সমললৈ যাওক

ইন্দ্ৰজিৎ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইন্দ্ৰজিৎ
মেঘনাদ

ৰাজা ৰবি বৰ্মা এখন চিত্ৰত ইন্দ্ৰক পৰাভূত কৰা মেঘনাদ
তথ্য
উপাধি যি ইন্দ্ৰক জয় কৰিছে
পৰিয়াল ৰাৱণ (পিতৃ)
মন্দোদৰী (মাতৃ)
অতিকায়, অক্ষয়কুমাৰ, নৰান্তক, দেৱান্তক, ত্ৰিশিৰা (ভ্ৰাতৃ)
দাম্পত্যসঙ্গী সুলোচনা

ইন্দ্ৰজিৎ বা মেঘনাদ হৈছে লংকাৰ ৰাজকুমাৰ আৰু ইন্দ্ৰৰ নগৰী অৰ্থাৎ ইন্দ্ৰলোকৰ বিজেতা। পৌৰাণিক হিন্দু সাহিত্যসমূহত তেওঁক মহানতম যোদ্ধাসমূহৰ এজন বুলি স্বীকৃতি দিয়া হৈছে। ৰামায়ণত ইন্দ্ৰজিতৰ উল্লেখ তথা বৰ্ণনা পোৱা যায়। ৰাম আৰু ৰাৱণৰ যুদ্ধত ইন্দ্ৰজিতে সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গুৰু শুক্ৰাচাৰ্যৰ পৰা তেওঁ বিভিন্ম দৈৱিক অস্ত্ৰ-শস্ত্ৰ লাভ কৰিছিল। তেওঁ স্বৰ্গৰ দেৱতাসকলকো পৰাজিত কৰিছিল।[1] ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি তেওঁ একেদিনাই ৬৭০ নিযুত বানৰ সেনাক নিধন কৰি বানৰ জাতিক প্ৰায় নিঃশেষ কৰাৰ উপক্ৰম কৰিছিল। ৰামায়ণৰ বৰ্ণনা অনুসৰি পৃথিৱীৰ কোনো যোদ্ধাই এই সংখ্যা স্পৰ্শ কৰিব পৰা নাছিল।[1][2]

নামৰ ব্যুৎপত্তি

[সম্পাদনা কৰক]

সংস্কৃতত ইন্দ্ৰজিৎ (इन्द्रजित्) শব্দৰ অৰ্থ হৈছে "যিজনে ইন্দ্ৰক জয় কৰিছে।" মেঘনাদৰ অৰ্থ (मेघनाद) "মেঘৰ গৰ্জন বা আকাশৰ অধিপতি।" ইয়াৰে তামিল ৰূপ হৈছে মেঘনাথন[3] (மேகநாதன்) আৰু ইয়াৰ অৰ্থ "মেঘৰ অধিপতি।" দেৱৰাজ ইন্দ্ৰক যুদ্ধত পৰাজিত কৰাৰ পিছত তেওঁ ইন্দ্ৰজিৎ নামেৰে জনাজাত হয়।[4] ইন্দ্ৰজিতক চক্ৰজিৎ, ৰাৱণী, বাসৱজিৎ, বাৰিদনাদ আৰু ঘননাদ নামেৰেও জনা যায়।

ইন্দ্ৰজিৎ ৰাৱণ আৰু তেওঁৰ পত্নী মন্দোদৰীৰ জ্যেষ্ঠ পুত্ৰ আছিল। জন্মৰ পিছত তেওঁৰ নাম মেঘনাদ ৰখা হৈছিল কাৰণ জন্মৰ সময়ত তেওঁৰ কান্দোন আছিল বজ্ৰপাতৰ দৰে। যেতিয়া মেঘনাদৰ জন্মৰ সময় হয় তেতিয়া ৰাৱণে তেওঁৰ পুত্ৰ শ্ৰেষ্ঠতম হোৱাটো কামনা কৰিছিল যাতে পৃথিৱীৰ কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে। ৰাৱণে তেওঁৰ পুত্ৰ মহান যোদ্ধা আৰু অত্যন্ত জ্ঞানী হোৱাটো বিচাৰিছিল। ৰাৱণ নিজেই এজন মহান জ্যোতিষী আছিল। পুত্ৰক অমৰ কৰি তুলিবলৈ ৰাৱণে সকলো গ্ৰহ আৰু তাৰকামণ্ডলীক এনেদৰে অৱস্থান কৰিবলৈ আদেশ দিছিল যে তেওঁৰ পুত্ৰই যাতে তেওঁ বিচৰা ধৰণে জন্ম লয়। ৰাৱণৰ ক্ৰোধ আৰু পৰাক্ৰমৰ বাবে সকলো গ্ৰহ আৰু নক্ষত্ৰই তেওঁক ভয় কৰিছিল। পুত্ৰ মেঘনাদৰ জন্মৰ সময়ত ৰাৱণৰ আদেশ অনুসৰি সকলো গ্ৰহ নিৰ্দিষ্ট অৱস্থানত আছিল আৰু সেয়ে তেওঁলোক মেঘনাদৰ ৰাশিফলৰ একাদশ ঘৰত অধিষ্ঠিত হৈছিল।[5]

অৱশ্যে শনিয়ে ৰাৱণৰ আদেশ অমান্য কৰি মেঘনাদৰ ৰাশিফলৰ দ্বাদশ ঘৰত অৱস্থান কৰে। ৰাৱণ এই কথাত ক্ৰোধিত হয় আৰু শনিক দোষাৰোপ কৰে। শনিৰ এই অৱস্থানৰ বাবেই ৰাম আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধত মেঘনাদে লক্ষ্মণৰ হাতত মৃত্যুবৰণ কৰিব লগা হয়।

ব্ৰহ্মাৰ বৰদান

[সম্পাদনা কৰক]

দেৱতা আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধৰ সময়ত দেৱৰাজ ইন্দ্ৰই আন সকলো দেৱতাৰ সৈতে ৰাৱণক আগুৰি ধৰে। পিতৃক উদ্ধাৰ কৰিবলৈ মেঘনাদে ইন্দ্ৰ আৰু তেওঁৰ হাতী ঐৰাৱতক আক্ৰমণ কৰে আৰু সকলো দেৱতাৰ লগতে ইন্দ্ৰকো পৰাজিত কৰে। মেঘনাদে ইন্দ্ৰক তেওঁৰ উৰণীয়া ৰথত বন্দী কৰি লংকালৈ লৈ আনে। ৰাৱণ আৰু মেঘনাদে ইন্দ্ৰক হত্যা কৰিবলৈ উদ্যত হওঁ‌তে ব্ৰহ্মাই হস্তক্ষেপ কৰে আৰু মেঘনাদক ইন্দ্ৰক মুক্ত কৰিবলৈ কয়। ইয়াৰ প্ৰতিদানত ব্ৰহ্মাই মেঘনাদক তেওঁৰ পৰা বৰ বিচাৰিবলৈ কয়। মেঘনাদে অমৰত্বৰ বৰ বিচাৰে যদিও ব্ৰহ্মাই কয় যে অমৰত্ব প্ৰকৃতিৰ নিয়মবিৰোধী। তাৰ পৰিৱৰ্তে ব্ৰহ্মাই তেওঁক আন এটা বৰ প্ৰদান কৰে। ইয়াৰ মতে মেঘনাদে তেওঁৰ জন্মস্থানৰ দেৱী প্ৰত্যাংগিৰাৰ যজ্ঞ বা "নিকুম্বিলা যজ্ঞ" সম্পূৰ্ণ কৰিলে এখন মহাকাশীয় ৰথ পাব আৰু এই ৰথত আৰোহণ কৰিলে কোনো শত্ৰুৱে তেওঁক যুদ্ধত হত্যা কৰিব নোৱাৰে। কিন্তু ব্ৰহ্মাই তেওঁক সতৰ্ক কৰি দিয়ে যে যিজনে এই যজ্ঞ ধ্বংস কৰিব তেৱেঁ‌ই মেঘনাদৰ কাল হ'ব। এই যুদ্ধত মেঘনাদৰ বীৰত্ব দেখি ব্ৰহ্মা যথেষ্ট প্ৰভাৱিত হয় আৰু তেওঁ মেঘনাদক ইন্দ্ৰজিৎ নাম প্ৰদান কৰে। আন এক বিশ্বাস মতে মেঘনাদক ব্ৰহ্মাই বৰ প্ৰদান কৰিছিল যে তেওঁক কেৱল এজন সাধাৰণ মানুহেহে হত্যা কৰিব যি ১৪ বছৰ ধৰি একেৰাহে টোপনি যোৱা নাই।[6]

যুদ্ধক্ষেত্ৰৰ ভূমিকা

[সম্পাদনা কৰক]

ৰাৱণৰ পিছতেই মেঘনাদ আছিল ৰাৱণৰ ফালৰ আটাইতকৈ শক্তিশালী আৰু নিপুণ যোদ্ধা। তেওঁ এজন মহান ধনুৰ্বিদ আৰু মায়াবী যুদ্ধ কৌশলত অতুলনীয় আছিল।

প্ৰথম দিন

[সম্পাদনা কৰক]
নাগপাশত বন্দী ৰাম-লক্ষ্মণ।

ৰামৰ সৈন্যবাহিনীৰ সৈতে যুদ্ধৰ প্ৰথম দিনা ইন্দ্ৰজিতৰ গতি আছিল দুৰ্দান্ত। তেওঁ অঙ্গদক পৰাজিত কৰি আৰু তেওঁক যুদ্ধক্ষেত্ৰৰ পৰা পলাই যাবলৈ বাধ্য কৰে। তেওঁ দ্ৰুতগতিত সুগ্ৰীৱৰ সৈন্যবাহিনী ধ্বংস কৰে আৰু ৰাম-লক্ষ্মণক সমুখ-সমৰত নামিবলৈ আহ্বান জনায় যাতে তেওঁ নিজৰ খুড়াক আৰু ভ্ৰাতৃসকলৰ মৃত্যুৰ প্ৰতিশোধ ল'ব পাৰে। যেতিয়া লক্ষ্মণ তেওঁৰ সন্মুখত উপস্থিত হয় তেওঁ অদম্য পৰাক্ৰমেৰে যুঁজ দিয়ে আৰু নাগপাশ (এক নিযুত সাপৰ দ্বাৰা নিৰ্মিত পাশ) প্ৰয়োগ কৰে। ইয়াৰ ফলত ৰাম আৰু লক্ষ্মণ শ্বাসৰুদ্ধ হৈ মাটিত বাগৰি পৰে। হনুমানৰ নিৰ্দেশত গৰুড়ে তেওঁলোকক উদ্ধাৰ কৰে। গৰুড় আছিল জটায়ু আৰু সম্পাতিৰ খুড়াক। তেওঁ সকলো সৰ্পৰ চিৰবৈৰী আৰু বিষ্ণুবাহন। আনহাতে ৰাম আছিল বিষ্ণুৰ সপ্তম অৱতাৰ।

দ্বিতীয় দিন

[সম্পাদনা কৰক]

যেতিয়া ইন্দ্ৰজিতে জানিব পাৰিলে যে ৰাম আৰু লক্ষ্মণ দুয়োকে গৰুড়ই উদ্ধাৰ কৰিছে আৰু তেওঁলোক এতিয়াও জীয়াই আছে তেতিয়া তেওঁ ক্ৰোধান্বিত হ'ল আৰু সেইদিনা কমেও এজন ভ্ৰাতৃক হত্যা কৰিবলৈ অংগীকাৰ কৰিলে। যুদ্ধ আৰম্ভ হোৱাত তেওঁ নিজৰ সকলো শক্তি ব্যৱহাৰ কৰি সুগ্ৰীৱৰ সৈন্যবাহিনীৰ ওপৰত ধ্বংসযজ্ঞ চলায়। লক্ষ্মণ সমুখ-সমৰৰ বাবে প্ৰস্তুত হৈ তেওঁৰ সন্মুখত উপস্থিত হয় আৰু দুয়োৰে মাজত তয়াময়া ৰণ আৰম্ভ হয়। ইন্দ্ৰজিতে তেওঁৰ মায়াবী শক্তি ব্যৱহাৰ কৰি ডাৱৰ আৰু আকাশৰ ওপৰেৰে বজ্ৰপাতৰ দৰে ঘূৰি ফুৰে। মায়া সহায়ত দৃষ্টিবিভ্ৰম সৃষ্টি কৰি তেওঁ বাৰে বাৰে অদৃশ্য হয় আৰু লক্ষ্মণৰ পিছফালে পুনৰ দেখা দিয়ে। তেওঁ অদৃশ্য অৱস্থাত আছিল যদিও তেওঁৰ কাড়বোৰে লক্ষ্মণক আঘাত কৰিছিল। ইন্দ্ৰজিতে লক্ষ্মণৰ বিৰুদ্ধে বাসৱী শক্তি বা শক্তিশেলৰ ব্যৱহাৰ কৰে আৰু ইয়াৰদ্বাৰা বিদ্ধ হোৱাৰ পিছত লক্ষ্মণ অচেতন হৈ পৰে। এই অস্ত্ৰৰ প্ৰভাৱত পৰৱৰ্তী সূৰ্যোদয়ৰ সময়ত লক্ষ্মণৰ মৃত্যু হোৱাটো নিশ্চিত হৈ পৰে। তেতিয়া হনুমানে ৰক্ষা ইন্দ্ৰজিতে ব্যৱহাৰ কৰা অস্ত্ৰৰ প্ৰতিকাৰ, যাদুকৰী ভেষজ সঞ্জীৱনী বিচাৰি ৰাতিটোৰ ভিতৰতে হিমালয়ৰ পৰা লংকালৈ দ্ৰোণগিৰিৰ গোটেই পৰ্বতটো দাঙি আনে আৰু ইয়াৰ জৰিয়তে তেওঁক আৰোগ্য কৰি তোলে।

তৃতীয় দিন

[সম্পাদনা কৰক]
লক্ষ্মণ আৰু ইন্দ্ৰজিতৰ যুদ্ধ।
ইন্দ্ৰজিৎ বধ।

লক্ষ্মণ পুনৰবাৰ ৰক্ষা পৰা বুলি জানিব পাৰি ইন্দ্ৰজিতে তেওঁ প্ৰত্যাংগীৰাৰ গোপন মন্দিৰলৈ যজ্ঞ কৰিবলৈ ৰাওনা হ'ল যাৰ ফলত তেওঁ অবধ্য হৈ পৰিব। ৰাৱণক এৰি ৰামৰ দলত যোগদান কৰা ইন্দ্ৰজিতৰ খুড়াক বিভীষণে তেওঁৰ ভতিজা ইন্দ্ৰজিতৰ পৰিকল্পনাৰ বিষয়ে তেওঁৰ চোৰাংচোৱাসকলৰ জৰিয়তে জানিব পাৰি আৰু ৰামক সতৰ্ক কৰি দিয়ৱ। লক্ষ্মণ আৰু বিভীষণে যজ্ঞস্থলীত ইন্দ্ৰজিতৰ মুখামুখি হ'বলৈ যায়। বাল্মীকি ৰামায়ণৰ উদ্ধৃতি মতে, লক্ষ্মণৰ সৈন্যবাহিনীৰ দ্বাৰা তেওঁৰ যজ্ঞ ধ্বংস হোৱাৰ পিছত, ইন্দ্ৰজিৎ ক্ৰোধান্বিত হয় আৰু মন্দিৰ-গহ্বৰৰ পৰা বাহিৰলৈ ওলাই আহি লক্ষ্মণৰ সৈতে যুঁজ দিয়ে। [4] লক্ষ্মণৰ কাষত তেওঁৰ খুৰাক বিভীষণক দেখি ইন্দ্ৰজিতৰ ক্ৰোধ বহুগুণে বৃদ্ধি পায়। তেওঁ লক্ষ্মণৰ সৈতে তেওঁৰ খুড়াক বিভীষণক হত্যা কৰিবলৈ অংগীকাৰ কৰে আৰু বিভীষণক দেশদ্ৰোহীতাৰ শাস্তি দিয়াৰ বাবে যম-অস্ত্ৰ নিক্ষেপ কৰে। লক্ষ্মণে ততালিকে কুবেৰৰ পূৰ্বৰ সতৰ্কবাণী সুঁ‌ৱৰি বিভীষণক সুৰক্ষা দিয়ে। ইন্দ্ৰজিতে উপলব্ধি কৰে যে লক্ষ্মণ এজন সাধাৰণ মানুহ নহয় আৰু তেওঁ ইন্দ্ৰজিতক পৰাস্ত কৰাৰ চৰ্ত পূৰণ কৰে। অৰ্থাৎ লক্ষ্মণে ইন্দ্ৰজিতৰ যজ্ঞ নষ্ট কৰে। ইয়াৰোপৰি তেওঁ ১৪ বছৰ ধৰি তেওঁ নিদ্ৰাৰ কোলাত আশ্ৰয় লোৱা নাই। ইন্দ্ৰজিৎ যুদ্ধক্ষেত্ৰৰ পৰা কিছু সময়ৰ বাবে অন্তৰ্হিত হৈ ৰাজকীয় প্ৰাসাদত ৰাৱণলৈ উভতি আহে আৰু সমস্ত ঘটনাক্ৰমৰ বিষয়ে কৈ ৰাৱণক ৰামৰ সৈতে শান্তি স্থাপন কৰাৰ প্ৰস্তাৱ দিয়ে। অহংকাৰত অন্ধ ৰাৱণে যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰাৰ বাবে ইন্দ্ৰজিতক কাপুৰুষ আখ্যা দিয়ে। এই কথাই ইন্দ্ৰজিতক উত্তেজিত কৰি তোলে আৰু তেওঁ ৰাৱণৰ ওচৰত ক্ষমা বিচাৰি কয় যে পুত্ৰ হিচাপে তেওঁৰ প্ৰাথমিক কৰ্তব্য হৈছে তেওঁৰ পিতৃৰ হিতৰ হকে কাম কৰা। তেওঁ মৃত্যুৰ সময়তো তেওঁ কেতিয়াও ৰাৱণক ত্যাগ নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে। মৃত্যু নিশ্চিত বুলি জানি ইন্দ্ৰজিতে তেওঁৰ পিতৃ-মাতৃ আৰু পত্নীক শেষ বিদায় জনায়। যুদ্ধক্ষেত্ৰলৈ উভতি আহিয়েই তেওঁ দৃষ্টিবিভ্ৰম আৰু মায়াৰে লক্ষ্মণৰ সৈতে সমস্ত শক্তিৰে যুঁজ দিয়ে। ইন্দ্ৰজিতৰ অস্ত্ৰসমূহে লক্ষ্মণৰ ক্ষতি কৰিবলৈ অস্বীকাৰ কৰে কিয়নো লক্ষ্মণ আছিল শেষনাগৰ অৱতাৰ। লক্ষ্মণে ইন্দ্ৰজিতক অঞ্জলিকাস্ত্ৰৰে শিৰশ্ছেদ কৰে। প্ৰকৃতাৰ্থত ইন্দ্ৰজিতক হত্যা কৰিবলৈ শেষ নাগে ৰামৰ ভায়েক লক্ষ্মণ হিচাপে অৱতাৰ গ্ৰহণ কৰিছিল। তেওঁলোকৰ নিৰ্বাসনৰ সময়ত চৈধ্য বছৰ ধৰি তেওঁৰ টোপনি নাছিল যাতে তেওঁ ৰাম আৰু সীতাক নিষ্ঠাৰে সেৱা কৰিব পাৰে আৰু ইন্দ্ৰজিতক হত্যা কৰাৰ চৰ্ত পূৰণ কৰিব পাৰে। [4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]