কুবেৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কুবেৰ
সম্পত্তিৰ দেৱতা
লোকপাল-ৰ সদস্য
SAMA Kubera 1.jpg
দশম শতিকাত নিৰ্মিত কুবেৰৰ প্ৰতিমূৰ্তি
দেৱনাগৰী कुबेर
সম্পৰ্ক যক্ষ, দেৱতা, লোকপাল
নিবাস লংকা আৰু পিছলৈ অলকা
মন্ত্ৰ ওঁ‌ম শ্বম কুবেৰায় নমঃ
অস্ত্ৰ গদা
সঙ্গী ভদ্ৰা
সন্তান নলকুবেৰ, মণিভদ্ৰ, ময়ুৰাজ আৰু মিনাক্ষী
আসন/বাহন বনৰীয়া গাহৰি, নেউল

কুবেৰ (সংস্কৃত: कुबेर) বা কুবেৰন হৈছে হিন্দু ধৰ্মৰ সম্পত্তিৰ দেৱতা আৰু যক্ষসকলৰ ৰজা।[1] তেওঁক উত্তৰ দিশৰ ৰক্ষক আৰু পৃথিৱীৰ ৰক্ষক বা লোকপালৰূপে জনা যায়। বিভিন্ন বৰ্ণনাত কুবেৰক অৰ্ধদৈৱ বিভিন্ন প্ৰজাতিৰ অধিপতি আৰু পৃথিৱীৰ সকলো সম্পত্তিৰ গৰাকীৰূপে উল্লেখ কৰা হৈছে। তেওঁক প্ৰায়ে অলংকাৰেৰে সুশোভিত এক থুলন্তৰ শৰীৰেৰে সৈতে মুদ্ৰাৰ কলহ আৰু দণ্ড ধাৰণ কৰা ৰূপত উপস্থাপন কৰা হয়।

বৈদিক সাহিত্যত কুবেৰক অশুভ আত্মাসমূহৰ মুখিয়াল বুলি বৰ্ণনা কৰা হৈছে যদিও পুৰাণ আৰু হিন্দু মহাকাব্যসমূহত তেওঁ দেৱতাৰ মৰ্যাদা লাভ কৰে। এই সাহিত্যসমূহৰ মতে কুবেৰে এসময়ত লংকা শাসন কৰিছিল কিন্তু তেওঁৰ সতীয়া ভ্ৰাতৃ ৰাৱণে তেওঁক লংকাৰ ৰাজসিংহাসনৰ পৰা অপসাৰণ কৰে। পিছলৈ কুবেৰে হিমালয়ত অলকা নগৰীৰ স্থাপন কৰে। বিভিন্ন উৎসত কুবেৰৰ নগৰীৰ শৌৰ্য আৰু প্ৰাচুৰ্যৰ বিৱৰণ পোৱা যায়।

কুবেৰক বৌদ্ধ আৰু জৈন ধৰ্মৰ দেৱসমাজতো অন্তৰ্ভুক্ত কৰা হৈছে। বৌদ্ধ সংস্কৃতিত তেওঁ বৈশ্ৰাৱন নামেৰে পৰিচিত আৰু পঞ্চিকাৰ সমপৰ্যায়ৰ। জৈন ধৰ্মত কুবেৰৰ নাম সৰ্বানুভূতি।

চিত্ৰায়ন[সম্পাদনা কৰক]

ব্ৰঞ্জৰ মাতৃকাৰ প্ৰতিমূৰ্তিৰ বাওঁ‌হাতে গণেশ আৰু সোহাঁ‌তে কুবেৰ (১০৪৩ চনৰ ৰজা মহীপালৰ শাসনকালৰ)।

কুবেৰক প্ৰায়ে পদুমৰ পাতৰ বৰণ আৰু ডাঙৰ উদৰৰে সৈতে এজন চুটি-চাপৰ লোক হিচাপে চিত্ৰিত কৰা হয়। তেওঁক তিনিখন ভৰি, আঠটা দাঁত, এটা চকু আৰু অলংকাৰেৰে সজ্জিত বুলি বৰ্ণনা কৰা হয়। তেওঁক কেতিয়াবা এজন পুৰুষৰ ওপৰত আৰোহণ কৰা অৱস্থাত উপস্থাপন কৰা হয়।[2][3] পৰৱৰ্তী সময়ৰ পুৰাণ সাহিত্যসমূহতহে তেওঁক ভঙা দাঁত, তিনিখন ভৰি, তিনিটা মুৰ আৰু চাৰিখন হাতৰ দৰে শাৰীৰিক বিসংগতিৰ বৰ্ণনা দিয়া হৈছে।[4] কুবেৰে তেওঁৰ হাতত গদা, ডালিম বা টকাৰ মোনা ধাৰণ কৰে।[2] তেওঁ নিজৰ লগত গহনা বা নেউলো লৈ ফুৰে। তিব্বতত নেউলক নাগসকলৰ বিৰুদ্ধে কুবেৰৰ জয়ৰ প্ৰতীক বুলি গণ্য কৰা হয়।[5] বৌদ্ধ সংস্কৃতিত কুবেৰক সাধাৰণতে নেউলৰ সৈতে চিত্ৰিত কৰা হয়।[3]

বিষ্ণুধৰ্মোত্তৰ পুৰাণত, কুবেৰক অৰ্থ (সম্পদ, সমৃদ্ধি, গৌৰৱ) আৰু ইয়াৰ সৈতে সম্পৰ্কিত গ্ৰন্থ অৰ্থশাস্ত্ৰ, এই দুয়োটাৰ মূৰ্তমান ৰূপ হিচাপে বৰ্ণনা কৰা হৈছে। কুবেৰৰ গাৰ বৰণ পদুমৰ পাতৰ দৰে বুলি উল্লেখ আছে। তেওঁ আৰোহণ কৰা মানুহটোৱে ৰাজ্যক প্ৰতিনিধিত্ব কৰে। তেওঁৰ সোণালী কাপোৰ আৰু অলংকাৰ তেওঁৰ সম্পত্তিসমূহৰ প্ৰতীক। তেওঁৰ বাওঁ চকু হালধীয়া। তেওঁ এক কবচ আৰু পেটলৈকে পৰি থকাকৈ এধাৰ হাৰ পিন্ধে। বিষ্ণুধৰ্মোত্তৰ পুৰাণৰ বৰ্ণনা অনুসৰি তেওঁৰ মুখখন বাওঁফালে হালি পৰা, দাড়ি-গোঁফযুক্ত, আৰু মুখৰ পৰা দুটা সৰু দাঁত ওলাই অহা। ই তেওঁৰ শাস্তি প্ৰদান কৰা আৰু অনুগ্ৰহ দান কৰাৰ ক্ষমতাক প্ৰতিনিধিত্ব কৰিছে। জীৱন যাত্ৰাক প্ৰতিনিধিত্ব কৰা তেওঁৰ পত্নী ৰিদ্ধিয়ে তেওঁৰ বাওঁ কোলাত অৱস্থান কৰে। তেওঁৰ বাওঁহাত কুবেৰৰ পিছফালে থাকে আৰু সোঁহাতেৰে ৰত্ন-পাত্ৰ ধাৰণ কৰে। কুবেৰ চতুৰ্ভুজ। চাৰিহাতত তেওঁ গদা (দণ্ডনীতি বা ন্যায় প্ৰশাসনৰ প্ৰতীক), শক্তি, সিংহ (অৰ্থৰ প্ৰতীক) আৰু শিবিকা (একপ্ৰকাৰৰ দণ্ড, কুবেৰৰ অস্ত্ৰ) ধাৰণ কৰে। পদ্ম আৰু শাংখ মানৱ ৰূপত তেওঁৰ কাষত থিয় দিছে, তেওঁলোকৰ শিৰকেইটা ক্ৰমান্বয়ে এপাহ পদুম আৰু এটা শংখৰ পৰা নিৰ্গত হৈছে।[6]

অগ্নি পুৰাণত উল্লেখ আছে যে মন্দিৰসমূহত কুবেৰক এটা ছাগলীৰ ওপৰত আৰোহণ কৰি আৰু হাতত এক দণ্ড ধাৰণ কৰা অৱস্থাত স্থাপন কৰিব লাগে।[7] তেওঁৰ প্ৰতিকৃতি বিভিন্ন ৰঙৰ লগতে সোণৰ হ'ব লাগে।[8] কিছুমান সূত্ৰ অনুসৰি, বিশেষকৈ জৈন সংস্কৃতিত কুবেৰক হাতত অমৃত কলহ লৈ থকা অৱস্থাত সুৰাপায়ী হিচাপে চিত্ৰায়িত কৰা হয়।[9]

নাম[সম্পাদনা কৰক]

কুবেৰ নামটোৰ সঠিক উৎপত্তি সম্পৰ্কে জনা নাযায়। [8] উত্তৰ কালৰ সংস্কৃতত বৰ্ণনা কৰা "কুবেৰ" শব্দৰ (कुवेर) অৰ্থ হৈছে "বিকৃত বা ৰাক্ষসসদৃশ" বা "বেয়া আকৃতিৰ" যি তেওঁৰ বিসংগতিক সূচায়।[8][10] আন এটা তত্ত্বৰ মতে কুবেৰ মূল ক্ৰিয়া কুম্বাৰ পৰা ওলাব পাৰে যাৰ অৰ্থ হৈছে লুকুৱাই ৰখা। কুবেৰ শব্দটোৰ কু (পৃথিৱী) আৰু বীৰ (নায়ক) হিচাপেও সন্ধি ভঙা হয়।[11]

বিশ্ৰৱাৰ (খ্যাতি) পুত্ৰ বাবে কুবেৰাক বৈশ্ৰাৱন (পালি ভাষাত ভেচাৱনা) আৰু ইলাভিলাৰ পুত্ৰ বাবে ঐলভিলা বুলি কোৱা হয়।[12] বৈশ্ৰাৱনৰ অৰ্থ কেতিয়াবা "খ্যাতিৰ পুত্ৰ" বুলিও ব্যাখ্যা কৰা হয়।[8] সূত্ব নিতাপৰ ভাষ্যত কোৱা হৈছে যে বৈশ্ৰাৱণ কুবেৰৰ ৰাজ্য বিশনৰ পৰা উদ্ভৱ হৈছে।[11] এবাৰ কুবেৰে শিৱ আৰু তেওঁৰ পত্নী পাৰ্বতীৰ ফালে ঈৰ্ষাৰ দৃষ্টিৰে চোৱাৰ বাবে নিজৰ এটা চকু হেৰুৱায়। পাৰ্বতীয়ে তেওঁৰ এই বিসংগতিপূৰ্ণ চকুটো হালধীয়া ৰঙৰ কৰি তোলে। সেয়েহে কুবেৰে একাক্ষীপিঙ্গল (যাৰ এটা চকু হালধীয়া) নাম লাভ কৰে।[7] তেওঁক শিৱৰ দৰে ভূতেশ (ভূতৰ অধিপতি) বুলিও কোৱা হয়। কুবেৰ সাধাৰণতে ভূত বা পুৰুষৰ (নৰ) দ্বাৰা আকৰ্ষিত হয়। সেয়েহে তেওঁক নৰ-বাহনো (অৰ্থাৎ যাৰ বাহন হৈছে নৰ) আখ্যা দিয়া হয়। হপকিন্সে নৰক জলৰ অপদেৱতা বুলি ব্যাখ্যা কৰিছে যদিও মণিয়ে নৰক পুৰুষ হিচাপে অভিহিত কৰিছে।[7][13] কুবেৰে লোকপাল হিচাপে সাৰ্বভৌম নামৰ এটা হাতীৰ ওপৰতো আৰোহণ কৰে।[12] তেওঁৰ বাগিচাখনৰ নাম চৈত্ৰৰথ।[14]

কুবেৰক সমগ্ৰ বিশ্বৰ ৰজা, ৰজাৰো ৰজা (ৰাজাৰাজ), সম্পদৰ অধিপতি (ধনাধিপতি) আৰু ধন দাতা (ধনদা) নামেৰেও জনা যায়। তেওঁৰ নামবোৰ সততে তেওঁৰ পাৰিষদসমূহৰ সৈতে সম্পৰ্কিত। উদাহৰণস্বৰূপে যক্ষৰ ৰজা (যক্ষৰাজন), ৰাক্ষসৰ অধিপতি (ৰাক্ষসাধিপতি), গুহ্যকৰ অধিপতি (গুহ্যকধিপ), কিন্নৰৰ ৰজা (কিন্নৰৰাজ), পুৰুষসদৃশ জীৱ-জন্তুৰ ৰজা (ময়ূৰজা), আৰু পুৰুষৰ ৰজা (নৰৰজা) আদি।[8][12][13] কুবেৰক গুহ্যধিপ (লুকাই থকাসকলৰ অধিপতি) বুলিও কোৱা হয়। অথৰ্ববেদত তেওঁক লুকাই থকাৰ দেৱতা আখ্যা দিয়া হৈছে।[13]

মৰ্যাদাৰ উত্তৰণ আৰু পৰিয়াল[সম্পাদনা কৰক]

প্ৰাৰম্ভিক চিত্ৰায়ন আৰু পিতৃ-মাতৃ[সম্পাদনা কৰক]

কুবেৰৰ প্ৰথম উল্লেখ পোৱা যায় অথৰ্ববেদত।[8] অথৰ্ববেদ আৰু শতপথ ব্ৰাহ্মণত, কুবেৰ হৈছে অন্ধকাৰৰ অশুভ আত্মাসমূহৰ প্ৰধান আৰু বৈশ্ৰাৱনৰ পুত্ৰ।[10][15] শতপথ ব্ৰাহ্মণত তেওঁক চোৰ আৰু অপৰাধীৰ অধিপতি বুলি অভিহিত কৰা হৈছে।[16] মনুস্মৃতিত এজন সন্মানীয় লোকপাল (পৃথিৱীৰ ৰক্ষক) আৰু ব্যৱসায়ীসকলৰ পৃষ্ঠপোষকলৈ তেওঁৰ উত্তৰণ ঘটে। [11] মহাভাৰতত কুবেৰক প্ৰজাপতি পুলস্ত্য আৰু তেওঁৰ পত্নী ইড়াৱিদাৰ পুত্ৰ আৰু ঋষি বিশ্ৰবাৰ ভ্ৰাতৃ বুলি বৰ্ণনা কৰা হৈছে। কুবেৰৰ জন্ম এজনী গৰুৰ পৰা হোৱা বুলিও বৰ্ণনা পোৱা যায়। অৱশ্যে পুৰাণৰ মতে তেওঁ পুলস্ত্যৰ নাতি আৰু বিশ্ৰবা আৰু তেওঁৰ পত্নী তথা ঋষি ভৰদ্বাজ বা তৃণবিন্দুৰ কন্যা ইলাভিদাৰ (বা ইলাভিলা বা দেৱবৰ্ণিনী) পুত্ৰ।[7][8][12][15]

অসুৰ বুলি বৰ্ণিত যদিও সকলো লোকাচাৰ আৰু উছৰ্গাৰ শেষত কুবেৰৰ আৰাধনা কৰা হয়।[15] তেওঁৰ উপাধিসমূহ যেনে সৰ্বশ্ৰেষ্ঠ ৰজা আৰু ৰজাৰ অধিপতি (হৰিবংশৰ মতে কুবেৰ ৰজাৰ অধিপতি), স্বৰ্গৰাজ ইন্দ্ৰসৰ্বশ্ৰেষ্ঠ দেৱতা উপাধিৰ অনুকৰণত পৰৱৰ্তী সময়ত এই কথা বিশ্বাস কৰা হৈছিল যে কুবেৰ এজন মানৱ। পৌৰাণিক গ্ৰন্থ গৌতম ধৰ্মশাস্ত্ৰ আৰু অপস্তম্ভত তেওঁক এজন মানৱ বুলি কোৱা হৈছে। কেৱল শংখ্যানা আৰু হিৰণ্যকেশিনৰ গৃহসূত্ৰই তেওঁক দেৱতা বুলি আখ্যা দিয়াৰ লগতে তেওঁলৈ মাংস, তিল আৰু ইয়াৰ ফুল উছৰ্গা কৰাৰ পৰামৰ্শ আগবঢ়াইছে।[6][17]

পুৰাণ আৰু মহাকাব্যৰ চিত্ৰন, দেৱত্ব লাভ[সম্পাদনা কৰক]

পুৰাণ, মহাভাৰত আৰু ৰামায়ণে কুবেৰক দ্বিমত নোহোৱাকৈ দেৱত্ব প্ৰদান কৰিছে।[6] কুবেৰে ধনৰ অধিপতি আৰু সবাতোকৈ ধনৱান দেৱতাৰ মৰ্যাদাও লাভ কৰিছে। তেওঁ উত্তৰ দিশৰ লোকপাল (পৃথিৱীৰ ৰক্ষক) আৰু দিকপাল হিচাপে পৰিগণিত হয় যদিও কোনো কোনো ক্ষেত্ৰত তেওঁ পূব দিশৰ সৈতেও জড়িত হৈ পৰে।[12][15] ৰামায়ণত নিশ্চিতৰূপত কুবেৰক লোকপাল আৰু দিকপালৰ মৰ্যাদা প্ৰদান কৰা হৈছে। কিন্তু মহাভাৰতৰ কিছুমান তালিকাত কুবেৰক অন্তৰ্ভুক্ত কৰা হোৱা নাই। সেয়েহে, কুবেৰক লোকপালৰ মূল তালিকাত পিছলৈ হোৱা এক সংযোজন বুলি গণ্য কৰা হয় য'ত তেওঁৰ ঠাইত অগ্নি বা সোমক দেখা যায়।[18] ৰামায়ণত কুবেৰক এই মৰ্যাদা সৃষ্টিকৰ্তা দেৱতা আৰু পুলাস্ত্যৰ পিতৃ ব্ৰহ্মাই তেওঁৰ কঠোৰ তপস্যাৰ ফল হিচাপে প্ৰদান কৰে। ব্ৰহ্মাই কুবেৰক পৃথিৱীৰ ধনৰ (নিধি) উপৰিও দেৱতাৰ সৈতে সমস্থান আৰু উৰণীয়া পুষ্পক বিমান প্ৰদান কৰে। কুবেৰে সোণেৰে নিৰ্মিত লংকাত (বৰ্তমানৰ শ্ৰীলংকা) শাসনকাৰ্য চলাইছিল।[7][8][12] মহাভাৰতৰ মতে ব্ৰহ্মাই কুবেৰক সম্পদৰ অধিকাৰ, শিৱৰ সৈতে বন্ধুত্ব, দেৱত্ব, পৃথিৱীৰ ৰক্ষক হিচাপে মৰ্যাদা, নলকুবেৰ নামৰ পুত্ৰ, পুষ্পক বিমান আৰু নৈৰত ৰাক্ষসৰ ওপৰত প্ৰভুত্ব প্ৰদান কৰিছিল।[12]

একাদশ শতিকাৰ কুবেৰৰ প্ৰতিমূৰ্তি, কৰ্ণাটক

পুৰাণ আৰু ৰামায়ণ উভয়তে কুবেৰৰ সতীয়া ভাই-ভনী আছে। কুবেৰৰ পিতৃ বিশ্ৰৱাই ৰাক্ষস ৰাজকুমাৰী কৈকেষীক বিয়া কৰাইছিল। তেওঁলোকৰ চাৰি সন্তান হৈছে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু শূৰ্পনখা[7][15] আনহাতে মহাভাৰতত বিশ্ৰৱা কুবেৰৰ ভ্ৰাতৃ বুলিহে উল্লেখ আছে। ইয়াৰ মতে কুবেৰে তেওঁৰ পিতৃ পুলস্ত্যক চেৰাই যাবৰ বাবে ব্ৰহ্মাৰ ওচৰলৈ যায় আৰু তেতিয়া পুলস্ত্যই বিশ্ৰৱাৰ সৃষ্টি কৰে। বিশ্ৰৱাৰ অনুগ্ৰহ বিচাৰি কুবেৰে তিনিগৰাকী নাৰীক তেওঁৰ ওচৰলৈ পঠিয়ায় আৰু ইয়াৰ ফলত বিশ্ৰৱাই তেওঁৰ ৰাক্ষস সন্তানসকলক পাহৰি যায়।[12][19]

ৰাৱণে ব্ৰহ্মাৰ আশীৰ্বাদ লাভ কৰাৰ পিছত কুবেৰক লংকাৰ পৰা অপসাৰণ কৰে আৰু তেওঁৰ পুষ্পক বিমান কাঢ়ি লয়। অৱশ্যে ৰাৱণৰ মৃত্যুৰ পিছত এই বিমান কুবেৰক ঘূৰাই দিয়া হয়। ইয়াৰ পিছত কুবেৰে হিমালয়ত থকা শিৱৰ বাসস্থান কৈলাস পৰ্বতৰ ওচৰৰ গন্ধমন্দন পৰ্বতত বসতি স্থাপন কৰে। কেতিয়াবা কৈলাসকো কুবেৰৰ বাসস্থান বুলি কোৱা হয়। তেওঁৰ নগৰখনক সাধাৰণতে অলকা বা অলকাপুৰী বোলা হয়। এই নগৰৰ অন্য নাম প্ৰভা (উজ্জ্বলতা), বসুধৰা (ৰত্নখচিত) আৰু বসুস্থলী (ধনৰ আলয়)।[7][8][12][14] ইয়াত কুবেৰৰ চৈত্ৰৰথ নামৰ এক বনাঞ্চল অৱস্থিত য'ত গছৰ পাতবোৰ হৈছে ৰত্ন আৰু ফলবোৰ হৈছে স্বৰ্গৰ জীয়ৰী। এই বনাঞ্চলত নলিনী নামৰ এটা মনোমোহা হ্ৰদো আছে।[12][19] মহাকাব্যসমূহত কুবেৰক সততে শিৱৰ মিত্ৰ হিচাপে বৰ্ণনা কৰা হয়।[2] পদ্ম পুৰাণত কোৱা হৈছে যে কুবেৰে বহু বছৰ ধৰি শিৱৰ ওচৰত প্ৰাৰ্থনা কৰিছিল আৰু শিৱই তেওঁক যক্ষৰ প্ৰভুত্ব প্ৰদান কৰিছিল।[7]

কুবেৰৰ সুন্দৰ ৰাজসভাৰ বৰ্ণনা মহাভাৰতৰ লগতে মেঘদূততো পোৱা যায়। ইয়াত গন্ধৰ্ব আৰু অপ্সৰাসকলে কুবেৰক মনোৰঞ্জন প্ৰদান কৰে। শিৱ আৰু তেওঁৰ পত্নী পাৰ্বতীয়ে কুবেৰৰ সভাত প্ৰায়েই উপস্থিত থাকে। অৰ্ধ-দৈৱিক জীৱ যেনে বিদ্যাধৰ, কিমপুৰুষ; ৰাক্ষস; পিশাচ আদিৰ লগতে সম্পদৰ (নিধি) মূৰ্তমান স্বৰূপ পদ্ম আৰু শংখ আৰু কুবেৰৰ মুখ্য পৰিচাৰক তথা তেওঁৰ সেনাপতি মণিভদ্ৰও তেওঁৰ ৰাজসভাত উপস্থিত থাকে। প্ৰতিজন লোকপালৰ দৰে কুবেৰৰ নিবাসতো উত্তৰ দিশৰ সাতগৰাকী ভৱিষ্যদ্ৰষ্টা থাকে। অলকা নগৰী এবাৰ ৰাৱণে লুণ্ঠন কৰা আৰু এবাৰ পাণ্ডৱ ৰাজকুমাৰ ভীমে আক্ৰমণ কৰা বুলি উল্লেখ আছে। [6][7][8][12][13] কুবেৰৰ নৈৰত সেনাই ৰজা মুচুকুন্দক পৰাজিত কৰা বুলি বৰ্ণনা কৰা হৈছে। মুচুকুন্দই তেতিয়া তেওঁৰ গুৰু বশিষ্ঠৰ পৰামৰ্শ অনুযায়ী তেওঁলোকক পুনৰাই পৰাভূত কৰিছিল। অসুৰসকলৰ গুৰু শুক্ৰাচাৰ্যই কুবেৰক পৰাজিত কৰি তেওঁৰ সম্পত্তি চুৰি কৰা বুলিও উল্লেখ আছে।[4][7] আন এক আখ্যানৰ মতে কুবেৰে তেওঁৰ প্ৰাসাদত ঋষি অষ্টৱক্ৰক মনোৰঞ্জন প্ৰদান কৰিছিল। [4][7]

কুবেৰ হৈছে সম্পত্তিৰ দেৱতা তথা অৰ্ধ-দৈৱিক যক্ষ, গুহ্যক, কিন্নৰ আৰু গন্ধৰ্বসকলৰ অধিপতি। এওঁ‌লোকে কুবেৰৰ সহায়ক হিচাপে পৃথিৱীৰ ধন-ৰত্নসমূহৰ ৰক্ষক হিচাপে কাম কৰে। কুবেৰ ভ্ৰমণকাৰীসকলৰ ৰক্ষক আৰু তেওঁক সন্তুষ্ট কৰা ব্যক্তিসকলক সম্পদ প্ৰদানকাৰী। ৰাক্ষসসকলে কুবেৰক সেৱা আগবঢ়ায়[2] যদিও কিছুমান নৰখাদক ৰাক্ষসে কুবেৰাৰ বিৰুদ্ধে যুঁজত ৰাৱণৰ পক্ষ লৈছিল বুলি বৰ্ণনা কৰা হৈছে।[12] কুবেৰক বিবাহৰ এজন গৌণ দেৱতা হিচাপেও গণ্য কৰা হয়। তেওঁক বিবাহ অনুষ্ঠানত শিৱৰ সৈতে আহ্বান কৰা হয় আৰু তেওঁক কামেশ্বৰ (কামৰ ঈশ্বৰ) বুলি কোৱা হয়।[20] তেওঁ জলজ উৰ্বৰতাৰ সৈতেও জড়িত।[21]

পুৰাণ আৰু মহাভাৰতৰ বিৱৰণ অনুসৰি কুবেৰে ৰাক্ষস মুৰাৰ কন্যা ভদ্ৰা (শুভ) বা কুবেৰীক (কুবেৰৰ পত্নী) বিয়া কৰাইছিল। তেওঁক যক্ষী বুলিও কোৱা হয়। তেওঁলোকৰ চাৰি সন্তান ক্ৰমে তিনি পুত্ৰ নলকুবেৰ, মণিগ্ৰীৱ বা বৰ্ণ-কবি, আৰু ময়ূৰজা (পুৰুষসদৃশ প্ৰাণীৰ ৰজা); আৰু মিনাক্ষী নামৰ এগৰাকী কন্যা।[2][8][19]

উপাসনা[সম্পাদনা কৰক]

পৃথিৱীৰ ধন-সম্পদৰ ৰক্ষক হিচাপে, কুবেৰাক পূজা কৰিবলৈ কোৱা হয়। কুবেৰে পদ্মাৱতীৰ সৈতে বিবাহৰ বাবে ভেঙ্কটেশ্বৰক (বিষ্ণু) ধন প্ৰদান কৰিছিল। সেয়ে ভক্তসকলে তিৰুপতিলৈ গৈ ভেঙ্কটেশ্বৰৰ দানপাত্ৰত ধন দান কৰে যাতে তেওঁ এই ধন কুবেৰক ঘূৰাই দিব পাৰে।[22]

যদিও কুবেৰ এতিয়াও ধনৰ দেৱতা হিচাপে পূজিত, তেওঁ জ্ঞান, ভাগ্য আৰু বিঘ্ন বিনাশক দেৱতা গণেশৰ সৈতে জড়িত যি তেওঁৰ সিংহভাগ ভূমিকা গ্ৰহণ কৰে।[2][15]

অন্যান্য ধৰ্ম[সম্পাদনা কৰক]

বৌদ্ধসকলৰ জম্বালা।
ইলোৰাৰ খোদিত হাতীৰ পিঠিত আৰোহণ কৰি থকা কুবেৰ।

কুবেৰ ভাৰত আৰু হিন্দু ধৰ্মৰ বাহিৰে আন দেশ বা ধৰ্মতো স্বীকৃত। তেওঁ বৌদ্ধ আৰু জৈন আখ্যানসমূহৰ এক জনপ্ৰিয় চৰিত্ৰ।[3] প্ৰাচ্যবিদ ড° নগেন্দ্ৰ কুমাৰ সিঙে মন্তব্য কৰে, "হিন্দু সংস্কৰণৰ পিছতেই প্ৰতিটো ভাৰতীয় ধৰ্মতে এজন কুবেৰ থাকে।" [23]

বৌদ্ধ ধৰ্ম[সম্পাদনা কৰক]

কুবেৰ হৈছে বৌদ্ধসকলৰ বিশ্ৰাৱন বা জম্বলা আৰু জাপানীসকলৰ বিচামন। হিন্দুসকলৰ কুবেৰৰ দৰেই বৌদ্ধ বৈশ্ৰাৱন হৈছে উত্তৰ দিশৰ ৰক্ষক, লোকপাল আৰু যক্ষসকলৰ অধিপতি। তেওঁ চাৰি দিশৰ সৈতে জড়িত চাৰিজন স্বৰ্গীয় ৰজাৰ মাজৰ এজন।[24] বৌদ্ধ আখ্যানসমূহত কুবেৰক পঞ্চিকাৰ সৈতেও তুলনা কৰা হয়। তেওঁৰ সহধৰ্মিণী হৰিতি প্ৰাচুৰ্যৰ প্ৰতীক।[25] কুবেৰ আৰু পঞ্চিকাৰ চিত্ৰায়নৰ ইমানেই মিল আছে যে এ. গেটিৰ মতে কিছুমান ক্ষেত্ৰত তেওঁলোকৰ মাজত পাৰ্থক্য বিচাৰ কৰাটোও অত্যন্ত কঠিন।[5] টামন-টেন বুলি জনাজাত জাপানী বিচামন[26] হৈছে জুনি-টেন অৰ্থাৎ বৌদ্ধ ধৰ্মত ৰক্ষক দেৱতা (টেন) হিচাপে গ্ৰহণ কৰা ১২ জনীয়া হিন্দু দেৱতাৰ এটা গোটৰ অন্যতম। বিচামনে তেওঁৰ হিন্দু সমকক্ষ কুবেৰৰ দৰে উত্তৰৰ দিশটো শাসন কৰে।[26][27][28]

জৈন ধৰ্ম[সম্পাদনা কৰক]

জৈন ধৰ্ম অনুযায়ী কুবেৰ হৈছে ১৯তম তীৰ্থঙ্কৰ মল্লিনাথৰ পৰিচাৰক যক্ষ।[23] তেওঁক সাধাৰণতে সৰ্বানুভুতি বা সৰ্বাহন বুলি কোৱা হয়। তেওঁক চাৰিখন মুখ, ৰামধেনুৰ ৰং আৰু অষ্টভুজ ৰূপেৰে চিত্ৰিত কৰা হ'ব পাৰে। জৈন ধৰ্মৰ দিগম্বৰ সম্প্ৰদায়ৰ মতে তেওঁ ছয়বিধ অস্ত্ৰ ধাৰণ কৰে আৰু তেওঁৰ শিৰ তিনিটা। শ্বেতাম্বৰসকলে তেওঁক চতুৰ্ভুজ বা ষড়ভুজ ৰূপত চিত্ৰিত কৰাৰ লগতে অজস্ৰ অস্ত্ৰ-শস্ত্ৰ, ধনৰ মোনা আৰু টেঙাজাতীয় ফলৰ সৈতে চিত্ৰিত কৰে। তেওঁ মানুহ বা হাতীত আৰোহণ কৰে।[23][29] তেওঁ হিন্দু কুবেৰতকৈও বৌদ্ধ জম্বলাৰ সৈতেহে সম্পৰ্কিত।[29]

সহায়ক গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. The Poems of Sūradāsa. Abhinav publications. 1999. ISBN 9788170173694. https://books.google.com/books?id=qmUssUXUFFYC&pg=PA359. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 Knapp, Stephen (2005). The Heart of Hinduism: The Eastern Path to Freedom, Empowerment and Illumination. iUniverse. পৃষ্ঠা. 192–3. ISBN 0-595-79779-2. 
  3. 3.0 3.1 3.2 Kubera.(2010). In Encyclopædia Britannica. Retrieved July 08, 2010, from Encyclopædia Britannica Online: http://www.britannica.com/EBchecked/topic/324235/Kubera
  4. 4.0 4.1 4.2 Hopkins 1915, পৃষ্ঠা 147
  5. 5.0 5.1 Donaldson, Thomas E. (2001). "Jambhala/Pancika". Iconography of the Buddhist Sculpture of Orissa. Abhinav Publications. পৃষ্ঠা. 329–30. ISBN 81-7017-406-6. 
  6. 6.0 6.1 6.2 6.3 Prakash, Om (2000). "Artha and Arthasastra in the Puranic Iconography and their symbolic implications". In Nagendra Kumar Singh. Encyclopaedia of Hinduism. 31–45. Anmol Publications PVT. LTD. পৃষ্ঠা. 41–4. ISBN 81-7488-168-9. https://books.google.com/books?id=UG9-HZ5icQ4C&q=kubera&pg=PA43. 
  7. 7.00 7.01 7.02 7.03 7.04 7.05 7.06 7.07 7.08 7.09 7.10 Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 434–7. ISBN 0-8426-0822-2. https://archive.org/details/puranicencyclopa00maniuoft. 
  8. 8.00 8.01 8.02 8.03 8.04 8.05 8.06 8.07 8.08 8.09 8.10 Daniélou, Alain (1964). "Kubera, the Lord of Riches". The myths and gods of India. Inner Traditions / Bear & Company. পৃষ্ঠা. 135–7. 
  9. Sutherland 1991, পৃষ্ঠা 65
  10. 10.0 10.1 Monier-Williams Dictionary: Kubera
  11. 11.0 11.1 11.2 Sutherland 1991, পৃষ্ঠা 63
  12. 12.00 12.01 12.02 12.03 12.04 12.05 12.06 12.07 12.08 12.09 12.10 12.11 Hopkins 1915, পৃষ্ঠা 142–3
  13. 13.0 13.1 13.2 13.3 Hopkins 1915, পৃষ্ঠা 144–5
  14. 14.0 14.1 Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 65. https://archive.org/details/indiathroughages00mada. 
  15. 15.0 15.1 15.2 15.3 15.4 15.5 Williams, George Mason (2003). "Kubera". Handbook of Hindu mythology. ABC-CLIO. পৃষ্ঠা. 190–1. ISBN 1-85109-650-7. https://archive.org/details/isbn_9791576071068/page/190. 
  16. "Satapatha Brahmana Part V (SBE44): Thirteenth Kân'da: XIII, 4, 3. Third Brâhmana (13.4.3.10)". http://www.sacred-texts.com/hin/sbr/sbe44/sbe44104.htm. 
  17. Hopkins 1915, পৃষ্ঠা 146
  18. For Loka-palas, Hopkins 1915, পৃষ্ঠা 149–52
  19. 19.0 19.1 19.2 Wilkins, W. J. (1990). Hindu Mythology, Vedic and Puranic. Sacred texts archive. পৃষ্ঠা. 388–93. ISBN 1-4021-9308-4. http://www.sacred-texts.com/hin/hmvp/hmvp39.htm. 
  20. Hopkins 1915, পৃষ্ঠা 148
  21. Sutherland 1991, পৃষ্ঠা 61
  22. Fairs and Festivals of India. Pustak Mahal. September 2006. পৃষ্ঠা. 32. ISBN 81-223-0951-8. 
  23. 23.0 23.1 23.2 Nagendra Kumar Singh, ed (2001). Encyclopaedia of Jainism. 1. Anmol Publications PVT. LTD.. পৃষ্ঠা. 7280. ISBN 81-261-0691-3. 
  24. Chaudhuri, Saroj Kumar (2003). "Chapter 2: Vaisravana, the Heavenly King". Hindu gods and goddesses in Japan. Vedams eBooks (P) Ltd. ISBN 81-7936-009-1. 
  25. Sutherland pp. 63–4, 66
  26. 26.0 26.1 S Biswas (2000), Art of Japan, Northern, আই.এচ.বি.এন. 978-8172112691, page 184
  27. Twelve Heavenly Deities (Devas) Nara National Museum, Japan
  28. Adrian Snodgrass (2007), The Symbolism of the Stupa, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120807815, pages 120–124, 298–300
  29. 29.0 29.1 Pereira, José (1977). Monolithic Jinas The Iconography of the Jain Temples of Ellora. Motilal Banarsidas. পৃষ্ঠা. 60–1. ISBN 0-8426-1027-8.