সমললৈ যাওক

বিশ্ৰবা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ঋষি বিশ্ৰবাৰ পৰা পুনঃনিৰ্দেশিত)
ঋষি বিশ্ৰবা

কৈকেষী আৰু ৰাৱণৰ সৈতে ঋষি বিশ্ৰবা
ইংৰাজী Vishrava
গ্ৰহ পৃথিৱী
পিতৃ-মাতৃ ঋষি পুলস্ত্য (পিতৃ)
হবিৰ্ভূ (মাতৃ)
সন্তান কুবেৰ, ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ, শূৰ্পনখা
অঞ্চল লংকা

ঋষি বিশ্ৰবা (ইংৰাজী: Vishrava) হ’ল ব্ৰহ্মাৰ পুত্ৰ ঋষি পুলস্ত্যৰ পুত্ৰ আৰু অগস্ত্য মুনিৰ ভাই।[1] হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত উল্লিখিত ঋষি বিশ্ৰবা আছিল মুনিসকলৰ মাজৰ অতি গুৰুত্বপূৰ্ণ ঋষি। তেওঁ তপস্যাৰ বলত বিশেষ ক্ষমতাৰ অধিকাৰী হৈছিল। ভৰদ্বাজ মুনি ঋষি বিশ্ৰবাৰ প্ৰতি আকৃষ্ট হৈ স্ত্ৰী স্বৰূপ নিজ কন্যা দেৱবৰ্ণিনীক অৰ্পণ কৰিছিল। দেৱবৰ্ণিনীৰ ঔৰসত কুবেৰৰ জন্ম হয়।[2] কুবেৰ আছিল স্বৰ্ণলংকাৰ (লংকা) প্ৰকৃত ৰজা তথা ধন ঐশ্বৰ্যৰ ৰজা।[1][3]

ঋষি বিশ্ৰবাৰ সন্তান

[সম্পাদনা কৰক]
ঋষি বিশ্ৰবাৰ সন্তানসমূহ :[2]
সন্তান কৈকেষী (মাতৃ) দেৱবৰ্ণিনী (মাতৃ)
পুত্ৰ ৰাৱণ, বিভীষণ, কুম্ভকৰ্ণ কুবেৰ
পুত্ৰী শূৰ্পনখা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Encyclopedia for Epics of Ancient India". http://www.mythfolklore.net/india/encyclopedia/visravas.htm আহৰণ কৰা হৈছে: ১৫ মে ২০২০.
  2. 1 2 "ঋষি বিশ্ৰবা". https://m.bharatdiscovery.org/india/%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BE আহৰণ কৰা হৈছে: ১৫ মে ২০২০.
  3. "Sage Vishrava Pulastya". https://www.geni.com/people/Sage-Vishrava-Pulastya/6000000008023564660 আহৰণ কৰা হৈছে: ১৫ মে ২০২০.