সমললৈ যাওক

সুলোচনা (ৰামায়ণ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুলোচনা

লক্ষ্মণে বধ কৰা ইন্দ্ৰজিৎৰ কটা মূৰ সুলোচনাক অৰ্পণ।
সঙ্গী মেঘনাদ
হিন্দু পাঠ্য ৰামায়ণৰ সংস্কৰণ

সুলোচনা (সংস্কৃত: सुलोचना; তেওঁ, যাৰ চকু ধুনীয়া) সৰ্পৰাজ শেষনাগৰ কন্যা আছিল আৰু ৰাৱণৰ জ্যেষ্ঠ পুত্ৰ মেঘানাদ (ইন্দ্ৰজিৎ)ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷[1] বাল্মীকি ৰামায়ণত সুলোচনাৰ কোনো উল্লেখ পোৱা নাযায়, অৱশ্যে ইয়াৰ পৰৱৰ্তী সংস্কৰণসমূহত তেওঁৰ উল্লেখ আছে।[2] মেঘনাদ বধ কাব্য নামৰ বেলাডত উল্লেখ কৰা প্ৰমিলাক ইন্দ্ৰজিৎৰ পত্নী বুলি কোৱা হয়। সেয়েহে, এইটো যুক্তিসঙ্গতভাৱে ধৰি ল'ব পাৰি যে সুলোচনাকে প্ৰমিলা বুলিও জনা গৈছিল।

যেতিয়া মেঘানাদে ৰাম আৰু তেওঁৰ সৰু ভায়েক লক্ষ্মণৰ সৈতে যুদ্ধ কৰিবলৈ গৈছিল, সুলোচনাই কান্দি-কান্দি তেওঁৰ স্বামীক সমৰ্থন কৰিছিল আৰু কেতিয়াও বাধা দিয়া নাছিল বা যুদ্ধলৈ নাযাবলৈ অনুৰোধ কৰা নাছিল।

জনপ্ৰিয় সংস্কৃতি

[সম্পাদনা কৰক]

তেওঁৰ কাহিনীটো বহুতো চলচ্চিত্ৰৰ আধাৰ স্বৰূপ, এইসমূহৰ ভিতৰত আছে জি. ভি. সানে পৰিচালিত সতী সুলোচনা (১৯২১)। এইখন এখন নীৰৱ চলচ্চিত্ৰ, পৰৱৰ্তী ১৯৩৪ চনত মুক্তি পোৱা কন্নড় চলচ্চিত্ৰ সতী সুলোচনা আছিল প্ৰথমখন কন্নড় ভাষাৰ শ্ৰাৱ্য চলচ্চিত্ৰ, লগতে এন.টি.ৰামা ৰাও অভিনীত ১৯৬১ চনত মুক্তিপোৱা তেলেগু ভাষাৰ ছবি সতী সুলোচনা আৰু বিক্ৰম গোখলে আৰু জয়শ্ৰী গাডকাৰ অভিনীত বাবুভাই মিস্ত্ৰীৰ হিন্দী চলচ্চিত্ৰ সতী নাগ কন্যা আন দুটা উদাহৰণ। সুলোচনাৰ বেলাড মাৰাঠী মহিলাৰ এক প্ৰিয় বেলাড, বেছিভাগ মাৰাঠী পৰিয়ালত এই বেলাড গোৱা হয়। প্ৰখ্যাত তামিল পণ্ডিত এছ. কে. ৰামৰাজনে ইন্দ্ৰজিৎৰ পত্নী সুলোচনাৰ চৰিত্ৰায়নৰ বাবে জনাজাত মেগানধাম অৰ্থাৎ ইন্দ্ৰজিৎৰ ট্ৰেজেডী নামৰ এক প্ৰসিদ্ধ মহাকাব্য লিখিছিল।

তথ্যউৎস

[সম্পাদনা কৰক]

সহায়ক গ্ৰন্থ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]