খৰ (ৰামায়ণ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
খৰ
Rama strikes down Khara with an arrow
ৰামে খৰলৈ কাঁড় নিক্ষেপ কৰিছে
দেৱনাগৰী खर
সংস্কৃত লিপ্যন্তৰ Khara
সম্পৰ্ক ৰাক্ষস
নিবাস দণ্ড ৰাজ্য
সহোদৰ দূষণ(যমজ ভাতৃ),ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ, শূৰ্পনখা (সম্পৰ্কীয় ভাতৃ-ভগ্নী),
সন্তান মকৰাক্ষ
হিন্দু পাঠ্য ৰামায়ণ আৰু ইয়াৰ পৰৱৰ্তী সংস্কৰণ

খৰ (সংস্কৃত: खर) ভাৰতীয় মহাকাব্য ৰামায়ণত বৰ্ণিত এজন মানুহ খোৱা ৰাক্ষস আছিল। তেওঁ লংকাৰ অধিপতি ৰাৱণৰ সম্পৰ্কীয় ভাই আৰু কৈকেষীৰ ভগ্নী ৰাকৰ পুত্ৰ আছিল।

কিংবদন্তি[সম্পাদনা কৰক]

বাল্মীকি ৰামায়ণৰ মতে পঞ্চৱতীৰ অৰণ্যলৈ যাওঁ‌তে শূৰ্পনখাই অযোধ্যাৰ নিৰ্বাসিত ৰাজকুমাৰ ৰামক লগ পাইছিল আৰু লগে লগে তেওঁৰ যৌৱনোচ্ছল সুন্দৰ চেহেৰাৰ দ্বাৰা প্ৰভাৱিত হয়। তেওঁ ৰামক প্ৰলোভিত কৰিবলৈ এক সুন্দৰ ৰূপ ধাৰণ কৰে কিন্তু ৰামেই তেওঁৰ প্ৰস্তাৱ অস্বীকাৰ কৰি কয় যে তেওঁ নিজৰ পত্নী সীতাৰ প্ৰতি বিশ্বাসী আৰু এনেদৰে আন নাৰীৰ পানি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। তেতিয়া শূৰ্পনখা প্ৰেমপ্ৰাৰ্থী হৈ লক্ষ্মণৰ ওচৰলৈ যায়। লক্ষ্মণে কয় যে ৰামৰ পিছতহে তেওঁৰ স্থান আৰু সেয়েহে শূৰ্পনখাৰ বাবে তেওঁ যোগ্য নহয়। এই কথাত ক্ষুব্ধ আৰু অপমানিত হৈ ঈৰ্ষাগ্ৰস্ত শূৰ্পনখা তেওঁৰ পৈশাচিক ৰূপলৈ ঘূৰি আহে আৰু সীতাক আক্ৰমণ কৰে। কিন্তু লক্ষ্মণে তেওঁৰ নাক কাটি পেলায়। [1]

তেতিয়া শূৰ্পনখা প্ৰথমে পলাই খৰৰ ওচৰলৈ যায়। তেওঁ ৰামক আক্ৰমণ কৰিবলৈ সাতজন যোদ্ধা পঠিয়াই যদিও ৰামে তেওঁলোকক সহজে পৰাজিত কৰে। ইয়াৰ পিছত খৰে নিজেই ১৪,০০০ সৈন্যৰ সৈতে দশৰথৰ পুত্ৰদ্বয়ক আক্ৰমণ কৰে। এই যুদ্ধত লক্ষ্মণে তেওঁক হত্যা কৰে। লক্ষ্মণে খৰৰ ভাতৃ দূষণ আৰু ত্ৰিশিৰাকো হত্যা কৰে। [2]

খৰ দণ্ড ৰাজ্যৰ শাসক আছিল, যি প্ৰায় নাছিক জিলাৰ সমতুল্য আছিল, জনস্থান (নাছিক চহৰ) ইয়াৰ ৰাজধানী আছিল। তেওঁ মূল ভূখণ্ডত লংকাৰ উত্তৰ ৰাজ্যসুৰক্ষিত কৰিছিল আৰু তেওঁৰ ৰাজ্যই কোশল ৰাজ্যৰ সীমা স্পৰ্শ কৰিছিল। তেওঁ যুদ্ধত তেওঁৰ উৎকৃষ্ট দক্ষতাৰ বাবে সুপৰিচিত আছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ৰাম-ৰাৱণৰ যুদ্ধত, খৰৰ পুত্ৰ মকৰাক্ষই, ৰাৱণৰ পক্ষত যুঁজিছিল আৰু ৰামৰ দ্বাৰা হত্যা মৃত্যু হৈছিল।[3]

তথ্যউৎস[সম্পাদনা কৰক]

  1. Richman 1991.
  2. Khara's Death
  3. A Classical Dictionary of Hindu Mythology & Religion by John Dowson