হনুমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
হনুমান
ভক্তি
Hanuman Statue In Haladiagada Kendrapada.JPG
হনুমানৰ শিলা মূৰ্তি
দেৱনাগৰী हनुमान्
সম্পৰ্ক ৰামভক্ত বৈষ্ণৱ ধৰ্ম
নিবাস কদলীবন
মন্ত্ৰ হং হনুমতে ৰুদ্ৰাত্মকায় হুং ফট্ হনুমতে নমঃ
অস্ত্ৰ গদা
সঙ্গী শুভৰচলা
পিতৃ-মাতৃ পৱন, অঞ্জনা/অঞ্জনি[1]
হিন্দু পাঠ্য ৰামায়ণ, ৰামচৰিতমানস, হনুমান চালিশা

হনুমান (সংস্কৃত: हनुमान) হিন্দু শাস্ত্ৰ গ্ৰন্থত বৰ্ণিত দেৱতা। তেওঁ পৱন দেৱৰ পুত্ৰ। হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্ৰন্থত তেওঁক মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান শ্ৰীবিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰামৰ পৰম ভক্ত বুলি জনা যায়। শৈশৱ কালত তেওঁ ৰক্তিম বৰণীয়া সূৰ্যক ফল বুলি বিবেচনা কৰি ভক্ষণ কৰাৰ বাবে আকাশমাৰ্গত যাত্ৰা কৰিছিল। সূৰ্যদেৱ হনুমানৰ অভিসন্ধি উপলদ্ধি কৰি গদাৰে হনুমানক প্ৰহাৰ কৰি ভূতলশায়ী কৰিছিল।

মহাভাৰত গ্ৰন্থত হনুমানৰ বৰ্ণিত কাহিনী[সম্পাদনা কৰক]

সূৰ্যক ভক্ষণ কৰাৰ অভিলাষত হনুমান

হনুমান অমৰত্ব প্ৰাপ্ত কৰিছিল গতিকে তেওঁ অমৰ। ফলস্বৰূপ মহাভাৰত ধৰ্মগ্ৰন্থত হনুমানৰ উপস্থিতি পৰিলক্ষ্যিত হয়। উল্লেখনীয় যে উক্ত ধৰ্মগ্ৰন্থত হনুমানক শান্ত, জ্ঞানী তথা অভিজ্ঞ বুলি প্ৰকাশ কৰা হৈছে।

ভীম নিজ বাহুবলৰ অত্যন্ত অহংকাৰ কৰিছিল। ভীমৰ অহংকাৰ চূৰ্ণ কৰাটোৱে আছিল হনুমানৰ মূল উদ্দেশ্য। পাণ্ডবৰ অজ্ঞাতবাসৰ সময়ত হনুমান এদিন অসুস্থ তথা বৃদ্ধৰ বেশত ভীমৰ পথৰুদ্ধ কৰি শুই আছিল। ভীম তেওঁক অতিক্ৰম কৰাৰ প্ৰচেষ্টা কৰাৰ সময় হনুমান তেওঁক নেজ আঁতৰাই নিজ গন্তব্য স্থানত যোৱাৰ আদেশ কৰছিল। ভীম নিজ বাহুবল প্ৰয়োগ কৰি হনুমানৰ নেজ বিন্দু পৰিমাণো আতৰাবলৈ অক্ষম হৈছিল। অৱশেষত ভীম নিজ বাহুবলৰ অহংকাৰ পৰিত্যাগ কৰি হনুমানৰ শৰণাপন্ন হৈছিল।

অৰ্জুন নিজ ধনুৰ্ধৰ বিদ্যাৰ অহংকাৰ কৰিছিল। সেতুবন্ধ ৰামশ্বৰমত অৱস্থানৰ সময়ত অৰ্জুন দৰ্পসহকাৰে কৈছিল যে তীৰযোজন বিদ্যাৰ প্ৰয়োগত ভগৱান শ্ৰীৰাম সেতু নিৰ্মাণ কৰছিল। বান্দৰৰ সহায়তা লোৱাৰ প্ৰয়োজন নাছিল। হনুমান ক্ষুদ্ৰ বান্দৰৰ বেশত উপস্থিত থাকি অৰ্জুনক অনুৰূপ সেতু বন্ধনৰ বাবে অনুৰোধ কৰিছিল। অৰ্জুন তীৰযোজন বিদ্যাৰ প্ৰয়োগ কৰিও উক্ত কাৰ্যসমাধা কৰিবলৈ অক্ষম হৈছিল। অৱশেষত হনুমান নিজ বাস্তৱ ৰূপত প্ৰকট হোৱাত অৰ্জুন তেওঁৰ শৰনাপন্ন হৈছিল। অৱশ্যে তেওঁ আশীৰ্বাদ স্বৰূপ অৰ্জুনৰ ৰথশীৰ্ষত অধিষ্ঠিত থকাৰ আশ্বাস প্ৰদান কৰিছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. George M. Williams (2008). Handbook of Hindu Mythology. Oxford University Press. পৃষ্ঠা. 146–148. ISBN 978-0-19-533261-2. https://books.google.com/books?id=N7LOZfwCDpEC&pg=PA146.