পাণিনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পাণিনি
সম্পূৰ্ণ নাম পাণিনি
যুগ খ্ৰীষ্টপূৰ্ব ৫০০ (আনুমানিক)
অঞ্চল  ভাৰত
আগ্ৰহ ব্যাকৰণ, ভাষাতত্ত্ব[1]

পাণিনি (সংস্কৃত: पाणिनि; paːɳɪnɪ) হৈছে এগৰাকী প্ৰাচীন ভাৰতীয় সংস্কৃত ব্যৈয়াকৰণিক, মহৰ্ষিত বা মহামুনি। তেওঁৰ জীৱনকাল আনুমানিক খ্ৰীঃ পূঃ পঞ্চম শতাব্দীৰ ভিতৰত। পাণিনি অষ্টাধ্যায়ী ব্যাকৰণৰ প্ৰণেতা হিচাপে খ্যাত।

জন্ম আৰু পৰিচয়[সম্পাদনা কৰক]

মহৰ্ষি পাণিনিৰ বিষয়ে পৌৰাণিক সাধুকথা পঞ্চতন্ত্ৰ, কথাসৰিৎসাগৰ আদিত কিছুমান কাহিনী পোৱা যায়। এইবোৰৰ পৰা তেওঁৰ প্ৰকৃত পৰিচয় পোৱা সহজ নহয়। বিশেষকৈ তেওঁৰ সময় নিৰ্ণয় কৰা অসম্ভৱ। তেওঁৰ জন্ম হৈছিল- উত্তৰ-পশ্চিম ভাৰতৰ তক্ষশীলা বা তি’লা অঞ্চলৰ অতকৰ নিকটৱতী শালাতুৰ গাঁৱত। পাণিনিৰ গ্ৰন্থত কাৰ্যাপণস্‌ আৰু এশ ৰক্তকা মুদ্ৰাৰ উল্লেখ থকাৰ কথাৰ পৰা প্ৰখ্যাত ভাৰতীয় ইতিহাসকাৰ ডি.ডি. কৌশাম্বীয়ে তক্ষশীলাই পাণিনিৰ জন্মস্থান বুলি নিৰ্ণয় কৰিছে।[2] তদুপৰি, চীনা ভ্ৰমণকাৰী হিউৱেন চাঙে এই অঞ্চলতে পাণিনিৰ স্মৃতিসৌধৰূপে নিৰ্মিত প্ৰতিমূৰ্তি এটা দেখা বুলি কৰা মন্তব্যয়ো ইয়াৰ আন এক সাক্ষী।[3] পাণিনিৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে পণিন আৰু দাক্ষী। অৱশ্যে ভৱিষ্য পুৰাণৰ মতে, পাণিনিৰ পিতৃৰ নাম সামনহে। অৱশ্যে মাকৰ নামৰ ক্ষেত্ৰত তেনে কোনো ভিন্ন মত নাই। পাণিনিৰ মাক দাক্ষী সংস্কৃত ব্যাকৰণ-দৰ্শনৰ বিশিষ্ট শ্লোক সংগ্ৰহকাৰী ব্যাড়ীৰ ভনীয়েক আছিল। পৰম্পৰাগত বিশ্বাস মতে, পাণিনিৰ গুৰু আছিল ভাতৃ মহামুনি বৰ্ষ। পঞ্চতন্ত্ৰৰ এটি আখ্যান অনুসাৰে, এটা সিংহৰ সৈতে হোৱা প্ৰচণ্ড যুদ্ধত পাণিনিৰ দেহাৱসান ঘটে।[4]

পাণিনিৰ সময়[সম্পাদনা কৰক]

পাণিনি সম্বন্ধে কেতবোৰ বিক্ষিপ্ত তথ্য পোৱা গ’লেও তেওঁৰ সময় সম্বন্ধে কোনো নিশ্চিত তথ্য-আহৰণ আজিকোপতি সম্ভৱ হৈ উঠা নাই। কথা-সৰিৎসাগৰ তথ্য অনুসৰি বিচাৰ কৰিলে দেখা যায় পাণিনি আছিল ব্যাড়ী, কাত্যায়ন, আৰু ইন্দ্ৰদত্তৰ সমসাময়িক অৰ্থাৎ ৮০০-৭০০ খ্ৰীষ্টপূৰ্বাব্দৰ লোক। সংস্কৃত সাহিত্যৰ বুৰঞ্জীকাৰ এ.বি. কীথ[5] আৰু জাৰ্মান পণ্ডিত উইণ্টাৰনিজে তেওঁলোকৰ মতে, ৰচনাত যিহেতু ‘যৱনানি’ শব্দৰ উল্লেখ আছে, গতিকে তেওঁ গ্ৰীক বীৰ আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণ [খ্ৰী. পূঃ ৩২৭]-ৰ পাছৰ হোৱাহে সম্ভৱ। তেওঁলোকে পাণিনিক খ্ৰীষ্টপূৰ্বাব্দ ৩৫০-৩০০ বুলি অনুমান কৰিছে।[6] মে’মূলাৰে তেওঁৰ সময় খ্ৰীষ্টপূৰ্বাব্দ চতুৰ্থ শতিকা বুলি অনুমান কৰিছে। এছ. কে. বেলভেকাৰে পাণিনিৰ সময় খ্ৰীষ্টপূৰ্বাব্দ সপ্তম শতিকা বুলি ঠাৱৰ কৰিছে। বুৰঞ্জীবিদ বি.ডি. মহাজন আৰু ডি.ডি কৌশাম্বীৰ মতে পাণিনিৰ সময় খ্ৰীষ্টপূৰ্বাব্দ ১৫০-তকৈ কেইবছৰমানহে আগলৈ নিব পাৰি।[7] সি যি কি নহওক, নিশ্চিত তথ্য অবিহনেও প্ৰায়বোৰ সংস্কৃত ব্যাকৰণৰ ইতিহাসত পাণিনিৰ সময় খ্ৰীঃ পূঃ পঞ্চম শতাব্দী ধৰা হৈছে।

পাণিনিৰ অষ্টাধ্যায়ী ব্যাকৰণ[সম্পাদনা কৰক]

মহামুনি পাণিনিকৃত ব্যাকৰণখন আঠোটা অধ্যায় থকা বাবে ইয়াৰ নাম অষ্টাধ্যায়ী। ইয়াৰ প্ৰতিটো অধ্যায়ৰে আকৌ চাৰিটাকৈ ‘পাদ’ আছে। অধ্যায়সমূহৰ বিষয়বস্তু এনে ধৰণৰ:-

  • প্ৰথম অধ্যায়: ব্যাকৰণৰ সংজ্ঞা নিৰূপণ আৰু উপস্থাপন ৰীতিৰ ব্যাখ্যা
  • দ্বিতীয় অধ্যায়: বাকাৰ গাঁথনিত বিশেষ্য আৰু কাৰক-সম্বন্ধৰ আলোচনা
  • তৃতীয় অধ্যায়: ক্ৰিয়ামূলত প্ৰত্যয়ৰ সংযোগ
  • চতুৰ্থ আৰু পঞ্চম অধ্যায়: বিশেষ্য শব্দমূলত প্ৰত্যয়ৰ সংযোগ
  • যষ্ঠ আৰু সপ্তম অধ্যায়: শব্দ-গঠনত প্ৰস্বন আৰু ধ্বনি-পৰিৱৰ্তনৰ বিৱৰণ
  • অষ্টম অধ্যায়: বাক্য গঠনত শব্দৰ ভূমিকা

এনেদৰে সৰ্বমুঠ ৩৯৯৮টা সূত্ৰৰ মাধ্যমেৰে ব্যাকৰণখনিত বৈদিক আৰু লৌকিক সংস্কৃত ভাষাক সামৰি প্ৰাচীন ভাৰতীয় আৰ্যভাষাটোৰ আটাইবোৰ সম্ভাব্য দিশৰ পূৰ্ণাঙ্গ বিৱৰণ সন্নিৱিষ্ট কৰা হৈছে।[8] ‘সকলো বিশেষ্য পদ ক্ৰিয়াপদৰ পৰা সাধিত -এই মৌলিক তত্ত্ব অৱলম্বন কৰা বাবে ‘অষ্টাধ্যায়ী’ৰ আন এটা নাম হল ‘শব্দানুশাসনম্‌’ বা ‘শব্দ বিষয়ক শাস্ত্ৰ’। পাণিনিয়ে দেখুৱাইছে যে ক্ৰিয়ামূলবোৰ একোটাহঁত কাৰ্যৰ অৰ্থসূচক, এক আক্ষৰযুক্ত, অপৰিৱৰ্তনীয় গোট। সিবোৰৰ লগত বিভিন্ন প্ৰত্যয় আৰু বিভক্তি সংযুক্ত হৈ একোটাহঁত নামবাচক বা ক্ৰিয়াবাচক শব্দমূল গঠিত হয়, আৰু এনে শব্দমূলৰ পৰাই একো একোটা পদৰ সৃষ্টি হয়। পাণিনিৰ মতে- শব্দ হ’ল--- অৰ্থ আৰোপিত বৰ্ণ-সমষ্টি, আৰু এই শব্দ-প্ৰত্যয় আৰু বিভক্তিযুক্ত হৈ বাক্যত ব্যৱহাৰ হ’লে, তাক পদ আখ্যা দিয়া হয়। আনকথাত বাক্যত ব্যৱহৃত প্ৰত্যয় আৰু বিভক্তিযুক্ত শব্দৰ নামেই পদ। এনেদৰে পদৰ তিনি খলপীয়া বিভাজন কৰি তেওঁ দেখুৱাই দিছিল যে, বাক্যই হ’ল ভাষাৰ একক। ‘অষ্টাধ্যায়ী’ মূলতঃ শব্দ-সাধনৰ শাস্ত্ৰ হোৱা বাবে ইয়াত ধ্বনিগত দিশৰ বিশেষ আলোচনা পোৱা নাযায়, বৰং তাৰ পৰিৱৰ্তে ইয়াত শব্দৰ গঠন আৰু বাক্য বিন্যাসত পদৰ ব্যৱহাৰ সম্পৰ্কেহে অধিক গুৰুত্ব দিয়া হৈছে। আপাততঃ ইয়াত ধ্বনি-নিয়ম আলোচিত হোৱা নাই যেন লাগে। যদিও ইয়াত পৰোক্ষভাৱে হ’লেও কেইবাটিও ধ্বনি-সূত্ৰ আলোচিত হৈছে। তাৰ ভিতৰত স্বৰৰ গুণ আৰু বৃদ্ধি বিশেষভাৱে উল্লেখযোগ্য। অতি চুম্বকীয় ৰীতিৰ প্ৰয়োগ ‘অষ্টাধ্যায়ী’ৰ এক প্ৰধান বিশেষত্ব। সংক্ষিপ্তীকৰণৰ জৰিয়তে সূত্ৰশৈলীৰ সহায়ত হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে ইয়াত সংস্কৃত ভাষাৰ প্ৰায় আটাইবোৰ কথাৰ বিৱৰণ দিয়া হৈছে।[9] পাণিনিয়ে তৎকালীন ভাৰতৰ মধ্য আৰু উত্তৰ-পশ্চিম অঞ্চলৰ আৰ্যভাষাটোকে আদৰ্শ হিচাপে লৈ স্থানীয় ঔপভাষিক ৰূপবোৰৰো সূক্ষ্ম বিচাৰ কৰি অষ্টাধ্যায়ী ৰচনা কৰিছিল। তেওঁ লৌকিক ৰূপবোৰৰ সংস্কাৰ সাধান কৰি ভাষাটো ব্যাকৰণৰ কঠোৰ নিয়মেৰে শৃঙ্খলিত কৰাত তথা শিষ্ট সমাজত প্ৰচলিত ৰূপটোৰ স্বাভাৱিক প্ৰবাহ ক্ৰমাৎ ক্ষীণ হৈ হৈ এটা সময়ত তাৰ গতি ৰুদ্ধ হৈ যায়। অৰ্থাৎ সংস্কৃত ভাষা মৃতপ্ৰায় হোৱাত পাণিনিৰ পৰোক্ষভাৱে হ’লেও অৰিহণা আছে।[10]

পাশ্চাত্য ভাষাবিজ্ঞানীৰ অভিমত[সম্পাদনা কৰক]

আৰ্থাৰ এ. মেকড’নেল, আৰ. এইচ্ছ, ৰবিন্‌ছ, ডেভিড ক্ৰিষ্টল আদি পাশ্চাত্যৰ ভাষা-চিন্তাবিদে এই ব্যাকৰণখনৰ ভূয়সী প্ৰশংসা কৰিছে। আধুনিক ভাষাবিজ্ঞানী ব্লুমফিল্ডে অষ্টাধ্যায়ীক ‘মানৱ বুদ্ধিমত্তাৰ সবোৰ্ত্তম কীৰ্তিস্তম্ভ’ হিচাপে অভিহিত কৰিছে। সাম্প্ৰতিক বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ভাষাবিজ্ঞানী নৌম চমস্কিয়ে পাণিনিৰ ব্যাকৰণখনত তেওঁৰ অভিনৱ টি.জি. তত্ত্বৰ আৱিষ্কাৰ কৰিছে। চমস্কিয়ে লিখিছে, "What is more it seems that even panini’ grammar can be interpreted as a fragment of such a “generative grammar’’, in essentially the contemporary sense of this term."[11]

সহায়ক গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  1. Steven Weisler; Slavoljub P. Milekic (2000). Theory of Language. MIT Press. পৃষ্ঠা. 44. ISBN 978-0-262-73125-6. https://books.google.com/books?id=wIaGLUFHtxsC&pg=PA44. , Quote: "The linguistic investigations of Panini, the notable Hindu grammarian, can be ..."
  2. কৌশাম্বী, ডি.ডি. (১৯৭৩). ভাৰতৰ ইতিহাস (অনুবাদ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য). প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন প্ৰৰিষদ. পৃষ্ঠা. ২৮৪. 
  3. Keith, A.B. (1920 (Reprint 1973)). A History of Sanskrit Literature. Oxford UP, Delhi et al.. পৃষ্ঠা. 425. 
  4. ডেকা, খগেশ সেন. ব্যাকৰণ : পাচ্য আৰু পাশ্চাত্য. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬৮. 
  5. Keith, A.B. (1920 (Reprint 1973)). A History of Sanskrit Literature. Oxford UP, Delhi et al.. পৃষ্ঠা. 426. 
  6. Winternitz, M. (1967 (Reprint 1985)). History of Indian Literature, Vol. III. English translation by Subhadra Jha.. Motilal Banarsi Dass. Delhi. 3vols. পৃষ্ঠা. 461. 
  7. কৌশাম্বী, ডি.ডি. (১৯৭৩). ভাৰতৰ ইতিহাস (অনুবাদ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য). প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন প্ৰৰিষদ. পৃষ্ঠা. ২৮৪. 
  8. ডেকা, খগেশ সেন. ব্যাকৰণ ঃ পাচ্য আৰু পাশ্চাত্য. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬৮. 
  9. ডেকা, খগেশ সেন. ব্যাকৰণ ঃ পাচ্য আৰু পাশ্চাত্য. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬৮. 
  10. শ্ব, ৰামেশ্বৰ (১৯৯২). সাধাৰণ ভাষাবিজ্ঞান ও বাংলা ভাষা. প্ৰকাশক কলিকতা: পুস্তক বিপনী,. পৃষ্ঠা. ১৪৪. 
  11. Chomsky,, Noam (1965 (reprint 1992)). Aspects of the Theory of Syntax. প্ৰকাশক Massachusetts: MIT Press. Cambridge. পৃষ্ঠা. v.