সমললৈ যাওক

যশোদা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যশোদা

ৰাজা ৰবি বৰ্মাই অঁকা যসোদা আৰু কৃষ্ণৰ ছবি
দেৱনাগৰী यशोदा
সঙ্গী নন্দ

যশোদা পুৰাণ সম্বন্ধিত হিন্দু বিশ্বাস অনুসৰি নন্দ ৰজাৰ পত্নী আৰু শ্ৰীকৃষ্ণৰ পালক মাতৃ। ভাগৱত পুৰাণ অনুসৰি দৈৱকীৰ

পুত্ৰ কৃষ্ণক পিতৃ বসুদেৱে নন্দ ৰজা আৰু তেওঁৰ পত্নী যশোদাক দিছিল।

যশোদা আৰু শ্ৰীকৃষ্ণ

[সম্পাদনা কৰক]

যশোদাৰ সৈতে সম্বন্ধিত শ্ৰীকৃষ্ণৰ বিভিন্ন বাল লীলাৰ কথা কোৱা হয়, যাৰ ভিতৰত শ্ৰীকৃষ্ণই আই যশোদাক বিশ্বৰূপৰ দৰ্শন কৰোৱাও অন্যতম। বেদ ব্যাসৰ মহাভাৰতত মহাঋষি নাৰদে বৃন্দাবনত শ্ৰীকৃষ্ণক লগ কৰাৰ কথা লিখিত আছে।

এটি লীলাত, বালি খোৱাৰ বাবে আই যশোদাই কৃষ্ণক খোঁটাত বান্ধি থৈছিল। এই ঘটনা দেখি নাৰদে কৈ উঠিল, "এন্না ঠাৱাম্ ছাইঢানাই, য়াছ'ডা", যাৰ অৰ্থ তামিল ভাষাত 'যশোদা, আপুনি কি তপ কৰিলে, যে আপুনি স্বয়ং নাৰায়ণক দণ্ড বিহাৰ, প্ৰেম কৰাৰ, পালন কৰাৰ শক্তি লাভ কৰিলে'। কৃষ্ণই যশোদাক মুখ মেলি দেখুৱাত যশোদাই সমগ্ৰ ব্ৰহ্মাণ্ডৰ লগতে লক্ষ্মী সেৱিত বিষ্ণুকো দৰ্শন কৰিলে। যশোদা মূৰ্চিত হ'বলৈ ধৰাত নাৰদে শ্ৰীকৃষ্ণৰ জীৱনৰ সত্য দাঙি ধৰিল।[1] আন আন লীলা, কৃষ্ণই মাখন চুৰি কৰা আদি।[2]

দ্বাদশ শতিকাৰ, ছ'লা ৰাজবংশৰ সময়ৰ এক প্ৰতিমা: যশোদা আৰু শ্ৰীকৃষ্ণ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. "আৰ্কাইভ কপি". Archived from the original on 2007-09-14. https://web.archive.org/web/20070914120051/http://www.dalsabzi.com/books/kids_kahaani/bhaagvad_stories/krishna_and_yashoda_ma.htm আহৰণ কৰা হৈছে: 2015-11-07.
  2. "আৰ্কাইভ কপি". Archived from the original on 2007-10-16. https://web.archive.org/web/20071016200454/http://stutimandal.com/gif_suur/uluukhal_bandhan.htm আহৰণ কৰা হৈছে: 2015-11-07.