সপ্তকাণ্ড ৰামায়ণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
সপ্তকাণ্ড ৰামায়ণ  
লেখক মাধৱ কন্দলী
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কাব্য
প্ৰকাশ ১৪শ শতিকা
Wikisource-logo.svg ৱিকিউৎসত সপ্তকাণ্ড ৰামায়ণৰ সম্পূৰ্ণ পাঠ পঢ়ক

সপ্তকাণ্ড ৰামায়ণ ১৪শ শতিকাত মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰচনা কৰা ৰামায়ণ[1] বৰাহী বা কছাৰী ৰজা মহামাণিক্যৰ (আনুমানিক ১৩৩০-১৩৭০ কি?) ৰাজসভাৰ কবি[2] মাধৱ কন্দলীয়ে ৰাজ অনুগ্ৰহত উত্তৰ ভাৰতৰ ভিতৰতে প্ৰথম বাল্মীকিৰামায়ণ অসমীয়ালৈ "সপ্তকাণ্ড ৰামায়ণ" নামেৰে অনুবাদ কৰে[3]। আধুনিক ভাৰতীয় ভাষাত ৰচনা কৰা এইখন ৰামায়ণ শাস্ত্ৰীয় তামিল ভাষাত কাম্বৰৰ ৰামায়ণৰ পিছতেই অৱস্থান কৰে। প্ৰাকশংকৰী যুগত ৰচনা কৰা এইখন গ্ৰন্থ লিখিত অসমীয়া ভাষাৰ প্ৰথম নিদৰ্শনসমূহৰ ভিতৰত অন্যতম।

ইয়াত ৰাম, সীতা ইত্যাদি অন্যান্য চৰিত্ৰ সমূহক অতি মানৱৰ ৰূপত বৰ্ণনা কৰা হোৱা নাই। পৌৰাণিক চৰিত্ৰ সমূহৰ অতিৰঞ্জিত বৰ্ণনা আৰু নায়কত্ব আৰোপ নকৰা ইয়াৰ অন্যতম বৈশিষ্ট্য। মাধৱ কন্দলীয়ে নিজেই উল্লেখ কৰিছে যে এই গ্ৰন্থ ধৰ্মীয় উদ্দেশ্যৰ বাবে ৰচনা কৰা হোৱা নাছিল। বাল্মীকিৰ ৰামায়ণত ৰামক অতি মানৱ ৰূপত দেখুৱা হোৱা নাই। পাছতহে ইয়াত ৰামৰ অলৌকিকতা সন্নিবিষ্ট হৈছে।

মাধৱ কন্দলীয়ে 'সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো' বুলি কৈছে যদিও কালক্ৰমত ৰামায়ণৰ দুটা কাণ্ড হেৰাই যায়। পিছত নৱবৈষ্ণৱ ধৰ্মীয়ৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে এই কাণ্ড দুটা সংস্কৃতৰ পৰা অনুবাদ কৰি মূল কাব্যৰ লগত সংযোগ কৰে। "গুৰু-চৰিত" ইয়াৰ বিষয়ে এটা কাহিনী পোৱা যায়। কাহিনীমতে অনন্ত কন্দলীয়ে ভক্তিৰসৰ আধাৰত ৰামায়ণৰ এক নতুন অনুবাদ কৰি মাধৱ কন্দলীৰ ৰামায়ণক লুপ্ত কৰিব বিচাৰিছিল। তেতিয়া মাধৱ কন্দলীয়ে শঙ্কৰদেৱক সপোনত দেখা দি ইয়াৰ সংৰক্ষণৰ বাবে অনুৰোধ জনায়। তাৰ পিছত শঙ্কৰদেৱে মাধৱদেৱক আদিকাণ্ড লিখিবলৈ দি নিজে উত্তৰাকাণ্ড লিখি উলিয়ায়[4]। মাধৱ কন্দলীয়ে এই কাণ্ড দুটা আগতে ৰচনা কৰিছিল নে নাই তাৰ কোনো প্ৰমাণ পোৱা নাযায়[4]

সপ্তকাণ্ড ৰামায়ণ ইংৰাজী ভাষাতো অনুবাদিত হৈছে।

কবিৰ পৰিচয়[সম্পাদনা কৰক]

মাধৱ কন্দলী ১৪ শ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ ৰাজসভাৰ এজন কবি[2]। মাধৱ কন্দলীয়ে উত্তৰ ভাৰতৰ ভিতৰতে প্ৰথম বাল্মীকিৰামায়ণ অসমীয়ালৈ “সপ্তকাণ্ড ৰামায়ণ” নামেৰে অনুবাদ কৰে[3]। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মাধৱ কন্দলীক "অপ্ৰমাদী কবি" আখ্যা দিছিল[2]

মূল গ্ৰন্থ[সম্পাদনা কৰক]

তেওঁ সাতকাণ্ড ৰামায়ণ বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধত লিখে।[5] সেইসময়ত তেওঁৰ ৰাজধানী শিৱসাগৰত আছিল।[6] তেওঁ ৰামায়ণত উল্লেখ কৰিছে:

কবিৰাজ কন্দলী যে, আমাকেসে বুলি কয়
মাধৱ কন্দলী আৰো নাম।
সপোনে সচিতে মঞি, জ্ঞান কায় বাক্য মনে,
অহৰ্নিশে চিন্তো ৰাম ৰাম।
শ্লোক সংস্কৃতত আমি, গঢ়িবাক পাৰিচয়,
কৰিলোহো সৰ্ব্বজন বোধে।
ৰামায়ণ সুপৱাৰ শ্ৰীমহা মাণিক্য যে,
বৰাহী ৰজাৰ অনুৰোধে।
সাতকাণ্ড ৰামায়ণ, পদবন্ধে নিবন্ধিলো,
লম্ভা পৰিহৰি সাৰোদ্ধৃত।
মহা মাণিক্যৰ বোলে, কাব্য ৰস কিছো দিলো,
দুগ্ধ মথনত যেন ঘৃত।

কন্দলীয়ে ৰামায়ণত বিভিন্ন ছন্দ ব্যৱহাৰ কৰিছিল। ইয়াত ঘাইকৈ পদ বা পয়াৰ, ঝুমুৰা, দুলৰি আৰু ছবি ছন্দৰ ব্যৱহাৰ হোৱা দেখা যায়। তেওঁ বাল্মিকীৰ ৰামায়ণৰ আক্ষৰিক অনুবাদ নকৰি ভাৱানুবাদ হে কৰিছিল। ইয়াত অসমীয়া চহা জীৱনৰ চাপ দেখিবলৈ পোৱা যায়। তেওঁ ৰাম, সীতা আদি চৰিত্ৰক মানৱী ৰূপত প্ৰকাশ কৰিছিল। আচৰিত গুণ থাকিলেও কিছুমান পৰিস্থিতিত মানৱীয় দুৰ্বলতাও ইয়াৰ অন্যতম বৈশিষ্ট্য।

কন্দলীয়ে ইয়াত বিভিন্ন বাদ্যযন্ত্ৰ, ফল-ফুল, গছ-লতিকা, পশু-পক্ষীৰ ইত্যাদিৰ বৰ্ণনাও কৰিছে।

পৰৱৰ্তী সময়[সম্পাদনা কৰক]

মাধৱ কন্দলীৰ প্ৰায় এশ বছৰ পিছত অৰ্থাৎ ১৫শ শতিকাৰ দ্বিতীয়াৰ্ধত 'কৃত্তিবাসী ৰামায়ণ' আৰু ১৬শ শতিকাৰ অষ্টম দশকত তুলসীদাসৰ 'ৰাম-চৰিত মানস' ৰচিত হয়[3]। কালক্ৰমত ৰামায়ণৰ দুটা কাণ্ড হেৰাই যোৱাৰ পিছত নৱবৈষ্ণৱ ধৰ্মীয়ৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে এই কাণ্ড দুটা সংস্কৃতৰ পৰা অনুবাদ কৰি মূল কাব্যৰ লগত সংযোগ কৰে। শংকৰদেৱ সপ্তকাণ্ড ৰামায়ণৰ পৰা প্ৰভাৱিত হৈ এনেদৰে কৈছিল:

পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি
পদে বিৰচিলা পদ কথা।
হাতীৰ দেখিয়া লাদ, শশা যেন ফাৰে মাৰ্গ
মোৰ ভৈল তেহ্নয় অৱস্থা।

পিছলৈ ১৬শ শতিকাত অনন্ত কন্দলী আৰু কিছুমানৰ পদ ইয়াত যোগ হয়।

পিছলৈ এখন কাৰ্বি ভাষাৰ ৰামায়ণ এই গ্ৰন্থৰ আলমত ৰচনা কৰা হৈছিল।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Mahamanikya, mentioned as a Baraha king, ruled somewhere in the eastern part of Assam in the middle of the 14th or 15th century." (sarma 1976:46)
  2. 2.0 2.1 2.2 [1]Indian Literature, Sahitya Akademi, (Assamese- Birinchi Kumar Barua, Praphulla Dutta Goswami, আহৰণ ১০.১০.২০১১
  3. 3.0 3.1 3.2 সত্যেন্দ্ৰনাথ শৰ্মা (১৯৯৬). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: প্ৰতিমা দেৱী. পৃষ্ঠা. ৬২-৬৯. 
  4. 4.0 4.1 [2]Modern Indian Literature,an Anthology:Plays and prose, By K. M. George, Sahitya Akademi (Assamese-Banikant Kakati)
  5. "Maha Manik reign period", Historyfiles.co.uk, London
  6. (Sarma 1976:46)