সমললৈ যাওক

ৰামাকিয়েন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰামাকিয়েন
รามเกียรติ์  
দেশ থাইলেণ্ড
ভাষা থাই ভাষা
প্ৰকাৰ কাব্য

ৰামাকিয়েন বা ৰামাকিয়ান বা ৰামাকিন (থাই: รามเกียรติ์) (আক্ষৰিক অৰ্থত 'ৰামা বা ৰামৰ গৰিমা') হৈছে থাইলেণ্ডৰ জাতীয় মহাকাব্যসমূহৰ অন্যতম।[1] এই গ্ৰন্থখন দশৰথ জাতকৰ পৰা সৃষ্টি হৈছে।[2][3] ৰামাকিয়েন থাই সাহিত্যৰ গুৰুত্বপূৰ্ণ অংগ।

ৰজা ৬ষ্ঠ ৰামাই ৰামাকিয়েনৰ উৎসবোৰ অনুসৰণ কৰি আৰু সংস্কৃত ভাষাৰ বাল্মীকি ৰামায়ণৰ সৈতে তুলনা কৰি থাইলেণ্ডৰ ৰামায়ণ অধ্যয়নৰ ওপৰত প্ৰথমে আলোকপাত কৰিছিল। তেওঁ দেখে যে ৰামাকিয়েন তিনিটা উৎসৰ দ্বাৰা প্ৰভাৱিত হৈছিল: বৌদ্ধ দশৰথ জাতকৰ ওপৰত আধাৰিত ইয়াৰ মূল কাহিনীৰ উপৰিও বাল্মীকিৰ ৰামায়ণ, বিষ্ণু পুৰাণ, আৰু হনুমান নাটক।[4] ১৭৬৭ চনত আয়ুথায়া ধ্বংস হোৱাৰ ফলত মহাকাব্যৰ কেইবাটাও সংস্কৰণ হেৰাই গৈছিল। বৰ্তমান ইয়াৰ তিনিটা সংস্কৰণ বিদ্যমান যাৰ এটা ১৭৯৭ চনত ৰজা ১ম ৰামাৰ তত্ত্বাৱধানত ৰচনা কৰা হৈছিল। তেওঁৰ পুত্ৰ ২য় ৰামাই খোন নাটকৰ বাবে তেওঁৰ পিতৃৰ সংস্কৰণৰ কিছু অংশ পুনৰ লিখিছিল। এই কৰ্মৰাজিয়ে থাই সাহিত্য, কলা আৰু নাট্যশিল্পৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। খোন আৰু নাং দুয়োখন নাটক ইয়াৰ পৰা আহৰণ কৰা হৈছে।

ইয়াৰ মূল কাহিনীটো দশৰথ জাতকৰ দৰে একেই যদিও কিছুমান কাহিনীৰ পাৰ্থক্য দেখা পোৱা যায়। আন বহুতো দিশ যেনে বস্ত্ৰ, অস্ত্ৰ-শস্ত্ৰ, ভৌগোলিক অৱস্থা, আৰু প্ৰকৃতিৰ উপাদান আদিক থাই শৈলীলৈ ৰূপান্তৰ কৰা হয়। যিহেতু থাইলেণ্ডক থেৰাভাদা বৌদ্ধ সমাজ বুলি গণ্য কৰা হয়, ৰামাকিয়েনৰ সুপ্ত বৌদ্ধ ইতিহাসে থাই আখ্যানসমূহক ব্ৰহ্মাণ্ড সৃষ্টিৰ এক কিংবদন্তি প্ৰদান কৰিছে।

বেংককৰ এমাৰেল্ড বুদ্ধৰ মন্দিৰত চিত্ৰৰ ৰূপত ৰামাকিয়েনৰ প্ৰদৰ্শন কৰাৰ লগতে তাত থকা বহুতো মূৰ্তিত ইয়াৰ চৰিত্ৰসমূহ দেখুওৱা হৈছে।

দশৰথ জাতককে ধৰি জাতকসমূহ বৌদ্ধ মিছনাৰী, ভাৰতীয় ব্যৱসায়ী আৰু পণ্ডিতসকলৰ জৰিয়তে দক্ষিণ-পূব এছিয়ালৈ আহিছিল যিসকলে ক্ষ্মেৰ ৰাজ্যসমূহ (যেনে ফুনান আৰু এংকৰ) আৰু শ্ৰীবিজয়ৰ সৈতে বেহা-বেপাৰ কৰিছিল। এওঁ‌লোকৰ সৈতে ভাৰতীয়সকলৰ ঘনিষ্ঠ অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক আছিল।[5]

প্ৰথম সহস্ৰাব্দৰ শেষৰ ফালে এই মহাকাব্যখন থাই লোকসকলে গ্ৰহণ কৰিছিল। ত্ৰয়োদশ শতিকাৰ আৰম্ভণি কালৰ চুখ'থাই ৰাজ্যৰ আটাইতকৈ পুৰণি নথিসমূহত জাতকৰ আখ্যানসমূহ অন্তৰ্ভুক্ত হৈছে। কিংবদন্তিসমূলৰ ইতিহাস ইণ্ডোনেচিয়াৰ পৰা গ্ৰহণ কৰা একপ্ৰকাৰৰ ছাঁ-পুতলা প্ৰদৰ্শনী বা ছায়া থিয়েটাৰত (থাই: หนัง, নাং) প্ৰদৰ্শন কৰা হৈছিল য'ত চৰিত্ৰবোৰ চামৰাৰ পুতলাৰ দ্বাৰা চিত্ৰিত কৰা হৈছিল আৰু আনফালৰ পৰা দৰ্শকে চাই থকা সময়ত চামৰাৰ পুতলাবোৰে ওচৰৰ পৰ্দাত ছাঁ পেলাইছিল।

চুখ'থাই চৰকাৰৰ পতনৰ পিছত অষ্টাদশ শতিকাত আয়ুথায়া ৰাজ্যৰ সময়ছোৱাত এই আখ্যানসমূহৰ থাই সংস্কৰণ প্ৰথমবাৰৰ বাবে লিখা হৈছিল। অৱশ্যে ১৭৬৭ চনত বাৰ্মাৰ (আধুনিক ম্যানমাৰ) সৈন্যবাহিনীৰ দ্বাৰা আয়ুথায়া চহৰ ধ্বংস হোৱাৰ সময়তেই বেছিভাগ সংস্কৰণ হেৰাই গৈছিল।

বৰ্তমানৰ স্বীকৃত সংস্কৰণটো চক্ৰী ৰাজবংশৰ প্ৰতিষ্ঠাপক প্ৰথম ৰজা ১ম ৰামাৰ (১৭২৬-১৮০৯) তত্ত্বাৱধানত ছিয়াম ৰাজ্যত সংকলিত কৰা হৈছিল। ১৭৯৯ চনৰ পৰা ১৮০৭ চনৰ ভিতৰত ১ম ৰামাই প্ৰখ্যাত সংস্কৰণটোৰ লিখনিৰ তত্ত্বাৱধান কৰিছিল আৰু আনকি ইয়াৰ কিছু অংশ নিজেও লিখিছিল। ১ম ৰামাৰ শাসনকালতে বেংককৰ থাই গ্ৰেণ্ড পেলেচৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল, য'ত এমাৰেল্ড বুদ্ধৰ মন্দিৰ ৱাট ফ্ৰা কেউৰ ভূমিও অন্তৰ্ভুক্ত আছিল। ৱাট ফ্ৰা কেউৰ দেৱালবোৰ ৰামাকিয়েনৰ কাহিনীক প্ৰতিনিধিত্ব কৰা চিত্ৰৰে আড়ম্বৰপূৰ্ণভাৱে সজোৱা হৈছে।

২য় ৰামাই (১৭৬৬-১৮২৪) তেওঁৰ দেউতাকৰ ৰামাকিনৰ সংস্কৰণক খোন নাটকৰ বাবে নতুনকৈ অভিযোজিত কৰিছিল। ই হৈছে এক প্ৰকাৰৰ থিয়েটাৰ যি মূকাভিনেতা থাই নৃত্যশিল্পীসকলে বহল পোছাক আৰু মুখাৰে পৰিৱেশন কৰিছিল। ৰামাকিয়েনৰ বৰ্ণনাবোৰ মঞ্চৰ এফালে সমবেত সংগীতৰ দ্বাৰা পাঠ কৰা হৈছিল। এই সংস্কৰণটো ১ম ৰামাৰ দ্বাৰা সংকলিত সংস্কৰণতকৈ অলপ পৃথক, যি বানৰৰাজ হনুমানক এক সম্প্ৰসাৰিত ভূমিকা প্ৰদান কৰিছে আৰু কাহিনীক এক মধুৰ পৰিসমাপ্তি দিছে।

থাই লোকসকলৰ সৈতে ইয়াৰ পৰিচয়ৰ পিছৰে পৰা, ৰামাকিন সংস্কৃতিৰ এক দৃঢ় উপাদান হৈ পৰিছে। ১ম ৰামাৰ ৰামাকিয়েনক থাই সাহিত্যৰ অন্যতম উৎকৃষ্ট কৃতি হিচাপে গণ্য কৰা হয়। ইয়াক এতিয়াও দেশখনৰ বিদ্যালয়ত পঢ়োৱা হয়।

১৯৮৯ চনত সত্যব্ৰত শাস্ত্ৰীয়ে ৰামাকিয়েনক ২৫টা সৰ্গ আৰু প্ৰায় ১২০০ স্তৱকত ৰামকীৰ্তিমহাকাব্যম নামৰ এক সংস্কৃত মহাকাব্যলৈ অনুবাদ কৰে। তেওঁৰ এই কৰ্মৰাজীয়ে এঘাৰটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]