সমললৈ যাওক

উৰ্মিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উৰ্মিলা

উৰ্মিলা আৰু তিনি ভগ্নীৰ বিবাহ
সহোদৰ সীতা (তোলনীয়া ভগ্নী)
মাণ্ডৱী আৰু শ্ৰুতকীৰ্তি (সম্পৰ্কীয় ভগ্নী)
সন্তান অঙ্গদ
চন্দ্ৰকেতু[1]
পাঠ্য ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণ।

উৰ্মিলা (সংস্কৃত: ऊर्मिला) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰামৰ সৰু ভায়েক লক্ষ্মণৰ পত্নী।

তেওঁ মিথিলাৰ ৰজা জনক আৰু ৰাণী সুনয়না(চুন্যেনা)ৰ জীয়ৰী আৰু সীতাৰ সৰু ভগ্নী। তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ তৃতীয় পুত্ৰ লক্ষ্মণৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুজন পুত্ৰ আছিল - অঙ্গদ আৰু চন্দ্ৰকেতু। তেওঁৰ সীতাৰ প্ৰতি শ্ৰদ্ধা ভক্তি ঠিক লক্ষ্মণৰ ৰামৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তিৰ দৰেই আছিল।[2] তেওঁক দেৱী নাগলক্ষ্মীৰ পুনৰ্জন্ম বুলি কোৱা হয়। কিছুমান লোককাহিনী অনুসৰি, কোৱা হয় যে উৰ্মিলাৰ সোমদা নামৰ এজনী ছোৱালী আছিল।

কিংবদন্তি

[সম্পাদনা কৰক]

যেতিয়া লক্ষ্মণ, ৰাম আৰু সীতাৰ সৈতে নিৰ্বাসনলৈ গৈছিল, উৰ্মিলাও তেওঁৰ সৈতে যাবলৈ সাজু হৈছিল কিন্তু লক্ষ্মনে উৰ্মিলাক বাধা দি ৰাজপ্ৰসাদতে থাকি বৃদ্ধ পিতৃ-মাতৃৰ যত্ন ল'বলৈ কয়। এক কিংবদন্তি অনুসৰি, উৰ্মিলাই ১৪ বছৰ ধৰি নিৰন্তৰে শুই থাকে। এইটো বিশ্বাস কৰা হয় যে ১৪ বছৰৰ নিৰ্বাসনৰ সময়ত, লক্ষ্মণে তেওঁৰ ককায়েক-বৌৱেকক সুৰক্ষা দিবৰ বাবে শোৱা নাছিল। [3] নিৰ্বাসনৰ প্ৰথম নিশা, যেতিয়া ৰাম আৰু সীতা শুই আছিল, নিদ্ৰা দেৱী সেইসময়ত লক্ষ্মণৰ ওচৰত উপস্থিত হৈছিল আৰু লক্ষ্মণে তেওঁক আশীৰ্বাদ দিবলৈ কৈছিল যাতে তেওঁ কেতিয়াও টোপনি অনুভৱ নকৰে। দেৱী নিদ্ৰাই তেওঁক তেওঁৰ সলনি আন কোনোবাই শুব পাৰিব নেকি বুলি প্ৰশ্ন কৰাত লক্ষ্মণে উৰ্মিলাৰ কথা কয়। এই কথা শুনি দেৱী নিদ্ৰাই উৰ্মিলাক এই বিষয়ে সোধে আৰু উৰ্মিলাই আনন্দেৰে ইয়াক গ্ৰহণ কৰিছিল। উৰ্মিলা এই অতুলনীয় ত্যাগৰ বাবে উল্লেখযোগ্য যাক উৰ্মিলা নিদ্ৰা বুলি কোৱা হয়।[4][5]

আন এক কিংবদন্তি অনুসৰি, কোৱা হয় যে যেতিয়া লক্ষ্মণে তেওঁক তেওঁৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিবলৈ উৰ্মিলাৰ ওচৰলৈ আহিছিল, সেইসময়ত তেওঁ ৰাণীৰ পোছাক পিন্ধি আছিল আৰু এই কথাত লক্ষ্মণে তেওঁৰ ওপৰত খং কৰিছিল আৰু তেওঁক মাক কৈকেয়ীৰ সৈতে তুলনা কৰিছিল। এই দৰে কৃত্ৰিম ক্ৰোধেৰে লক্ষ্মণে আচলতে উৰ্মিলাৰ স্বামীৰ প্ৰতি মনোযোগ বিচলিত কৰিবলৈ চেষ্টা কৰিছিল যাতে তেওঁ ৰাম আৰু সীতাৰ যত্ন ল'বলৈ বনলৈ যাব পাৰে। যেতিয়া সীতাই এই বিষয়ে জানিব পাৰিছিল, তেওঁ কৈছিল যে সীতাৰ দৰে ১০০ গৰাকীৰ ত্যাগো উৰ্মিলাৰ ত্যাগৰ সৈতে তুলনা নহয়। কোৱা হয় যে উৰ্মিলা, মাণ্ডৱী আৰু শ্ৰুতকীৰ্তিৰ সীতা আৰু তেওঁলোকৰ শাহুৰ মৃত্যুৰ পূৰ্বেই মৃত্যু হৈছিল।

ৰাজস্থানৰ ভৰতপুৰ জিলাত, লক্ষ্মণ আৰু উৰ্মিলালৈ উৎসৰ্গিত এটা মন্দিৰ আছে। মন্দিৰটো ১৮৭০ খ্ৰীষ্টাব্দত ভৰতপুৰৰ তদানীন্তন শাসক বলৱণ্ত সিঙে নিৰ্মাণ কৰিছিল আৰু ভৰতপুৰ ৰাজ্যৰ ৰাজপৰিয়ালে ইয়াক ৰাজকীয় মন্দিৰ হিচাপে গণ্য কৰে।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Ramayana – Conclusion, translated by Romesh C. Dutt (1899)
  2. source needed
  3. source needed
  4. Reeja Radhakrishnan (28 March 2014). "Urmila, The Sleeping Princess". Indian Express. Archived from the original on 25 June 2016. https://web.archive.org/web/20160625064009/http://www.newindianexpress.com/education/student/Urmila-The-Sleeping-Princess/2014/03/28/article2134735.ece। আহৰণ কৰা হৈছে: 1 June 2016. 
  5. "Ramayana: Check 13 lesser-known facts". Jagranjosh.com. 2020-08-05. https://www.jagranjosh.com/general-knowledge/ramayana-check-lesser-known-facts-1585545052-1। আহৰণ কৰা হৈছে: 2020-08-07. 
  6. "Temple Profile: Mandir Shri Laxman Ji". Government of Rajasthan. http://devasthan.rajasthan.gov.in/images/Bharatpur/laxmanji.htm। আহৰণ কৰা হৈছে: 1 June 2016.