সুবাহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুবাহু
Rama killed Subhahu, smote Maricha and hurled him afar off into the ocean.jpg
ৰামৰ দ্বাৰা সুবাহুৰ বধ।
তথ্য
পৰিয়াল তাড়কা

সুবাহু (সংস্কৃত: सुबाहु Subāhu, তামিল: சுபாகு Cupāku) ৰামায়ণত বৰ্ণিত এটা ৰাক্ষস চৰিত্ৰ আছিল। তেওঁ আৰু তেওঁৰ মাক তাড়কাই জংঘলৰ মুনিসকলক, বিশেষকৈ বিশ্বামিত্ৰৰ যজ্ঞ স্থলীত, মাংস আৰু তেজ ছটিয়াই তেওঁলোকৰ যজ্ঞত ব্যাঘাত জন্মাই হাৰাশাস্তি কৰাত অপৰিসীম আনন্দ লাভ কৰিছিল।[1]


বিশ্বামিত্ৰই এই অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ সহায়ৰ বাবে দশৰথৰ কাষ চাপিছিল। দশৰথে প্ৰথমে এই কথাত ৰামক বিশ্বামিত্ৰ মুনিৰ সৈতে পঠিয়াবলৈ ভয় কৰিছিল যদিও মুনিৰ ক্ৰোধত তেওঁ ৰামৰ লগতে লক্ষ্মণকো ঋষি আৰু তেওঁলোকৰ যজ্ঞৰ জুই উভয়কে সুৰক্ষিত কৰিবলৈ বিশ্বমিত্ৰৰ সৈতে অৰণ্যলৈ পঠিয়াইছিল।[উদ্ধৃতিৰ প্ৰয়োজন] যেতিয়া সুবাহু আৰু মাৰিচে পুনৰ ঋষিৰ যজ্ঞত মাংস আৰু তেজ বৰ্ষণৰ চেষ্টা কৰাত সুবাহুক ৰামে হত্যা কৰে আৰু মাৰিচ লংকালৈ পলায় যায়।[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]