অহল্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অহল্যা
পঞ্চকন্যা-ৰ সদস্য
A painting of a young fair woman clad in a white sari with a red border stands, leaning on a tree, as she moves her left hand through her long black hair and holds a flower basket in her outstretched right hand.
ৰাজা ৰবি বৰ্মাঅহল্যা (১৮৪৮–১৯০৬)
দেৱনাগৰী अहल्या
সংস্কৃত লিপ্যন্তৰ Ahalyā
সম্পৰ্ক ঋষি, পঞ্চকন্যা
নিবাস ঋষি গৌতম
সঙ্গী গৌতম
সন্তান শতানন্দ (ৰামায়ণ অনুসৰি)

হিন্দু ধৰ্মত, অহল্যা(সংস্কৃত: अहल्या), গৌতম মহৰ্ষিৰ পত্নী। তেওঁক অহিল্যা বুলিও জনা যায়। বহুতো হিন্দু শাস্ত্ৰত উল্লেখ কৰা অনুসৰি ইন্দ্ৰই (দেৱতাৰ ৰজা) তেওঁৰ সতীত্ব নষ্ট কৰিছিল, বিশ্বাসঘাতকতাৰ বাবে তেওঁৰ স্বামীয়ে অভিশাপ দিছিল, আৰু ৰামৰ দ্বাৰা এই অভিশাপৰ পৰা মুক্ত হৈছিল।

ব্ৰহ্মাই এক পৰমসুন্দৰী নাৰী সৃষ্টিৰ মানসেৰে অহল্যাক সৃষ্টি কৰিছিল। তেওঁৰ স্বামী ঋষি গৌতম বয়সত তেওঁতকৈ যথেষ্ট ডাঙৰ আছিল। প্ৰাচীনতম পূৰ্ণাঙ্গ উপাখ্যান সমূহত কোৱা হৈছে, অহল্যাই ছদ্মবেশী ইন্দ্ৰক চিনি পালেও তেওঁক প্ৰত্যাখ্যান কৰা নাছিল। কিন্তু পৰৱৰ্তীকালৰ গ্ৰন্থ সমূহৰ মতে, অহল্যা নিৰ্দোষী আছিল। তেওঁ ইন্দ্ৰৰ শঠতাৰ চিকাৰ হৈছিল অথবা ধৰ্ষিতা হৈছিল। সকলো উপাখ্যানতেই দেখা যায়, ঋষি গৌতমে অহল্যা আৰু ইন্দ্ৰ উভয়কেই অভিশাপ দিছিল। অভিশাপটো ঠিক কি আছিল, সেই লৈ গ্ৰন্থ সমূহৰ মাজত মতভেদ আছে। অৱশ্যে সকলো গ্ৰন্থতেই কথিত হৈছে যে, ৰাম অহল্যাৰ ত্ৰান কৰ্তা মুক্তিদাতা ৰূপে উপস্থিত হৈছিল। প্ৰাচীন গ্ৰন্থ সমূহত আছে, প্ৰায়শ্চিত্তৰ বাবে অহল্যাই কঠোৰ তপস্যা কৰিছিলে আৰু ৰামক আতিথ্য দান কৰি পাপমুক্ত হয়। কিন্তু পৰৱৰ্তীকালত প্ৰচলিত হোৱা জনপ্ৰিয় পুনৰ্কথন সমূহত দেখা যায়, ঋষিৰ অভিশাপত অহল্যা শিললৈ ৰূপান্তৰ হয় আৰু ৰামৰ পাদস্পৰ্শে পুনৰায় মানৱী ৰূপ ঘূৰাই পায়।

শাস্ত্ৰগ্ৰন্থ সমূহত অহল্যাৰ যি জীৱনকথা পোৱা যায়, তাৰ সকলোৰে কেন্দ্ৰীয় বিষয়বস্তু হ'ল ইন্দ্ৰ কৰ্তৃক অহল্যাক প্ৰলুব্ধকৰণ আৰু তাৰ প্ৰতিফল। [1] ব্ৰাহ্মণ গ্ৰন্থসমূহত (খ্ৰীষ্টপূৰ্ব নৱমৰ পৰা ষষ্ঠ শতাব্দী) প্ৰথমে ইন্দ্ৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ আভাস দিয়া হ'লেও হিন্দু মহাকাব্য ৰামায়ণত (খ্ৰীষ্টপূৰ্ব পঞ্চম-চতুৰ্থ শতাব্দী) প্ৰথম স্পষ্টভাবে আৰু সবিস্তাৰে তেওঁৰ পৰকীয়া সম্পৰ্কৰ উল্লেখ পোৱা যায়। ৰামায়ণত ৰামৰ মাহাত্ম্য কীৰ্তিত হৈছে। সেয়ে মধ্যযুগীয় এই সাহিত্যত ৰাম কৰ্তৃক অহল্যা-উদ্ধাৰক ঈশ্বৰৰ কৃপাৰ নিদৰ্শন হিচাপে সেই কাহিনিৰ ওপৰতে অধিক গুৰুত্ব আৰোপ কৰা হৈছে। বিভিন্ন ধৰ্মগ্ৰন্থত বহুবাৰ পুনৰ্কথিত হোৱা আধুনিক যুগৰ কবিতা, চুটিগল্প আনকি নৃত্য আৰু নাট্যসাহিত্য সমূহত এই কাহিনি বহুবাৰ উপস্থাপিত হৈছে। প্ৰাচীন উপাখ্যানসমূহত ৰামৰ মাহাত্ম্য কীৰ্তিত হ'লেও আধুনিক গল্প সমূহত অহল্যাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি তেওঁৰ দৃষ্টিকোণৰ ফালৰ পৰা ৰচিত হৈছে। কোনো কোনো উপাখ্যানত তেওঁৰ সন্তানসন্ততিৰ কথাও আছে।

হিন্দু প্ৰথানুসাৰে অহল্যাক পঞ্চকন্যা (পাঁচ আদৰ্শ সতী)ৰ মাজত প্ৰথম বুলি কোৱা হয়। হিন্দু বিশ্বাস অনুযায়ী, এই পঞ্চকন্যাৰ নাম জপ কৰিলে পাপস্খলন ঘটে। কোনো কোনো ক্ষেত্ৰত নিঃশংক চিত্তে অভিশাপ গ্ৰহণৰ হেতু তেওঁক পতীব্ৰতা আৰু নাৰীত্বৰ আদৰ্শ হিচাপে প্ৰশস্তি কৰা হয়; আনহাতে অন্য ক্ষেত্ৰত ব্যভিচাৰৰ অপৰাধত তেওঁক নিন্দাও কৰা হয়।

নামৰ ব্যুৎপত্তি[সম্পাদনা কৰক]

"অহল্যা" নামটো দুটা ভাগত ভাগ কৰিব পাৰি: "অ" আৰু "হল্যা।" [2] "অ" এটা নঞৰ্থক উপসৰ্গ আৰু সংস্কৃত অভিধানসমূহত "হল্যা" শব্দটিৰ সংজ্ঞা এটা নাঙল (হাল), হালকৰ্ষণ অথবা অংগবৈকল্যৰ সৈতে যুক্ত কৰা হৈছে। [3][4] ৰামায়ণৰ উত্তৰাকাণ্ডত ব্ৰহ্মাই সংস্কৃত "অহল্যা" নামটিৰ সংজ্ঞা আগবঢ়াই কৈছে যে "যি অসৌন্দৰ্যৰ অখ্যাতিৰ পৰা মুক্ত" অথবা "যি নিখুঁত সুন্দৰী।" এই প্ৰসংগত ইন্দ্ৰক তেওঁ কি দৰে অহল্যাৰ শৰীৰৰ সকলো অংশৰ মাজেৰে সকলো সৃষ্টিৰ বিশেষ সৌন্দৰ্য প্ৰকাশ কৰিছে, সেই বিষয়ে ব্যক্ত কৰিছে। [5] কোনো কোনো সংস্কৃত অভিধানত যিহেতু অহল্যা শব্দটিৰ অনুবাদত "অকৰ্ষিত" অভিধাটো ব্যৱহাৰ কৰিছে, [2][6] সেই হেতু কোনো কোনো আধুনিক লেখকে এই শব্দটো যৌনসংগমৰ ইংগিত সূচক বুলি দাবী কৰে। তেওঁলোকৰ মতে, নামটি কোনো কুমাৰী অথবা মাতৃচৰিত্ৰৰ দ্যোতক। এই অৰ্থটো তেওঁৰ চৰিত্ৰৰ সৈতে খাপ খায়। কাৰণ, ভিন্ন ভিন্ন দৃষ্টিকোণৰ পৰা ইন্দ্ৰই ঢুকি পোৱাৰ পৰা যিকোনো প্ৰকাৰে নিলগত থকা বুলি ভবা অহল্যাৰ চৰিত্ৰ সন্দৰ্ভত এই কথা খাপ খাই পৰে। [7][8][9] যদিও ৰবীন্দ্ৰনাথ ঠাকুৰে আক্ষৰিক "অকৰ্ষিত" অৰ্থটিৰ প্ৰতিয়ে গুৰুত্ব আৰোপ কৰি কৈছে যে, অহল্যা হ'ল শিলৰ দৰে অনুৰ্বৰ ভূমিৰ প্ৰতীক, যি ৰামৰ স্পৰ্শত কৰ্ষণযোগ্য হৈছিল। [10] দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ভাৰতী ঝাবেৰিয়ে ৰবীন্দ্ৰনাথৰ সৈতে ঐকমত্য পোষণ কৰি অহল্যাক অকৰ্ষিত ভূমি হিচাপেই ব্যাখ্যা কৰিছে। তেওঁৰ ব্যাখ্যাৰ ভিত্তি আছিল গুজৰাটৰ প্ৰচলিত আদিবাসী ভিল ৰামায়ণ, যি প্ৰকৃতপক্ষে তাৰিখবিহীন আৰু মৌখিকভাৱে প্ৰচলিত কাহিনী। [11]

সৃষ্টি আৰু বিবাহ[সম্পাদনা কৰক]

ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি হোৱা বাবে অহল্যাক প্ৰায়ে আয়োনিজাসম্ভৱা বুলি কোৱা হয়, অৰ্থাৎ যি মহিলাৰ পৰা জন্ম হোৱা নাই। [7] ৰামায়ণৰ বালকাণ্ডৰ (খ্ৰীষ্টপূৰ্ব ৫মৰ পৰা চতুৰ্থ শতিকা) উল্লেখ আছে যে ব্ৰহ্মাই তেওঁক "বিশুদ্ধ সৃষ্টিশীল শক্তিৰ বাবে যথেষ্ট পৰিশ্ৰমেৰে" গঢ়ি তুলিছিল। [12] ব্ৰহ্মপুৰাণ আৰু বিষ্ণুধৰ্মোত্তৰ পুৰাণেও ব্ৰহ্মাৰ দ্বাৰাই তেওঁৰ সৃষ্টি বুলি সমৰ্থন কৰে। [13] মাহাৰী নৃত্য পৰম্পৰা অনুসৰি, ব্ৰহ্মাই সবাতোকৈ সুন্দৰ মহিলাৰ ৰূপত অহল্যাক সৃষ্টি কৰিছিল যাতে ইয়াৰ দ্বাৰা উৰ্বশীৰ গৌৰৱ ভাঙিব পৰা যায়, যি আছিল সবাতোকৈ সুন্দৰ অপ্সৰা। [14] জনজাতীয় ভীল ৰামায়ণত আৰম্ভণিতে অহল্যা, গৌতম আৰু ইন্দ্ৰৰ কাহিনী বৰ্ণনা কৰা হৈছে। কাহিনীটোত বৰ্ণনা কৰা অনুসৰি অহল্যাক সপ্তঋষিৰ (সাতজন ঋষি) যজ্ঞৰ ভস্মৰ পৰা সৃষ্টি কৰা হৈছে আৰু মহৰ্ষি গৌতমক ব্ৰহ্মাৰ দ্বাৰা উপহাৰ দিয়া হৈছে। [11] ইয়াৰ বিপৰীতে ভাগৱত পুৰাণ আৰু হৰিবংশয় অহল্যাক পুৰু ৰাজবংশৰ ৰাজকুমাৰী হিচাপে গণ্য কৰে, সেই অনুসৰি তেওঁ ৰজা মোদ্গলৰ কন্যা আৰু ৰজা দিবোদাসৰ ভগ্নী। [15][16]

ৰামায়ণৰ উত্তৰাকাণ্ডত(বেছিভাগ পণ্ডিতে ইয়াক মহাকাব্যত পৰৱৰ্তী সংযোজন হিচাপে গণ্য কৰে), ব্ৰহ্মাই অহল্যাক আটাইতকৈ ধুনীয়া মহিলা হিচাপে সৃষ্টি কৰে আৰু যৌৱন প্ৰাপ্ত নোহোৱালৈকে তেওঁক মহৰ্ষি গৌতমৰ যত্নত ৰাখে। যেতিয়া অহল্যাই যৌৱন প্ৰাপ্ত কৰে, ঋষিয়ে তেওঁক ব্ৰহ্মালৈ ঘূৰাই দিয়ে, ব্ৰহ্মা মহৰ্ষি গৌতমৰ যৌন সংযম আৰু তপস্বীত্বৰ দ্বাৰা প্ৰভাৱিত হৈ অহল্যাক পুনৰ মহৰ্ষি গৌতমক অৰ্পণ কৰে। ইন্দ্ৰই, বিশ্বাস কৰিছিল যে সৰ্বশ্ৰেষ্ঠ মহিলাসকল কেৱল তেওঁৰ বাবে, সেয়ে তেওঁ অহল্যাৰ বনত বাস কৰা তপস্বীৰ সৈতে বিবাহৰ প্ৰতি তীব্ৰ বিৰক্তি প্ৰকাশ কৰে। [17][18]

ব্ৰহ্মপুৰাণে অহল্যাৰ জন্ম আৰু প্ৰাৰম্ভিক পালন-পোষণ সম্পৰ্কে একেই বিৱৰণ দিয়ে, অৱশ্যে ইয়াত লিপিবদ্ধ কৰা অনুসৰি তেওঁৰ বিবাহৰ পাত্ৰ এখন মুকলি প্ৰতিযোগিতাৰ জৰিয়তে নিৰ্ধাৰণ কৰা হৈছিল। সেই অনুসৰি ব্ৰহ্মাই এবাৰ ঘোষণা কৰে যে তিনিখন পৃথিৱীৰ (স্বৰ্গ, মৰ্ত্য আৰু পাতাল) চাৰিওফালে পৰিভ্ৰমণ কৰা প্ৰথমজন ব্যক্তিয়েই অহল্যাক জয় কৰিব পাৰিব। এই প্ৰত্যাহ্বান সম্পূৰ্ণ কৰিবলৈ ইন্দ্ৰই তেওঁৰ যাদুকৰী শক্তি ব্যৱহাৰ কৰি অৱশেষত ব্ৰহ্মাৰ ওচৰত উপস্থিত হয় আৰু অহল্যাৰ পাণি দাবী কৰে। অৱশ্যে, ঐশ্বৰিক ঋষি নাৰদে ব্ৰহ্মাক ব্যক্ত কৰে যে মহৰ্ষি গৌতমে ইন্দ্ৰতকৈয়ো আগত তিনিওখন ভুৱন পৰিভ্ৰমণ কৰিছে। নাৰদে বৰ্ণনা কৰে যে বেদৰ মতে ঋষি গৌতমে ইচ্ছা পূৰণ কৰা গাইগৰু সুৰভিয়ে সন্তান প্ৰসৱ কৰাৰ সময়ত দৈনিক পূজাৰ অংশ হিচাপে সুৰভিৰ চাৰিওফালে প্ৰদক্ষিণ কৰি গাইজনীক তিনিও লোকৰ সমান মৰ্যাদা প্ৰদান কৰে। নাৰদৰ যুক্তিত ব্ৰহ্মা সন্মত হয় আৰু অহল্যা আৰু গৌতমৰ মাজত বিবাহ সম্পন্ন হয়, যাৰ ফলত ইন্দ্ৰ ঈৰ্ষা আৰু ক্ৰোধত ক'ব নোৱাৰা হয়। [19] পদ্মপুৰাণত অহল্যাৰ প্ৰাৰম্ভিক জীৱন সম্পৰ্কে একেধৰণৰ, কিন্তু এক চমু বৰ্ণনা দেখা যায়। [20]

কাহিনীটোৰ সকলো সংস্কৰণতেই, মহৰ্ষি গৌতমৰে বিবাহ সম্পন্ন হোৱাৰ পিছত, অহল্যাই ঋষি গৌতমৰ আশ্ৰমত থাকিবলৈ লোৱা, আৰু সেই আশ্ৰমেই মহাকাব্যিক অভিশাপৰ স্থান হৈ পৰে বুলি উল্লেখ আছে। ৰামায়ণত লিপিবদ্ধ কৰা অনুসৰি ঋষি গৌতমৰ এই আশ্ৰম মিথিলাৰ ওচৰৰ এখন অৰণ্যত (মিথিলা-উপৱন) আছিল, য'ত দম্পতীহালে কেইবা বছৰ ধৰি একেলগে তপস্বীত্ব পালন কৰে। [1][21] আন শাস্ত্ৰসমূহত আশ্ৰমখন সাধাৰণতে নদীৰ পাৰৰ ওচৰত বুলি উল্লেখ কৰিছে। ব্ৰহ্মপুৰাণ অনুসৰি ই গোদাৱৰী নদী আৰু স্কন্দ পুৰাণ অনুসৰি নৰ্মদা নদীৰ ওচৰত আছিল। পদ্ম পুৰাণ আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণে আশ্ৰমখনক পবিত্ৰ পুষ্কৰ চহৰৰ ওচৰত বুলি বৰ্ণনা কৰে। [1]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Söhnen-Thieme 1996, পৃষ্ঠা. 40–1.
  2. 2.0 2.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Wilson p100 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  3. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Apte p637 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Monier-Williams p1293 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. Gita Press 1998, পৃষ্ঠা. 681–2 (Verses 7.30.22–23).
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Apte p73 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. 7.0 7.1 Bhattacharya March–April 2004, পৃষ্ঠা. 4–7.
  8. Doniger 1999, পৃষ্ঠা. 89, 129.
  9. Feller 2004, পৃষ্ঠা. 146.
  10. Datta 2001, পৃষ্ঠা. 56.
  11. 11.0 11.1 Jhaveri 2001, পৃষ্ঠা. 149–52.
  12. Goldman 1990, পৃষ্ঠা. 218.
  13. Söhnen-Thieme 1996, পৃষ্ঠা. 50–1.
  14. Ritha Devi Spring-Summer 1977, পৃষ্ঠা. 25–9.
  15. Mani 1975, পৃষ্ঠা. 17.
  16. Garg 1992, পৃষ্ঠা. 235–6.
  17. Bhattacharya 2000, পৃষ্ঠা. 14–5.
  18. Doniger 1999, পৃষ্ঠা. 89–90, 321–2.
  19. Söhnen-Thieme 1996, পৃষ্ঠা. 51–3.
  20. Söhnen-Thieme 1996, পৃষ্ঠা. 54–5.
  21. Goldman 1990, পৃষ্ঠা. 215–6.