পিম্পৰা গুচোৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পিম্পৰা গুচোৱা

গোপ বন্ধুৰ সৈতে কৃষ্ণই মাখন চুৰি কৰি খোৱাৰ দৃশ্য।
লিখক মাধৱদেৱ
চৰিত্ৰসমূহ কৃষ্ণ
যশোদা
মূল ভাষা ব্ৰজাৱলী ভাষা
বিষয় ধাৰ্মিক

মাধৱদেৱপিম্পৰা গুচোৱা শিশু উপযোগী এখন ধেমেলীয়া নাট বা ঝুমুৰা। ইয়াত শিশু কৃষ্ণই গোৱালৰ ঘৰত খীৰ লৱণু চুৰি কৰি খাই ধৰা পৰাৰ এটি ধেমেলীয়া দৃশ্য দিয়া হৈছে।[1] নাটকখন শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত। চৰিত পুথি মতে অনুমাণিক ১৫৬৮-৮০ খ্ৰীষ্টাব্দৰ ভিতৰত মাধৱদেৱে পিম্পৰা গুচোৱা নাটকখন ৰচনা কৰে।[2] নাটকখনিৰ মূল "বিল্বমঙ্গল"ৰ 'কৃষ্ণস্তোত্ৰ'ৰ কেইটিমান নিৰ্দিষ্ট শ্লোক। পিম্পৰা গুচোৱা নাটকৰ কাহিনীৰ কোনো বিকাশ নাই। কাহিনী য'ত আৰম্ভ হৈছে, ত'তেই তাৰ সমাপ্তিও ঘটিছে। পিম্পৰা গুচোৱা নাটকত গোৱালিনীসকলে মাখন চোৰ বুলি কৃষ্ণক ধৰিছে, ধূৰ্ত কৃষ্ণই নিজকে বলোভদ্ৰৰ ভায়েক বুলি পৰিচয় দি নিজৰ ঘৰ বুলি ভুলতে গোপীৰ ঘৰত সোমোৱা, পৰুৱা গুচাবলৈহে লৱণু-কলহত হাত দিয়া আৰু হেৰোৱা গৰু পোৱালিটোৰ কথা সুধিবলৈহে শুই থকা শিশুক জগোৱা বুলি জীয়া ফাঁকি দি পলাব খোজোঁতেই গোপীয়ে বচনত তস্তকৰৰ চাতুৰি, নয়নত ছলনাময় অশ্ৰু আৰু কৃষ্ণৰ মুখত লৱণুৰ গোন্ধ পোৱা কথাখিনিয়ে নাট্যকাৰে নিজভাৱে কিছু কথা সংযোজন কৰিছে।[3]

পিম্পৰা গুচোৱা নাটকৰ কাহিনী[সম্পাদনা কৰক]

গোপীৰ শূন্যগৃহ দেখি লৱণু চুৰি কৰিবলৈ গৈ শিশুকৃষ্ণই গোৱালিনীৰ হাতত হাতেলোটে ধৰা পৰে। সাৰিবৰ উপায় নেদেখি টেঙৰ কৃষ্ণই নিজকে বলোভদ্ৰৰ ভাতৃ বুলি পৰিচয় দি কয় যে তেওঁ নিজৰ গৃহ বুলি ভুলতে গোপীৰ ঘৰত প্ৰৱেশ কৰিছে। লগতে ইয়াকো কয় যে লৱণুত পৰুৱা লগাৰ বাবে পৰুৱা গুচাবৰ বাবেহে লৱণুৰ কলহত হাত দিছিল। ঘুমন্ত শিশুক কিয় জগাইছে বুলি সোধাত হেৰোৱা গৰু পোৱালিৰ কথা সুধিবলৈহে জগাইছিল বুলি টেঙৰ কানাইয়ে কয়। কৃষ্ণৰ কথা গোৱালীসকলে যশোদাক গোচৰ দিয়াত অতিষ্ঠ হৈ যশোদাই কৃষ্ণক গালি পাৰে। কৃষ্ণইও যশোদাৰ ভয়ত মনে মনে নাথাকি দুখ আৰু অভিমানত কান্দি কান্দি মাকক গালি পাৰি কংস নগৰী মথুৰালৈ পলাই যাব বুলি ভাবুকি দিয়ে আৰু লগতে যশোদাৰ অন্তৰত আঘাত লগা কথা কৈছে -- "হে মাই, তুহু জনম আণ্ঠুকুৰি ৰহয়ে থিক। হামু পুত্ৰ হুৱা সে দোষ দুৰ কয়ল। অব হামাৰ আগু চাতুৰি লগাৱল। " কাহিনীটো গোৱালীৰ ঘৰত আৰম্ভ হৈছে আৰু সমাপ্ত হৈছে যশোদাৰ ঘৰত।[4]

নাট্যকাৰৰ চমু পৰিচয়[সম্পাদনা কৰক]

মাধৱদেৱ আছিল মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য, অনুগত সেৱক আৰু প্ৰধান সংগী। ১৪৮৯ চনত উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়। পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা। প্ৰথমতে শাক্ত আছিল যদিও শংকৰদেৱৰ সান্নিধ্যলৈ আহি একান্ত বৈষ্ণৱ হয়। মাধৱদেৱ আছিল এক বিৰল প্ৰতিভাৰ অধিকাৰী আছিল। শংকৰদেৱৰ পিছত মাধৱদেৱ ধৰ্মাধিকাৰীৰূপে মনোনীত হয় আৰু একাণপতীয়াকৈ শাস্ত্ৰ ৰচনা আৰু ধৰ্ম প্ৰচাৰৰ কাম কৰে। চিৰকুমাৰ মাধৱদেৱৰ ১৫৯৬ চনত মৃত্যু হয়।[5] "শ্ৰীশ্ৰীমাধৱদেৱৰ বাক্যামৃত" নামৰ গ্ৰন্থত মাধৱদেৱৰ ৰচনাৰাজি তলত দিয়া ধৰণৰ:-[6]

  • নামঘোষা
  • ভক্তি ৰত্নাৱলী
  • জন্ম ৰহস্য
  • ৰামায়ণ (আদি কাণ্ড)
  • নাম মালিকা
  • ৰাজসূয়
  • অৰ্জুন ভঞ্জন
  • ভোজন বিহাৰ
  • চোৰ-ধৰা
  • ভূমি লোটোৱা
  • পিম্পৰা গুচোৱা
  • বৰগীত
  • ভটিমা

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

কৃষ্ণ[সম্পাদনা কৰক]

পিম্পৰা গুচোৱা নাটকখনৰ কেন্দ্ৰীয় চৰিত্ৰ হ'ল বালক কৃষ্ণ। নাট্যকাৰে নাটত শিশু কৃষ্ণক দুমুখীয়া ৰূপত চিত্ৰিত কৰিছে। এফালেদি তেওঁ চোৰ চাতুৰি খেলি গোৱালী আৰু যশোদাক লটিঘটি কৰা বিহগুটি মানৱ শিশু আৰু আনফালেদি তেঁৱেই ভূমিৰ ভাৰ হৰণ কৰোঁতা ত্ৰিজগতৰ পতি। লৱণুচোৰ আৰু বাকপটু কানায়ে গোৱালীৰ ওচৰত নেগুৰ কটা বাঘ ৰূপে আৰু যশোদাৰ ওচৰত শান্ত শিষ্ট অজলা শিশু ৰূপে ধৰা দিছে। ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই কৈছে যে "মানৱ শিশুৰ কাৰ্যকলাপ আৰু ব্যৱহাৰ কৃষ্ণ চৰিত্ৰত আৰোপ কৰিছে যদিও কৃষ্ণৰ অলৌকিক আৰু ঐশ্বৰিক দিশলৈ নাট্যকাৰে পিঠি দিয়া নাই। কৃষ্ণ চৰিত্ৰৰ ঐশ্বৰিক দিশ ফুটাই তুলিবলৈ যাওঁতে অথবা ধৰ্মীয় কথা জাপি দৰ্শকৰ ৰসবোধত ব্যাঘাত জন্মোৱা নাই। "[7]

যশোদা[সম্পাদনা কৰক]

নাটখনিত প্ৰধান নাৰী চৰিত্ৰ হ'ল যশোদা। যশোদাক ইয়াত চিৰন্তন মাতৃ ৰূপে অংকন কৰিছে। যশোদা ইয়াত এগৰাকী কঠোৰ শাসিকা মাতৃ। এগৰাকী আদৰ্শ মাতৃৰ দৰে যশোদাই ইয়াত দুষ্টচূড়ামণি কৃষ্ণক শাসন কৰিছে। ঘৰতে আহি নিজ পুত্ৰৰ দুষ্কৃতিৰ বিষয়ে গোৱালীয়ে গোচৰ দিয়াত লাজ অপমানত মৰ্মাহত হৈ যশোদাই পুতেককে ইচ্ছামতে গালি পাৰিছে আৰু সাবধান কৰি দিছে ভৱিষ্যতে যাতে গোৱালীপাৰালৈ ভিকহু ল'ৰাৰ দৰে লৱণু চুৰ কৰিবলৈ নাযায়। যশোদা চৰিত্ৰৰ আন এটা দিশ নাটকখনত ফুটি উঠিছে। সেইটো হ'ল ৰাণী হিচাপে থকা যশোদাৰ অহংকাৰ। কিন্তু যশোদাৰ অফুৰন্ত স্নেহৰ সোঁতত সেই অহংকাৰ যেন উটি গৈছে। |[8]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ভট্টাচাৰ্য্য, ড॰ হৰিচন্দ্ৰ (১৯৮৫). অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি. প্ৰকাশক গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৫৬. 
  2. দ্বিজ, ৰামানন্দ. গুৰু চৰিত কথা. 
  3. মেধি, কালিৰাম (১৯৫০). অঙ্কাৱলী. প্ৰকাশক গুৱাহাটী. পৃষ্ঠা. ৩. 
  4. শ্ৰীশ্ৰীমাধৱদেৱ. পিম্পৰা গুচোৱা. 
  5. বৰুৱা, শান্তনু কৌশিক (২০০১). অসম অভিধান. প্ৰকাশক গুৱাহাটী: বনলতা. পৃষ্ঠা. ১৮৪. ISBN 81-7339-317-6. 
  6. গোস্বামী, পূৰ্ণনন্দ (সম্পাদিত) (২য় প্ৰকাশ, ১৯৮০). শ্ৰীশ্ৰীমাধৱদেৱৰ বাক্যামৃত. প্ৰকাশক গোলাঘাট: জ্যোতি প্ৰকাশ. পৃষ্ঠা. ৫৬. 
  7. শৰ্মা, ড॰ সত্যেন্দ্ৰনাথ (দশম সংখ্যা ২০১১). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী ৮: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ১৩৮. 
  8. বৰা, ড॰ লীলাৱতী শইকীয়া (১৯৯২). ভাষা সাহিত্যৰ সুবাস. প্ৰকাশক টিহু গুৱাহাটী: চন্দ্ৰপ্ৰকাশ. পৃষ্ঠা. ১০৪-১১৬.