সমললৈ যাওক

অৰুন্ধতী (হিন্দু ধৰ্ম)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰুন্ধতী

যজ্ঞ কৰি থকা অৱস্থাত বশিষ্ঠ আৰু অৰুন্ধতী, কাষত কামধেনু

অৰুন্ধতী (সংস্কৃত: अरुन्धती) হৈছে সপ্তৰ্ষিৰ অন্যতম ঋষি বশিষ্ঠৰ সহধৰ্মিণী। তেওঁক শুক্ৰ গ্ৰহৰ সৈতে জড়িত কৰা হয়। অৰুন্ধতীকো সপ্তৰ্ষিৰ সমমৰ্যাদা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সৈতে উপাসনাও কৰা হয়। [1] বৈদিক আৰু পুৰাণ সাহিত্যত তেওঁক সতীত্ব, দাম্পত্য আনন্দৰ প্ৰতীক আৰু পতীব্ৰতা নাৰীৰূপে উপস্থাপন কৰা হয়।[1][2] পৰৱৰ্তী কালৰ মহাকাব্যিক ৰচনাসমূহত তেওঁক তেওঁক সতী তথা অনুকৰণীয় আদৰ্শ ৰূপত বৰ্ণোৱা হৈছে।[3][4] হিন্দু পৰম্পৰাত অৰুন্ধতীক কেন্দ্ৰ কৰি বহুতো ৰীতি-নীতি বা লোকাচাৰ আছে। ইয়াৰে ভিতৰত বিবাহৰ সময়ত পালন কৰা সপ্তপদী নামৰ উপবাস অন্যতম। সংস্কৃত ভাষাত অৰুন্ধতী শব্দৰ অৰ্থ হৈছে সূৰ্যৰ ৰশ্মিয়ে প্ৰক্ষালন কৰা

শাস্ত্ৰসমূহত উল্লেখ

[সম্পাদনা কৰক]

বিভিন্ন হিন্দু শাস্ত্ৰত অৰুন্ধতীৰ জন্ম আৰু জীৱনৰ উল্লেখ আছে। অৰুন্ধতীৰ জন্মৰ বিষয়ে শিৱ পুৰাণ আৰু ভাগৱত পুৰাণত পোৱা যায়। ব্ৰহ্মাই অৰুন্ধতীক দিয়া নিৰ্দেশনা ৰামচৰিতমানসৰ উত্তৰ কাণ্ডত বৰ্ণনা কৰা হৈছে। বিশ্বামিত্ৰ আৰু বশিষ্ঠৰ মাজৰ প্ৰতিদ্বন্দ্বিতাৰ ফলত তেওঁৰ এশ পুত্ৰৰ মৃত্যু হোৱাৰ কথা বাল্মীকিৰামায়ণৰ বালকাণ্ডত বৰ্ণনা কৰা হৈছে। মহাভাৰত আৰু কেইবাখনো ব্ৰাহ্মণত শক্তি, আৰু নাতি পৰাশৰকে ধৰি তেওঁৰ পুত্ৰসকলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। সীতা আৰু ৰামৰ সৈতে অৰুন্ধতীৰ বৈঠকৰ কথা ৰামায়ণ, ৰামচৰিতমানস আৰু বিনয় পত্ৰিকাত উল্লেখ কৰা হৈছে। [3] শিৱপাৰ্বতীক বিয়া কৰাবলৈ অনুৰোধ কৰাত তেওঁৰ ভূমিকা কালিদাসৰ কুমাৰসম্ভৱৰ ষষ্ঠ অধ্যায়ত বৰ্ণনা কৰা হৈছে। [4]

ভাগৱত পুৰাণৰ মতে, অৰুন্ধতী কৰ্দমা আৰু দেৱাহুতিৰ নগৰাকী কন্যাৰ ভিতৰত অষ্টম। তেওঁ পৰাশৰৰ আইতাক আৰু ব্যাসৰ আজো-আইতাক। [3] শিৱ পুৰাণে তেওঁক পূৰ্বজন্মত ব্ৰহ্মাৰ মানসত জন্ম গ্ৰহণ কৰা কন্যা সন্ধ্যা বুলি বৰ্ণনা কৰিছে। বশিষ্ঠৰ নিৰ্দেশত সন্ধ্যাই নিজকে আবেগৰ পৰা বিশুদ্ধ কৰিবলৈ তপস্যা কৰি শিৱক সন্তুষ্ট কৰিছিল আৰু শিৱই তাইক মেধাতিথিৰ জুইত জাপ দিবলৈ কয়। তেতিয়া তেওঁ মেধাতিথিৰ জীয়ৰী হিচাপে জন্ম গ্ৰহণ কৰে আৰু বশিষ্ঠক বিয়া কৰায়। আন কিছুমান পুৰাণে তেওঁক ঋষি কাশ্যপৰ জীয়ৰী আৰু নাৰদ আৰু পৰ্বতৰ ভগ্নী বুলি বৰ্ণনা কৰে। নাৰদে বশিষ্ঠৰ সৈতে তেওঁৰ বিবাহৰ প্ৰস্তাৱ দিয়ে। [2]

মহাভাৰতত অৰুন্ধতীক এগৰাকী তপস্বীনি হিচাপে বৰ্ণনা কৰা হৈছেছে আৰু তেওঁ আনকি সাতজন ঋষিৰ আগতো বক্তব্য ৰাখিছে। সেয়েহে অগ্নিৰ পত্নী স্বাহাই সপ্তৰ্ষিৰ মাজত আন ছয়জনৰ পত্নীৰ ৰূপ ধৰি ল'ব পাৰে কিন্তু অৰুন্ধতীৰ ৰূপ ধাৰণ কৰিব নোৱাৰে। মহাকাব্যখনত এইটোও বৰ্ণনা কৰা হৈছে যে কেনেকৈ এবাৰ ১২ বছৰ ধৰি বৰষুণ নহওঁ‌তে তেওঁ শিৱক সন্তুষ্ট কৰিছিল। মহাভাৰতত তেওঁৰ সতীত্ব আৰু স্বামীৰ প্ৰতি সেৱা অতুলনীয় বুলি উল্লেখ কৰা হৈছে।[2]

বাল্মীকি ৰামায়ণ অনুসৰি, তেওঁ এশজন পুত্ৰৰ জননী আছিল যিসকলক বিশ্বামিত্ৰই মৰিবলৈ অভিশাপ দিছিল। তাৰ পিছত তেওঁ শক্তি নামৰ এজন পুত্ৰৰ জন্ম দিয়ে। পিছত তেওঁ সুযগ্য নামৰ আন এজন পুত্ৰৰ জন্ম দিয়ে যি বশিষ্ঠৰ আশ্ৰমত ৰামৰ সৈতে অধ্যয়ন কৰিছিল। [3] কিছুমান সূত্ৰই কয় যে শক্তি আৰু চিত্ৰকেতুকে ধৰি তেওঁৰ আঠজন পুত্ৰ আছিল।[2]

  1. 1.0 1.1 Apte 2000, p. 51.
  2. 2.0 2.1 2.2 2.3 Garg 1992, pp. 647-648
  3. 3.0 3.1 3.2 3.3 Rambhadracharya 1994, pp. iii—vi.
  4. 4.0 4.1 Kale, pp. 197-199

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]