লক্ষ্মণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
লক্ষ্মণ
ৰামৰ ভ্ৰাতৃ
Lakshmana at Srivaikundam.jpg
দেৱনাগৰী लक्ष्मण
সম্পৰ্ক শেষনাগঅৱতাৰ
নিবাস বৈকুণ্ঠ, ক্ষীৰ সাগৰ
অস্ত্ৰ ধনু-কাঁ‌ড়, তৰোৱাল
পিতৃ-মাতৃ দশৰথ (পিতৃ)
সুমিত্ৰা (মাতৃ)
কৌশল্যা (মাহীমাক)
কৈকেয়ী (মাহীমাক)
সহোদৰ শত্ৰুঘ্ন (ভ্ৰাতৃ)
ৰাম (সতীয়া ভ্ৰাতৃ)
ভৰত (সতীয়া ভ্ৰাতৃ)
শান্তা (সতীয়া ভগ্নী)
সন্তান অংগদ
চন্দ্ৰকেতু[1]

লক্ষ্মণ (সংস্কৃত: लक्ष्मण) (আক্ষৰিক অৰ্থত যাৰ ভাগ্যশালীৰ লক্ষণ আছে) লখন হৈছে ৰামায়ণৰ মূল চৰিত্ৰ ৰামৰ ভ্ৰাতৃ। তেওঁক সৌমিত্ৰ, ৰামানুজ আৰু ভৰতানুজ নামেৰেও জনা যায়। তেওঁ শত্ৰুঘ্নৰ যঁ‌মজ ভ্ৰাতৃ।

জন্ম আৰু বিবাহ[সম্পাদনা কৰক]

দশৰথৰ চাৰি পুত্ৰৰ জন্ম।

অযোধ্যাৰ ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল: কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। তেওঁ পুত্ৰপ্ৰাপ্তিৰ বাবে উছৰ্গা যাচিছিল আৰু ফলস্বৰূপে তেওঁৰ ৰাণীসকল গৰ্ভৱতী হৈছিল। লক্ষ্মণ আৰু তেওঁৰ ভায়েক শত্ৰুঘ্নৰ জন্ম সুমিত্ৰাৰ পৰা, আৰু ৰাম আৰু ভৰতে যথাক্ৰমে কৌশল্যা আৰু কৈকেয়ীৰ গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰিছিল।[2]

পুৰাণত লক্ষ্মণক শেষনাগৰ অৱতাৰ বুলি বৰ্ণনা কৰা হৈছে। শেষনাগ হৈছে বহুমুখী নাগ (সৰ্প) যাৰ ওপৰত বিষ্ণুৱে শয়ন কৰে। সেই বিষ্ণুৰে পূৰ্ণ অৱতাৰ হৈছে ৰাম।

যেতিয়া ঋষি বিশ্বামিত্ৰই ৰামক অৰণ্যত ৰাক্ষসবোৰক হত্যা কৰিবলৈ আহ্বান কৰি নিছিল, লক্ষ্মণো তেওঁলোকৰ সৈতে গৈছিল আৰু মিথিলা ভ্ৰমণ কৰিছিল। লক্ষ্মণ বিশেষকৈ ৰামৰ সৈতে নলেগলে লগা আছিল। ৰামে সীতাক বিয়া কৰাওঁ‌তে লক্ষ্মণে সীতাৰ সৰু ভগ্নী উৰ্মিলাক বিয়া কৰায়। তেওঁলোকৰ দুটা পুত্ৰ আছিল: অঙ্গদ আৰু চন্দ্ৰকেতু।

পিছলৈ যেতিয়া কৈকেয়ীৰ কথাত ৰামক চৈধ্য বছৰৰ বাবে বনবাস দিয়া হয় লক্ষ্মণে তেওঁৰ পত্নী উৰ্মিলাক এৰি ৰাম আৰু সীতাৰ সৈতে বনবাসলৈ ওলায়।[2]

বনবাস[সম্পাদনা কৰক]

শূৰ্পনখাৰ নাক চ্ছেদ অৱস্থাত লক্ষ্মণ।

বনবাসৰ সময়ত লক্ষ্মণে ৰাম আৰু সীতাক শ্ৰদ্ধাৰে সেৱা আগবঢ়াইছিল। পঞ্চৱতীত লক্ষ্মণে ৰাম আৰু সীতাৰ বসবাসৰ বাবে এটা কুটিৰ নিৰ্মাণ কৰিছিল। ৰামক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰাৰ লগতে সীতাক অপমান কৰাৰ বাবে লক্ষ্মণে ৰাৱণৰ ভগ্নী শূৰ্পনখাৰ নাক কাটি পেলাইছিল। তেওঁ ৰাৱণৰ সৈতে যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিৎ আৰু অতিকায়ক বধ কৰিছিল।

যেতিয়া সীতাই ৰামক তেওঁৰ বাবে যাদুকৰী সোণালী হৰিণ বা মায়ামৃগ আনিবলৈ পাচে, ৰামে লক্ষ্মণক সীতাৰ ৰক্ষা কৰিবলৈ কয়। সোণালী হৰিণটো প্ৰকৃততে আছিল ৰাক্ষস মাৰীচ যিয়ে ৰামক দূৰলৈ আঁ‌তৰাই নিছিল। যেতিয়া ৰামে মাৰীচক হত্যা কৰে তেতিয়া তেওঁ সহায়ৰ বাবে ৰামৰ কণ্ঠত আৰ্তনাদ কৰি উঠে। যদিও লক্ষ্মণে জানিছিল যে ৰাম অজেয় আৰু যিকোনো বিপদৰ বাহিৰত, সীতাই ভয় খাই লক্ষ্মণক লগে লগে ৰামৰ সহায়লৈ যাবলৈ আদেশ দিয়ে। সীতাক অমান্য কৰিব নোৱাৰি লক্ষ্মণে এডাল ৰেখা আঁ‌কি (লক্ষ্মণ ৰেখা) সীতাক পাৰ নহ'বলৈ কয় আৰু ৰামৰ সন্ধানত প্ৰস্থান কৰে। অৱশ্যে সীতাই ধৰ্মীয় কৰ্তব্য আৰু দৰিদ্ৰ ব্ৰাহ্মণৰ ছদ্মবেশ লৈ অহা ৰাৱণৰ প্ৰতি সহানুভূতিৰ বাবে তেওঁক ভিক্ষা দিবলৈ সীমা অতিক্ৰম কৰে আৰু ৰাৱণে তেওঁক অপহৰণ কৰি লৈ যায়। লক্ষ্মণ ৰেখা এনে পৰিস্থিতিত এক ৰূপক পৰিছে য'ত যিকোনো পৰিস্থিতিত মানুহে এটা নিৰ্দিষ্ট সীমা অতিক্ৰম কৰিব নালাগে।

ৰাম আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধৰ সময়ত লক্ষ্মণে ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিৎ আৰু অতিকায়ক হত্যা কৰে। তেওঁ ইন্দ্ৰজিতক হত্যা কৰাৰ আগতে লক্ষ্মণ আৰু ৰাম দুবাৰকৈ ইন্দ্ৰজিতৰ দ্বাৰা পৰাজিত হয় আৰু দুয়োবাৰ হনুমানৰ হস্তক্ষেপে তেওঁলোকক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰে।[3] যুদ্ধৰ পিছত, যেতিয়া ৰামে সীতাক তেওঁৰ বিশুদ্ধতাৰ পৰীক্ষা (অগ্নিপৰীক্ষা) দিবলৈ কয় তেতিয়া লক্ষ্মণ প্ৰথমবাৰৰ বাবে ৰামৰ ওপৰত ক্ৰোধান্বিত হয় আৰু তেওঁৰ বিৰোধিতা কৰে।

বনবাসৰ উত্তৰ কাল[সম্পাদনা কৰক]

লংকা যুদ্ধৰ সমাপ্তিৰ পিছত ৰামক অযোধ্যাৰ ৰাজমুকুট পিন্ধোৱা হয় আৰু ভৰত ৰাজকুমাৰ হয়। ৰামে লক্ষ্মণক ৰাজকুমাৰ হিচাপে অধিষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়ে কিন্তু তেওঁ অস্বীকাৰ কৰি কয় যে ভৰত তেওঁৰ তুলনাত জ্যেষ্ঠ আৰু এই পদবীৰ বাবে অধিক যোগ্য লোক। এই কথা শুনি ৰামে অতি আনন্দিত হৈ ক'লে, "হে লক্ষ্মণ, এই জন্মত, তুমি মোক ইমান ভালদৰে সেৱা কৰিছিলা আৰু সৰু ভায়েক হিচাপে তোমাৰ কৰ্তব্য পালন কৰিছিলা, সেয়েহে মই মোৰ পৰৱৰ্তী জন্মত তোমাৰ সৰু ভায়েকৰ দৰে একে কাৰ্য কৰিম।" এনেদৰে পৰৱৰ্তী জন্মত ৰামে কৃষ্ণ অৱতাৰ লয় আৰু লক্ষ্মণ কৃষ্ণৰ ডাঙৰ ভায়েক বলৰামৰ অৱতাৰ ধাৰণ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

লক্ষ্মণে ৰামৰ নিৰ্দেশত ঋষি বাল্মীকিৰ আশ্ৰমৰ ওচৰৰ অৰণ্যত সীতাক এৰি গৈছিল। লক্ষ্মণে পিছলৈ ৰামৰ পুত্ৰ লৱ আৰু কুশৰ বিৰুদ্ধে তেওঁলোকক চিনিব নোৱাৰি যুঁজ দিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

জৈন ৰামায়ণ[সম্পাদনা কৰক]

জৈন ৰামায়ণত লক্ষ্মণক বসুদেৱ বুলি কোৱা হয়। জৈন ৰামায়ণৰ মতে, ৰামৰ সলনি লক্ষ্মণেহে ৰাৱণক বধ কৰিছিল।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]