সমললৈ যাওক

সৰমা (ৰামায়ণ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰমা

সীতাৰ সৈতে সৰমা(সোঁ ফালে)
সম্পৰ্ক লংকাৰ ৰাণী
সন্তান ত্ৰিজঁ‌টা

সৰমা (সংস্কৃত: सरमा) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ লংকাৰ ৰাক্ষস ৰজা ৰাৱণৰ ভাতৃ বিভীষণৰ পত্নী। [1] তেওঁক ৰাক্ষসী[2] বা গন্ধৰ্ব বংশৰ বুলি কোৱা হয়। ৰামায়ণৰ সকলো সংস্কৰণতে তেওঁ ৰাৱণে অপহৰণ কৰা আৰু লংকাত বন্দী হৈ থকা ৰামৰ সহধৰ্মিনী সীতাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিছিল বুলি উল্লেখ আছে। ৰাৱণৰ বিৰুদ্ধে যুদ্ধত ৰামৰ পক্ষ লোৱা তেওঁৰ স্বামীৰ দৰে, সৰমাই সীতাৰ প্ৰতি সদয় আছিল আৰু ৰামক সীতা উদ্ধাৰত সহায় কৰে। সৰমা আৰু বিভীষণৰ ত্ৰিজঁটা নামৰ এজনী ছোৱালী আছিল।

সীতাৰে সম্পৰ্ক

[সম্পাদনা কৰক]
ৰাৱণে সীতাৰ সমুখত ৰামৰ মিছা কটা মূৰ প্ৰদৰ্শন কৰিছে। মোগল চিত্ৰ, ১৫৯৪ খ্ৰীষ্টাব্দ

কামিল বুল্কে (ৰাম-কেন্দ্ৰিক সাহিত্যৰ বিশেষজ্ঞ)ৰ মতে, সাৰমাৰ উপস্থিতি মূল বাল্মিকী ৰামায়ণত দেখা নাযায়। অৱশ্যে, পৰৱৰ্তী সময়ত বাল্মীকিৰ ৰামায়ণৰ বিভিন্ন সংস্কৰণত সৰমাৰ উল্লেখ আছে। তেওঁৰ উপস্থিতি প্ৰথম বাৰৰ বাবে মায়া-শীৰ্ষ, খণ্ডত দেখা যায়। ৰাৱণে অযোধ্যাৰ ৰাজকুমাৰ ৰামৰ পত্নী সীতাক অপহৰণ কৰি নিজ ৰাজ্যত বন্দী কৰি থোৱাৰ পিছত বাৰে বাৰে তেওঁৰ সৈতে বিয়াত বহিবলৈ অনুৰোধ কৰিছে, অৱশ্যে সীতাই প্ৰতিবাৰেই স্পষ্টভাৱে অস্বীকাৰ কৰে। ৰামে তেওঁৰ বানৰ সেনাৰ সৈতে লংকাত অৱতৰণ কৰাৰ পিছত, ৰাৱণে তেওঁৰ যাদুকৰ বিদ্যুৎজীভাক ৰামৰ এটা ভ্ৰান্ত কটা মুৰ আৰু সীতাক ৰামৰ মৃত্যুৰ বিষয়ে সৈমান কৰিবলৈ তেওঁৰ ধনু সৃষ্টি কৰিবলৈ কয়। যাদুকৰজনে ৰাৱণৰ কথা মানি ৰাৱণক ৰামৰ মিছা মূৰ আৰু ধনু বনাই দিয়ে আৰু ৰাৱণে অশোক বনত থকা সীতাৰ সমুখত উপস্থাপন কৰে। সীতাই ৰাৱণৰ উপস্থিতিত তাইৰ স্বামীৰ মূৰটো দেখি দুখ প্ৰকাশ কৰে। অতি সোনকালেই, ৰাৱণে তেওঁৰ মন্ত্ৰীসকলৰ সৈতে এখন বৈঠকৰ বাবে ৰাওনা হয় আৰু তেওঁৰ প্ৰস্থানৰ পিছত মূৰ আৰু ধনু অদৃশ্য হৈ যায়। সৰমা সীতাৰ ওচৰলৈ আহে আৰু সীতাৰ ওচৰত ৰাৱণৰ প্ৰৱঞ্চনা উন্মোচন কৰে। তেওঁ সীতাক কৈছিল যে তেওঁ গোপনে ৰাৱণৰ কৌশল প্ৰত্যক্ষ কৰিছিল আৰু মূৰটো কেৱল যাদুৰ দ্বাৰা সৃষ্ট আছিল। লগতে তেওঁ সীতাক এইটোও জনাইছিল যে ৰাম সুগ্ৰীৱৰ নেতৃত্বত তেওঁৰ সৈন্যবাহিনীৰ সৈতে লংকাত উপস্থিত হৈছে আৰু তেওঁ ৰমাক নিজ চকুৰে দেখিছে। সৰমাই সীতাক সুধিছিল যে তেওঁ সীতাৰ হৈ ৰামলৈ কোনো বাৰ্তা দিব লাগিবনেকি! সীতাই তাৰ পৰিৱৰ্তে সৰামাক ৰাৱণে সীতাৰ বাবে কৰা পৰিকল্পনাৰ অনুসন্ধান কৰিবলৈ অনুৰোধ কৰিছিল। সৰামাই সন্ধান কৰি সীতাক জনাইছিল যে মাক আৰু জ্ঞানী বয়সস্থ মন্ত্ৰীসকলৰ পৰামৰ্শ স্বত্বেও ৰাৱণে সীতাক ৰামলৈ হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰিছিল। এই সংস্কৰণ সমূহে সৰামাক প্ৰিয় সংগী ৰূপত চিত্ৰিত কৰা হৈছে।[3]

উত্তৰ অংশৰ সংস্কৰণ সমূহে সৰমাৰ বিষয়ে সৰমা-বাক্যম শীৰ্ষক এটা খণ্ড যোগ কৰিছে। ইয়াত বৰ্ণনা কৰা হৈছে যে হনুমানে কিদৰে লংকা জ্বলাইছিল সেই বিষয়ে সৰমাই সীতাক অৱগত কৰিছিল। এই খণ্ডটো ৰাম লংকালৈ অহাৰ আগৰ, যেতিয়া ৰামে হনুমানক অপহৃত সীতা ক'ত আছে বিচাৰি উলিয়াবলৈ লংকালৈ পঠিয়াইছিল।[4]

বিভীষণৰ সৈতে সংযোগ

[সম্পাদনা কৰক]
বিভীষণক তেওঁৰ পত্নী সৰমাৰ সৈতে দেখুৱা হৈছে।

ৰামৰ মায়া শিৰৰ দৃশ্য বা সৰমা-বাক্যামত সৰমা আৰু বিভীষণৰ মাজত কোনো সম্পৰ্ক সূচিত নহয়। বিভীষণৰ পত্নীৰ একমাত্ৰ উল্লেখ হৈছে যেতিয়া সীতাই তেওঁৰ বিষয়ে হনুমানক উল্লেখ কৰে, যে বিভীষণৰ পত্নীয়ে তেওঁৰ জীয়েক কলাক(ৰামায়ণৰ আন সংস্কৰণত নন্দা বা অনলা বুলিও উল্লেখ আছে) ৰাৱণৰ অভিপ্ৰায় সম্পৰ্কে বতৰা দিবলৈ সীতাৰ ওচৰলৈ পঠিয়াইছিল। জ্যেষ্ঠ বিষয়া সকলৰ অনুৰোধৰ পিছতো ৰাৱণে সীতাক ৰামৰ হাতত গতাই দিব বিচৰা নাই। [5] লংকাত সীতাৰ চাৰিজন হিতকাৰীৰ বিষয়ে ৰামায়ণত বৰ্ণনা আছে– নামহীন বিভীষণৰ পত্নী, কলা, ত্ৰিজঁ‌টা আৰু সৰমা। পিছলৈ ৰাম কেন্দ্ৰিক সাহিত্যত, সৰমাকে বিভীষণৰ পত্নী বুলি চিনাক্ত কৰা হৈছিল আৰু ত্ৰিজতাক তেওঁৰ জীয়েক বুলি গণ্য কৰা হৈছিল। [5]

বিভীষণৰ পত্নী হিচাপে সৰমাৰ পৰিচয় উত্তৰাকাণ্ডত পোৱা যায়। অৱশ্যে এই কাণ্ডটো পৰৱৰ্তী সংযোজন হিচাপে গণ্য কৰা হয়। [5] ইয়াত উল্লেখ কৰা মতে ৰাৱণে গন্ধৰ্ব চাইলুছাৰ জীয়ৰী সৰমাক তেওঁৰ ভায়েক বিভীষণৰ পত্নী হিচাপে লাভ কৰিছিল।[2][1] সৰমাৰ জন্ম মানস হ্ৰদৰ পাৰত হৈছিল। হ্ৰদৰ পানী বাঢ়ি অহা দেখি কেঁচুৱা সৰমাই কান্দিবলৈ ধৰে। তেওঁৰ মাতৃয়ে হ্ৰদটোক নিৰ্দেশ দিয়ে: সৰোমা বৰ্ধাতা("হ্ৰদ, বাঢ়ি নাহিবা"), সেই অনুসৰি শিশুটিৰ নাম সৰমা ৰখা হৈছিল। [2][6]

ৰামায়ণ পৰৱৰ্তী অধ্যায়

[সম্পাদনা কৰক]

ৰামায়ণৰ পিছৰ সাহিত্যত, সৰমা আৰু বিভিষণৰ জীয়ৰী ত্ৰিজঁটাই এক বৃহত্তৰ ভূমিকা লাভ কৰে। কিছুমান অভিযোজনত, তেওঁ মূল মহাকাব্যৰ দুয়োটা খণ্ডতে তেওঁক তেওঁৰ মাতৃৰ পৰিৱৰ্তে উপস্থাপন কৰা হৈছে।[7] অৱশ্যে, কৃতিবাসী ৰামায়ণে ত্ৰিজঁটাক ঋণাত্মক ৰূপত চিত্ৰিত কৰিছে, যি সীতাক ৰাৱণক ৰাৱণৰ সৈতে বিবাহপাশত আবদ্ধ হৈ লংকাৰ ৰাণী হিচাপে শাসন কৰিবলৈ পৰামৰ্শ দিছে। এই বাংলা অভিযোজনে সৰমা আৰু সীতাৰ বন্ধুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এক কৌতুকপূৰ্ণ শ্লেষত, সীতাই সৰমাক কয়, "মই ৰাম, আৰু এনেদৰে, মোৰ বাবে আপোনাক সৰাম বুলি কোৱা হয়,।" [8] ৰংগনাথ ৰামায়ণ আৰু তত্ত্বসংগ্ৰহ ৰামায়ণ অনুসৰি ধ্বংসৰ হেতু সৰমাই ৰামৰ সৈন্যবাহিনীক ৰাৱণৰ যজ্ঞৰ অৱস্থান দেখুৱাই, যি ৰাৱণক অজেয় কৰি তুলিলেহেঁতেন।[9]

আনন্দ ৰামায়ণে বৰ্ণনা কৰিছে যে ৰাৱণৰ বিৰুদ্ধে যুদ্ধত ৰামৰ বিজয়ৰ পিছত সৰমা আৰু ত্ৰিজঁটা দুয়ো ৰাৱণৰ আকাশী ৰথ পুষ্পকৰে অযোধ্যালৈ গৈছিল। পিছত, যেতিয়া সীতাই লংকা ভ্ৰমণ কৰিবলৈ আহে, তেওঁ সৰমাক উপদেশ দিয়ে যে তেওঁ যাতে ত্ৰিজঁটাক সীতা বুলি ভাৱি আচৰণ কৰে।[10]

তেলেগু সীতা পুৰাণামুত, ৰামস্বামী চৌধাৰীয়ে সৰমাক দ্ৰাবিড় বিভিষণৰ আৰ্য (গন্ধৰ্ব) পত্নী হিচাপে নেতিবাচকভাৱে চিত্ৰিত কৰিছে, যি ৰামৰ প্ৰতি তেওঁৰ স্বামীৰ মতামত সলনি কৰে আৰু তেওঁৰ ভ্ৰাতৃ ৰাৱণক প্ৰতাৰণা কৰিবলৈ বাধ্য কৰে। [11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 694. ISBN 0-8426-0822-2. https://archive.org/details/puranicencyclopa00maniuoft. 
  2. 2.0 2.1 2.2 Venkatesananda p. 358
  3. Bulcke pp. 105– 6
  4. Bulcke p. 106
  5. 5.0 5.1 5.2 Bulcke pp. 106– 7
  6. Bulcke p. 107
  7. Bulcke p. 108
  8. Bulcke p. 110
  9. Nagar p. 407
  10. Bulcke p. 109
  11. Rao, Velcheru Narayana (1 January 2001). "The Politics of Telugu Ramayanas". In Paula Richman. Questioning Ramayanas: A South Asian Tradition. University of California Press. পৃষ্ঠা. 175–77. ISBN 978-0-520-22074-4. 

সহায় গ্ৰন্থ

[সম্পাদনা কৰক]
  • Bulcke, Camille (2010). "Sita's Friend Trijata". In Prasāda, Dineśvara. Rāmakathā and Other Essays. Vani Prakashan. পৃষ্ঠা. 104–112. ISBN 978-93-5000-107-3. 
  • Swami Venkatesananda (1988). The Concise Ramayana of Valmiki. SUNY Press. ISBN 978-0-88706-862-1. 
  • Nagar, Shanti Lal (1999). Genesis and Evolution of the Rāma Kathā in Indian Art, Thought, Literature, and Culture: From the Earliest Period to the Modern Times. 2. B.R. Publishing Company. ISBN 978-81-7646-084-2.