কুম্ভকৰ্ণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কুম্ভকৰ্ণ
Kumbhakarna.jpg
সম্পৰ্ক ৰাক্ষস
সঙ্গী
  • বজ্ৰবালা
  • কৰ্কটি
পিতৃ-মাতৃ বিশ্ৰবা (পিতৃ)
কৈকেষী (মাতৃ)
সহোদৰ ৰাৱণ, বিভীষণ (ভ্ৰাতৃ)
শূৰ্পনখা (ভগ্নী)
সন্তান বজ্ৰবালাৰ ফালৰ পৰা কুম্ভ আৰু নিকুম্ভ
কৰ্কটিৰ ফালৰ পৰা ভীমাসুৰ
হিন্দু পাঠ্য ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণ

কুম্ভকৰ্ণ (সংস্কৃত: कुम्भकर्ण) হৈছে বিখ্যাত হিন্দু মহাকাব্য ৰামায়ণৰ এজন প্ৰখ্যাত ৰাক্ষস আৰু ৰাৱণৰ এজন কনিষ্ঠ ভ্ৰাতৃ। বিশালাকায় শৰীৰ আৰু অসাধাৰণ ক্ষুধাৰ গৰাকী কুম্ভকৰ্ণক প্ৰাচীন হিন্দু পুৰাণত এজন সৎ চৰিত্ৰৰ ব্যক্তি আৰু মহান যোদ্ধা বুলি বৰ্ণনা কৰা হৈছে। ৰামায়ণৰ যুদ্ধৰ সময়ত কেৱল নিজৰ শক্তি দেখুৱাবলৈকে তেওঁ বহুতো বান্দৰ হত্যা আৰু ভক্ষণ কৰিছিল। তেওঁক ধাৰ্মিক আৰু বুদ্ধিমান বুলি গণ্য কৰা হৈছিল। তেওঁ এজন অতুলনীয় যোদ্ধাও আছিল কিয়নো দেৱৰাজ ইন্দ্ৰৰ সৈতে হোৱা যুদ্ধত কুম্ভকৰ্ণৰেই জয় হৈছিল।

তেওঁৰ ভ্ৰাতৃ ৰাৱণ আৰু বিভীষণৰ সৈতে কুম্ভকৰ্ণই সৃষ্টিকৰ্তা ব্ৰহ্মাক সন্তুষ্ট কৰিবলৈ এক গুৰুত্বপূৰ্ণ যজ্ঞ আৰু তপস্যা কৰিছিল। ইন্দ্ৰ এই কথাত চিন্তিত আৰু ঈৰ্ষান্বিত হৈ কুম্ভকৰ্ণৰ বৰদানৰ সময় অহাৰ আগতে ব্ৰহ্মাৰ কাষলৈ গৈছিল।

কুম্ভকৰ্ণই বৰ ভিক্ষা কৰিবলৈ লওঁতেই ইন্দ্ৰৰ অনুৰোধত তেওঁৰ জিভা দেৱী সৰস্বতীয়ে বান্ধি পেলায় যাৰ বাবে ইন্দ্ৰাসন (ইন্দ্ৰৰ ৰাজপাট) খোজাৰ পৰিৱৰ্তে তেওঁ নিদ্ৰাসন (শোৱাৰ বাবে বিচনা) বৰদান হিচাপে বিচাৰে। এইটোও কোৱা হয় যে তেওঁ নিৰ্দেৱতৱম (দেৱতাসকলৰ ধ্বংস) বিচাৰিবলৈ লয় আৰু দেৱী সৰস্বতীৰ প্ৰভাৱত তাৰ পৰিৱৰ্তে নিদ্ৰাৱতম (টোপনি) বিচাৰে। ব্ৰহ্মাই তেওঁৰ অনুৰোধ তৎক্ষণাৎ মঞ্জুৰ কৰে। অৱশ্যে তেওঁৰ ভাতৃ ৰাৱণে ব্ৰহ্মাক বৰদানৰ ৰূপত এই অভিশাপটো বাতিল কৰিবলৈ অনুৰোধ কৰিছিল আৰু ভগৱান ব্ৰহ্মাই ইয়াক হ্ৰাস কৰি কৈছিল যে তেওঁ ছয় মাহ শুব আৰু ইয়াৰ পিছত নিজৰ ভোক নিবাৰণ হোৱাৰ লগে লগে তেওঁ পুনৰ নিদ্ৰামগ্ন হ'ব।[1]

যুদ্ধক্ষেত্ৰত[সম্পাদনা কৰক]

ধ্যানভংগ হোৱা কুম্ভকৰ্ণ।

যুদ্ধৰ সময়ত ৰাৱণ ৰাম আৰু তেওঁৰ সেনাৰ দ্বাৰা অপমানিত হয়। তেওঁ সিদ্ধান্ত লয় যে তেওঁক তেওঁৰ ভায়েক কুম্ভকৰ্ণৰ সহায়ৰ প্ৰয়োজন আৰু সেয়ে তেওঁ কুম্ভকৰ্ণক নিদ্ৰাৰ পৰা জগোৱাৰ ব্যৱস্থা কৰে। এক হাজাৰ হাতীয়ে কুম্ভকৰ্ণৰ গাৰ ওপৰেৰে যোৱাৰ পিছতহে তেওঁ সাৰ পাইছিল।

যেতিয়া তেওঁক ৰামৰ সৈতে ৰাৱণৰ যুদ্ধৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হয় তেতিয়া তেওঁ ৰাৱণক বুজাবলৈ চেষ্টা কৰে যে তেওঁ যি কৰি আছে সেয়া ভুল। কিন্তু তেওঁ ৰাৱণৰ প্ৰতি থকা আনুগত্যৰ বাবে যুদ্ধত অৱতীৰ্ণ হ'বলৈ সিদ্ধান্ত লয়। কুম্ভকৰ্ণ যুদ্ধত নামি পৰি ৰামৰ সৈন্যবাহিনী ধ্বংস কৰে। তেওঁ সুগ্ৰীৱক অচেতন কৰি তেওঁক বন্দী কৰি লয়। কিন্তু অৱশেষত ৰামৰ হাতত তেওঁৰ মৃত্যু হয়। যেতিয়া ৰাৱণে তেওঁৰ ভায়েকৰ মৃত্যুৰ কথা শুনে তেওঁ মূৰ্ছা যায়আৰু ঘোষণা কৰে যে তেওঁ সঁচাকৈয়ে ধ্বংস হৈ গৈছে।[2]

কুম্ভকৰ্ণৰ তেওঁৰ পত্নী বজ্ৰবালাৰ পৰা কুম্ভ আৰু নিকুম্ভ নামৰ দুজন পুত্ৰ আছিল। ব্জ্ৰবালা আছিল বলিৰ জীয়ৰী আৰু বিৰোচনৰ নাতিনী আৰু তেৱোঁ‌ ৰামৰ বিৰুদ্ধে যুদ্ধত যুঁজি মৃত্যুবৰণ কৰিছিল।[3]

অৱয়ব আৰু ব্যক্তিত্ব[সম্পাদনা কৰক]

কুম্ভকৰ্ণক বিভিন্ন ভাৰতীয় শৈলীৰ চিত্ৰত অংকন কৰা হৈছে।[4][5] তেওঁক কেতিয়াবা শিঙৰ সৈতে দৈত্য হিচাপে চিত্ৰিত কৰা হয়।

কুম্ভকৰ্ণক ভয়ানক আকাৰ আৰু চেহেৰাৰ অধিকাৰী হোৱা স্বত্বেও এক সৎ চৰিত্ৰ হিচাপে চিত্ৰিত কৰা হৈছে। তেওঁ এবাৰত ৬ মাহ জুৰি শুইছিল। তেওঁ আনকি ৰাৱণক সীতাক অপহৰণ কৰাৰ বাবে ৰামৰ ওচৰত ক্ষমা বিচাৰিবলৈ কৈছিল। অৱশ্যে ৰাৱণে এই পৰামৰ্শ মানি লোৱা নাছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]