স্বয়ম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

স্বয়ম্বৰ (ইংৰাজী: Svayamvara) প্ৰাচীন ভাৰতত কইনাই দৰা বাছনি কৰাৰ এক বিবাহৰ পদ্ধতি আৰু ৰীতি আছিল।[1] বিবাহযোগ্য বয়সৰ যুৱতীৰ, পিতৃ-মাতৃ আৰু পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত নিজৰ স্বামী বাছনি কৰাৰ অধিকাৰ আছিল। ৰজাসকলে সাধাৰণতে স্থানীয় আৰু বাহিৰৰ দেশলৈ বাৰ্তা প্ৰেৰণ কৰি বাতৰিটো প্ৰচাৰ কৰিছিল। নিৰ্ধাৰিত স্থান, তাৰিখ, সময়ত দেশ বিদেশৰ পৰা উপযুক্ত বিবাহ প্ৰাৰ্থি (পুৰুষসকল) আহি উপস্থিত হৈছিল। বিবাহযোগ্য যুৱতীয়ে তাৰ মাজত তেওঁৰ পছন্দৰ মানুহজন বাছনি কৰি মালা পিন্ধিছিল আৰু লগে লগে এটা বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল।[2][3] স্বয়ম্বৰ দীৰ্ঘ দিন ধৰি হিন্দু বিবাহত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[4]

স্বয়ম্বৰৰ পৌৰাণিক উদাহৰণ[সম্পাদনা কৰক]

দময়ন্তীৰ স্বয়ম্বৰ

সীতা[সম্পাদনা কৰক]

হিন্দু মহাকাব্য ৰামায়ণত মিথিলা ৰাজ্যৰ ৰজা জনকে ঘোষণা কৰে যে শিৱৰ ধনু (হৰধনু) যিয়ে উঠাব আৰু ভাঙিব পাৰিব তেওঁকেই তেওঁৰ পুত্ৰী সীতাবৰমাল্য পিন্ধাব। অযোধ্যাৰ ৰাজকুমাৰ ৰামে সফলতাৰে হৰধনু ভাঙে আৰু সীতাৰ সৈতে বিৱাহপাশত আৱদ্ধ হয়।[5][6]

কুন্তী[সম্পাদনা কৰক]

হিন্দু মহাকাব্য মহাভাৰতৰ মতে ৰজা কুন্তীভুজে তেওঁৰ তুলি লোৱা কন্যা কুন্তীৰ বাবে এটা স্বয়ম্বৰৰ আয়োজন কৰে। আৰ্য অঞ্চলৰ বহুতো ৰজা আৰু ৰাজকুমাৰে তেওঁৰ স্বয়ম্বৰত উপস্থিত আছিল। তেওঁলোকৰ ভিতৰত আছিল হস্তিনাপুৰৰ ৰজা পাণ্ডু। কুন্তীয়ে পাণ্ডুক তেওঁৰ স্বামী হিচাপে বাছনি কৰিছিল।[7]

দ্ৰৌপদী[সম্পাদনা কৰক]

পঞ্চালৰ ৰাজকুমাৰী দ্ৰৌপদীৰ স্বয়ম্বৰ

মহাভাৰতত পাঞ্চলৰ ৰজা দ্ৰৌপদৰ কন্যা দ্ৰৌপদীৰ স্বয়ম্বৰত প্ৰত্যাশীসকলক ধনু আৰু তীৰেৰে মাছৰ চকুত বিন্ধিব কোৱা হৈছিল। মাছটো তেলেৰে ভৰ্তি পাত্ৰত ৰখা ঘূৰ্ণনকাৰী চকাৰ ওপৰত কেৱল এটা ছবি আছিল। বিবাহযোগ্য মাত্ৰ তিনিজন পুৰুষে এইটো কৰিব পাৰিছিল। তেওঁলোক আছিল অঙ্গৰ ৰজা কৰ্ণ, হস্তিনাপুৰৰ ৰাজকুমাৰ অৰ্জুন, যি পাণ্ডৱৰ ভিতৰত তৃতীয় আছিল, আৰু দ্বাপৰ যুগৰ ৰাজকুমাৰ কৃষ্ণ। কৃষ্ণই দ্ৰোপদীক বিয়া কৰিবলৈ ইচ্ছা কৰা নাছিল, কেৱল অৰ্জুনৰ সফলতাহে নিশ্চিত কৰিবলৈ অংশগ্ৰহণ কৰিছিল। যদিও কৰ্ণ যোগ্য আৰু সক্ষম আছিল, তথাপিও দ্ৰোপদীয়ে তেওঁক অস্বীকাৰ কৰি কৈছিল যে ৰথী হিচাপে তেওঁ নিচ, সেয়েহে তেওঁ ৰাজকুমাৰীক বিয়া কৰিবলৈ অযোগ্য, আৰু সেয়েহে দ্ৰৌপদীয়ে অৰ্জুনক বাছনি কৰি বিয়াত বহিছিল। যদিও দ্ৰৌপদীয়ে স্বয়ম্বৰত অৰ্জুনক বাছনি কৰিছিল,অৱশেষত পাঁচজন পাণ্ডৱক বিয়া কৰিব লাগিয়া হৈছিল।[8]

দময়ন্তী[সম্পাদনা কৰক]

মহাভাৰতৰ আন এটা বিখ্যাত স্বয়ম্বৰ আছিল দময়ন্তীৰ স্বয়ম্বৰ। বহুতো ৰজা আৰু ৰাজকুমাৰৰ মাজত দময়ন্তীয়ে ৰজা নলক বাছনি কৰিছিল আৰু বিয়া কৰিছিল।[9]

আধুনিক যুগৰ স্বয়ম্বৰ[সম্পাদনা কৰক]

ছত্তীছগঢ় ৰাজ্যৰ এখন পিছপৰা গাঁৱত প্ৰায় ১৫,০০০ লোকৰ সমাবেশত দৰিদ্ৰতাত প্ৰভাৱিত জনজাতীয় ছোৱালীয়ে আধুনিক যুগৰ প্ৰথম 'স্বয়ম্বৰ' অনুষ্ঠানত দৰা বাছনি কৰি বিবাহ কৰিছিল। গাওঁখনত একত্ৰিত হোৱা হাজাৰ হাজাৰ লোকৰ দীঘলীয়া অপেক্ষা প্ৰায় ৰাতি ১০ বজাত শেষ হৈছিল যেতিয়া এজন জনজাতীয় যুৱক ঘানাৰামে সফলতাৰে এটা প্ৰশ্নৰ (শৰীৰটো পাঁচটা উপাদান - পৃথিৱী, পানী, বায়ু, স্থান, জুই)উত্তৰ দিছিল। যুৱক ঘানাৰামে বিখ্যাত হিন্দু ধৰ্মীয় স্তোত্ৰৰ সঠিক অৰ্থ বাছনি কৰিছিল আৰু লগে লগে কইনাৰ পিতৃয়ে কৈছিল: "যুৱকজন মোৰ ছোৱালীৰ বাবে নিখুঁত প্ৰাৰ্থী কিয়নো তেওঁ সঠিকভাৱে প্ৰশ্নটোৰ উত্তৰ দিছে যিটো পাঁচটা উপ-প্ৰশ্নৰ মিশ্ৰণ।" হাতচাপৰি আৰু ধৰ্মীয় জপৰ মাজত, কইনাৰ পোছাক পিন্ধি চকীত বহি থকা ছোৱালীজনীয়ে থিয় হৈ ঘানাৰামৰ কাষলৈ গৈছিল আৰু তেওঁক মালা পিন্ধিছিল।[10]

বিশাখাপট্টনমৰ অনুবন্ধ ফাউণ্ডেচনে নামৰ বেচৰকাৰী সংগঠনে ২০১৯ চনৰ ছেপ্টেম্বৰত ৫০ বছৰৰ ওপৰৰ ২০০তকৈও অধিক বিবাহযোগ্য প্ৰাৰ্থীৰ বাবে এক স্বয়ম্বৰ সভাৰ আয়োজন কৰিছিল। ২০০২ চনৰ পৰা এই বেচৰকাৰী সংগঠনটোৱে দেশৰ বিভিন্ন চহৰত এতিয়ালৈকে ৫৬খন স্বয়ম্বৰ সভাত ১৫৪টা বিবাহৰ আয়োজন কৰিছে।[11]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Batra, J. (2017). Transforming Culture: Myth-Fiction Interface in the Indian Context.
  2. Sethi, R. (2018). “Out of place” women: Exploring gendered spatiality in Delhi. Journal of Postcolonial Writing, 54(3), 398-410.
  3. https://mithbooks.com/2020/07/13/swayamvara-the-forgotten-ritual-of-women-empowerment-in-ancient-india/
  4. Yasmeen, J. (2015). The Language of Matrimonial Columns. In International (Vol. 15, No. 9, pp. 135-137)http://www.languageinindia.com/sep2015/v15i9sep2015.pdf#page=138
  5. Narayan, K. (1986). Birds on a branch: Girlfriends and wedding songs in Kangra. Ethos, 14(1), 47-75.
  6. http://ritsin.com/sita-swayamvara.html/
  7. "The Mahabharata, Book 1: Adi Parva: Sambhava Parva: Section CXII". https://www.sacred-texts.com/hin/m01/m01113.htm. 
  8. Sreedevi, S. Assertive yet Acquiescent Women of the Mahabharatha _.https://www.rjoe.org.in/Files/vol3issue1/new/OK%20RJOE-Sri%20Devi(96-101).pdf
  9. Nala Damayanti. Amar Chitra Katha Private Limited. ISBN 81-89999-29-X. 
  10. https://www.hindustantimes.com/india/tribal-girl-chooses-spouse-in-swayamvar/story-81lmhIsjFSwrIxGdFiFm6M.html
  11. https://timesofindia.indiatimes.com/city/visakhapatnam/more-than-200-participate-in-modern-day-swayamvar-sabha/articleshow/71248554.cms