কেৱট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেৱট
ৰামায়ণৰ চৰিত্ৰ

কেৱটে ৰাম-লক্ষ্মণ-সীতাক নাৱেৰে গংগা নদী পাৰ কৰাইছে।
তথ্য
লিঙ্গ পুৰুষ
পেচা নাৱৰীয়া

কেৱট (ইংৰাজী: Kewat)[1] হিন্দু মহাকাব্য ৰামায়ণৰ এটি চৰিত্ৰ৷ বনবাসৰ সময়ত তেৱেঁ ৰাম, সীতা আৰু লক্ষ্মণক নাৱত তুলি লৈ গংগা নদী পাৰ কৰাই দিছিল৷[2][3] এই কাহিনীটো ৰামায়ণৰ অযোধ্যা কাণ্ডত বৰ্ণিত আছে৷[4]

কিংবদন্তি[সম্পাদনা কৰক]

কেৱট হৰিবংশ কীৰ সমাজৰ লোক আছিল। কেৱট শ্ৰীৰামচন্দ্ৰৰ এগৰাকী বিশেষ ভক্ত আছিল। কোৱা হয় যে, পৃথিৱীৰ আৰম্ভণিতে যেতিয়া গোটেই পৃথিৱীখন প্লাবিত হৈছিল, তেতিয়া নাৱৰীয়াগৰাকী এটি কাছৰ অৱতাৰত জন্মগ্ৰহণ কৰিছিল। কাছ অৱতাৰত তেওঁ ঈশ্বৰৰ প্ৰতি এক মহান ভক্তিভাৱ ৰাখিছিল। তেওঁ তেওঁৰ মুক্তিৰ বাবে ভগৱান বিষ্ণুৰ বুঢ়া আঙুলি স্পৰ্শ কৰিবলৈ অপাৰ চেষ্টা চলায় যদিও তেওঁ বিফল হয়৷ অৱশেষত তেওঁ বহু যুগ ভগৱানৰ ওচৰত তপস্যা কৰিছিল আৰু ত্ৰেতা যুগত, এগৰাকী নাৱৰীয়া হিচাপে জন্ম গ্ৰহণ কৰিছিল৷ ভগৱান বিষ্ণুৰ অৱতাৰ ভগৱান ৰামক সেৱা কৰিছিল৷[5][6][7][8]

তথ্যসূত্ৰ[সম্পাদনা কৰক]