সমললৈ যাওক

অদ্ভুত ৰামায়ণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অদ্ভুত ৰামায়ণ  

অসমীয়া অদ্ভুত ৰামায়ণৰ এটা পৃষ্ঠা
লেখক ৰঘুনাথ দাস মহন্ত
দেশ ভাৰতভাৰত
ভাষা সংস্কৃত
বিষয় ৰামায়ণৰ কাহিনী
প্ৰকাৰ মহাকাব্য
মিডিয়া প্ৰকাৰ মুদ্ৰণ

অদ্ভুত ৰামায়ণ (ইংৰাজী: Adbhuta Ramayana) হৈছে এখন শাক্ত সংস্কৃত গ্ৰন্থ। এই গ্ৰন্থখন পৰম্পৰাগতভাৱে ঋষি বাল্মিকীৰ নামত উৎসৰ্গিত।[1] ই বাল্মীকি ৰামায়ণ—সাধাৰণতে মূল সংস্কৰণ বুলি গণ্য কৰা—আৰু তুলসীদাসৰ ৰামচৰিতমানস শীৰ্ষক অৱধি সংস্কৰণ, উত্তৰ ভাৰতৰ ৰামায়ণ কাহিনীৰ আটাইতকৈ জনপ্ৰিয় সংস্কৰণতকৈ যথেষ্ট পৰিমাণে অস্পষ্ট।[2]

এই পৰ্যন্ত ইয়াৰ বিষয়বস্তু আৰু পাঠ্য ইতিহাসৰ বিদ্বান বিশ্লেষণ সামান্য হিচাপে পৰিগণিত হৈছে। ৰামায়ণ সাহিত্যৰ পৰম্পৰাগত স্থানত ইয়াৰ তাৎপৰ্য্য নিহিত হৈ আছে।[3][4]

অদ্ভুত ৰামায়ণখন ২৭টা সৰ্গেৰে ৰচিত, আৰু ইয়াত পৰম্পৰাগত ৰামৰ আখ্যানটো চমুকৈহে বৰ্ণনা কৰা হৈছে। বাল্মিকীৰ মূল কথনত চিত্ৰিত কৰা ৰামৰ জীৱনৰ আদিম খণ্ডবোৰ—যেনে ৰামৰ জন্মৰ কাহিনী, বিশ্বামিত্ৰৰ সৈতে তেওঁৰ প্ৰশিক্ষণ, সীতাৰ স্বয়ম্বৰত শিৱৰ ধনু ভঙা— এই অংশকেইটা বাদ দিয়া হৈছে। এইখন ৰামায়ণত ৰামৰ জীৱনৰ এই অভিযোজনৰ আৰম্ভণি হয় পৰশুৰামৰ সৈতে মুখামুখি হোৱাৰ পৰা, যেতিয়া তেওঁ আৰু তেওঁৰ পৰিয়াল জনকপুৰাত বিয়াৰ পৰা উভতি অহালৈকে এই সময়চোৱাৰ কথাৰ উল্লেখ আছে। এই কাহিনীটোৱে মহাকাব্যখনৰ অন্যান্য উল্লেখযোগ্য পৰিঘটনাসমূহতকৈ অধিক উজ্জ্বলতাৰে উদ্ভাসিত হয়, বাল্মিকীৰ প্ৰাথমিক ৰচনাৰ প্ৰধান বিষয়বস্তুসমূহৰ ওপৰত বিশদভাৱে বৰ্ণনা কৰাৰ উদ্দেশ্যে সহায়ক গল্পসমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে।

ৰামায়ণ আখ্যানৰ এই ৰূপটোত সীতাক অত্যধিক প্ৰাধান্য দিয়া হৈছে আৰু প্ৰকৃততে ইয়াৰ দুটা উল্লেখযোগ্য অৱদান হৈছে তেওঁৰ জন্মৰ সময়ত হোৱা পৰিঘটনাৰ বিশদ বিৱৰণ—এই ক্ষেত্ৰত ৰাৱণৰ পত্নী মন্দোদৰীৰ প্ৰতি—লগতে ৰাৱণৰ জ্যেষ্ঠ ভাতৃক জয় কৰা মহাকালীৰ ৰূপত।

সাৰাংশ[সম্পাদনা কৰক]

সৰ্গ ১

ঋষি ভৰদ্বাজে বাল্মিকীৰ কাষ চাপি ৰামৰ কাহিনী বৰ্ণনা কৰিবলৈ ক’লে, ৰামায়ণত লাখ লাখ শ্লোক অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ অধিকাংশই উপলব্ধ নহয়। ভৰদ্বাজে সেই গোপন কাহিনীবোৰৰ এটা শুনিবলৈ অনুৰোধ কৰিছিল, যিটোত বাল্মিকীয়ে সন্মতি দিছিল, লক্ষ্য কৰিছিল যে এই সংস্কৰণে প্ৰকৃতিৰ (প্ৰকৃতি) অৱতাৰ সীতাৰ কৰ্মৰ ওপৰত গুৰুত্ব দিব। বাল্মিকীয়ে অৱশ্যে জোৰ দি কৈছিল যে ৰাম পৰম শক্তিৰ প্ৰকাশ, আৰু শেষত ৰাম আৰু সীতাৰ মাজত কোনো প্ৰভেদ নাই— তেওঁলোক এক।

সৰ্গ ২

ৰজা অম্বৰিশ বিষ্ণুৰ এজন মহান ভক্ত আছিল, আৰু এদিন বিষ্ণুৱে তেওঁক বৰদান আগবঢ়াইছিল। অম্বৰীশে তেওঁক সদায় বিষ্ণুৰ পৰম আনন্দত মগ্ন হৈ থাকিবলৈ ক’লে (ত্ৱায়ি বিষ্ণো পৰনন্দে নিত্যাম মে ৱৰ্ত্ততম মতিহ), বিনিময়ত তেওঁ বিষ্ণুৰ সকলো ভক্তক ৰক্ষা কৰিব বুলি প্ৰতিজ্ঞা কৰিলে। বিষ্ণু সন্তুষ্ট হৈ তেওঁৰ ঐশ্বৰিক চক্ৰৰে ৰজাক সদায় ৰক্ষা কৰিব বুলি প্ৰতিজ্ঞা কৰি বৰদান প্ৰদান কৰে।

সৰ্গ ৩

অম্বৰিশৰ শ্ৰীমতী নামৰ এগৰাকী কন্যা আছিল, তেওঁ সুন্দৰী আৰু ভাল গুণৰ বাবে বিখ্যাত। ঋষি নাৰদ আৰু পৰ্বতে তেওঁক পত্নীৰ বাবে প্ৰত্যেকেই কামনা কৰিছিল আৰু সেয়েহে অম্বৰিশে নিৰ্দিষ্ট এজনক বাছি ল’ব নোৱাৰি তথা আনজনৰ ক্ৰোধত ভুগিব নোৱাৰি তেওঁ তেওঁৰ জীয়ৰীৰ স্বয়ংবৰৰ ব্যৱস্থা কৰিলে, যাতে তেওঁ নিজৰ স্বামী কোন হ’ব লাগে সেইটো সিদ্ধান্ত ল’ব পাৰে।

সৰ্গ ৪

নাৰদ আৰু পৰ্বত স্বয়ম্ববৰত উপস্থিত হৈছিল, দুয়োজনে শ্ৰীমতীক বিষ্ণুৰ আৰ্শীবাদত বান্দৰৰ ৰূপত দেখা দিছিল, কিন্তু প্ৰত্যেকেই নিজকে সুদৰ্শন আৰু অপ্ৰতিৰোধ্য কল্পনা কৰিছিল। ভগৱান বিষ্ণু তেতিয়া মানুহৰ বেশত, তেওঁলোকৰ মাজত বহিল। শ্ৰীমতীয়ে বান্দৰমুখী ঋষিসকলক তেওঁৰ আগত দেখিছিল যদিও অৱশ্যেই তেওঁলোকক নাৰদ আৰু পৰ্বত বুলি চিনি নাপালে, আৰু সেইবাবে আচৰিত হৈছিল আৰু তেওঁ বান্দৰমুখী ঋষি দুজনৰ মাজৰ পৰা সুদৰ্শন যুৱক ৰূপত বিষ্ণুক বাছি লৈছিল।

নাৰদ আৰু পৰ্বতে তেতিয়া বিষ্ণুৱে কৰা কামটো উপলব্ধি কৰিলে, আৰু তেওঁক অভিশাপ দিলে যে তেওঁ পৃথিৱীত মানুহ হিচাপে জন্ম ল’ব, আৰু তেওঁৰ পত্নীক বিচাৰি অৰণ্যত ঘূৰি ফুৰিব— শ্ৰীমতীৰ পুনৰ জন্ম হ'ব যাক কোনো দুষ্ট সত্তাৰ দ্বাৰা অপহৰণ কৰা হ’ব। ভগৱান বিষ্ণুৱে দশৰথৰ পুত্ৰ ৰামৰূপে জন্ম ল’ব।

সৰ্গ ৫

ভগৱান বিষ্ণুৰ মহত্ত্বক মহিমামণ্ডিত কৰি ভক্তিমূলক গীতৰ বাবে কৌশিক ঋষি বিখ্যাত হৈ পৰিছিল। তেওঁৰ সুনাম বহু দূৰলৈ বিয়পি পৰাত প্ৰত্যেক বৰ্ণৰ বহু ভক্ত তেওঁৰ শিষ্য হৈ পৰিল। কলিংগৰ ৰজালৈ তেওঁৰ খ্যাতি বিয়পি পৰে আৰু কৌশিকে বিষ্ণুৰ বিপৰীতে তেওঁৰ হৈ ভক্তিমূলক গীত গোৱাৰ দাবী জনায়। কৌশিকে জোৰ দি কৈছিল যে তেওঁ কেৱল বিষ্ণুৰ প্ৰশংসাহে কৰিব পাৰে, আৰু তেওঁৰ শিষ্যসকলে ধৰি লৈছিল যে তেওঁলোকে কেৱল বিষ্ণুৰ প্ৰশংসাহে শুনিব পাৰে। ৰজাই ক্ৰোধিত হৈ তেওঁলোকৰ সম্পত্তি কাঢ়ি লৈ ​​ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিলে। অৱশেষত যেতিয়া তেওঁলোকৰ জীৱনৰ অন্ত পৰিল, তেতিয়া তেওঁলোকে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ জগতলৈ প্ৰস্থান কৰিলে আৰু তেওঁ তেওঁলোকক বিষ্ণুৰ বাসস্থান বিষ্ণু-লোকলৈ লৈ গ’ল, য’ত তেওঁলোক চিৰকাল বাস কৰিছিল।

সৰ্গ ৬

বিষ্ণুৱে এসময়ত কৌশিকৰ সন্মানত এক মহান উৎসৱৰ আয়োজন কৰিছিল, য’ত বহুতো সুন্দৰ গীতৰ সমাহাৰ ঘটিছিল। লাখ লাখ আকাশী কুমাৰী উপস্থিত আছিল, লগতে বিষ্ণুৰ পত্নী লক্ষ্মীও তেওঁৰ দাসীৰ দলটোৰ সৈতে উপস্থিত আছিল। যেতিয়া বৈশিষ্ট্যপূৰ্ণ গায়ক টুম্বুৰুক অতি সন্মান আৰু প্ৰশংসা কৰা হৈছিল, তেতিয়া নাৰদ ক্ষুণ্ণ হৈছিল; আৰু যেতিয়া লক্ষ্মীৰ এগৰাকী দাসীয়ে নাৰদক তুচ্ছজ্ঞান কৰিছিল, তেতিয়া তেওঁ লক্ষ্মীক ৰাক্ষসী (আসুৰ) ৰূপত পৃথিৱীত জন্ম লোৱাৰ বাবে অভিশাপ দিছিল। যেতিয়া নাৰদৰ খং কমি আহিল তেতিয়া তেওঁ অনুশোচনা কৰিলে, আৰু তাৰ পিছত অলপ সময়ৰ পিছতে বিষ্ণু আৰু লক্ষ্মী তেওঁৰ দুখ শান্ত কৰিবলৈ আহিল। বিষ্ণুৱে নাৰদক পৰামৰ্শ দিলে যে যদি তেওঁ টুম্বুৰুৰ দৰেই সন্মান লাভ কৰিব বিচাৰে তেন্তে তেওঁ ভক্তিমূলক গায়নৰ নিপুণ গণবন্ধু নামেৰে জনাজাত মহান উলুকাৰ সৈতে গায়ন শৈলী অধ্যয়ন কৰিব লাগিব।

সৰ্গ ৭

এই সৰ্গত বিশেষজ্ঞ গায়কীৰ মূল নিয়মৰ ৰূপৰেখা দাঙি ধৰা হৈছে। নাৰদে গান গোৱাৰ দক্ষতা শিকিছিল, আৰু নিজকে এজন বিশেষজ্ঞ বুলি কল্পনা কৰি তেওঁ নিজৰ দক্ষতা আৰু ভাল কৰিবলৈ বুলি টুম্বুৰুৰ বাসস্থানলৈ আগবাঢ়িছিল। টুম্বুৰুৰ ঘৰত তেওঁ অহংকাৰৰ খণ্ডনৰ বাবে বিষ্ণুৰ পৰামৰ্শ বিচাৰিলে। বিষ্ণুৱে কৃষ্ণৰূপে বিষ্ণুৰ অৱতাৰৰ সময়লৈকে ভগৱানৰ স্তুতি গাই গন্ধৰ্ব আকাশী সংগীতজ্ঞ হিচাপে বিচৰণ কৰিবলৈ পৰামৰ্শ দিছিল। পিছত তেওঁ বিষ্ণুক (কৃষ্ণ হিচাপে) ঘটনাটোৰ কথা সোঁৱৰাই দিয়াত তেওঁ নাৰদক বিভিন্ন বিশেষজ্ঞৰ ওচৰলৈ পঠিয়াই দিলে যেতিয়ালৈকে তেওঁৰ সংগীতৰ আদেশ প্ৰায় সিদ্ধ নহয়। তাৰ পিছত স্বয়ং কৃষ্ণই তেওঁক ভক্তিমূলক সংগীত আৰু গীতৰ উত্তম ৰূপ শিকাইছিল।

সৰ্গ ৮

ৰাৱনে সৃষ্টিকৰ্তা ব্ৰহ্মাক সন্তুষ্ট কৰিবলৈ মহান তপ কৰিছিল। ব্ৰহ্মাই তেওঁক বৰদান দিবলৈ আগবঢ়াত ৰাৱনে অনন্ত জীৱনৰ অনুৰোধ কৰিলে, কিন্তু ব্ৰহ্মাই ইংগিত দিলে যে সেয়া সম্ভৱ নহয়। তাৰ পিছত ৰাৱণে তেওঁক দেৱতা, ৰাক্ষস, যক্ষ, আৰু আন বহুতো আকাশী সত্তা তেওঁৰ ওচৰত দুৰ্বল প্ৰতিপন্ন হ'বলৈ অনুৰোধ কৰিছিল; কিন্তু তেওঁ মানুহক তালিকাখনত অন্তৰ্ভুক্ত কৰা নাছিল কাৰণ তেওঁৰ মতে তেওঁলোকৰ কোনো পৰিণতি নাছিল।

ব্ৰহ্মাৰ বৰদানত সাহস পাই ৰাৱণে ত্ৰিলোক জয় কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিলে, কিন্তু তেওঁৰ অসাৱধান আচৰণে পত্নী মন্দোদৰীৰ পৰা সীতাৰ জন্মৰ দিশত আগুৱাই যোৱা পৰিঘটনাবোৰক গতিশীল কৰি তুলিলে। সৰ্গৰ অন্ত পৰে জনকে যজ্ঞৰ বাবে মাটি প্ৰস্তুত কৰি থাকোঁতে এখন পথাৰত সীতাক আৱিষ্কাৰ কৰে

সৰ্গ ৯

ৰামৰ পৰম্পৰাগত কাহিনীৰ পুনৰাবৃত্তি আৰম্ভ হয় ৰামৰ পৰশুৰামৰ সৈতে মুখামুখি হোৱাৰ পৰা, যেতিয়া তেওঁ সীতাৰ সৈতে বিবাহৰ পৰা অযোধ্যালৈ ঘূৰি আহিছিল। পৰশুৰামে শুনিছিল যে ৰামে শিৱৰ ধনু ভাঙিছে সেয়ে তেওঁক পৰীক্ষা কৰিবলৈ আহে। দুয়োৰে মাজত বলিষ্ঠ বাক্যৰ অন্তত ৰামে পৰশুৰামৰ ধনুত এটা শৰ বান্ধি দিয়ে আৰু পৰশুৰামৰ দিশত নিক্ষেপ কৰি থাকোঁতে তেওঁ পৰম সত্তা হিচাপে নিজৰ মহাজাগতিক ৰূপ দেখুৱাই দিলে। সেই মুহূৰ্ততে পৃথিৱীখন ডাঙৰ ডাঙৰ বজ্ৰপাতৰ শব্দৰে কঁপি উঠিল আৰু বিজুলীৰ জিলিকনিয়ে আকাশখন পোহৰাই তুলিলে। পৰশুৰামে ৰাম যে সঁচাকৈয়ে বিষ্ণুৰ অৱতাৰ সেই কথা চিনি পাই তেওঁক প্ৰণাম কৰি মহেন্দ্ৰ পৰ্বতলৈ উভতি আহি তপস্যা আৰম্ভ কৰে।

সৰ্গ ১০

ৰামৰ দণ্ডকাৰণ্যলৈ নিৰ্বাসনৰ পিছত সীতাক ৰাৱণৰ দ্বাৰা অপহৰণ কৰাৰ দিশলৈ কাহিনীটো দ্ৰুতগতিত আগবাঢ়ি যায়। হনুমানক লগ পোৱাৰ লগে লগে ৰামে তেওঁক বিষ্ণু হিচাপে চমুকৈ তেওঁৰ মহাজাগতিক ৰূপ দেখুৱাইছিল, লক্ষ্মী লক্ষ্মণে তেওঁৰ ৰূপ শেষনাগ হিচাপে প্ৰকাশ কৰিছিল। পাছলৈ হনুমানে তেওঁৰ প্ৰকৃত স্বৰূপ প্ৰকাশ কৰিলে যদিও গ্ৰন্থখনত তেওঁৰ প্ৰকৃত স্বৰূপৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা হোৱা নাই (আত্মনাম দৰ্শয়ামস হনুমান ৰামলাক্ষ্মণৌ)।

সৰ্গ ১১

ৰামে যোগ আৰু সাংখ্য দৰ্শনৰ মৌলিক তত্ত্বসমূহ হনুমানৰ ওচৰত প্ৰকাশ কৰে, ইয়াৰ মৌলিক ঐক্যত গুৰুত্ব আৰোপ কৰে। জ্ঞানৰ পথেৰে বুজিব লাগিব লগতে যোগৰ দ্বাৰা অনুভৱ কৰিব লাগিব আত্মাৰ বিষয়ে কৰা আলোচনাত ৰামে আত্মাৰ সৈতে নিজৰ পৰিচয় প্ৰকাশ কৰিছিল।

সৰ্গ ১২

ৰামে নিজৰ দাৰ্শনিক বক্তব্য আগবঢ়াই লৈ গৈছে।

সৰ্গ ১৩

ৰামে নিজৰ বক্তব্য অব্যাহত ৰাখিছে, যিটো সত্তাৰ বিষয়ে তেওঁ কৈ আহিছে—যিটোৰ পৰা সমগ্ৰ সৃষ্টিৰ উত্থান ঘটিছে, সেই সত্তাৰ সৈতে নিজকে চিনাক্ত কৰিছে।

সৰ্গ ১৪

ৰামে হনুমানৰ লগত নিজকে সৃষ্টিৰ পূৰ্বপুৰুষ হিচাপে, আৰু যি আছে, আছিল আৰু হ’ব, সেই সকলোবোৰৰ বিষয়ে কথা পাতিছে।

সৰ্গ ১৫

হনুমানে হৃদয়ত ৰামৰ ৰূপক ধ্যান কৰি ৰামক আত্মা, পুৰুষ, হিৰণ্যগৰ্ভ, সমস্ত সৃষ্টিৰ উৎস হিচাপে ৰামৰ প্ৰতি ভক্তি প্ৰকাশ কৰি তাৰ পিছত তেওঁক প্ৰণাম জনাই

সৰ্গ ১৬

বিশটা শ্লোকত আমি ৰামে ৰাৱণ আৰু সীতাক বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তা, লংকালৈ যোৱা, ৰাৱণ বিজয়, অযোধ্যালৈ বিজয়ী প্ৰত্যাৱৰ্তন আদি ব্যাখ্যা কৰা দেখিবলৈ পাওঁ।

সৰ্গ ১৭

অযোধ্যাৰ দৰবাৰত সাধু আৰু দৰ্শকৰ সান্নিধ্যত সীতাই লক্ষ্য কৰিছিল যে ৰাৱণ বধ ইমান ডাঙৰ কথা নহয়। জনকপুৰত থকা দেউতাকৰ ঘৰত বাস কৰা তাই অতি সৰু থাকোঁতে এজন ব্ৰাহ্মণে পাৰ হৈ ৰাৱণৰ ডাঙৰ ভাইটিৰ কথা কৈছিল, নাম সহস্ৰ ৰাৱণ, এহেজাৰ অস্ত্ৰধাৰী আৰু হাজাৰ মূৰৰ, পুষ্কৰ নামৰ দ্বীপত বাস কৰিছিল, তেওঁতকৈ বহুত বেছি শক্তিশালী আছিল তেওঁৰ সৰু ভায়েক।

সৰ্গ ১৮

ৰামে নিজৰ বান্দৰ, মানুহ, ৰাক্ষসৰ সৈন্যবাহিনী সংগ্ৰহ কৰি সহষ্ট্ৰ ৰাৱণ জয় কৰিবলৈ প্ৰস্থান কৰিলে। ৰামৰ সৈন্যবাহিনী তেওঁৰ বিৰুদ্ধে নিয়োজিত হোৱা দেখি সহস্ৰ ৰাৱণ আচৰিত হৈছিল, কিন্তু ক্ষন্তেকতে তেওঁৰ ৰাক্ষসৰ দলবোৰক একত্ৰিত কৰিলে। এই সৰ্গত ৰাক্ষস সেনাপতি আৰু তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে।

সৰ্গ ১৯

এটা ধাৰাবাহিকতা, আগন্তুক যুদ্ধত অংশগ্ৰহণকাৰীসকলৰ গণনা কৰা হৈছে।

সৰ্গ ২০

যুদ্ধ আৰম্ভ হয়, ঘনিষ্ঠভাৱে মুখামুখিকৈ যুঁজ দিয়াত এই সৰ্গত বান্দৰবোৰে ক্ষমতা লাভ কৰে।

সৰ্গ ২১

ৰামৰ সৈন্যক বিজয়ৰ পথত দেখি সহস্ৰ ৰাৱণে অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।

সৰ্গ ২২

ৰাম আৰু সহস্ৰ ৰাৱণৰ মাজত হোৱা এক মুখামুখি যুদ্ধত ৰামে ব্ৰহ্মাস্ত্ৰক নিক্ষেপ কৰিছিল। সহস্ৰ ৰাৱনে হাতেৰে ধৰি এই অস্ত্ৰ খেৰৰ দৰে ধংশ কৰি হতাশ কৰি তোলে। প্ৰত্যুত্তৰত সহস্ৰ ৰাৱনে ৰামলৈ কাঁড় নিক্ষেপ কৰি অচেতন কৰি তুলিছিল আৰু ব্যাপক বিস্ময়ৰ সৃষ্টি কৰিছিল।

সৰ্গ ২৩

যুদ্ধ ক্ষেত্ৰত ৰামক অচেতন আৰু অসহায় দেখি সীতাই নিজৰ মানৱীয় ৰূপ ত্যাগ কৰি মহাকালিৰ অতি ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু এক চেকেণ্ড নৌহওঁতেই তেওঁ সহস্ৰ ৰাৱণৰ ১০০০ মূৰ কাটি সকলো ৰাক্ষস ধ্বংস কৰিবলৈ ধৰিলে। মহাকালিক সংগ দিবলৈ মাতৃকা সকল যুদ্ধক্ষেত্ৰলৈ আহিছিল আৰু ৰাক্ষসৰ মূৰ কাটি খেলা-ধূলা কৰে। পৃথিৱী কঁপি উঠি প্ৰায় পাতালত ডুব গৈছিল, কিন্তু মৃতদেহৰ বেশত শিৱই উদ্ধাৰ কৰিছিল।

সৰ্গ ২৪

মহাকালিৰ ৰূপত সীতা শান্ত নহ’লে পৃথিৱী ধ্বংস হ’ব পাৰে বুলি উপলব্ধি কৰি দেৱতাসকলে তেওঁক সন্তুষ্ট কৰিবলৈ আহিল। তেওঁলোকে উচ্চাৰণ কৰিলে যে শক্তিৰ দ্বাৰাহে পৰম প্ৰভু সুলভ হৈ পৰে। কালীয়ে অচেতন ৰামৰ ফালে আঙুলিয়াই দিলে, স্পষ্ট কৰি দিলে যে ৰাম অচেতন হৈ থকা অৱস্থাত তেওঁ পৃথিৱীৰ কল্যাণৰ কথা বিবেচনা কৰিব নোৱাৰে। ব্ৰহ্মাই ৰামৰ চেতনা ঘূৰাই দিলে, কিন্তু সচেতনতা ঘূৰাই পোৱাৰ লগে লগে তেওঁ সীতাৰ ভয়ানক ৰূপটোক লৈ চিন্তিত হয়। ব্ৰহ্মাই ৰামক ব্ৰহ্মাণ্ডৰ সৃষ্টি-বিনাশ, আৰু আন সকলো কাম-কাজ যে কেৱল শক্তিৰেহে সম্পন্ন কৰিব পৰা যায় সেইকথা বুজাই দিলত ৰাম সন্তুষ্ট হয় আৰু তেওঁৰ ভয় লাঘৱ হ’ল।

সৰ্গ ২৫

ব্ৰহ্মাই ৰামক আশ্বাস দিলে যে তেওঁৰ আগত থকা ভয়ংকৰ ৰূপটো সঁচাকৈয়ে সীতাৰ আৰু সেয়ে তেওঁ কালী ৰূপী সীতাক সুধিলে যে তেওঁ প্ৰকৃততে কোন? তেওঁ বুজাই দিলে যে তেওঁ সকলোৰে ভিতৰৰ সত্তা, শিৱই ৰামক “আকাশী দৃষ্টি” দিলে যাতে তেওঁ সীতাৰ ঐশ্বৰিক অৱস্থা অনুভৱ কৰিব পাৰে। শেষত ৰামে ১০০৮টা নাম আবৃত্তি কৰি কালীক প্ৰাৰ্থনা কৰে।

সৰ্গ ২৬

ৰামে কালীৰূপী সীতাক প্ৰাৰ্থনা কৰি থাকিল আৰু তেওঁৰ অনুৰোধত পুনৰ সীতা ৰূপলৈ ঘূৰি আহিল। ইয়াৰ পিছতে তেওঁলোকে অযোধ্যালৈ উভতি যাবলৈ সাজু হ’ল।

সৰ্গ ২৭

ৰাম আৰু সীতাই পুষ্পক ৰথত উঠিল, আৰু অতি সোনকালেই অযোধ্যাত উপস্থিত হ’ল। তাত উপস্থিত হৈ তেওঁ সকলোৰে আগত বয়োজ্যেষ্ঠ ৰাৱণৰ পৰাজয়ৰ কাহিনী বৰ্ণনা কৰিলে। তাৰ পিছত তেওঁলোকে সুগ্ৰীৱ আৰু তেওঁৰ বান্দৰ সৈন্যৰ লগতে বিভিষণ আৰু তেওঁৰ ৰাক্ষসবাহিনীৰ পৰা বিদায় লয়। ৰামৰ কাহিনীৰ চমু পুনঃআলোচনা আৰু অদ্ভুত ৰামায়ণ (অভুতোত্তৰ কন্দম বুলিও কোৱা হয়)ৰ কাহিনী শুনাৰ গুণ আৰু উপকাৰৰ সংখ্যা গণনা কৰি সৰ্গৰ সামৰণি পৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Iyengar, Kodaganallur Ramaswami Srinivasa (2005). Asian Variations in Ramayana. পৃষ্ঠা. 93. ISBN 9788126018093. https://books.google.com/books?id=CU92nFk5fU4C&q=adbhut+ramayana+writer&pg=PA93. 
  2. Jaiswal, Suvira (Mar–Apr 1993). "Historical Evolution of the Ram Legend". Social Scientist খণ্ড 21 (3/4): 89. doi:10.2307/3517633. 
  3. Grierson, Sir George (1926). "On the Adbhuta-Ramayana". Bulletin of the School of Oriental and African Studies খণ্ড 4 (11–27): 11–27. doi:10.1017/S0041977X0010254X. 
  4. Chhawchharia, Sri Ajai Kumar (2010). Adbhuta Ramayana. প্ৰকাশক Varanasi, India: Chaukhamba Surbharati Prakashan. পৃষ্ঠা. 520. ISBN 978-93-8032-604-7. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]