সমললৈ যাওক

ভট্টিকাব্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভট্টিকাব্য
তথ্য
ধৰ্ম হিন্দু ধৰ্ম
ৰচয়িতা ভট্টি
ভাষা সংস্কৃত
অধ্যায় ২২ সৰ্গ
শ্লোক ১৬৫০

ভট্টিকাব্য হৈছে ভট্টিদেৱ বিৰচিত এক মহাকাব্য। এয়া সপ্তম শতিকাৰ সংস্কৃত ভাষাৰ কবিতা। ইয়াত ৰামায়ণ আৰু পাণিনিৰ ব্যাকৰণ শীৰ্ষক সংস্কৃত পৰম্পৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, একে সময়তে আন অসংখ্য পৰম্পৰাক বিজ্ঞান আৰু শিল্পৰ সমৃদ্ধ মিশ্ৰণত সামৰি লোৱা হৈছে, ৰামৰ দুঃসাহসিক অভিযান আৰু ব্যাকৰণ আৰু অলংকাৰৰ উদাহৰণৰ সংক্ষিপ্ত ৰূপ কাব্যিকভাৱে ইয়াত উপস্থাপন কৰা হৈছে।[1] সাহিত্যৰ দিশেৰে এই কাব্যক প্ৰায়ে সংস্কৃত কবিতাৰ শ্ৰেষ্ঠ কবিতাৰ সৈতে তুলনামূলকভাৱে থিয় দিয়া বুলি গণ্য কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

ভট্টিকাব্যৰ বিকল্প নাম "ৰাৱণবধ" বুলি কোৱা হয় যদিও ৰাৱণৰ মৃত্যু গোটেই কাব্যৰ এটা চুটি খণ্ড হিচাপেহে উল্লেখ থকা বাবে এই "ৰাৱণবধ" শিৰোনাম মুখ্য শিৰোনাম হোৱাটো অসম্ভৱ বুলি পণ্ডিত সকলে মত প্ৰকাশ কৰিছে। ৰামৰ কৰ্মৰ সৈতে জড়িত অন্যান্য গ্ৰন্থৰ পৰা পৃথক কৰিবলৈকে হয়তো এই নাম লাভ কৰিছিল।

এই কাব্যক "নিৰ্দেশনামূলক কবিতা" বা শাস্ত্ৰ-কাব্যৰ আদিম উদাহৰণ হিচাপে জনা যায়। ভট্টিকাব্য পদ্যৰ আৰ্হিত লিখা গ্ৰন্থ নহয় বৰঞ্চ এক কল্পনাপ্ৰসূত সাহিত্য যিটো নিৰ্দিষ্ট বিষয়ত শিক্ষামূলক হোৱাৰ উদ্দেশ্যেও ৰচনা কৰা হৈছে। আধুনিক ৰুচিৰ বাবে অৱশ্যে এই কাব্যই এক কৃত্ৰিমতা সৃষ্টি কৰিব পাৰে। ভাৰতৰ শেষৰ ধ্ৰুপদী সময়ৰ সমালোচকসকলৰ দ্বাৰা কাৰিকৰী গুণগত মানৰ ক্ষেত্ৰত প্ৰশংসা লাভকৰা ভট্টিকাব্যৰ জনপ্ৰিয় সফলতাৰ বিভিন্ন কাৰণৰ ভিতৰত এইটোও ক’ব পাৰি যে এই গ্ৰন্থ নিশ্চিত ৰূপত পাঠ্যপুথি হিচাপে উপযোগী আছিল।

লেখক[সম্পাদনা কৰক]

লেখক ভট্টিয়ে গ্ৰন্থখনৰ শেষত বৰ্ণনা কৰিছে:

"শ্ৰী-ধৰৰ পুত্ৰ নৰেন্দ্ৰৰ দ্বাৰা সুৰক্ষিত এই কাব্য মই বল্লভীত ৰচনা কৰিলোঁ, সেয়েহে সেই ৰজাৰ খ্যাতি বৃদ্ধি হওক, যিহেতু ৰজাই তেওঁৰ প্ৰজাৰ মাজত আনন্দৰ পৰিৱেশ সৃষ্টি কৰে।" (ভট্টিকাব্য ২২.৩৫)

আনকি এই প্ৰশংসাও অবিশ্বাস্য কাৰণ পদটোৰ ভিন্নতাপূৰ্ণ পঠনে এই কথা সূচাইছে যে তেওঁৰ পৃষ্ঠপোষক হয়তো শ্ৰী ধৰসেনহে আছিল। কবিতাটোৰ ৰচনা প্ৰায় ৬০০ খ্ৰীষ্টাব্দত বুলি উল্লেখ কৰা হৈছে।

উদ্দেশ্য আৰু বিষয়বস্তু[সম্পাদনা কৰক]

“ভট্টিৰ কবিতা”ৰ দুটা উদ্দেশ্য: এই কাব্যই ৰামৰ দুঃসাহসিকতাৰ কাব্যিক পুনৰাবৃত্তি আৰু ছাত্ৰৰ বাবে ব্যাকৰণ আৰু অলংকাৰৰ উদাহৰণৰ সংক্ষিপ্ত বৰ্ণনা। সাহিত্য হিচাপে বিশেষকৈ ১, ২ আৰু ১০ নং সৰ্গই সংস্কৃত কবিতাৰ শ্ৰেষ্ঠ কবিতাৰ সৈতে ফেৰ মাৰিব পৰাকৈ থিয় দিছে। ভট্টিকাব্যই ব্যৱহৃত সংস্কৃত ব্যাকৰণৰ এক বিস্তৃত উদাহৰণ আৰু কাব্যিকতা বা অলংকাৰ (আলংকাৰ, আক্ষৰিক অলংকাৰ) বিজ্ঞান (শাস্ত্ৰ)ৰ ভাল পৰিচয় প্ৰদান কৰিছে। ইয়াৰোপৰি সহজলভ্য ৰূপত প্ৰাকৃত ভাষাৰ (প্ৰতিখন সংস্কৃত নাটকৰ এটা প্ৰধান উপাদান) সোৱাদ দিয়ে।

ভট্টিকাব্য আৰু পাণিনিৰ অষ্টাধ্যায়ী গ্ৰন্থ[সম্পাদনা কৰক]

ধ্ৰুপদী যুগৰ শেষৰ ফালে বিদ্বান ভাৰতীয় পাঠ্যক্ৰমৰ মূলতে আছিল ব্যাকৰণগত অধ্যয়ন আৰু ভাষিক বিশ্লেষণৰ ব্যৱস্থা।[2] এই অধ্যয়নৰ বাবে মূল পাঠ্য আছিল পাণিনিৰ বিখ্যাত কঠিন “আঠটা অধ্যায়” (অষ্টাধ্যায়ী), খ্ৰীষ্টপূৰ্ব ৮ম শতিকাত ৰচিত। শিক্ষণ আৰু তৰ্কসাপেক্ষভাৱে ভাষাবিজ্ঞানৰ ইতিহাসৰ আটাইতকৈ উল্লেখযোগ্য আৰু প্ৰকৃতপক্ষে এখন মূল গ্ৰন্থ। অষ্টাধ্যায়ী কেৱল ঊনবিংশ শতিকালৈকে যিকোনো ভাষাৰ বাবে সম্পূৰ্ণৰূপে অতুলনীয় ভাষাৰ বৰ্ণনাই নহয়, ইয়াক এটা বিশৃংখল আৰু অত্যাধুনিক ধাতুভাষাৰ ব্যৱহাৰৰ জৰিয়তে সম্ভৱপৰ আটাইতকৈ সংকুচিত ৰূপত উপস্থাপন কৰা হৈছে, যিটো আধুনিকতাৰ আগতে ভাষাবিজ্ঞানৰ উদাহৰণ স্বৰূপে আন ক’তো পোৱা নাযায়। “ভট্টিৰ কবিতা” ৰচনাৰ পূৰ্বে দহ শতিকা ধৰি পাণিনিৰ এই ব্যাকৰণ নহুলভাৱে অধ্যয়নৰ বিষয় হৈ আছিল। ৰামায়ণৰ আকৰ্ষণীয় আৰু নৈতিকভাৱে উন্নত কৰা কাহিনীৰ প্ৰসংগত বিদ্যমান ব্যাকৰণগত ধাৰাভাষ্যসমূহত ইতিমধ্যে প্ৰদান কৰা উদাহৰণসমূহ ব্যৱহাৰ কৰি পাণিনিৰ গ্ৰন্থখনক অধ্যয়ন সাহায্য প্ৰদান কৰাটো স্পষ্টভাৱে ভট্টিৰ উদ্দেশ্য আছিল। এই ব্যাকৰণৰ শুকান হাড়ডালত ভট্টিয়ে তেওঁৰ কবিতাৰ ৰসাল মঙহ থাপিত কৰে। কাব্যিকতা, গদ্য আৰু প্ৰাকৃতৰ ক্ষেত্ৰতো একেই কথা ক’ব পাৰি। লেখকৰ উদ্দেশ্য আছিল তুলনামূলকভাৱে সহজ আৰু সুখদায়ক মাধ্যমেৰে এই উন্নত বিজ্ঞানসমূহ শিকোৱা।

ভাৰতৰ বাহিৰত প্ৰভাৱ[সম্পাদনা কৰক]

"ভট্টিৰ কবিতা"ৰ প্ৰভাৱ জাভালৈকে বিস্তৃত হৈছে য'ত ই পুৰণি জাভানী ৰামায়ণৰ উৎস পাঠ্য হিচাপে পৰিগণিত হৈছে।[3] ধ্ৰুপদী জাভানী মহাকাব্যৰ আটাইতকৈ পুৰণি উপলব্ধ সাহিত্যৰ উদাহৰণ (কাকৱিন)। জাভানী কাকৱিন ৰামায়ণে “ভট্টিকাব্যক”ক ১২ নং সৰ্গলৈকে নিবিড়ভাৱে অনুসৰণ কৰিছে, কোনো কোনো স্থানত এটা পদ্য প্ৰত্যক্ষভাৱে অনুবাদ কৰা বুলিও পণ্ডিত সকলে মত প্ৰকাশ কৰিছে। অৱশ্যে ইয়াৰ পিছতে কাকৱিন ৰামায়ণ ভট্টিকাব্যৰ পৰা বিচ্ছিন্ন হ’বলৈ আৰম্ভ কৰে। এনে লাগিব যে “ভট্টিৰ কবিতা”ৰ ৰূপটো মহাকাব্য হিচাপে জাভানী লেখকৰ বাবে গুৰুত্বপূৰ্ণ আছিল কাৰণ তেওঁৰ বহুতো সংযোজনে দণ্ডিনে বৰ্ণনা কৰা ধৰণে পুৰণি-জাভানী ৰামায়ণৰ ধাৰাটোৰ সৈতে সামঞ্জস্যক অধিক সম্পূৰ্ণ কৰি তুলিছে, ইয়াৰ পৰা বুজা যায় যে তেওঁৰ “কবিতাৰ দাপোন” বা ইয়াৰ পূৰ্বসূৰী ৰূপত ভট্টি তেওঁৰ বাবে উপলব্ধ আছিল। তদুপৰি হুইকাছে[4] এইটোও দেখুৱাইছে যে পুৰণি-জাভানী ৰামায়ণে ভট্টিৰ প্ৰভাৱত দুগুণ গুৰুত্ব লাভ কৰিছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Keith, A. B. 1928. A History of Sanskrit literature. Oxford: The Clarendon press.
  2. Filliozat. 2002 The Sanskrit Language: An Overview  — History and Structure, Linguistic and Philosophical Representations, Uses and Users. Indica Books.
  3. Hooykaas, C. 1958. The Old Javanese Rāmāyaṇa, an Exemplary Kakawin as to Form and Content. Amsterdam.
  4. Hooykaas, C. 1957. “On Some Arthālaṃkāras in the Baṭṭikāvya X”. Bulletin of the School of Oriental and African Studies: Vol. 20, No 3, Studies in Honour of Sir Ralph Turner, Director of the School of Oriental and African Studies, 1937–57, London: SOAS.