম কৰে | চিৰকুমাৰ মাধৱদেৱৰ ১৫৯৬ চনত মৃত্যু হয় |[4] "শ্ৰীশ্ৰীমাধৱদেৱৰ বাক্যামৃত" নামৰ গ্ৰন্থত মাধৱদেৱৰ ৰচনাৰাজি তলত দিয়া ধৰণৰ:-[5]

  • নামঘোষা
  • ভক্তি ৰত্নাৱলী
  • জন্ম ৰহস্য
  • ৰামায়ণ (আদি কাণ্ড)
  • নাম মালিকা
  • ৰাজসূয়
  • অৰ্জুন ভঞ্জন
  • ভোজন বিহাৰ
  • চোৰ-ধৰা
  • ভূমি লোটোৱা
  • পিম্পৰা গুচোৱা
  • বৰগীত
  • ভটিমা

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

কৃষ্ণ[সম্পাদনা কৰক]

চোৰধৰা নাটকখনৰ কেন্দ্ৰীয় চৰিত্ৰ হ'ল বালক কৃষ্ণ। নাট্যকাৰে নাটত শিশু কৃষ্ণক দুমুখীয়া ৰূপত চিত্ৰিত কৰিছে। এফালেদি তেওঁ চোৰ চাতুৰি খেলি গোৱালী আৰু যশোদাক লটিঘটি কৰা বিহগুটি মানৱ শিশু আৰু আনফালেদি তেঁৱেই ভূমিৰ ভাৰ বহন কৰোঁতা ত্ৰিজগতৰ পতি। লৱণুচোৰ আৰু বাকপটু কানায়ে গোৱালীৰ ওচৰত নেগুৰ কটা বাঘ ৰূপে আৰু যশোদাৰ ওচৰত শান্ত শিষ্ট অজলা শিশু ৰূপে ধৰা দিছে।[6]ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই কৈছে যে "মানৱ শিশুৰ কাৰ্যকলাপ আৰু ব্যৱহাৰ কৃষ্ণ চৰিত্ৰত আৰোপ কৰিছে যদিও কৃষ্ণৰ অলৌকিক আৰু ঐশ্বৰিক দিশলৈ নাট্যকাৰে পিঠি দিয়া নাই। কৃষ্ণ চৰিত্ৰৰ ঐশ্বৰিক দিশ ফুটাই তুলিবলৈ যাওঁতে অথবা ধৰ্মীয় কথা জাপি দৰ্শকৰ ৰসবোধত ব্যাঘাত জন্মোৱা নাই। "[7]

যশোদা[সম্পাদনা কৰক]

নাটখনিত প্ৰধান নাৰী চৰিত্ৰ হ'ল যশোদা | যশোদাক ইয়াত চিৰন্তন মাতৃ ৰূপে অংকন কৰিছে | যশোদা ইয়াত স্নেহ মমতাৰ জীৱন্ত প্ৰতিমূৰ্তি | যশোদাৰ বাবে শিশুকৃষ্ণ 'কৌটি পুৰুষক পৰম দেৱতা, মাথাক মুকুট, বুকুৰ শীতল চন্দন' (বই) নয়নমণি কৃষ্ণক অকণমান পৰ নেদেখিলেই যশোদাই দিনতে আন্ধাৰ দেখে | যমুনাৰ পাৰে পাৰে বিচাৰি চলাথ কৰাৰ পিছত যেতিয়া গোৱালিনীৰ মাজত কৃষ্ণক দেখা পাইছে তেতিয়া যশোদাৰ হিয়া শাঁত পৰিছে | কৃষ্ণই যেতিয়া গোৱালিনীৰ বিৰুদ্ধে গোচৰ দিছে তেতিয়া যশোদাই খঙত অগ্নিশৰ্মা হৈ গোৱালিনীহঁতক ঢাণ্ডী, দাসীৰ দাসী বুলি গালি পাৰিছে আৰু সেই স্থানলৈ দুনাই নাহিবলৈ কৃষ্ণক কৈছে | এনেকৈয়ে যশোদাৰ মমতাময়ী চিৰন্তৰ মাতৃৰ ৰূপ প্ৰকাশ পাইছে |[8]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 কাকতি, বাণীকান্ত (১৯৮৯). "চোৰধৰা". পুৰণি অসমীয়া সাহিত্য. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৪৮. 
  2. মেধি, কালিৰাম (১৯৫০). "পাতনি". অঙ্কাৱলী. প্ৰকাশক গুৱাহাটী: বাণী মন্দিৰ. পৃষ্ঠা. ১-২. 
  3. ভট্টাচাৰ্য, হৰিচন্দ্ৰ (১৯৮৮). "শ্ৰীমাধৱদেৱ". অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি. প্ৰকাশক গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৪৫. 
  4. বৰুৱা, শান্তনু কৌশিক (২০০১). অসম অভিধান. প্ৰকাশক গুৱাহাটী: বনলতা. পৃষ্ঠা. ১৮৪. ISBN 81-7339-317-6. 
  5. গোস্বামী, পূৰ্ণনন্দ (সম্পাদিত) (২য় প্ৰকাশ, ১৯৮০). শ্ৰীশ্ৰীমাধৱদেৱৰ বাক্যামৃত. প্ৰকাশক গোলাঘাট: জ্যোতি প্ৰকাশ. পৃষ্ঠা. ৫৬. 
  6. বৰা, ড॰ লীলাৱতী শইকীয়া (১৯৮৮). "নাট্যকাৰ মাধৱদেৱ আৰু চোৰধৰা পিম্পৰা গুচোৱা". ভাষা সাহিত্যৰ সুবাস. প্ৰকাশক টিহু : গুৱাহাটী: চন্দ্ৰপ্ৰকাশ :. পৃষ্ঠা. ১০৭-১১১. 
  7. শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৯২). "মাধৱদেৱ". অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক ৰিহাবাৰী, গুৱাহাটী: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ১৩৮. 
  8. শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৯২). "মাধৱদেৱৰ নাট". অসমীয়া নাট্য সাহিত্য. প্ৰকাশক ৰিহাবাৰী, গুৱাহাটী: সৌমাৰ প্ৰিণ্টিং এণ্ড পাব্লিসিং প্ৰাইভেট লিমিটেড. পৃষ্ঠা. ৭৯.